ডিজিটেল ডেস্ক : প্রখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনে কৈছিল 'আমাৰ মৃত্যু কোনো সমাপ্তি নহয়, যদিহে আমি জী থাকিব পাৰোঁ আমাৰ সন্তানবোৰৰ মাজত, আমাৰ উত্তৰ প্ৰজন্মৰ মাজত। তেওঁলোকো আমিয়েই। তেওঁলোকৰ বাবে আমাৰ নশ্বৰ শৰীৰবোৰ জীৱন নামৰ বৃক্ষজোপাৰ মৰহি যোৱা পাত মাত্র।' মৃত্যুক লৈ মহীৰূহসকলৰ মানসিকতা সাংঘাতিক ইতিবাচক আছিল। মৃত্যুৰ পাছৰ যাত্রাকো আশাবাদেৰে লৈ যাব খোজা মহীৰূহসকলৰ জীৱনৰ এনে অলেখ সৰু-বৰ কথাই আমাক মৃত্যু আৰু জীৱন সম্পর্কে ইতিবাচক ইংগিতেই দিয়ে। যাযাবৰী জীৱনেৰে নিজক 'উৰণীয়া মৌ' বুলি কোৱা আশীৰ ঊর্ধ্বৰ সুধাকণ্ঠয়ো সেয়ে মৃত্যুৰ সময়লৈকে নিজকে চিৰতৰুণ বুলি হাঁহি হাঁহি ক'ব পাৰিছিল, গাব পাৰিছিল মৃত্যুৰ দৰে শেষ সময়ৰ গীত। একেদৰে যুৱ প্ৰজন্মৰ হার্টথ্র'বে বাৰে বাৰে ক'ব পাৰিছিল মৃত্যুদৰ্শনৰ কথা। 'মৃত্য শেষ নহয়, মৃত্যু আৰম্ভণি'-এই কথা সাধাৰণ নৰমনিচে উপলব্ধি কৰিব নোৱাৰিলেও মহান পুৰুষসকলে যে শব্দ, গীত, কবিতাৰে মৃত্যুকো গৌৰৱান্বিত কৰি গৈছে, যুগমীয়া কৰি গৈছে সেয়া তেওঁলোকৰ কর্ম আৰু সৃষ্টিতেই বিদ্যমান। আজি সুধাকণ্ঠৰ মৃত্যুৰ ডেৰটা দশক। ১৯ ছেপ্টেম্বৰৰ দৰেই উদং অসমীয়াৰ বাবে আজিৰ দিনটোও এটা শোকৰ দিন। সুধাকণ্ঠ আৰু হার্টথ্র'ব বুলিলে আমাক এই দুয়োটা অভিধাৰ অধিকাৰী কোন সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হার্টথ্র'ব জুবিন গাৰ্গ দুয়োজন ব্যক্তিয়ে দুটা যুগক প্রতিনিধিত্ব কৰিলেও দুয়োজন অসমপ্রাণ অসমবাসীৰ বাবে হিয়াৰ আমঠু। দুয়োজনেই অসমক যি দি গ'ল তাৰ ঋণ অসমবাসীয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰে। ভালপোৱাৰ নামত, অনুৰাগীৰ নামত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হার্টথ্র'ব জুবিন গাৰ্গৰ মাজত তুলনা কৰাৰ যি প্রতিযোগিতা বহু সময়ত দেখা যায় সেয়া কৰিবলৈ যোৱাটো বাতুলামিৰ বাহিৰে একো নহয়। আনকি দুই মহীৰূহৰ মাজত এজনক পাহৰি যোৱাটোও অসমবাসীৰ বাবে এক ভাবিব নোৱাৰা অপৰাধ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনাকাংক্ষিত ৰহস্যজনক মৃত্যুৰ এটা বছৰ উকলি যোৱাৰ পাছতো এই পর্যন্ত মৃত্যু ৰহস্য উদঘাটন হোৱা নাই। সেই লৈ এতিয়াও উত্তপ্ত হৈ আছে অসমৰ সামগ্রিক পৰিস্থিতি। মন-মগজু উত্তাল হৈ আছে সকলোৰে। ৰাজনৈতিক বোকা ছটিওৱা খেলৰ পৰা আৰম্ভ কৰি শাসক-বিৰোধীৰ মুখচুপতিত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক সনা-পোটোকা কৰি জুবিন গাৰ্গ নামৰ সত্তাটোকেই যেন তৰল কৰি পেলোৱা হৈছে। এনে এক দুঃসহ সময়ৰ মাজতেই পুনৰ আহিছে সুধাকণ্ঠৰ মৃত্যুবার্ষিকী। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোতেই এটা যুগৰ অন্ত পেলাই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ মহাপ্রয়াণ ঘটিছিল। নিজকে জেনেৰেশ্যন জেড অর্থাৎ জুবিন যুগৰ প্ৰজন্ম বুলি ক'ব খোজা আৱেগিক নতুন প্রজন্মটোৱে স্বাধীনোত্তৰ যুগৰ পৰা বৈপ্লবিক সত্তা নতুন প্রজন্মলৈ কঢ়িয়াই অনা ড° ভূপেন হাজৰিকাকো নতুন দৃষ্টিভংগীৰে সমানেই মর্যাদা দিব লাগিব। তাৰ বাবেই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ মাজত কোনো তুলনা নকৰাকৈ দুয়োৰে কৰ্মৰাজিৰ সঠিক মূল্যায়ন কৰিব লাগিব নতুন প্রজন্মটোৱেই। কাৰণ, নতুন অসমৰ স্বপ্ন এই দুই মহীৰূহেই দেখিছিল, আৰু দুই মহান ব্যক্তিত্বৰ স্বপ্নক সাকাৰ কৰিব লাগিব নতুন প্রজন্মটোৱেই। উত্তৰ প্ৰজন্মলৈকো এই সপোন কঢ়িয়াই নিব পৰাকৈ শক্তিশালী হ'বৰ বাবে দুয়োজনৰ কৰ্মক সংৰক্ষণ কৰিব লাগিব সমভাৱে। উল্লেখযোগ্য যে অসম চৰকাৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী যোৱাটো বৰ্ষত ঘোষণা কৰিছিল, যি অহা ২৯ নৱেম্বৰত অন্ত পৰিব। সেই কাৰ্যসূচী অনুসৰি, ভিন্ন স্থানত সময়ৰ অন্তৰে অন্তৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ ভিন্ন অনুষ্ঠান চলে।
বিগত সময়ৰ দৰে আজি পঞ্চদশ মৃত্যুবার্ষিকীৰ দিনটোতো অসম চৰকাৰে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে সমগ্ৰ ৰাজ্যজুৰি। নিঃসন্দেহে এয়া ইতিবাচক। কিন্তু সুধাকণ্ঠৰ কৰ্মৰাজিক এনে ৰজাঘৰীয়া অনুষ্ঠানে কিমানদূৰ সঠিক মূল্যায়ন কৰিব পাৰিব, সেয়াহে প্রশ্ন। কিয়নো ভূপেন হাজৰিকাৰ সাংস্কৃতিক, কলাত্মক চিন্তাৰ সমান্তৰালকৈ বৈপ্লৱিক চিন্তাধাৰাৰ সঠিক মূল্যায়ন কেৱল ৰজাঘৰীয়া কেইটামান অনুষ্ঠানে সম্পূৰ্ণ কৰিব নোৱাৰে। ইয়াৰ বাবে সুধাকণ্ঠক অন্তঃকৰণেৰে উপলব্ধি কৰিবই লাগিব। ১৯২৬ চনৰ সুধাকণ্ঠৰ জন্মৰ সেই স্বাধীনতাপূৰ্বৰ সময়খিনিৰ পৰা চীন-ভাৰতৰ যুদ্ধৰ সময়লৈকে প্রায় চাৰিটা দশকত ভূপেন হাজৰিকাই সাম্রাজ্যবাদী ব্রিটিছৰ অপশাসনৰ পৰা আৰম্ভ কৰি দেশৰ নাগৰিকৰ চৰম দুখ লগা অৱস্থা, অন্যায়-অবিচাৰ দেখিছিল আৰু এই অন্যায়ৰ ক্ষোভতেই ভূপেন হাজৰিকাই গাইছিল 'অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম', মানৱতাবাদ, সাম্যবাদ আওৰাই গাইছিল 'বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও...' ইত্যাদি অলেখ সংস্কাৰকামী, মুক্তিকামী গীত। ভূপেন হাজৰিকাৰ দৰেই জুবিন গাৰ্গৰ শিল্পীসত্তাও প্রবল বিদ্রোহী, মুক্তিকামী, সাম্যবাদী আৰু মানৱতাবাদী আছিল। জুবিন গাৰ্গৰ শব্দ, মুক্তি, যন্ত্র, অনামিকা ইত্যাদি প্রায় প্রতিটো গীতৰ এলবামত এই চৰিত্ৰ প্রতিফলিত হয়। সাগৰসম ব্যক্তিত্বৰ অধিকাৰী দুয়োগৰাকী শিল্পীৰ ৰচনাৰাজিৰ পৰীক্ষণ আৰু সংৰক্ষণ নিতান্তই জৰুৰী। কেৱল জন্মদিন আৰু মৃত্যুদিন সুঁৱৰি যিদৰে সুধাকণ্ঠৰ সৃষ্টিৰাজিক আমি ধৰি ৰাখিব নোৱাৰোঁ, সেইদৰে কেৱল সামাজিক মাধ্যমত আৱেগৰ নৈ বোৱায়ো জুবিন গাৰ্গৰ বিশাল সৃষ্টিক অমৰ কৰিব নোৱাৰোঁ, যদিহে সময়ত ইয়াৰ সঠিক মূল্যায়ন সম্ভৱ নহয়।
ড° ভূপেন হাজৰিকা আৰু হার্টথ্র'ব জুবিন গাৰ্গ, অসমৰ এই দুই অমূল্য ৰত্নক জীয়াই ৰখাৰ দায়িত্ব প্রতিজন অসমীয়াৰ হাতত। কাৰণ এলবাৰ্ট আইনষ্টাইনে কোৱাৰ দৰেই 'our death is not an end if we can live on in our children and the younger generation', অর্থাৎ উত্তৰ প্ৰজন্মৰ মাজত আমি জীয়াই থাকিব পৰাটোৱেই সত্য। সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, হার্টথ্র'ব জুবিন গাৰ্গ অথবা অসমীয়া জাতিক মহীয়ান কৰি তোলা ৰত্নসকলে অসমক যি দি থৈ গ'ল তাক উত্তৰ প্ৰজন্মই নিজৰ মাজত জীয়াই ৰাখিবই লাগিব। কিয়নো শেষ বুলিলেই শেষ নহয়, শেষো আন এক নতুনৰ সূচনাহে।