উন্নয়নৰ নামত ধ্বংস

dainik janambhumi April 05, 2025

ডিজিটেল ডেস্ক : উন্নয়নৰ নামত শেহতীয়াভাৱে তেলেংগানা চৰকাৰে চাৰিশ একৰ ভূমিত বনাঞ্চল ধংস কৰা কাৰ্যক লৈ দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। আই টি পার্ক স্থাপনৰ নামত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সীমান্তৱর্তী অৰণ্যত চলিছিল বুলড'জাৰৰ অভিযান। বনাঞ্চল ধংসৰ এনে অপচেষ্টা চলাই ইতিমধ্যে ৰাইজৰ ৰোষত পৰিছে ৰেৱন্থ ৰেষ্ট্ৰী চৰকাৰ। বন ধ্বংসৰ বিৰোধিতাৰ উদ্দেশ্যে ৰাজ্যখনত আৰম্ভ হৈছে প্রবল প্রতিবাদ। আন্তঃগাঁথনি উন্নয়ন আৰু নগৰীকীকৰণৰ নামত দেশৰ বিভিন্ন প্রান্তত এতিয়া এইদৰে জধে-মধে কাটি পেলোৱা হৈছে গছ-গছনি। লগে লগে আৰম্ভ হৈছে বিভিন্ন প্রতিবাদী কার্যসূচী, উত্তাল হৈছে দেশ। 

কিছুদিন পূর্বে ডেৰাডুনত গছ কটাৰ বিৰুদ্ধে একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহে ৰাইজ। প্ৰস্তাৱিত ঋষিকেশ-ডেৰাডুন পথছোৱা বহল কৰাৰ নামত ৩০০০ জোপা গছৰ ভৱিষ্যতক লৈ ভাবুকি আহি পৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজে ৰাজপথত প্রতিবাদ সাব্যস্ত কৰিব লগীয়া হৈছিল। অসমতো বিভিন্ন সময়ত গছ কটাৰ বিৰুদ্ধে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ মাধ্যমেৰে ৰজাঘৰীয়াক টোপনিৰ পৰা জগাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাবিলে আচৰিত হ'বলগীয়া কথা। যি গছ আমি জীয়াই থকাৰ সঞ্জীৱনী, যি গছে মানুহক বোধৰ সন্ধান দিছে, তুচ্ছতাৰ বিপৰীতে বিশালতাৰ পাঠ দিছে সেই গছ নাকাটিবৰ বাবে এই ধৰাত মানুহে আন্দোলন কৰিবলগীয়া হৈছে। চিপকো আন্দোলনৰ দৰে বিশ্বখ্যাত জনজাগৰণৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পাছতো অন্ত পৰা নাই উন্নয়নৰ দোহাই দি অৰণ্য ধ্বংস অভিযানৰ। এজোপা গছ গজি উঠি বৃহৎ বৃক্ষৰ ৰূপ পোৱা আৰু এনে সহস্র গছেৰে এখন অৰণ্যই পৰিপূৰ্ণ ৰূপ ধাৰণ কৰোঁতে প্রয়োজন হোৱা হাজাৰ হাজাৰ বছৰৰ যি এক প্রক্রিয়া সেয়া যেন মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ কৰি পেলোৱা হৈছে। মানুহক আশ্রয় দি ৰখা এনে গছ-গছনি, প্রকৃতিৰ প্ৰতি ভাবিবলৈ যেন আহৰি নাই ৰজাঘৰীয়াৰ। সেইবাবেই মুহূর্ততে এখন বিশাল পাহাৰ খহাই পেলাবলৈ আমি অকণো সংকোচ নকৰোঁ। নদী এখনক আমি সৃষ্টি কৰা আৱৰ্জনাৰে কোনো দ্বিধাবোধ নোহোৱাকৈ হত্যা কৰি পেলাব পাৰোঁ। আমাৰ ৰাজ্যতো ব্যাপক হাৰত বন ধ্বংস আৰু সেউজ আৱৰণ ধ্বংস কৰা হৈছে। যি হাৰত অসমৰ বনাঞ্চল হ্রাস পাই আহিছে সেয়া এই গতিত অব্যাহত থাকিলে ভৱিষ্যতে হয়তো বনাঞ্চল মাথোঁ এটা শব্দহে হৈ ৰ'ব। 

বনভূমি বেদখলৰ ক্ষেত্ৰতো দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে আমাৰ ৰাজ্য। এই তথ্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিগত সময়ছোৱাত অসমত হাজাৰ হাজাৰ গছ কাটি তহিলং কৰি পেলোৱা হ'ল। গোৱালপাৰাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে প্রায় ৮০০০ গছ কাটি পেলোৱা হৈছে। ঘন জংঘলেৰে ভৰা অসমৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বক্ষ উদং হৈ পৰিছে। অবৈধভাৱে গছ কটা, চোৰাং কাঠৰ সৰবৰাহৰ খবৰ নিতৌ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত-সম্প্ৰচাৰিত হৈ আহিছে। এইবোৰ ৰাইজৰ চকুৰ সমুখত হোৱা ধ্বংসলীলা। ইয়াৰ বাহিৰেও লোকচক্ষুৰ আঁৰত নিতৌ বনাঞ্চলসমূহত হাজাৰ হাজাৰ গছ-গছনি তহিলং কৰা হৈছে। এনে কাৰণতে বৃহৎসংখ্যক গছ কটাটো মানুহক হত্যা কৰাতকৈও গর্হিত কাম বুলি হয়তো দেশৰ উচ্চতম ন্যায়ালয়ে সোঁৱৰাই দিবলগীয়া হৈছে। 

উল্লেখযোগ্য যে শিৱশংকৰ আগৰৱাল নামৰ ব্যক্তিজনে মথুৰা-বৃন্দাবনত ৪৫৪ জোপা গছ কাটিছিল আৰু ইয়াৰ বাবে অভিযুক্ত আগৰৱালক কেন্দ্রীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রতি জোপা গছৰ বাবত ১ লাখ টকাকৈ জৰিমনা বিহাৰ বাবে অনুমোদন জনাইছিল। সংৰক্ষিত তাজ ট্রেপেজিয়াম খণ্ডত ৪৫৪ জোপা গছ কাটি পেলোৱা লোকজনৰ আবেদন এখন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে। বিচাৰপীঠখনে কয় 'পৰিৱেশৰ সুৰক্ষা বিষয়ৰ গোচৰত কোনো ক্ষমা নাই, বৃহৎসংখ্যক গছ কটাটো এজন মানুহক হত্যা কৰাটোতকৈ গর্হিত কাম'। অবৈধভাবে এই গছ কটাটো কেতিয়াও গ্রহণযোগ্য নহয় বুলি পীঠখনে মন্তব্য কৰে। সঁচাকৈয়ে শীর্ষতম আদালতখনে কোৱাৰ দৰে এই চাৰি শতাধিক কাটি পেলোৱা গছে সৃষ্টি কৰা সেউজীয়া ধৰণী পুনৰ সৃষ্টি কৰিবলৈ কমেও ১০০-১৫০ বছৰৰ প্ৰয়োজন হয়। সেই কথা গছবোৰ কাটি পেলোৱাৰ সময়ত এবাৰলৈ ভাবি চোৱা হয়নে? বনভূমি ৰক্ষাৰ বাবে চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰি আহিছে, গছপুলি ৰোপণেৰে অভিলেখ স্থাপনো কৰিছে। আয়োজন কৰিছে উৎসৱৰ। কিন্তু ইয়াৰ পৰা ৰাজ্যখনৰ কিমান উপকাৰ সাধন হৈছে? পৰিৱেশ দিৱসত ৰোপণ কৰা গছপুলিসমূহ পিছৰ বছৰলৈ সেই ঠাইতে সুৰক্ষিত হৈ আছেনে, নে তাৰ অস্তিত্ব ৰোপণৰ পাছতে নাইকিয়া হৈ পৰিছে তালৈ লক্ষ্য কৰিলেই সকলো ওলাই পৰে। গছবোৰ ক্ৰমাৎ এইদৰে কমি অহাৰ লগে লগে পৃথিৱীয়ে যেন ইয়াৰ সহনশীলতা লাহে লাহে হেৰুৱাবলৈ ধৰিছে। ইয়াৰ পৰিণামস্বৰূপে বতৰৰ আকস্মিক পৰিৱৰ্তন, দুর্যোগ, মাৰি-মৰক, দুর্ঘটনা আদি এতিয়া সহজ হৈ পৰিছে।

Share This