আজিৰ সম্পাদকীয়, নাৰীৰ বিৰুদ্ধে অপৰাধ

dainik janambhumi June 03, 2026

ডিজিটেল ডেস্ক: নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ 'ক্রাইম ইন ইণ্ডিয়া ২০২৪' শীর্ষক প্রতিবেদনত প্রকাশ পোৱা মতে ভাৰতত নাৰীৰ বিৰুদ্ধে হিংসা, বলাৎকাৰ আদিৰ সংখ্যা তথা হাৰ ২০২৪ চনত পূৰ্বৰ বছৰতকৈ হ্রাস পাইছে। একেদৰে অসমতো নাৰীৰ বিৰুদ্ধে হিংসা তথা বলাৎকাৰ, বলাৎকাৰৰ চেষ্টা, নিৰ্যাতনৰ ঘটনা পূৰ্বতকৈ হ্রাস পাইছে। কিন্তু আমি যদি অসমৰ সংবাদসমূহ তথা তথ্যসমূহলৈ লক্ষ্য কৰোঁ, তেন্তে এতিয়াও ৰাজ্যখন স্বস্তিৰ নিশ্বাস পেলাব পৰা অৱস্থালৈ অহা নাই। ইয়াৰ বিপৰীতে সংবাদ-পত্র তথা বিৰোধী দলৰ অভিযোগ অনুসৰি এই পৰিসংখ্যা চিন্তনীয়।

যোৱা কেইটামান দিনত ৰাজ্যৰ সংবাদ-পত্ৰত বলাৎকাৰৰ একাধিক বাতৰি প্রকাশ হৈছে। ইয়াৰে এটা হৈছে ছয়গাঁৱৰ নাবালিকা বলাৎকাৰৰ অভিযোগ আৰু তাৰপাছত আৰক্ষীৰ এনকাউণ্টাৰত বলাৎকাৰী আহত। আৰু এটা ঘটনা সংঘটিত হৈছে মাজুলীত। ১২ বছৰীয়া এগৰাকী নাবালিকাক ঘৰত কোনো নথকাৰ সুবিধাৰে কেইবাজনেও বলাৎকাৰ কৰে। পাছত উক্ত নাবালিকাগৰাকী গৰ্ভৱতী হোৱাত কথাটো প্রকাশ পায়। আৰক্ষীয়ে ইতিমধ্যে চাৰিজন প্রাপ্তবয়স্ক আৰু দুজন নাবালকক গ্রেপ্তাৰ কৰে। 

বলাৎকাৰ সম্পৰ্কীয় আন এটা অভিযোগৰ ঘটনা সংঘটিত হ'ল নগৰবেৰাত। এজন আত্মীয়ৰ সৈতে নগৰবেৰা পাহাৰত ফুৰিবলৈ অহা বৰপেটা জিলাৰ আলোপতি চৰৰ এগৰাকী কিশোৰীক স্থানীয় তিনিজন যুৱকে যৌন নির্যাতনৰ চেষ্টা চলায়। কিন্তু কিশোৰীগৰাকীৰ চিঞৰ-বাখৰত স্থানীয় ৰাইজ উপস্থিত হোৱাত কিশোৰীগৰাকী ৰক্ষা পৰিল। ৰাইজে অভিযুক্তৰ মাজৰ দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ে। এজন অভিযুক্ত বর্তমানো পলাতক।

যোৱা মাহত প্রকাশিত এন চি আৰ বিৰ প্ৰতিবেদনখনৰ মতে ভাৰতত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰ ২০২২ চনত আছিল ৪,৪৪২৫৬ টা, ২০২৩ চনত ৪,৪৮,২১১ টা আৰু ২০২৪ চনত ৪,৪১, ৫৩৪ টা। অর্থাৎ ২০২৩ চনতকৈ ২০২৪ চনত নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ মাত্র ১.৪ শতাংশ হ্রাস পাইছে। এই গোচৰবোৰৰ অধিক সংখ্যকেই হৈছে স্বামী বা সম্পৰ্কীয় লোকৰ নৃশংসতাৰ। নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ চনত ৪,৪১, ৫৩৪ টা গোচৰৰ ১,২০, ২২৭ টা বা ২৭.২ শতাংশই হৈছে স্বামী বা সম্পৰ্কীয় লোকৰ নৃশংসতাৰ। যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনৰ গোচৰ হৈছে ১৫.৪ শতাংশ (৬৭,৮০৯ টা), শালীনতা হানিৰ চেষ্টাৰে আক্ৰমণৰ গোচৰ হৈছে ৪৮,৩০৩ টা (১০.৯ শতাংশ)। ২০২৪ বর্ষত বলাৎকাৰৰ গোচৰৰ সংখ্যা ২৯,৫৩৬ টা। ইয়াৰে ২৮,৯৫০ টা গোচৰৰ পীড়িতা ১৮ বছৰ বা তাতকৈ ঊর্ধ্বৰ। আনহাতে ৭৮৪ টা গোচৰৰ পীড়িতা নাবালিকা বা ১৮ বছৰৰ তলৰ।

নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অসমৰ ছবিখন চিন্তাজনক। নাৰীৰ বিৰুদ্ধে অপৰাধৰ ১০,৫৪৬ টা গোচৰৰ ভিতৰত ৯,৫৫৬ টা হৈছে হিংসাত্মক অপৰাধৰ। অসম ২০২৪ চনত ৰুজু হোৱা বলাৎকাৰৰ গোচৰ হৈছে ৯২৭ টা, অপহৰণৰ ১,৭৮৭ টা, হত্যাৰ ৯৩৩ টা, শালীনতা হানিৰ চেষ্টাৰে আক্ৰমণৰ গোচৰ ৭৪৩ টা আৰু পকছ'ৰ অধীনত ৰুজু হোৱা গোচৰ হৈছে ২,৯০৭ টা।

অসমত অৱশ্যে পূৰ্বতকৈ নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ হ্ৰাস পাইছে। এন চি আৰ বিৰ তথ্য মতেই, ২০২১ চনলৈ একেৰাহে ৫ বছৰ নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ হাৰত দেশৰ ভিতৰতে অসম আছিল শীর্ষত। ২০২১ চনত নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অসমৰ হাৰ আছিল ১৬৮.৩, যিসময়ত ৰাষ্ট্ৰীয় হাৰ আছিল ৬৪.৫ শতাংশ। উক্ত বর্ষত দ্বিতীয় স্থানত আছিল দিল্লী (১৪৭.৬) আৰু তৃতীয় স্থানত আছিল ওড়িশা (১৩৭.৮)। উল্লেখযোগ্য অপৰাধৰ হাৰ গণনা কৰা হয় প্রতি ১ লাখত হোৱা মুঠ অপৰাধৰ গণনাৰে। অসমত ২০১৭ চনত নাৰীৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩.৩, ২০১৮ চনত ১৬৬, ২০১৯ চনত ১৭৭ আৰু ২০২০ চনত ১৫৪.৩।

সেয়ে, নাৰীৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ পূৰ্বৰ শোচনীয় অৱস্থা তথা বৰ্তমানৰ চিন্তাজনক অৱস্থাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো গভীৰভাৱে আলোচনাৰ প্ৰয়োজন। কেৱল আৰক্ষী তথা আইন-আদালতভিত্তিক নিষ্পত্তিয়ে এই সমস্যাৰ দীৰ্ঘদিনীয়া সমাধান কৰিব বুলি ভবাটো ভুল হ'ব। একেবাৰে গাঁও পৰ্যায়ৰ সমাজ, সামাজিক অনুষ্ঠানক জড়িত কৰি সংস্কাৰমূলক পদক্ষেপ গ্রহণ কৰিব লাগিব।

Share This