আজিৰ সম্পাদকীয়, আলোকবর্তিকা

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক: পুৰাতন সময়ৰ যিকোনো লিখিত মাধ্যমৰ পৰা ক্রমবিৱর্তন হৈ বর্তমান সময়ত উপনীত হোৱা ছপা মাধ্যমটোৱে আচলতে একোটা জাতিৰ ইতিহাসক প্রতিনিধিত্ব কৰে। জাতি এটাৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ ইতিহাস প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ সেতুখনেই ছপা মাধ্যম। 

হয়তো এই যুগসূত্ৰৰ বাবেই ছপা মাধ্যম সন্মানীয় হিচাপে বিবেচিত হৈ আহিছে। পিছে ছপা মাধ্যমৰ বৃহৎ উদ্যোগ হিচাপে পৰিগণিত তথা সন্মানিত বুলি বিবেচিত হৈ অহা বাতৰিকাকত উদ্যোগটোৰ বৰ্তমান স্থিতিক লৈ বিতৰ্কৰ সূত্রপাত হৈ আহিছে। ডিজিটেল মাধ্যম আৰু ইণ্টাৰনেটৰ আগ্রাসনত ক্ৰমশ বাতৰি কাকতৰ চাহিদা হ্রাস পাই আহিছে। যদিও বিশ্বায়ন যুগত এয়া সাধাৰণ কথা, তৎসত্ত্বেও বর্ণিল ইতিহাস গৰকি অহা বাতৰিকাকতৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা অমূলক নহয়। এনে সময়তে উত্তৰ প্ৰদেশ আৰু ৰাজস্থান চৰকাৰে কৰা দুটা ঘোষণাই এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইলেক্ট্রনিক মিডিয়াৰ পৰা ডিজিটেল মিডিয়ালৈকে আগ্রাসী কব্জাত বাতৰি প্ৰচাৰ বা যোগান ধৰাটো এটা তেনেই উজু কাৰবাৰ হৈ পৰিছে যদিও এখন বাতৰি কাকতে খবৰৰ লগতে যোগান ধৰা অন্য বৌদ্ধিক চিন্তা গ্ৰহণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অনীহা চিন্তা কৰিবলগীয়া বিষয়।

বাতৰিকাকতৰ ইতিহাস অতি প্রাচীন। চীন, ৰোম সাৰু গ্ৰীচৰ চৰকাৰী ঘোষণাপত্র আৰু ৰাজআজ্ঞাৰ পৰা আৰম্ভ হোৱা এই ইতিহাস খ্রীষ্টপূর্ব ছয় শতিকাতেই সূচনা হৈছিল বুলিব পাৰি। পৰৱৰ্তী সময়ত ইউৰোপত ছপা কলাৰ আৱিষ্কাৰে সংবাদ প্ৰচাৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিলে।

ভাৰতত আধুনিক বাতৰিকাকতৰ আৰম্ভণি ১৭৮০ চনত কলকাতাত ইংৰাজী ভাষাত প্রকাশিত 'বেংগল গেজেট'ৰে হয়। অসমত বাতৰি কাকতৰ ইতিহাস প্রায় দুশবছৰীয়া হ'বৰ হ'ল। অসমত ১৮৪৬ চনৰ ২৯ জুলাইৰ পৰা অৰুনোদইৰ জৰিয়তে আৰম্ভ হোৱা বাতৰি কাকতৰ স্বর্ণিল যাত্রা লেখত ল'বলগীয়া। 

ব্যাপ্তিষ্ট মিছনেৰীসকলে আৰম্ভ কৰিলেও পৰৱৰ্তী পৰ্যায়ত মাহেকীয়া, সাপ্তাহিক আৰু দৈনিক কাকতেৰে গজগজীয়া হৈ পৰিছিল বাতৰি কাকতৰ উদ্যোগটো। কিন্তু অৰুণোদইৰ পৰা আৰম্ভহোৱা বাতৰি কাকতৰ স্বর্ণিল যাত্ৰাত এতিয়া যেন চন্দপতন হ'বলৈ ধৰিছে। কভিড মহামাৰীয়ে মষিমূৰ কৰিব খোজা বাতৰি কাকত উদ্যোগটো কেইটামান বিশেষ কাকতগোষ্ঠীয়ে কষ্টেৰে জীয়াই ৰখাৰ বিপৰীতে পঢ়ুৱৈৰ অভাৱত ক্রমশঃ কাকত বিক্রেতাই মূৰে-কপালে হাত দিবলগীয়া হৈছে। নব্বৈৰ দশকত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰা কেইবাখনো বিনোদনধর্মী আলোচনীৰ প্ৰকাশ ইতিমধ্যে বন্ধ হৈ গৈছে। কভিড মহামাৰীৰ অচিলা লৈ ছপা বহু কাকত বন্ধ হৈ যোৱাৰ উপৰি কিছুমানৰ কেৱল অনলাইন সংস্কৰণটোহে মুকলি হৈ আছে। ডিজিটেল পৃথিৱীৰ বাসিন্দা হোৱাৰ সুবাদত ছপা কাকত পঢ়া পঢ়ুৱৈৰ সংখ্যা নগণ্য হৈ পৰাৰ উপৰি কাকতত প্রকাশিত বৌদ্ধিক চিন্তাজড়িত লেখাৰ বিপৰীতে সস্তীয়া ৰং-ৰহইচ অথবা মনোৰঞ্জনমূলক টিভিৰ অনুষ্ঠানৰ প্ৰতিহে নতুন প্রজন্ম আকর্ষিত হোৱা দেখা গৈছে। আনকি সাম্প্ৰতিক পৰিক্ৰমা অথবা সাধাৰণ জ্ঞানৰ বাবে সততে ম'বাইল ফ'নত গুগলত ছাৰ্চ কৰাৰ অভ্যাস গঢ়ি তোলা নৱ প্ৰজন্মক এগৰাকী সুপাঠক হোৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰিছে অতি সহজলভ্য হৈ পৰা ইণ্টাৰনেটেও। 

মাতৃভাষাটো বিপদাপন্ন হোৱাৰ সমান্তৰালকৈ অধ্যয়নৰ প্ৰতি স্পৃহা নথকা ধৈর্যহীন এটা প্ৰজন্মৰ সৃষ্টি হৈছে এনেবোৰ কাৰণতেই। এখন বাতৰি কাকতত কেবল একোটা বাতৰিয়েই নাথাকে , কাকত এখনত চিন্তাশীল, মনোৰঞ্জনমূলক সকলো বিধৰ লেখাৰ লগতে জড়িত হৈ থাকে এজন পঢ়ুৱৈৰ পঢ়া আৰু লিখিবলৈ শিকাৰ প্ৰতি আগ্ৰহৰ প্ৰৱণতাও। আনকি বাতৰি কাকত উদ্যোগত কেৱল পঢ়ুৱৈ বা কাকতৰ মালিকগোষ্ঠীয়েই জড়িত নাথাকে, থাকে হকাৰ, মেচিনৰ কৰ্মকৰ্তাৰ পৰা সংবাদকর্মী, এজেন্ট, বিক্রেতা ইত্যাদি বহু লোক। এক অর্থত আন বহু উদ্যোগৰ দৰে বাতৰি কাকত উদ্যোগটোও নিবনুৱাৰ বাবে অসংগঠিত হ'লেও এক বৃহৎ কর্মসংস্থাপনৰ উদ্যোগ যি বৰ্তমান সময়ত সংকটাপন্ন। এয়া কেৱল অসমৰ কথা নহয়, সকলোতেই ছপা মাধ্যম আৰু বাতৰি কাকতৰ সংকট পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, গ্রন্থ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবেই হওক বা নতুন প্ৰজন্মক অধ্যয়নৰ বাবে আগ্রহী কৰি তোলাৰ বাবেই হওক অসম চৰকাৰে ২০২৫ বর্ষটোক গ্রন্থবর্ষ হিচাপে ঘোষণা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছিল। সম্প্রতি মৃত্যুমুখী বাতৰিকাকত উদ্যোগটোৰ সন্দৰ্ভতো চৰকাৰে কিছু ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে। উত্তৰ প্ৰদেশ চৰকাৰে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যখনৰ সকলো চৰকাৰী বিদ্যালয়ত ইংৰাজী আৰু হিন্দী দুটা ভাষাত দুখন কাকত লোৱাটো বাধ্যতামূলক কৰাৰ উপৰি প্ৰাতঃসভাত ছাত্ৰক কাকত পঢ়ি সাম্প্ৰতিক বাতৰিসমূহৰ বিশ্লেষণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। মূলতঃ শিক্ষার্থীসকলক 'স্ক্রীনটাইম'ৰ পৰা আঁতৰত ৰাখি অধ্যয়নৰ প্ৰতি হাবিয়াস বৃদ্ধি কৰা আৰু ভাষাটোৰ উপযুক্ত চৰ্চাৰ বাবেই চৰকাৰে এই নির্দেশনা জাৰি কৰিছে। 

উত্তৰ প্ৰদেশ চৰকাৰৰ এই ঘোষণাৰ পাছতেই ৰাজস্থান চৰকাৰেও একেই নিৰ্দেশনা জাৰি কৰিছে। নিঃসন্দেহে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ লগতে বাতৰি কাকত উদ্যোগটোৰ বাবেও এয়া এটা শুভ বার্তা। অসমতো এনে নির্দেশনা দিয়াৰ প্ৰয়োজন আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সততে সাংবাদিক তথা মালিকগোষ্ঠীক উদ্দেশ্যি নানা কথা কৈ চর্চিত তথা বিতর্কিত হৈ আহিছে যদিও ৰাজনীতিৰ গণ্ডীৰ পৰা কিছু আঁতৰি বাতৰিকাকত উদ্যোগটোৰ ক্ষেত্ৰত উপৰিউক্ত ৰাজ্যকেইখনৰ দৰে কিছু পদক্ষেপ ল'লে ভাল। আনহাতে কাকতগোষ্ঠী সমূহেও বাতৰিৰ নিৰপেক্ষতাক লৈ সাধাৰণ জনতাৰ প্ৰশ্নক গুৰুত্ব প্রদান কৰিব লাগিব। কাকত উদ্যোগৰ পুনৰ জীৱনৰ লগতে অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলোৰে সমান সহযোগ জৰুৰী। এক স্নামূহিক প্রচেষ্টাৰেহে 'বাতৰি কাকত' এখন সমাজৰ 'আলোকবর্তিকা' হৈ থাকিব।

Share This