আজিৰ সম্পাদকীয়, ডিজিটেল অপৰাধ

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: সময় পৰিৱৰ্তনশীল। সলনি হোৱা সময়ৰ সমান্তৰালকৈ পৰিৱৰ্তন হৈছে যোগাযোগৰ মাধ্যমো। এক অর্থত প্রযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা নতুন প্ৰজন্মৰ বাবে ডিজিটেল নিৰ্ভৰশীলতা এৰাব নোৱৰা অংগ হৈ পৰিছে। বিশ্বায়নৰ লগতে দ্রুতগতিত বিজ্ঞানৰ জয়যাত্ৰাৰ অংশ হিচাপে দৈনন্দিন জীৱনত ডিজিটেল ৰূপত কাম-কাজ অপৰিহাৰ্য হৈ পৰিছে। চৰকাৰী কাম-কাজৰ পৰা বেংকৰ লেনদেন, বজাৰ-সমাৰ সকলোতে এতিয়া ডিজিটেল ব্যৱস্থা। আনকি শিক্ষার্থীৰ অধ্যয়নৰো এতিয়া ডিজিটেলাইজেশ্যন হৈছে। 

ব্যাপক ডিজিটেলাইজেশ্যনৰ যুগত শেহতীয়াভাৱে নতুনকৈ চর্চিত হোৱা বিষয়টোৱেই হৈছে এ আই বা artificial intelligence। 'ডিজিটেল ক্রিয়েটিভিটি'ৰ অসীম স্তৰটোৱেই হৈছে এ আই। এ আয়ে কি কৰিব নোৱাৰে! এ আয়ে মেটা এ আইৰ দৰে এপ্লিকেশ্যনৰ সহায়ত সুখ-দুখৰ সমভাগী হোৱাই নহয়, ভৱিষ্যৎ দর্শাবও পাৰে। জ্যোতিষ চৰ্চাৰ পৰা সাহিত্য চর্চালৈকে সকলোতে এ আইৰ সীমাহীন প্রভুত্ব। পিছে শেহতীয়াকৈ দৈনন্দিন জীৱনত অবৈধ অনুপ্ৰৱেশকাৰীৰ দৰে হৈ পৰা এ আইক কঠোৰভাৱে নিয়ন্ত্রণ কৰাটো যেন জৰুৰী হৈ পৰিছে। এ আইৰ সুবাদতে এতিয়া ডিজিটেল অপৰাধ সুলভহৈ পৰিছে। এনেয়ো চাইবাৰ অপৰাধ সাম্প্রতিক সময়ত অতি ভয়াৱহ হোৱাৰ তথ্য সর্বজনবিদিত। তাতে এতিয়া উত্থান হোৱা আর্টিফিচিয়েল ইন্টেলিজেঞ্চে চাইবাৰ অপৰাধত সাৰ-পানী যোগাইছে। বেংকৰ ধন হৰণলুকী, অশ্লীলতা এইবোৰ চাইবাৰ অপৰাধীৰ লক্ষ্য। কেৱল অসমতেই বিগত বছৰসমূহত চাৰি-পাঁচ শতাধিককৈ চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈ আহিছে। আনকি বেংকৰ পৰা হৰণলুকী হৈছে কোটি কোটি টকাও। অসম আৰক্ষীৰ চাইবাৰ কোষে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্রহণ কৰি আহিছে যদিও ক্রমাগত হাৰত ডিজিটেল মাধ্যমৰ ব্যৱহাৰৰ তুলনাত এই পদক্ষেপ পর্যাপ্ত নহয়। 

শেহতীয়াকৈ ডিজিটেল পৃথিৱীখনত আন কেতবোৰ ঘটনাও ঘটি আহিছে, যাক চাইবাৰ অপৰাধতকৈ ডিজিটেল অপৰাধ বুলি কোৱাটোহে বেছি যুগুত হ'ব। 'কল্পনাৰ সাম্রাজ্য'ৰ একোটা চৰিত্ৰ সাজি ডিজিটেল পৃথিৱীখনত দপদপাবলৈ এৰি দিয়া আৰু এনে চৰিত্ৰবোৰক লৈ সর্বত্র চর্চা হোৱা কেইবাটাও ঘটনাই সম্প্রতি ডিজিটেল অপৰাধ মানুহৰ মগজুত কিভাবে শিপাইছে তাক প্রতিপন্ন কৰে। আজিৰ পৰা দুবছৰমান পূর্বে সুকৃতি চৌধুৰীৰ নাম লৈ কোনো অজ্ঞাতই ফে'চবুকত একাউন্ট সাজি 'মটিভেশ্যনেল' কথাৰ মাজেৰে সাংঘাতিক জনপ্ৰিয় হৈ পৰাৰ উপৰি বহু লোকৰ ব্যক্তিগত জীৱনতো প্রভাৱ পেলাইছিল। চৰিত্ৰটোৰ হঠাৎ মৃত্যু হোৱা বুলি প্রকাশ পোৱাৰ পাছত ফে'চবুকত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি কৰাই নহয়, সুকৃতিৰ ৰাজহুৱা আদ্যশ্রাদ্ধ ইত্যাদিৰো আয়োজন কৰাৰ দৰে ঘটনা ঘটিছিল। মানুহৰ আৱেগক লৈ এনেদৰে খেলা কৰা চৰিত্ৰটোক একাউণ্টৰ সৃষ্টিকর্তাই মাৰি পেলোৱাৰ কথা স্পষ্ট হ'লেও ডিজিটেলি আৱেগিক অপৰাধ সংঘটিত কৰা এই কালপ্রীট বা সুকৃতিৰ সৃষ্টিকর্তা আজিও ধৰা নপৰিল। একেই কাণ্ড সংঘটিত হৈছিল ড° পৰিধি শৰ্মা নামৰ এটা ভুৱা চৰিত্ৰৰ ক্ষেত্ৰত। 

এগৰাকী সাধাৰণ যুৱকে ড° পৰিধি শৰ্মাৰ নামত কাকতে-পত্ৰই উচ্চমানবিশিষ্ট লেখা প্রকাশ কৰি জনপ্রিয়তা অর্জন কৰিছিল। ছদ্মনামত লেখাটো কোনো অপৰাধ নহয়। কিন্তু চাইবাৰ ক্রাইম বিভাগে পৰিধি শৰ্মাৰ আঁৰৰ ব্যক্তিজনক উন্মোচন কৰাৰ পাছত ব্যক্তিজনৰ আন কেতবোৰ ডিজিটেল অপৰাধৰ ঘটনাও পোহৰলৈ আহিছিল। শেহতীয়াকৈ এ আইৰ ব্যাপক ব্যৱহাৰে ডিজিটেল অপৰাধক এক নতুন স্তৰ দিয়া পৰিলক্ষিত হৈছে। এ আইৰ ব্যৱহাৰেৰে এগৰাকী সঁচা যুৱতীৰ নাম লৈ উক্ত চৰিত্ৰক পর্ণ উদ্যোগৰ চেলিব্রিটি সজোৱা এটা গুৰুতৰ অপৰাধে সৰ্বত্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত এ আইৰ ব্যৱহাৰ আৰু ইয়াৰ দ্বাৰা হ'ব পৰা অপৰাধী মানসিকতা কি পর্যায়লৈ যাব পাৰে, তাৰ ভয়ংকৰ ইংগিত দিছিল। ডিজিটেল পৃথিৱীক এৰাই চলিব নোৱাৰি। শেহতীয়াকৈ দেশৰ শক্তিকেন্দ্ৰিক সংকটৰ ক্ষণত খোদ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েই অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। তেনেস্থলত শিশু-কিশোৰৰ হাততো ম'বাইল, লেপটপ তুলি দিয়াৰ বাহিৰে অন্য উপায় নাই অভিভাৱকৰ। 

আনহাতে, এ আইৰ সহজলভ্যতাৰে এতিয়া জধে-মধে মানুহে গান বনোৱা, সাহিত্য কর্ম কৰা, অনুবাদ কৰা আদি সৃষ্টিশীল কামবোৰ কৰাৰ ফলত সাহিত্য-সংগীত জগতখনলৈ ভাবুকি অহাই নহয়, মানুহৰ মন-মগজুৰ পৰা সৃষ্টিশীলতা ধ্বংস কৰাৰ উপৰি প্ৰৱঞ্চনা, কুম্ভিলক বৃত্তি (plagiarism)ৰ দৰে ডিজিটেল অপৰাধো ব্যাপক হাৰত সংঘটিত হ'ব ধৰিছে। 

ডিজিটেল পৃথিৱীত মুখ্যমন্ত্রীক সামাজিক মাধ্যমত কটু সমালোচনা কৰাৰ বাবে প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ খবৰ পোৱা গৈছে। কিন্তু এ আইৰ সহায়তেই হওক বা অন্য উপায়েৰেই হওক, সামাজিক মাধ্যমত জাত-পাত, ধর্ম অথবা ব্যক্তিকেন্দ্রিক যুঁজত যি অসাংবিধানিক আৰু অশ্লীল আক্রমণেৰে বিহ ঢালি অহা হৈছে, সেই ক্ষেত্রতো প্রশাসন কঠোৰ হোৱাটো জৰুৰী হৈ পৰিছে। কাৰণ এতিয়াৰ প্ৰজন্মই ডিজিটেল পৃথিৱীত বাস কৰে, গতিকে আসক্তি আৰু প্রয়োজন দুয়োটাই এটা আনটোৰ লগত সংলগ্ন হৈ পৰিছে, যাক নস্যাৎ কৰিব নোৱাৰি। কিন্তু ভাল কামৰ বিপৰীতে অশুভ কৰ্মৰ প্ৰতি বেছি আকৃষ্ট হয় মানুহ জাতি। যাৰ ফলত ভাল কামৰ সলনি ডিজিটেল এপ্লিকেশানসমূহেৰে সৃষ্টি কৰিবলৈ লৈছে ভয়াৱহ ডিজিটেল অপৰাধ। ডিজিটেলাইজেশ্যন বা এ আইৰ ব্যৱহাৰ সীমাবদ্ধ নহ'লে এই অপৰাধে ভয়ানক ভৱিষ্যৎ যে কঢ়িয়াই আনিব সেয়া নিশ্চিত।

Share This