শক্তি, একতাৰ প্ৰদর্শন

dainik janambhumi May 16, 2025

ডিজিটেল ডেস্ক : 'অপাৰেশ্যন সেন্দূৰ' স্থগিত ৰখাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দূৰদৰ্শন আৰু আদমপুৰ বিমানঘাটিত বায়ু সেনাৰ জোৱানসকলৰ সন্মুখত যি দুটা ভাষণ দিলে সেই ভাষণ দুটাত তিনিটা বিষয়ত প্রধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰা দেখা গ'ল, সেয়া হৈছে দেশৰ শক্তি, যুদ্ধৰ সময়ত দেশবাসীৰ ঐক্যৰ প্ৰদৰ্শন আৰু কাশ্মীৰ আৰু পাকিস্তানক' লৈ ভাৰতৰ স্থিতি। যদিও পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাত স্বাধীনতাৰ সময়ৰে পৰা অব্যাহত আছে, চাৰিখনকৈ যুদ্ধ তথা কেইবাবাৰো গুৰুতৰ সংঘাত হৈছে, সীমান্তত গোলাবর্ষণ প্রায় প্রাত্যহিক ঘটনাৰ দৰে হৈ পৰিছে, তথাপি হঠাৎ যুদ্ধ এখন হৈ যাব বুলি কোনেও ভবা নাছিল আৰু তাৰ বাবে দেশ সাজু হৈও থকা নাছিল। 

কিন্তু পহলগামত ২২ এপ্রিলত ২৬জন পৰ্যটকক ধর্মীয় পৰিচয় সুধি পৰিয়ালৰ সম্মুখতে গুলীয়াই হত্যা কৰি পাকিস্তানৰ সন্ত্রাসবাদীয়ে যিদৰে ভাৰতৰ সামর্থ্যলৈ আঙুলি টোৱালে তাৰ পাছত অন্য কথা ভবাৰ কোনো অৱকাশ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ সন্মুখত নাথাকিল। মনে মনে সহ্য কৰি থকা হ'লে হয়তো ভিতৰে-বাহিৰে বিভিন্ন পক্ষৰ পৰা প্ৰশ্ন উত্থাপিত হ'লহেঁতেন। কিন্তু সন্ত্রাসবাদীৰ সেই নৃশংস প্রত্যাহ্বানৰ কেনেকৈ মোকাবিলা কৰিব লাগে তাক মোদী চৰকাৰে দেখুৱাই দিলে। কেতবোৰ কূটনৈতিক নিষেধাজ্ঞা আৰোপতে ক্ষান্ত নাথাকি, চৰকাৰে পাকিস্তানৰ ভূমিত সোমাই সন্ত্ৰাসবাদীৰ ঘাটিত আঘাত হনাৰ সাহসী সিদ্ধান্ত তাৎক্ষণিকভাৱে গ্ৰহণ কৰি বুজাই দিলে যে ভাৰত এতিয়া আগৰ ভাৰত হৈ থকা নাই। দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহে, বিশেষকৈ বায়ু সেনা বাহিনীয়ে চৰকাৰখনৰ প্ৰত্যাশা অনুসৰি পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ৯টা ঘাটিত কেনেকৈ আক্রমণ চলালে, কেনেকৈ শতাধিক সন্ত্রাসবাদীৰ প্ৰাণ ল'লে তাৰ তন্নতন্ন খবৰ ইতিমধ্যে সকলোৱে পাইছেই। সেই অভিযানটোৰ পাছতে প্রধানমন্ত্রী মোদীয়ে দিয়া ভাষণ শুনিবলৈ দেশবাসীয়ে অপেক্ষা কৰি আছিল আৰু প্রত্যাশা অনুসৰিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিচিত দৃঢ় কণ্ঠেৰে দেশৰ স্থিতি, প্ৰতিৰক্ষা বাহিনীৰ সাহস-কর্মতৎপৰতা আৰু দেশবাসীৰ ভূমিকাৰ বিষয়ে ব্যক্ত কৰিলে। 

প্ৰতিৰক্ষা বাহিনীৰ ভূমিকাক উচ্চস্বৰে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে, ভাৰতীয় সেনাই, বিশেষকৈ বায়ু সেনাৰ জোৱানসকলে যি সাহস আৰু দক্ষতাৰ পৰিচয় দিলে সেয়া অতুলনীয় আৰু অবিস্মৰণীয়। আনহাতে, দেশবাসীৰ ভূমিকা সন্দৰ্ভত প্রধানমন্ত্রীয়ে কোৱা কথাখিনিও লক্ষণীয়- 'আমাৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে আমাৰ একতা। সমগ্র দেশ, প্ৰতিগৰাকী নাগৰিক, প্রতিটো জাতি-জনগোষ্ঠী, প্রতিটো শ্রেণী, প্রতিটো ৰাজনৈতিক দলে এই সময়ছোৱাত একেটা সুৰত কথা ক'লে।' প্রধানমন্ত্রীয়ে কোৱা এই বক্তব্যৰ সদৃশ অৱস্থাটো অৱশ্যে জনসাধাৰণেও উপলব্ধি নকৰাকৈ থকা নাই। হিন্দু-মুছলমান বুলি কথা নাছিল, উচ্চ-নীচ বুলি কথা নাছিল, ধনাঢ্য-দৰিদ্ৰ বুলি কথা নাছিল, সকলোৱেই পহলগামৰ গণহত্যাৰ পাছত এক সুৰত সন্ত্রাসবাদীৰ নৃশংসতাক ধিক্কাৰ দিয়াই নহয়, সন্ত্রাসবাদীক সমুচিত শিক্ষা দিয়া, সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানক এশিকনি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ লগত থকাৰ কথা মুক্ত কণ্ঠে ঘোষণা কৰিছিল। আন সকলো বিষয়তে অনৱৰত সংঘাতত, বাকযুদ্ধত লিপ্ত হৈ থকা শাসক-বিৰোধী নেতাসকলৰ সুৰ একে হৈ পৰিছিল। এইটো এটা ডাঙৰ দৃষ্টান্ত হৈ' কাললৈ ৰৈ যাব। এইটো প্রতিষ্ঠা হৈ গ'ল যে সংঘাত, মতভেদ, বিদ্বেষ থাকিলেও দুর্যোগৰ সময়ত সমগ্র ভাৰত এক হৈ পৰে। দেশবাসীয়ে এইবাৰৰ যুদ্ধখন দীঘলীয়া হ'ব বুলি ভাবিছিল, পাকিস্তানৰ সৈতে আজন্ম সংঘাতৰ এক চয়-নিশ্চয় হৈ যাব বুলিয়েই সকলোৱে ধাৰণা কৰিছিল, বহুতে এই বুলিও ভাবিছিল, যে এইবাৰ হয়তো পাক-অধিকৃত কাশ্মীৰখনৰ নিয়ন্ত্রণ ভাৰতে লৈ ল'ব। কিন্তু প্রাক্তন সেনা বিষয়া এজনে বাস্তৱ কথাটোকে কৈছে যে যুদ্ধ বলিউডৰ চিনেমা নহয়, চৰকাৰ, সেনাই বাস্তৱ পৰিস্থিতিৰ বিচাৰ-বিবেচনা কৰি সিদ্ধান্ত ল'ব লগা হয়। এনেকুৱা বাস্তৱ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতে পাকিস্তানৰ সামৰিক অভিযানৰ মুৰব্বীগৰাকীয়ে ভাৰতীয় বাহিনীলৈ যুদ্ধ-বিৰতি বিচাৰি ফ'ন কৰাৰ পাছত দুয়ো ৰাষ্ট্ৰই যুদ্ধ-বিৰতি ঘোষণা কৰিব লগা হ'ল। কিন্তু ভাষণত প্রধানমন্ত্রীয়ে স্পষ্টভাবে কেইটামান কথা কৈ দিছে- 'ভাৰতে যুদ্ধ বন্ধ কৰা নাই, স্থগিতহে ৰাখিছে', 'সন্ত্রাসবাদীকে ধৰি যিকোনো পক্ষৰ আক্রমণ বা গোলাবর্ষণক যুদ্ধ ৰূপে গণ্য কৰি তাৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ব', 'তেজ আৰু পানী একেলগে ব'ব নোৱাৰে' আৰু 'ভৱিষ্যতে যদি পাকিস্তানৰ লগত আলোচনা হ'ব লগা হয় তেনেহ'লে সন্ত্রাসবাদ আৰু পাক অধিকৃত কাশ্মীৰক লৈহে হ'ব।'। 

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পহলগাম-কাণ্ডৰ পাছতে সিন্ধু জলচুক্তি বাতিলৰ যি সিদ্ধান্ত লৈছিল সেয়া বাহাল আছে। এনেদৰেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে। কেৱল ইমানতে চৰকাৰ সীমাবদ্ধ থকা নাই। পাকিস্তানক সমর্থন দি থকা বিদেশী শক্তিবিলাকৰ প্ৰতিও ভাৰতে কেতবোৰ পদক্ষেপৰ জৰিয়তে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰত-পাক যুদ্ধখনত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আক্ৰমণত তুৰস্কৰ ড্ৰ'ন ব্যৱহাৰ কৰিছিল। সেই কাৰণেই ভাৰত চৰকাৰে তুৰস্কৰ চৰকাৰী সংবাদ প্রতিষ্ঠান টি আৰ টি ৱৰ্ল্ডক ভাৰতত নিষিদ্ধ কৰা হৈছে। লগতে নিষিদ্ধ কৰা হৈছে চীনৰ চৰকাৰী সংবাদ প্রতিষ্ঠান আৰু কাকত 'ঝিনহুৱা' আৰু 'গ্ল'বেল টাইমছ'ক 'এক্স' হেণ্ডলত বন্ধ কৰাৰো সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এইবিলাক হৈছে ভাৰতৰ আপোচহীন স্থিতিৰ উদাহৰণ। সেনা বাহিনীৰ এনে সাহস আৰু দক্ষতা, দেশবাসীৰ এনে ঐক্য আৰু চৰকাৰৰ এনে স্থিতিয়েই প্ৰতিগৰাকী ভাৰতীয়ৰ কাম্য।

Share This