ডিজিটেল ডেস্ক : সামাজিক মাধ্যমৰ অপকাৰী দিশসমূহৰ সম্পৰ্কত যথেষ্ট চর্চা ইতিমধ্যেই হৈছে আৰু সচেতন মানুহে নিজে সেই মাধ্যম ব্যৱহাৰ কৰি থাকিলেও ইয়াৰ নেতিবাচক দিশবোৰ সম্পৰ্কত জ্ঞাত। দৰাচলতে পৃথিৱীজুৰি সামাজিক মাধ্যমৰ ব্যৱহাৰক লৈ চিন্তা-চৰ্চা চলিছে। ক'ৰবাত অপ্রাপ্তবয়স্কৰ বাবে এইধৰণৰ এপৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে, ক'ৰবাত এপ ব্যৱহাৰৰ বিধি নিষেধ তৈয়াৰ কৰা হৈছে। এনে সময়তে সামাজিক মাধ্যম প্রসংগৰ এক গোচৰত কেলী নামৰ ২০ বছৰীয়া তৰুণীক ৬০ লাখ ডলাৰৰ ক্ষতিপূৰণ দিয়াৰ নির্দেশ দিছে কেলিফর্নিয়াৰ আদালতে।
স্বাভাৱিকতেই এই ৰায় লৈ আৰম্ভ হৈছে ব্যাপক চর্চা, প্রতিক্রিয়া। কেলিফর্নিয়াৰ আদালতত উত্থাপন হোৱা এই ঐতিহাসিক গোচৰটোৰ মূল বাদী বা আৱেদনকাৰী আছিল কেলী জি এম নামৰ এগৰাকী যুৱতী আৰু তেওঁৰ মাতৃ কেৰেন গ্লেন। ২০২৩ চনত যেতিয়া গোচৰটো প্ৰথম ৰুজু হৈছিল, তেতিয়া কেলী নাবালিকা (১৭ বছৰীয়া) আছিল বাবে তেওঁৰ মাতৃ কেৰেন গ্লেনে সহ-আৱেদনকাৰী হিচাপে গোচৰটো তৰিছিল। কেলীয়ে অভিযোগ কৰিছিল যে তেওঁ মাত্র ৬ বছৰ বয়সৰ পৰা ইউটিউব আৰু ৯ বছৰ বয়সৰ পৰা ইনষ্টাগ্রাম ব্যৱহাৰ কৰিবলৈ লৈছিল। এই প্লেটফৰ্মসমূহৰ আসক্তিকাৰক ডিজাইনৰ বাবে তেওঁ ইয়াৰ প্ৰতি তীব্রভাৱে আসক্ত হৈ পৰে। ইয়াৰ ফলত মানসিক অৱসাদ, এংজাইটি আৰ বডী ডিছমফিয়াৰ চিকাৰ হয় কেলী। এই অভিযোগসমূহৰ সৈতে কেলীয়ে তৰা গোচৰত প্ৰথমে বহুকেইটা প্রতিষ্ঠান অভিযুক্ত হ'লেও মূল যুঁজখন চলে সামাজিক মাধ্যমৰ উল্লেখযোগ্য প্রযুক্তি প্রতিষ্ঠান মেটা আৰু গুগলৰ বিৰুদ্ধে।
কেলীৰ অভিযোগক স্বীকৃতি দি কেলিফর্নিয়াৰ আদালতে নিজৰ ঐতিহাসিক ৰায়ত কয়-সামাজিক মাধ্যমৰ সংস্থাসমূহে তেওঁলোকৰ এপসমূহ এনেকুৱা ধৰণেৰে তৈয়াৰ কৰে, যাতে সেইবোৰৰ ব্যৱহাৰ নিচাত পৰিণত হয়। আদালতে এই ঐতিহাসিক ৰায়ত ৬০ লাখ ডলাৰ ক্ষতিপূৰণ দিছে কেলীক নিচাগ্রস্ত কৰা আৰু তাইক অৱসাদৰ চিকাৰ কৰি পেলোৱাৰ অপৰাধত মেটা আৰু গুগলৰ বিৰুদ্ধে। এই কথা ঠিক মেটা আৰু গুগল নিশ্চয় এই ৰায়ৰ বিৰুদ্ধে উচ্চতৰ আদালতলৈ যাব, কিন্তু সামাজিক মাধ্যমৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰিসৰ সম্পৰ্কত আদালতৰ এই ৰায় এক ঐতিহাসিক ৰায় হৈ ৰ'ব। এই ৰায় এইবাবেই ঐতিহাসিক যে এই ৰায়ে সামাজিক মাধ্যমৰ এপবোৰ এক নিচা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। একে প্রসংগত সেয়ে প্রশ্ন উত্থাপন হ'ব, প্রাপ্তবয়স্ক নাগৰিকৰ ইচ্ছা হ'লেও তেওঁক হেৰ'ইন, গাঞ্জা আদিৰ নিচা কৰাৰ অনুমতি ৰাষ্ট্ৰই দিব পাৰে জানো? এতিয়া উক্ত ৰায় মতে সামাজিক মাধ্যমৰ এপবোৰ সচেতনভাৱেই তৈয়াৰ কৰা হৈছে নিচাৰ দ্রব্য হিচাপে। সামাজিক মাধ্যমেও ডোপামিন ক্ষৰণৰ যোগেদি নিচাৰ চাহিদা বঢ়াই ক্রমাগতভাৱে সেই এপৰ প্ৰতি ব্যৱহাৰকাৰীক আসক্ত কৰি তোলে। এই কথাটো তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মনোবিজ্ঞান, সমাজ বিজ্ঞান-সকলো ক্ষেত্ৰৰ বিশেষজ্ঞই স্বীকাৰ কৰে। অর্থাৎ স্বাস্থ্য-মগজু হানিকৰ আন নিচাসমূহৰ দৰেই সামাজিক মাধ্যমৰ এপবোৰো একেই ভয়ংকৰ নিচা। তেনেহ'লে এই নিচাসমূহৰ নিয়ন্ত্রণতো ৰাষ্ট্ৰৰ ভূমিকা নাথাকিবনে? কেলিফর্নিয়াৰ আদালতৰ ৰায়ে সেই কথাটোকে মূলতঃ আইনী স্বীকৃতি দি চিন্তাৰ অৱকাশ দিলে।
প্রসংগতে উল্লেখযোগ্য যে কেলীৰ এই গোচৰটো সমগ্ৰ আমেৰিকাত চলি থকা প্রায় ২,৫০০টা অনুৰূপ গোচৰৰ বাবে এক পথ প্রদর্শক গোচৰ (বেলৱেডাৰ ট্ৰায়েল) হিচাপে গণ্য কৰা হৈছিল, য'ত প্ৰথমবাৰৰ বাবে কোনো ভুক্তভোগী ব্যক্তিয়ে প্রযুক্তি কোম্পানীৰ বিৰুদ্ধে আদালতত পোনপটীয়া জয়লাভ কৰিবলৈ সক্ষম হয়। মনোবিজ্ঞানীসকলৰ মতে, যেতিয়া এজন ব্যক্তিয়ে নিজৰ আচৰণ, আৱেগ আৰু সময়ৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই সামাজিক মাধ্যমত অত্যধিক সময় অতিবাহিত কৰে আৰু ইয়াৰ ফলত তেওঁৰ ব্যক্তিগত, শৈক্ষিক বা বৃত্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পৰে, তাকেই সাধাৰণতে সামাজিক মাধ্যমৰ নিচা বুলি কোৱা হয়। দৰাচলতে সামাজিক মাধ্যমৰ ব্যৱহাৰত লাইক, কমেন্ট বা শ্বেয়াৰে ব্যৱহাৰকাৰীৰ মগজুত ডোপামিনৰ নিঃসৰণ ঘটায় আৰু এই ডোপামিনে তেওঁক দিয়ে সাময়িক আনন্দ। মগজুৱে এই আনন্দ বাৰে বাৰে পাবলৈ বিচাৰে আৰু ইয়াৰ ফলতেই মানুহ ধীৰে ধীৰে সামাজিক মাধ্যমৰ সেই এপৰ প্ৰতি আসক্ত হৈ পাৰে। নিচাৰ জন্ম ইয়াতেই হয়।
গোচৰটো কেলিফর্নিয়াৰ, ৰায়ো বিদেশী। কিন্তু ইয়াৰ প্ৰভাৱ সৰ্বব্যাপী। দৰাচলতে এই ৰায়ে বিশ্বৰ প্ৰতিজন সচেতন ব্যক্তিক দিছে এটা সাৱধানী সংকেত। সামাজিক মাধ্যম এক অতি শক্তিশালী আৰু উপযোগী সঁজুলি, যদিহে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা হয়। প্রযুক্তি ব্যৱহাৰ আমাৰ প্ৰয়োজনত হ'ব লাগে, আসক্তি নহয়। লাইক, কমেণ্টৰ মোহত নপৰি বাস্তৱ পৃথিৱীৰ, বাস্তৱ জীৱন উপভোগ কৰিব পৰাটোৱেই এই নিচাৰ পৰা আঁতৰি থাকিব পৰাৰ সর্বোত্তম পন্থা। একে সময়তে এই কথাও ঠিক ৰাষ্ট্ৰৰ কঠোৰ পদক্ষেপ অবিহনে এই নিচাৰ পৰা জনগণক আঁতৰাই ৰখা টান। কেলিফর্নিয়াৰ আদালতে এই কঠোৰ পদক্ষেপৰ বাট দেখুৱালে।