আজিৰ সম্পাদকীয়, ই ভি

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক: যোৱা ১০ মে'ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পেট্রল তথা ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ দেশবাসীক আহ্বান জনাইছে। মধ্যপ্রাচ্যৰ যুদ্ধই পেলোৱা প্ৰভাৱৰ বিষয়ে মন্তব্য দি তেওঁ কৈছিল- 'বর্তমান সময়ত পেট্রল আৰু ডিজেলৰ ব্যৱহাৰ হ্রাস কৰিব লাগিব। 

চুবুৰীয়া দেশত চলি থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে পেট্রল আৰু ডিজেলৰ দাম কেইবাগুণেও বৃদ্ধি পাইছে।' দৰাচলতে কেৱল যুদ্ধই আনি দিয়া সাম্প্রতিক সংকট বুলিয়েই নহয়, দীর্ঘদিনৰ পৰাই খনিজ-ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰা প্ৰসংগত দেশত ব্যাপক চিন্তা-চর্চা চলিয়েই আছে। ইন্ধনৰ নাটনি, মূল্যবৃদ্ধি, ইন্ধনৰ পৰা হোৱা প্ৰদূষণকে ধৰি একাধিক কাৰণত বাহন চলাবৰ বাবে ইন্ধনৰ বিকল্পৰ সন্ধান চলি আছে। আৰু এনেবোৰ প্ৰসংগত এক শক্তিশালী বিকল্পৰূপে ইলেকট্রিক বাহন, চমুকৈ ই ভিয়ে আত্মপ্রকাশ কৰিছে।

ভাৰতবৰ্ষত বৈদ্যুতিক বাহনৰ উদ্যোগটোৱে বৰ্তমান দ্রুত বিকাশ লাভ কৰিছে। ২০২৬ চনৰ শেহতীয়া তথ্য অনুসৰি, দেশৰ পৰিবহণ ব্যৱস্থাত ইন্ধনচালিত বাহনৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বৈদ্যুতিক বাহনৰ প্রাধান্য বৃদ্ধি পাইছে। এই বছৰৰ জানুৱাৰীৰ পৰা এপ্রিল মাহৰ ভিতৰত বৈদ্যুতিক বাহনৰ বিক্ৰী ৭০ শতাংশ বৃদ্ধি পাইছে, যিটো বিশেষভাবে লক্ষণীয়। 

ভাৰত চৰকাৰেও ২০৩০ চনৰ ভিতৰত দেশৰ মুঠ বাহনৰ ৩০ শতাংশ বৈদ্যুতিক কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই লক্ষ্যৰ আধাৰত চৰকাৰে ইতিমধ্যে ১০,৯০০ কোটি টকাৰ ব্যয়েৰে পি এম ই ড্রাইভ শীর্ষক এখন নতুন আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে বাহনৰ ওপৰত ৰাজসাহায্য আগবঢ়োৱা হৈছে। এইক্ষেত্ৰত দুচকীয়া বাহনৰ বাবে ১০,০০০ৰ পৰা ২৫,০০০ টকা পর্যন্ত আৰু চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত (২৫ লাখ টকাতকৈ কম মূল্যৰ) ১.৫ লাখ টকা পর্যন্ত ৰাজসাহায্য লাভ কৰিব পাৰি। আনহাতে, ইন্ধনচালিত বাহনৰ তুলনাত বৈদ্যুতিক বাহনৰ মাত্র ৫ শতাংশ জি এছ টি ধাৰ্য কৰি এইধৰণৰ বাহন ক্ৰয় কৰিবলৈ ক্রেতাক উৎসাহিত কৰা হৈছে।

ইলেক্‌ট্রনিক বাহনৰ প্রধান সুবিধা হ'ল ই বায়ু আৰু শব্দ প্রদূষণ- দুয়োটাই নকৰে। সাম্প্ৰতিক সময়ত বিশ্বজুৰি ই ভি জনপ্রিয় হোৱাৰ ই এটা প্ৰধান কাৰণ। তদুপৰি পেট্রল বা ডিজেলৰ তুলনাত এই বাহন চলাবলৈ খৰচ হয় অতি কম। (তথ্য মতে প্রতি কিল'মিটাৰত খৰচ প্রায় ১-১.৫ টকাহে মাথোঁ)। সেইদৰে ইন্ধনচালিত বাহনৰ তুলনাত ইয়াৰ যন্ত্রাংশ যিহেতু কম থাকে, সেয়ে মেৰামতিৰ খৰচো কম।

কিন্তু গ্রাহক/ক্রেতাৰ বাবে এইধৰণৰ বাহনৰ কিছু অসুবিধাও আছে। প্রথম, ইন্ধনচালিত বাহনৰ তুলনাত ই ভি বাহনৰ দাম এতিয়াও কিছু বেছি। সেইদৰে ই ভি বাহনৰ মূল সম্পদ ইয়াৰ বেটাৰিটো সলনি কৰাৰ খৰচ যথেষ্ট বেছি আৰু ইয়াৰ বাবত একেলগে ভালেখিনি ধন পৰিশোধ কৰিবলগীয়া হোৱা কথাটোৱে গ্রাহকক ই ভিৰ পৰা কিছু আঁতৰাই ৰাখিছে। কিন্তু এইকেইটা অসুবিধাৰ উপৰি যিটো অসুবিধা ই ভিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্রধান প্রত্যাহ্বানৰূপে থিয় দি আছে সেয়া হ'ল 'ৰেঞ্জ এনজাইটি', অর্থাৎ বাহনখন এবাৰ চার্জ দিলে কিমান দূৰ যাব আৰু মাজ পথত চার্জিং ষ্টেছন পোৱা যাব নে নাই, বা পালেও চার্জ দিওঁতে বহুত বেছি সময় লাগিব নেকি- আদি চিন্তা গ্রাহকৰ মনত এতিয়াও বেছ সবল। 

অৱশ্যে গ্রাহক ৰাইজৰ এই শংকা হ্রাস কৰিবলৈ চৰকাৰেও দ্রুত পদক্ষেপ লৈছে। শেহতীয়াকৈ বাতৰি প্রকাশ হৈছে কেন্দ্ৰীয় চৰকাৰে ইলেক্‌ট্রনিক বাহনৰ ব্যৱহাৰত উৎসাহ যোগোৱাৰ বাবে প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত বিশেষ পদক্ষেপ গ্রহণ কৰিছে। সেইমৰ্মে দেশৰ উদ্যোগ মন্ত্ৰ্যালয়ে সমগ্র দেশতে ৪,৮৭৪টা নতুন চার্জিং ষ্টেছন স্থাপন কৰিব। ইয়াৰ বাবে মন্ত্ৰ্যালয়ে ৫০৩.৮৬ কোটি টকা মজুত কৰিছে। ইয়াৰ যোগেদি কেন্দ্রীয় চৰকাৰে দেশত ইলেক্‌ট্রিক বাহনৰ চাৰ্জিঙৰ এক শক্তিশালী নেটৱৰ্ক গঢ়িব খুজিছে। বর্তমান বিশ্বত জলবায়ু পৰিৱৰ্তন আৰু ক্রমাগতভাৱে দ্রুতগতিত বৃদ্ধি পোৱা

প্ৰদূষণ এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ পৰিবহণ খণ্ডত ই ভিৰ আগমনে এক আমূল পৰিৱৰ্তনৰ সম্ভাৱনা বহন কৰি আনিছে। ভাৰতৰ দৰে এখন দ্রুত উন্নয়নশীল দেশৰ বাবে ইলেকট্রিক বাহন এতিয়া কেৱল এক বিকল্পই নহয়, বৰঞ্চ এক প্রয়োজন যেন হৈ পৰিছে। 'নেট জিৰো' কাৰ্বন নির্গমনকাৰী দেশৰূপে নিজকে গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ যি সংকল্প, সেই সংকল্প ই ভিয়ে যে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সেয়া খাটাং। সেই দিশৰ পৰা ভাৰতবৰ্ষত ই বাহনৰ ভৱিষ্যতো উজ্জ্বল। 

ইতিমধ্যে টাটা মটৰ্ছ, মহিন্দ্ৰা, অ'লাৰ দৰে দেশীয় কোম্পানীসমূহে এইক্ষেত্রত অগ্রণী ভূমিকা লৈ বজাৰ দখলৰ চেষ্টাত নামি পৰিছে। চৰকাৰেও চার্জিং আন্তঃগাঁথনিত গুৰুত্ব দি ব্যক্তিগত খণ্ডক উৎসাহিত কৰিলে ই-বাহনে নিঃসন্দেহে কঢ়িয়াই আনিব এক সেউজ, প্ৰদূষণমুক্ত ভৱিষ্যতৰ সপোন। একেদৰে ইন্ধনৰ বৰ্ধিত মূল্যৰ সৈতে যুঁজি থকাৰ যাতনাৰ পৰাও ৰাইজে পাব মুক্তি। চৰকাৰৰ সদিচ্ছা আৰু জনসাধাৰণৰ সজাগতাৰ যৌথ মিলনত ভাৰত হয়তো সোনকালেই হ'ব বিশ্বৰ ই-বাহনৰ অন্যতম 'হাব'।

Share This