ঈশ্বৰপুত্ৰৰ সপোন সাকাৰ

dainik janambhumi November 01, 2025

ডিজিটেল ডেস্ক : 'ৰৈ ৰৈ বিনালে'। অসমত এই মুহূর্তত আকাশে-বতাহে বিয়পি থকা এটা গুণগুণনি। কি শিশু, কি বৃদ্ধ সকলোৰে মুখত যেন এই একেই শব্দৰ গুঞ্জন। সমগ্র অসমীয়া জাতিক ধন্য কৰি থৈ যোৱা ঈশ্ববপুত্র জুবিন গাৰ্গৰ সপোনৰ এখন ছবিৰ নাম 'ৰৈ ৰৈ বিনালে'। যি সপোন শিল্পীগৰাকীয়ে অতদিনে লালন কৰিছিল, যি সপোনক লৈ দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল, যি সপোনেৰে শিল্পীগৰাকীয়ে অসমীয়া চলচ্চিত্র উদ্যোগক আগুৱাই নিয়াৰ কথা ভাবিছিল তাৰেই নাম 'ৰৈ ৰৈ বিনালে'। এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ হিচাপে আত্মপ্রকাশ কৰি অকল্পনীয় খ্যাতি লাভ কৰিলেও তেওঁ কিন্তু নিজৰ নাম, যশ, কেৰিয়াৰক লৈ চিন্তা কৰা নাছিল। ঐতিহ্যমণ্ডিত অসমীয়া চলচ্চিত্র উদ্যোগটোৰ ভৱিষ্যতক লৈ তেওঁ অতি বেছি চিন্তিত আছিল। অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া ইতিহাস আৰু নব্বৈৰ দশকৰ পৰা এই উদ্যোগটোৰ যি এক দুখ লগা অৱস্থা হৈছিল তাক লৈ হয়তো তেওঁৰ অন্তৰআত্মাই উচুপি উঠিছিল। সঁচাকৈয়ে প্রতিগৰাকী অসমীয়াই গৌৰৱ কৰিবলগীয়া অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি যাত্রা। 

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৰঘৰ জাতিষ্কাৰ কৰি প্ৰথমখন ভাৰতীয় সবাক ছবি মুক্তিৰ মাত্ৰ চাৰি বছৰ পাছতেই চিত্রগৃহলৈ আহিছিল জ্যোতিৰ সপোনৰ 'জয়মতী'। সেয়া আছিল ১৯৩৫ চনৰ ১০ মার্চ। উক্ত দিনটোতেই বিশ্বৰ চলচ্চিত্র মানচিত্রত সংযোজিত হৈছিল এটা নতুন নাম- 'জয়মতী'। ছবিখন নিৰ্মাণৰ সিদ্ধান্ত আছিল দুঃসাহসিক। কোনোধৰণৰ সুবিধা নথকা অসমৰ দৰে এখন ৰাজ্যত কেৱল জার্মানিত আহৰণ কৰা চলচ্চিত্র সম্বন্ধীয় জ্ঞানকে মূলধন হিচাপে লৈ 'জয়মতী' নির্মাণৰ বাবে আগবাঢ়িছিল জ্যোতিপ্রসাদ আগৰৱালা। জ্যোতিপ্রসাদে 'জয়মতী' নিৰ্মাণৰ সপোন দেখিছিল আৰু সেয়া বাস্তৱায়িত কৰিছিল। ইয়াৰ বাবে তেওঁ কলকাতাৰ কোনো ষ্টুডিঅ''লৈ যোৱাৰ সিদ্ধান্ত ন'লৈ অসমতে ফিল্ম ষ্টুডিঅ'' গঢ়াৰ দুঃসাহস কৰিছিল। আৰু এই চেষ্টাত তেওঁ সফলকাম হোৱাৰ লগে লগে আৰম্ভ হৈছিল অসমীয়া চলচ্চিত্ৰৰ সোণালী যাত্রা। কিন্তু এই যাত্ৰাৰ পথ মসৃণ নাছিল। কণ্টকাকীর্ণ পথেৰে এচাম সংস্কৃতিৰ পূজাৰীয়ে আগবঢ়াই নিছিল জ্যোতিপ্রসাদে আৰম্ভ কৰা ছবি নির্মাণৰ ধাৰা। ১৯৮০ৰ দশকলৈকে এই যাত্রা এক নির্দিষ্ট গতিৰে আগবাঢ়ি গৈছিল আৰু নির্মিত চিনেমাবিলাকে জনজীৱনত পেলাইছিল যথেষ্ট প্রভাৱ। কিন্তু হিন্দী ছবিৰ আগ্রাসনত অসমীয়া ছবিৰ অৱস্থা প্রায় মৃতপ্রায় হোৱাৰ দিশে গতি কৰিবলৈ ধৰে। অসমতে এলাগী হৈ পৰিবলৈ লয় অসমীয়া চিনেমা। ফলত চিত্রগৃহত অসমীয়া ছবি মুক্তি দিব নোৱৰাৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল। হিন্দী লবীৰ দপদপনিত অসমীয়া ছবিৰ প্ৰযোজকসকল পিছ হোঁহকি আহিবলগীয়া হৈছিল। তেনে এক অৱস্থাৰ পৰা অসমীয়া ছবি উদ্যোগক আজিৰ অৱস্থাত উপনীত কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদান অতুলনীয়। নিজৰ জাতি-মাটিক মনে-প্রাণে ভাল পোৱা শিল্পীগৰাকীয়ে সেয়ে গান গোৱাৰ সমান্তৰালভাৱে ছবি বনোৱা, অভিনয় কৰাত আগ-ভাগ লৈছিল। 

২০০০ চনৰ ২৫ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ পৰিচালিত আৰু অভিনীত প্রথমখন ছবি 'তুমি মোৰ মাথোঁ মোৰ' মুক্তিলাভ কৰিছিল। জুবিন গাৰ্গ পৰিচালিত দ্বিতীয়খন ছবি 'মিছন চাইনা'ৰ মুক্তিৰ দিন আছিল ২০১৭ চনৰ ৮ ছেপ্টেম্বৰ। ইয়াৰ দুবছৰ পাছত অর্থাৎ ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত জুবিন গাৰ্গ পৰিচালিত তৃতীয়খন ছবি 'কাঞ্চনজংঘা'ই মুক্তি লাভ কৰিছিল। ইয়াৰ মাজতে বহুকেইখন ছবিত অভিনয়ৰ উপৰি সংগীতৰ কাম কৰাৰ লগতে গানো গাইছিল জুবিন গার্গে। জুবিন গাৰ্গ আৰু অসমীয়া চিনেমা যেন এটা আনটোৰ এটা অভিন্ন অংগস্বৰূপ হৈ পৰিছিল। জুবিনক বাদ দি যেন কল্পনাই কৰিব নোৱাৰি অসমীয়া ছবিৰ কথা। অসমীয়া চলচ্চিত্ৰৰ উত্থানৰ আঁৰৰ প্ৰধান কাৰক জুবিন গাৰ্গ বুলি ক'লে হয়তো অত্যুক্তি কৰা নহ'ব। এইগৰাকী শিল্পীৰ প্রতিটো সৃষ্টিয়ে প্রতিগৰাকী অসমীয়াক আলোড়িত কৰি আহিছে। যাৰ বাবে তেওঁৰ কামক লৈ আকুল অপেক্ষা আছিল জনতাৰ। শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰায় ডেৰ মাহ পাছতো ৰাজ্যজুৰি অনুৰাগীয়ে তেওঁ নোহোৱাৰ কথা মানি ল'ব পৰা নাই। এক বিশাল শূন্যতা বিৰাজ কৰিছে ৰাজ্যখনত। তেওঁ যেন পুনৰ উভতি আহিব। সেয়ে শিল্পীগৰাকীৰ জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ক লৈ আজি এক অভূতপূর্ব পৰিৱেশ। অসম মুলুকত নোহোৱা- নোপোজা ঘটনাৰ সাক্ষী হ'ল ৰাজ্যবাসী। গুৱাহাটীৰ বেলতলাৰ মেট্রিক্স ছবিগৃহত সর্বপ্রথম পুৱা ৪ বাজি ২৫ মিনিটত 'ৰৈ ৰৈ বিনালে'ব প্রথমটো দর্শনী আজি প্রত্যক্ষ কৰিলে ৰাইজে। একেদৰে ধেমাজিৰ আৰ আৰ চিনেমা হলত পুৱা ৪ বাজি ৪৫ মিনিটত মুক্তি পালে 'ৰৈ ৰৈ বিনালে'। ই সঁচাকৈয়ে এটা বিৰল ঘটনা। মাজৰাতি শোৱাপাটীৰ পৰা উঠি ছবিগৃহলৈ লানি নিছিগা সোঁত বোৱা এনে ঘটনা বিশ্বতে প্রথম হ'ব চাগে। প্রতিটো চিনেমা হলতে এখনেই চিনেমাৰ প্ৰদৰ্শন হৈছে। অসমত এদিনতে ৬০০টা দর্শনী। এটা চিনেমা হলে ৬ মাহ কেবল 'ৰৈ ৰৈ বিনালে' প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে। অভূতপূর্ব! অবিশ্বাস্য! 'ৰৈ ৰৈ বিনালে'ৰ বাদে আন কোনো চিনেমা প্রদর্শন হোৱা নাই ৰাজ্যৰ ছবিগৃহত। ৬ নৱেম্বৰ পর্যন্ত অসমৰ প্রতিটো চিনেমা হলত কোনো এটা দর্শনীতে 'ৰৈ ৰৈ বিনালে'ৰ টিকট পাবলৈ নাই, নাই বেলেগ চিনেমাৰ বাবে কোনো 'স্পেচ'। 'ROI ROI Binale. মোৰ নতুন Cinema. চাবলৈ আহিবা' বুলি শিল্পীগৰাকীয়ে নিজ হাতেৰে লিখি থৈ যোৱা আমন্ত্রণক নেওচা দিব পাৰে জানো জনতাই? হয়তো এয়াই বিচাৰিছিল শিল্পীগৰাকীয়ে। অসমীয়া ছবি চাবলৈ ছবিঘৰলৈ দর্শকে মাৰবান্ধি আহক, অসমীয়া ছবি ব্যাৱসায়িকভাৱে লাভান্বিত হওক, বাহিৰৰ ছবিৰ ভিৰত অসমীয়া ছবি হেৰাই নাযাওক, ছবিগৃহৰ মালিকে আন ভাষাৰ ছবিৰ বিপৰীতে অসমীয়া ছবিৰ বাবে বিনাদ্বিধাই 'স্পেচ' এৰি দিয়ক-জুবিন গাৰ্গৰ এনেবোৰ চিন্তা আজি সঁচা হ'ল। ছবি নচলাৰ বাবে বন্ধ কৰি দিয়া চিত্রগৃহ আজি পুনৰ মুকলি হোৱা ঘটনাই জুবিনৰ সপোন সাকাৰ হোৱাটোকেই প্রমাণ কৰিলে। সঁচা অৰ্থত জুবিন জয়ী হ'ল। জুবিন গার্গে মোকলাই থৈ যোৱা এই জয়যাত্ৰাৰ বাট করুদ্ধ যাতে হ'ব নোৱাৰে তাৰ বাবে শিল্পীগৰাকীৰ আদৰ্শক সাৰোগত কৰি প্রত্যেকেই কাম কৰি যাব লাগিব। অসমীয়া ছবিৰ উত্তৰণক লৈ শিল্পীগৰাকীৰ আশা-আকাংক্ষাক অনাগত সময়ত আগুৱাই লৈ যোৱাৰ গুৰু দায়িত্ব উত্তৰ প্ৰজন্মৰ। জুবিন গাৰ্গক তেওঁৰ সপোনবোৰ সাকাৰ কৰি আমি আজীৱন জীয়াই ৰাখিব লাগিব।

Share This