মৰণফান্দ

dainik janambhumi September 15, 2025

ডিজিটেল ডেস্কঃ পুৱাৰ চাহকাপৰ সৈতে অহা বাতৰিকাকতখনে অন্যান্য বাতৰিৰ লগতে প্রায় প্রতিদিনে কঢ়িয়াই আনে পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ বাতৰি। ২০২৩ চনৰ পৰিসংখ্যা মতে, ভাৰতৰ পথত সেই বৰ্ষত ১,৭২,০০০ লোকে প্রাণ হেৰুৱায়। অর্থাৎ প্রতিদিনে ৪৭৪জন লোক। আৰু সূক্ষ্মকৈ ক'লে প্রতি তিনি মিনিটত এজনকৈ লোক। ভয়ংকৰ ছবি- প্রতি তিনি মিনিটত ভাৰতবৰ্ষৰ ক'ৰবাত নহয় ক'ৰবাত এজন লোকৰ পথ দুর্ঘটনাত মৃত্যু হৈছে। অসমৰ তথ্যও ভয়ংকৰ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই অসমত বছৰি গড়ে সাত হাজাৰটা পথ দুর্ঘটনাত প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে পাঁচ হাজাৰৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্র্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা চাৰি বছৰত ৰাজ্যখনত মুঠ ২৮,৪৫০টা পথ দুর্ঘটনাত ১১,৯৫৫জন লোকৰ মৃত্যু হয়। ইফালে ৰাজ্যখনত পথ দুর্ঘটনাত নিহতসকলৰ ভিতৰত অধিকাংশই হ'ল ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুর্ঘটনাত মৃত্যু হোৱা। ২০২৩ চনত ৰাজ্যখনত নিহত হোৱা ৩২৯৬জন লোকৰ ভিতৰত ১৫৬৪জনেই বাষ্ট্ৰীয় ঘাইপথত হোৱা দুর্ঘটনাত প্রাণ হেৰুৱায়। ইফালে ৰাজ্যখনত ২০২৩ চনত ২৯৭৯টা পথ দুর্ঘটনা দ্রুতগতিত বাহন চলোৱাৰ বাবে আৰু ১০৬টা পথ দুর্ঘটনা সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হৈছে। আনকি গাড়ী চলাওঁতে ম'বাইল ফ'ন ব্যৱহাৰ কৰাৰ বাবেও ১০৫টা পথ দুর্ঘটনা সংঘটিত হৈছে।

সৰ্বভাৰতীয় পৰিসংখ্যাতো এইবোৰ দিশ চকুত লগা। হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱাৰ বাবে ২০২৩ বর্ষত মৃত্যু হৈছিল ৫৪,০০০ লোকৰ। সেইদৰে চাৰিচকীয়া বাহনত ছীট বেল্ট নবন্ধাৰ বাবে দুর্ঘটনাত মৃত্যু হৈছিল ১৬,০০০ লোকৰ।

তথ্যবোৰ ভয়ংকৰ, কিয়নো এইবোৰ তথ্য জীৱন-মৃত্যুৰ সৈতে জড়িত তথ্য। কাৰোবাৰ এখন ঘৰ নিমিষতে উকা হৈ যোৱাৰ খবৰ আনে এইবোৰ তথ্যই। কিন্তু এই কথা ঠিক যে দেশৰ বিশেষকৈ অসমত সঘনাই সংঘটিত হোৱা পথ দুর্ঘটনাসমূহ গভীৰভাৱে গুৰুত্ব দিব লগীয়া এক বিষয় হৈ পৰিছে।

বিগত কিছু সময়ত অসম আৰক্ষীয়ে যান-বাহন চলোৱাৰ অন্যান্য নীতি-নিয়মৰ লগতে হেলমেট আৰু ছীট বেল্ট প্রসংগত যথেষ্ট কঠোৰ ব্যৱস্থা লৈছিল। ফলত ৰাইজেও নিয়মবোৰ মানিবলৈ লৈছিল। কিন্তু শেহতীয়াকৈ অজ্ঞাত কোনো কাৰণত এই কঠোৰ ব্যৱস্থাবোৰ যথেষ্ট শিথিল হৈ আহিল, যাৰ সুৰুঙা লৈ হেলমেট নিপিন্ধা আৰু ছীট বেল্ট নমৰা চালক আজিকালি সঘনাই দেখা পোৱা গৈছে। আৰক্ষী যিদৰে এই দিশত পুনৰ কঠোৰ হোৱাটো প্রয়োজনীয়, সেইদৰে ৰাইজেও কেৱল পুলিচৰ ভয়ত নিপিন্ধি 'নিজৰ জীৱন, নিজৰ দায়িত্ব' বুলি ভাবি হেলমেট আৰু ছীট বেল্ট পৰিধান কৰা উচিত।

স্বাভাৱিকতেই পথ দুর্ঘটনাৰ কাৰণ অনেক, কোনটো বেছি গুৰুতৰ, কোনোটো কম কোৱা টান। কিন্তু পথৰ অৱস্থা যে পথ দুর্ঘটনাৰ অন্যতম প্রধান কাৰণ তাক বিনাদ্বিধাই মানি ল'ব পাৰি। আনকি বিশ্বৰ বহু বিশেষজ্ঞই ভাৰতীয় পথ বিশ্বৰ ভিতৰত অন্যতম অনিৰাপদ পথ বুলিও অভিহিত কৰিছে। অসমৰ ক্ষেত্ৰত এই কথা পর্যবেক্ষণ কৰিলে বিশেষজ্ঞসকলৰ অভিযোগ সঁচা বুলি অনুভৱ কৰিব পাৰি। পূৰ্বতে উল্লেখ কৰি অহা হৈছে যে ৰাজ্যখনৰ পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ অধিকাংশ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুর্ঘটনাৰ চিকাৰ। ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰণতে যিহেতু দূৰণিবটীয়া যাত্ৰাৰ বাবে ব্যৱহাৰ হয়, সেয়ে এনে পথত বাহনৰ বেগো থাকে বেছি। কিন্তু অধিকাংশ পথেই কাৰিকৰীভাৱে এনে আসোঁৱাহপূর্ণ যে ইয়াত চালকে মসৃণভাৱে বাহন চলাবই নোৱাৰে। আৰু মসৃণভাৱে চলাব নোৱাৰিলেই দুর্ঘটনা অৱধাৰিত। পথ মন্ত্রালয়ৰ প্রতিবেদনত উল্লেখ কৰা মতেই পথত থকা গাঁতৰ বাবে ২০২৩ বৰ্ষত ২৭১টা পথ দুর্ঘটনা সংঘটিত হৈছে। এয়া কম ভয়ংকৰ কথা নহয়। পথৰ গাঁতেই যদি মৃত্যুৰ কাৰণ হয়, তেনেহ'লে সেই পথ চালকৰ বাবে 'মৃত্যুদূত'। উজনিৰ নৱনির্মিত ফ'ৰলেনক লৈ ৰাইজৰ উদ্বেগ-শংকাৰ শেষ নাই। প্রতিদিনে সৰু-বৰ অসংখ্য দুর্ঘটনাই প্রতীয়মান কৰি আছে পথ নির্মাণ বিজ্ঞানসন্মত হোৱা নাই, কাৰিকৰীভাৱেও অতি পুতৌজনক ইয়াৰ স্থিতি। ঢৌ খেলোৱা পথৰ গতি, য'তে-ত'তে গাঁত, আৰু নিৰ্মাণৰ পাছতেই ভাগিবলৈ আৰম্ভ কৰা পথে যে দুর্ঘটনাক হাত বাউলি মাতে, তাক বহলাই কোৱাৰ প্ৰয়োজনেই নাই।

দেশৰ তথা অসমৰ পথ দুর্ঘটনাৰ সামগ্রিক ভয় লগা ছবিখন প্ৰকাশ হোৱাৰ সময়ত অসমৰ পথৰ, বিশেষকৈ উজনিৰ নৱনির্মিত ফ'ৰলেন সম্পৰ্কত চৰকাৰে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। এয়া যেন বিকাশ আৰু উন্নয়নৰ পথ হওক, নহওক মৰণফান্দ।

Share This