ডিজিটেল ডেস্কঃ পোহৰৰ উৎসৱ আৰু মৃৎশিল্প প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱাৰ বেদনাত দগ্ধ এতিয়া সমগ্ৰ ৰাজ্যবাসী। ৰাজ্যৰ প্রতিটো অলিয়ে-গলিয়ে এতিয়া জুবিন গাৰ্গৰ ন্যায়প্রাপ্তিৰ বিষয়ক লৈ চর্চা। মানুহে এই বিষয়টোৰ পৰা নিজকে আঁতৰাই আনিব পৰা নাই। কাৰো ক'তো যেন মন নবহা এক অৱস্থা।
যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ শাৰদীয় দুর্গোৎসৱ, লক্ষ্মী পূজা অসমবাসীয়ে ৰং-ৰহইচহীনভাবেই উদ্যাপন কৰিলে। কেৱল ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতি ৰক্ষা কৰি পালন কৰা দুর্গা পূজাৰ মণ্ডপত নাছিল কোনো জাকজমকতা, সাংস্কৃতিক অনুষ্ঠান। মুঠতে সম্পূর্ণ অনাড়ম্বৰভাৱে উদ্যাপিত হ'ল এইবেলি শাৰদীয় দুর্গা পূজা। দুর্গা পূজাৰ দৰে একেদৰেই এইবেলি উদ্যাপিত হ'ব পোহৰৰ উৎসৱ দীপাবলীও। প্রতিবছৰে লক্ষ্মী পূর্ণিমা তিথিৰ পাছৰ অমাবস্যাত সমগ্র দেশজুৰি পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হয়। শ্ৰীৰামচন্দ্ৰ বনবাসৰ পৰা নিজ ৰাজ্যলৈ ঘুৰি অহাৰ সময়ত প্রজাগণে আলোকসজ্জাৰে চৌদিশ আলোকিত কৰি উদ্যাপন কৰা দীপান্বিতা বা দীপাৱলী বুলি ক'লে এতিয়া আমাৰ মনলৈ অহা প্রথম কথাটোৱে হৈছে পোহৰ আৰু শব্দৰ কোলাহল। চাকি-বন্তি জ্বলাই, ব্যাপক হাৰত ফটকা-আতচবাজী ফুটাই আনন্দ-উল্লাসৰ মাজেৰে সকলোৱে দীপাৱলীৰ মাদকতা উপভোগ কৰে। যাৰ ফলত প্ৰদূষণে ছানি ধৰে আকাশ-বতাহ। বছৰি বায়ু প্ৰদূষণৰ ফলত লাখ লাখ লোক ৰোগাক্রান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে অগণিত জনতা। কাৰ্বন নির্গমন ৰোধ কৰিব নোৱৰাৰ বাবে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ভাৰতৰ কেইবাখনো মহানগৰে আজি বিশ্বৰ বহু ডাঙৰ ডাঙৰ মহানগৰক চেৰ পেলাবলৈ সক্ষম হৈছে। প্ৰতিবছৰে দেশৰ ৰাজধানী দিল্লীত দীপাৱলীৰ পাছতেই বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰে। বিশ্বৰ প্ৰদূষিত চহৰসমূহৰ শীৰ্ষস্থানত থকা নতুন দিল্লী-এন চি আৰ (ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ) ৰ বায়ু প্ৰদূষণৰ বাবে দীপাৱলীৰ পাছত ঘৰৰ ভিতৰতে মাস্ক পিন্ধিবলগীয়া অৱস্থা হয়। এক কথাত ৰাজধানী দিল্লীৰ বতাহত দীপাৱলী উদ্যাপনৰ পাছতে যেন বিষ বিয়পি পৰে। বিষাক্ত ধোঁৱাই সমগ্র দিল্লী ছানি ধৰাৰ ফলত হাঁওফাঁও আৰু অন্যান্য শ্বাস-প্রশ্বাসজনিত সমস্যাত ভোগাৰ আশংকা অধিক বৃদ্ধি হয়। বিদ্যালয় বন্ধৰ লগতে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়। প্রতিবছৰে দীপাৱলীৰ পাছতে এইধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। এইবেলি দীপাৱলীৰ পূৰ্বেই দিল্লীৰ বহু অঞ্চলত বায়ুৰ গুণগত মান সূচকাংক (এ কিউ আই) ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে। যাৰ ফলত দিল্লীত দীপাৱলীৰ পূৰ্বেই চৰকাৰে কৃত্ৰিম বৰষুণৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হাতত লৈছে। ফটকা-আতচবাজীৰ ওপৰত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা অমান্য কৰাৰ ফল এতিয়া সৰ্বস্তৰৰ জনতাই ভোগ কৰিব লগা হৈছে। কেবল দিল্লীয়েই নহয়, দীপাৱলীৰ পাছতে অসমতো প্রদূষণৰ মাত্রা হঠাৎ বৃদ্ধি পায়। বিশেষকৈ গুৱাহাটীবাসীয়ে দীপাৱলীৰ নামত ব্যাপক হাৰত ফটকা-আতচবাজী জ্বলোৱাৰ কু-ফল ভুগিবলগীয়া হয়। পোহৰৰ উৎসৱ দীপাৱলীত জ্বলোৱা আতচবাজীক ৰঙীন কৰি তোলা ৰাসায়নিক বিক্রিয়াই বায়ুমণ্ডললৈ বৃহৎ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্রজেন-ডাই-অক্সাইড আৰু কণা পদার্থও নির্গত কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্রা সাময়িকভাৱে বৃদ্ধি পায়। কণা পদার্থ (PM2.5 আৰু PM10) হাঁওফাঁওৰ গভীৰতালৈ সোমাই যায় আৰু তেজৰ সোঁতত প্ৰৱেশ কৰি শ্বাস-প্রশ্বাসৰ সমস্যা, হৃদপিণ্ডৰ সমস্যা, আনকি কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে। নাইট্রজেন-ডাই-অক্সাইড আৰু ছালফাৰ-ডাই-অক্সাইডৰ দৰে গেছে বিশেষকৈ শিশু আৰু বৃদ্ধৰ হাপানী আৰু ব্রংকাইটিছৰ দৰে ৰোগ অধিক ভয়াৱহ কৰি তুলিব পাৰে। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ পৰম্পৰাগত আতচবাজীৰ পৰিৱৰ্তে পৰিবেশ-বন্ধাত্বপূর্ণ ফটকা বাছি ল'লে নাইবা ক্ষতিকাৰক ৰাসায়নিক পদার্থ নির্গত নোহোৱা বন্ধুত্বপূর্ণ ফটকা বাছি ল'লে নাইবা ক্ষতিকাৰক ৰাসায়নিক পদার্থ নির্গত নোহোৱা চাকিৰ সৈতে উদ্যাপন কৰিলে পৰিৱেশৰো ক্ষতি নহয়, লগতে স্বাস্থ্যতো বিৰূপ প্ৰভাৱ নপৰে। কিন্তু বাস্তৱত সেয়া দেখা পোৱা পৰিলক্ষিত নহয়। অৱশ্যে এইবেলি শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে একাংশ দল-সংগঠনে ৰাইজক আতচবাজী ব্যৱহাৰৰ পৰিৱৰ্তে পোহৰেৰে দীপাবলী উদ্যাপনৰ আহ্বান জনাইছে। সেয়ে আতচবাজীৰ পৰিৱৰ্তে নানাৰঙী বৈদ্যুতিক লাইট, চাকিৰে ভৰি পৰিছে দীপাৱলীৰ বজাৰ। ইয়াৰ ফলত থলুৱা মৃৎ শিল্পীসকল বহু পৰিমাণে লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। চীনা সামগ্ৰীৰে ভৰি পৰা বজাৰত থলুৱা চাকি আগবঢ়াই দিবলৈ পৰম্পৰা অক্ষুণ্ণ ৰাখি ছমৰীয়া, পশ্চিম নলবাৰীৰ বুঢ়াদিয়া নৈৰ সমীপৰ কুলবিল হীৰাপাৰাৰ মৃৎ শিল্পীসকল, বেজেৰাৰ সমীপৰ খেহেনীপাৰাৰ কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে। এইদৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত মাটিৰ চাকি প্ৰস্তুতৰ কাম পূৰ্ণ গতিত চলাৰ মাজতে এটা অতি ভাল খবৰ হৈছে যে গোৱালপাৰাৰ এখন গাঁৱৰ ৰাইজে দুই কোটি টকাৰ মাটিৰ চাকি ৰপ্তানি কৰিছে। ১৫নং দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলীতোলাৰ সমীপৱৰ্তী পালপাৰা দোমনাপাৰাৰ প্ৰায় দুশটা পৰিয়ালে এক উল্লেখনীয় কৃতিত্ব অৰ্জন কৰিছে। প্রকাশিত বাতৰি অনুসৰি পালপাৰা গাঁওখনৰ এটা পৰিয়ালে এক লাখৰ পৰা দুই তিনি লাখলৈ বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে। এইবেলি গাঁওখনৰ পৰা প্ৰায় দুই কোটি টকাৰ মাটিৰ চাকি ৰপ্তানি কৰা বিষয়টো থলুৱা শিল্পীসকলৰ বাবে এক বৃহৎ সাফল্যৰ কথা। নিজ হাতেৰে প্ৰস্তুত কৰা এই চাকিৰে আনৰ পদুলি পোহৰ কৰা এইসকল থলুৱা শিল্পীৰ প্ৰতি ৰজাঘৰীয়াই চকু দিবৰ সময় হ'ল। বৰপেটাৰ আতচবাজী উদ্যোগটোৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি মুখ্যমন্ত্ৰীয়ে আতচবাজী জ্বলোৱাৰ বাবে জনোৱা আহ্বানৰ লগতে যদিহে এই মৃৎশিল্পীসকলৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চীনা বৈদ্যুতিক চাকি আমদানিত নিষেধাজ্ঞা আৰোপ কৰে তেতিয়াহ'লে থলুৱা শিল্পীসকলেই লাভান্বিত নহয়, ৰাজ্যৰ অৰ্থনীতিতো ই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।