ডিজিটেল ডেস্কঃ ১৯৭১ চনৰ পৰিৱেশ ঘূৰি আহিছে দেশলৈ। মঙলবাৰৰ দিনা ভাৰতীয় প্র তিৰক্ষা বাহিনীৰ ৰূপ দেখি তেনে এক ধাৰণাই মনলৈ আহিছে দেশবাসীৰ।
লাহোৰত থকা পাকিস্তানী সেনাৰ এইচ-কিউ ৯ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্য ৱস্থাকে ধৰি পাকিস্তানৰ কেইবা স্থানত থকা এনে সমৰসজ্জাত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ড্ৰ'নে আঘাত কৰি উক্ত ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্যৱস্থাটো বিধ্বস্ত কৰি পেলোৱা কথাই এটা কথাকে প্রতিপন্ন কৰিছে যে পাকিস্তানৰ প্ৰৰোচনামূলক কাম-কাজ ভাৰতে আৰু সহ্য কৰি নাথাকে।
৭ আৰু ৮ মে' তাৰিখৰ দোমোজাৰ মধ্য নিশা পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাব, ৰাজস্থান গুজৰাটকে ধৰি ভাৰতৰ ১৫খন মহানগৰৰ সামৰিক ৰকেট ছাউনীত ক্ষে পণাস্ত্ৰৰে আক্ৰমণ চলাইছিল যদিও ভাৰতীয় বাহিনীয়ে এই আক্রমণ ব্যর্থ কৰি দিয়াৰ পাছত পাকিস্তানৰ এই প্ৰৰোচনাৰ যোগ্য প্ৰত্যুত্তৰ দি লাহোৰসহ সেই দেশৰ কেইবাস্থানত প্রত্যাক্রমণ চলাই ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্যৱস্থা বিধ্বস্ত কৰি পেলায়। মঙলবাৰৰ এই পৰিস্থিতিৰ পৰা এটা কথাই ধাৰণা কৰিব পাৰি যে দেশৰ বাবে এই সংঘাতে এক নিৰ্ণায়ক যুদ্ধৰ ৰূপ ধাৰণা কৰিব পাৰে। ৭ মে'ৰ পুৱতি নিশা পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ বিভিন্ন স্থানত ভাৰতে চলোৱা ক্ষেপণাস্ত্র আক্রমণ আছিল সম্পূর্ণ যুক্তিসংগত এক কার্যব্যৱস্থা। এই ক্ষেপণাস্ত্র আক্রমণত কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ- এ-তৈয়বা আৰু জৈছ-এ-মহম্মদৰ বহু ঘাটি ধূলিসাৎ হৈ পৰিছিল, নিহত হৈছিল শতাধিক সন্ত্রাসবাদী। সুদীর্ঘ তিনি দশক ধৰি ভাৰতত কেইবাটাও সন্ত্রাসবাদী আক্ৰমণৰ নেতৃত্ব দি বিভীষিকাৰ সৃষ্টি কৰা জৈছ এ- মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ-ভগ্নীকে ধৰি ১০জন সদস্যই এই আক্রমণত প্রাণ হেৰুৱাব লগা হয়। পাকিস্তান চৰকাৰৰ, প্ৰত্যক্ষ সমর্থন পুষ্ট এই সন্ত্রাসবাদীক পুলিয়ে-পোখাই উভালি পেলোৱাটো কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে অতি জৰুৰী। যোৱা তিনিটা দশকত সন্ত্রাসবাদৰ বিভীষিকাই ভাৰতক কেনেদৰে পীড়িত কৰি আহিছে, কিমান নিৰীহ লোকে প্রাণ হেৰুৱাব লগা হৈছে, ভাৰতীয় জোৱান মৃত্যুৰ মুখত পৰিছে তাৰ ইতিহাস দোহৰাৰ প্ৰয়োজন নাই। ২০১৪ চনত দেশৰ ক্ষমতালৈ অহা নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি সেই অনুসৰি ভাৰতক সন্ত্রাসমুক্ত কৰাৰ বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে, সন্ত্রাসবাদীৰ অবাধ বিচৰণৰ ক্ষেত্ৰ ৰূপে চিহ্নিত হোৱা জম্মু-কাশ্মীৰক সন্ত্রাসমুক্ত কৰাৰ সংকল্প গ্রহণ কৰিছে। এনেবোৰ ব্যৱস্থাৰ ফলত সন্ত্রাসবাদীসকল প্রায় একাষৰীয়া হ'বলৈ ধৰিছিল। কাশ্মীৰত ভাৰতীয়ৰ মুক্ত বিচৰণৰ এক পৰিৱেশ ৰচনা হৈছিল। কিন্তু ২২ এপ্রিলত ২৬জন নিৰীহ পৰ্যটকক দিনৰ পোহৰত নিজৰ পৰিয়ালৰ সন্মুখত গুলীয়াই হত্যা কৰি সন্ত্রাসবাদীসকলে মোদী চৰকাৰৰ প্ৰচেষ্টাক আচলতে পোনপটীয়াকৈ প্রত্যাহ্বান জনালে। এনেকুৱা এক নৃশংসতাৰ পাছত সন্ত্রাসবাদী তথা সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক যে ভাৰতে শুদাই নেৰে সেয়া প্রত্যাশিত আছিল আৰু সেইবাবেই পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি চলালে ইতিহাসৰ বৃহত্তম ক্ষেপণাস্ত্র আক্রমণটো।
সেই আক্ৰমণটোৰ পাছত ভাৰতীয় সেনা বাহিনী আৰু চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে কোৱা হৈছিল যে ভাৰতৰ লক্ষ্য সন্ত্রাসবাদহে, পাকিস্তানৰ সাধাৰণ জনতা বা দেশখনৰ সামৰিক বাহিনী নহয়। সেইবাবেই ভাৰতে অতি সতর্কতাৰে, নিখুঁত লক্ষ্য নির্ধাৰণ কৰি সংযমী হৈ আক্রমণটো চলাইছিল। কিন্তু পাকিস্তানৰ চৰকাৰী মুৰব্বীসকলে আৰু সেনা বাহিনীয়ে ভাৰতৰ সেই ভাষা বুজি নাপালে। সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতে কৰা যুঁজখনক লক্ষ্যভ্রষ্ট কৰিবলৈ পাকিস্তানে সীমান্তত ধাৰাসাৰ গোলাবর্ষণেৰে নিৰীহ ভাৰতীয়ক হত্যা কৰাতে ক্ষান্ত নাথাকি ভাৰতৰ সামৰিক ক্ষেত্ৰবিলাকতো ক্ষেপণাস্ত্র আক্রমণ চলোৱাৰ প্ৰৰোচনামূলক কার্যত ব্ৰতী হৈ পৰিল। এইবোৰ কাৰ্যই সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ ৰূপটো পুনৰ এবাৰ উন্মোচিত কৰি দিলে। পহলগামৰ সন্ত্রাসবাদী আক্ৰমণটোৰ পাছত যেতিয়া ভাৰতে এনে সন্ত্রাসবাদী কাৰ্যৰ বিৰুদ্ধে সমুচিত ব্যৱস্থা ল'ব বুলি ঘোষণা কৰিছিল তেতিয়া পাকিস্তানী একাংশ মন্ত্ৰী-নেতাই ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ হুংকাৰ দিছিল। লাহোৰকে ধৰি বিভিন্ন স্থানত থকা পাকিস্তানৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্যৱস্থাত ভাৰতে হনা আঘাত আচলতে এই পৰিস্থিতিৰে প্ৰত্যাশিত পৰিণতি। বিশ্বৰ সন্মুখত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে নিজৰ স্থিতি স্পষ্টভাৱে কৈ দিছে- ভাৰতে যুদ্ধ নিবিচাৰে। বিশ্বত হৈ থকা যুদ্ধবিলাক বন্ধ কৰিবৰ বাবে ভাৰতে কেনেকৈ ভূমিকা পালন কৰি আছে সেই কথা বিশ্বই ভালদৰে জানে। সেই যুদ্ধ-বিৰোধী ভাৰতৰ নীতিক পাকিস্তানে দুর্বলতা বুলি ভাবি সন্ত্রাসবাদীৰ জৰিয়তে ভাৰতৰ শান্তি বিঘ্নিত কৰিবলৈ ষড়যন্ত্র ৰচনা কৰি আহিছে। পহলগামৰ আক্ৰমণটোৰ পাছত এটা কথা প্রতিপন্ন হ'ল যে সন্ত্রাসবাদী তথা পাকিস্তানৰ এই ভাৰত-বিৰোধী মানসিকতাৰ শুধৰণি নহয়। এতিয়াও দেশখনৰ প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন নেতাই প্রত্যাক্ৰমণৰ যিবোৰ ভাবুকি দি আছে তাৰ পাছত পৰিস্থিতি ইমানতে শান্ত হ'ব বুলি ধাৰণা নহয়। সন্ত্রাসবাদী আৰু পাকিস্তানৰ ভাবুকি আৰু ষড়যন্ত্র প্রতিহত কৰিবলৈ এখন নির্ণায়ক যুদ্ধত অৱতীৰ্ণ হোৱাৰ গত্যন্তৰ হয়তো ভাৰতৰ সন্মুখত নাথাকিব।