আজিৰ সম্পাদকীয়, ইডি: অভিযোগ আৰু দোষী সাব্যস্ত

dainik janambhumi May 15, 2026

ডিজিটেল ডেস্ক: আইন বলৱৎকাৰী সঞ্চালকালয় বা চমুকৈ ই ডি বর্তমান সময়ত প্রায় দৈনন্দিন প্ৰচাৰিত এটা নাম। ইয়াৰ কাৰণ হৈছে সংস্থাটোৰ তৎপৰতা। তথ্য মতে প্রধানমন্ত্রী মোদী চৰকাৰৰ দিনত ২০১৪-২০২৪ চনলৈ পূৰ্বৰ ইউ পি এ চৰকাৰৰ দশকততৈ (২০০৪-২০১৪) ইডিৰ তালাচী অভিযান ৮৪ গুণ বৃদ্ধি পাইছে। 

২০০৪ৰ পৰা ২০১৪ চনলৈ আইন বলৱৎকাৰী সঞ্চালকালয়ে মুঠ তালাচী চলাইছিল ১১২টা। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ এই সংখ্যা বৃদ্ধি পালে ৭২৬৪টালৈ। তেনেদৰে ইউ পি এ চৰকাৰৰ উক্ত দশকতকৈ মোদী চৰকাৰৰ দশকটোত গ্ৰেপ্তাৰ আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমাণো বৃদ্ধি পালে। ২০০৪-২০১৪ চনলৈ ইডিয়ে গ্রেপ্তাৰ কৰিছিল ২৯জন লোকক আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমাণ আছিল ৫,০৮৬.৪৩ কোটি টকা। 

আনহাতে ২০১৪-২০২৪ দশকটোত গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা আছিল ৭৫৫জন আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমাণ আছিল ১,২১,৬১৮ কোটি টকা। গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পালে ২৬ গুণ আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমাণ বৃদ্ধি পালে ২৪ গুণ। ঠিক তেনেদৰে আদালতত অভিযোগনামা দাখিলৰ সংখ্যাও বৃদ্ধি পালে। ২০০৪-২০১৪ দশকটোত আদালতত আইন বলৱৎকাৰী সঞ্চালকালয়ে দাখিল কৰিছিল ১০২খন অভিযোগনামা, কিন্তু ২০১৪-২০২৪ দশকটোত এই সংখ্যা ১২ গুণ বৃদ্ধি পাই ১,২৮১ হ'লগৈ। তেনেদৰে ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইন, চমুকৈ পি এম এল এ-ৰ অধীনত যোৱাটো দশকত আইন বলৱৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা গোচৰৰ সংখ্যা আছিল ১,৮০০ টাতকৈ কম। কিন্তু ২০২৬ চনলৈ এই সংখ্যা বৃদ্ধি পালে ৫,১৬৬টালৈ।

মন কৰিবলগীয়া কথাটো হ'ল ২০১৪-২০২৪ দশকটোত ইমানবোৰ তালাচী, ইমানবোৰ গোচৰ আৰু ইমান সম্পত্তি বাজেয়াপ্তৰ পাছতো বিভিন্ন আদালতত থকা ৩৬টা গোচৰতহে ই ডিয়ে অভিযুক্তক দোষী সাব্যস্ত কৰাব পাৰিলে। আৰু ইয়াৰ ফলত ৬৩জন লোক দোষী সাব্যস্ত হ'ল। আনহাতে উক্ত দশকটোত ইডিৰ গোচৰৰ মুঠ ৭৩টা নিষ্পত্তি কৰা হ'ল।

শেহতীয়া তথ্য মতে ২০২৫-২৬ চনত আইন বলৱৎকাৰী সঞ্চালকালয়ে চলোৱা তালাচীয়ে সর্বকালৰ অভিলেখ গঢ়িলে। ই আছিল ইয়াৰ আগৰ বর্ষতকৈ প্রায় দুগুণ। তথ্য মতে ২০২৫-২০২৬ বর্ষত সংস্থাটোৱে অভিলেখসংখ্যক মুঠ ২,৮৯২টা তালাচী চলালে। ২০২৪-২০২৫ বর্ষত তালাচীৰ সংখ্যা আছিল ১,৪৯১টা। অৱশ্যে পূৰ্বৰ বছৰৰ ২১৪টাৰ পৰা গ্ৰেপ্তাৰৰ সংখ্যা ১৫৬লৈ হ্রাস পালে। আনহাতে ৰুজু হোৱা গোচৰৰ সংখ্যাও ২০২৫-২০২৬ বৰ্ষত পূৰ্বৰ বছৰতকৈ ৩৯ শতাংশ বৃদ্ধি পালে। ২০০২৪-২০২৫ বৰ্ষত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ৭৭৫টা। ২০২৫-২০২৬ বর্ষত এই সংখ্যা ১,০৮০টালৈ বৃদ্ধি পালে। সংস্থাটোৱে এই বর্ষত সম্পত্তি বাজেয়াপ্তত বেছি গুৰুত্ব দি ৮১,৪২২ কোটি টকা বাজেয়াপ্ত কৰিলে আৰু প্ৰৱঞ্চনাৰে দুৰ্বৃত্তই আহৰণ কৰা ৩২,০০০ কোটি টকা ধন পীড়িতক ঘূৰাই দিলে।

বিভিন্ন কেলেংকাৰি, গ্রাহকক প্ৰৱঞ্চনা, বেংক বিষয়ক জালিয়াতি, গেমিং আদিৰ দৰে গোচৰত তালাচী চলোৱা তথা তদন্ত কৰা ই ডিৰ সন্দৰ্ভত অৱশ্যে অভিযোগো আছে, বিশেষকৈ বিৰোধী দলসমূহৰ। বিভিন্ন ৰাজ্যৰ কেলেংকাৰিত আইন বলৱৎকাৰীৰ অভিযুক্তসমূহৰ ভিতৰত বিজেপি বিৰোধী নেতাৰ নাম অন্তর্ভুক্ত হোৱা তথা তেওঁলোকৰ ঘৰ-চৌহদত তালাচী, গ্ৰেপ্তাৰ আদিয়ে বিভিন্ন সময়ত প্রতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। তেনে গোচৰসমূহত দোষী সাব্যস্ত নজিৰ নিচেই সামান্য বাবেও সংস্থাটোৰ বিৰুদ্ধে বহু সময়ত সন্দেহৰ সৃষ্টি কৰে। বিৰোধী দলবোৰে অভিযোগ কৰে যে কেন্দ্রীয় এই সংস্থাটো বিজেপি চৰকাৰে বিৰোধী নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। এনে অভিযোগ খণ্ডনৰ উপায় হৈছে আদালতত অভিযুক্তসকলক দোষী সাব্যস্ত কৰা তথা দোষী সাব্যস্তৰ সংখ্যা বৃদ্ধি কৰা। কিন্তু মে' মাহৰ প্ৰথম সপ্তাহত প্রকাশ পোৱা এটা বাতৰি মতে ২০০৫-২০০৬ চনৰ পৰা ২০২৫-২০২৬ চনলৈ আইন বলৱৎকাৰী সঞ্চালকালয়ে দাখিল কৰা ২,৩৯৬খন অভিযোগনামাৰ ভিতৰত মাত্র ৫৬জনক দোষী সাব্যস্ত কৰা হৈছে। অর্থাৎ দোষী সাব্যস্তৰ হাৰ হৈছে মাত্র ২.৩৩ শতাংশ।

Share This