ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীলৈ প্রতি দিনেই চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অনেক লোকৰ আগমন ঘটাৰ আন বহু কাৰণৰ ভিতৰত অন্যতম হৈছে চিকিৎসাকেন্দ্রিক। চুবুৰীয়া ৰাজ্যসমূহৰ লগতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰৰ শ শ ৰোগীৰো নিতৌ আগমন ঘটে ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীলৈ। ইয়াৰ মূল কাৰণ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল। ৰাজ্যত নকৈ ভালেকেইখন হস্পিটেল গঢ় লৈ উঠিলেও পর্যাপ্ত চিকিৎসা সুবিধাৰ অভাৱেই হওক নাইবা অভিজ্ঞ চিকিৎসক, অত্যাধুনিক চিকিৎসা সুবিধাৰ অভাৱৰ বাবেই হওক- সকলো ৰোগীৰ একমাত্র আশা-ভৰসাৰ থলী হৈছে এই চিকিৎসা মহাবিদ্যালয়খন। প্রান্তীয় অঞ্চল বাদেই, জিলা সদৰসমূহত থকা হস্পিটেলসমূহতো বেছিভাগ সময়তেই চিকিৎসকে হাত দাঙি দিবলগীয়া হয়। উপায়হীন হৈ ৰোগীৰ পৰিয়ালে ঢাপলি মেলে জি এম চি এইচলৈ। ফলস্বৰূপে এই চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পায়। ৰোগীয়ে নাম পঞ্জীয়নৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অ' পি ডিত প্রতিদিনে প্রায় চাৰি হাজাৰ ৰোগীয়ে চিকিৎসা লাভ কৰে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে কেৱল চৰকাৰী স্বাস্থ্য খণ্ডৰ ওপৰতে নিৰ্ভৰশীল সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে চিকিৎসা মহাবিদ্যালয়কেইখনৰ বাদে আন চিকিৎসালয়সমূহত পর্যাপ্ত আহিলা-পাতি নাই, চিকিৎসক-চিকিৎসাকর্মীৰো অভাৱ।
ৰোগ পৰীক্ষণৰ বাবে যিসমূহ যন্ত্র-পাতি আছে সেয়াও পর্যাপ্ত মানসম্পন্ন নহয়। ৰাজ্যখনৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হস্পিটেলসমূহ স্থাপন কৰা হৈছে যদিও সেইবোৰতো প্রয়োজনীয় চিকিৎসক-নাৰ্ছৰ লগতে অত্যাধুনিক আহিলা-পাতিৰ অভাৱ। ৰাজ্যত বিগত সময়ত ভালেকেইখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু কেইখনমান নির্মীয়মাণ অৱস্থাত আছে যদিও সামগ্রিকভাৱে স্বাস্থ্য খণ্ডৰ এক উদ্বেগজনক ছবিহে আমি দেখিবলৈ পাওঁ। চিকিৎসক, চিকিৎসাকর্মী, প্রয়োজনীয় সা-সঁজুলি অবিহনেই চলিছে বহু চিকিৎসালয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো যেন একেই অৱস্থা হ'বলৈ গৈ আছে। ৰোগীৰ ভিৰৰ বাবেই হওক নাইবা প্রয়োজনীয় যন্ত্র-পাতিৰ অভাৱৰ বাবেই হওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়া ৰোগীয়ে যমৰ যাতনা ভুগিবলগীয়া হৈছে। জৰুৰীকালীন ৰোগীয়েও সময়ত বেডৰ অভাৱত ছটফটাই থাকিবলগীয়া হোৱা, আই চি ইউৰ অভাৱ, চিটি স্কেন, এম আৰ আই আদিৰ বাবে দিনৰ পাছত দিন অপেক্ষা কৰিবলগীয়া হোৱাত বহু ৰোগীৰ ৰোগে জটিলতৰ ৰূপ ধাৰণ কৰে। স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো ৰাজ্যৰ চিকিৎসা খণ্ডৰ এনে অৱস্থা অতি দুঃখজনক। তথাপি বহু ক্ষেত্ৰত সুৰক্ষিত বুলি ভাবি চিকিৎসাৰ বাবে এইখন হস্পিটেলত ভর্তি হোৱা ৰোগীৰ লগতে যদি চৰম হেতালি খেলা হয়, তেতিয়া তাতকৈ দুর্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে। এনে এখন হস্পিটেলতেই ভুৱা চিকিৎসকে চিকিৎসা কৰি যায়, পৰিয়ালৰ অজ্ঞাতে কেঁচুৱা বিক্ৰী হৈ যায় আৰু অতি শেহতীয়াভাৱে প্রসূতি বিভাগৰ শিশুৰ ইনটেনচিভ কেয়াৰ ইউনিটৰ (এন আই চি ইউ) বিছনাৰ পৰা বাগৰি পৃথিৱীৰ পোহৰ দেখাৰ মাত্র তিনি দিন পাছতে এটি নৱজাতকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে।
আশ্চর্যজনক কথাটো এয়াই যে তিনিটাকৈ শিশু পৰি থকাৰ পাছতো কর্তৃপক্ষই খবৰেই নাপালে। অভিভাৱক আহিহে প্রত্যক্ষ কৰে এই সমগ্র ঘটনা। কর্তব্যৰত চিকিৎসাকর্মীৰ চূড়ান্ত দায়িত্বহীনতা আৰু চৰম গাফিলতিৰ বাবে চিকিৎসালয়খনৰ তৃতীয় মহলাৰ প্ৰসূতি বিভাগত সংঘটিত এই ঘটনাৰ পাছত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষই আজব যুক্তিৰে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টা চলোৱা ঘটনা নিঃসন্দেহে লজ্জাজনক। উক্ত ঘটনাত আন দুটি নৱজাতক গুৰুতৰভাৱে আহত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সদ্যোজাত কেঁচুৱাৰ মৃত্যুৰ এই ঘটনাত ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মর্মাহত হৈ দোষীয়ে শাস্তি পাবই বুলি ঘোষণা কৰিছে। ঘটনাটোৰ তদন্ত কৰিবৰ বাবে ইতিমধ্যে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথাও প্ৰকাশ কৰিছে মুখ্যমন্ত্রীয়ে। কিন্তু তদন্ত সমিতি গঠন কৰিলেই এনে সমস্যাৰ ওৰ নপৰে। দোষীয়ে যেতিয়ালৈকে দৃষ্টান্তমূলক শাস্তি নাপাব তেতিয়ালৈকে এনে ঘটনা সংঘটিত হৈয়ে থাকিব। দায়িত্বত থকা নাৰ্ছক নিলম্বন কৰিলেই সকলো শেষ হৈ নাযায়। আন গোচৰত আৰক্ষীয়ে অভিযুক্তক যদিহে গ্রেপ্তাৰ কৰিব পাৰে তেন্তে এই ঘটনাত কিয় নোৱাৰিব। আইন সকলোৰে বাবে সমান হোৱা উচিত। কিছুদিন পূর্বে এটা পথ দুর্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য তোলপাৰ লাগিছিল। খোদ মুখ্যমন্ত্রীয়ে বিষয়টোক লৈ সৰৱ হৈ পৰিছিল। তেনেহ'লে এই ঘটনাৰ দোষীয়ে শাস্তি নাপাব কিয়? কাৰণ মৃত্যু মৃত্যুৱেই, জীৱন হেৰালে ঘুৰি নাহে।