আজিৰ সম্পাদকীয়, শব্দৰ মহিমা

Dainik Janambhumi October 17, 2026

ডিজিটেল ডেস্ক : কোনো ভাষাত বা কোনো ভাষা কোৱা লোকৰ কথা-বতৰাত আন ভাষাৰ শব্দই বিভিন্ন প্ৰকাৰে প্ৰৱেশ কৰে। কেতিয়াবা সেই প্রবেশ শান্ত-সমাহিত হয়। কেতিয়াবা হয় অত্যাচাৰ, আগ্রাসন। কেতিয়াবা সম্পদ, কেতিয়াবা বিপদ। কেতিয়াবা কওঁতাজনৰ ভাষাৰ ভঁৰালৰ নাটনিৰ বাবেও প্রয়োজনত আন ভাষাৰ শব্দ আমদানি কৰা হয়। আধুনিক যুগৰ আগতে অসমলৈ শব্দ মূলতঃ প্রবেশ কৰিছিল আন ঠাইৰ মানুহ বা পুথি-পাঁজিৰ মাধ্যমেৰে। আজিকালি সংবাদ মাধ্যম, সামাজিক মাধ্যম, দল-সংগঠন আদিৰ যোগেদি শব্দই জনসমাজত প্ৰৱেশ কৰে।

অসমীয়া অভিধানত আগতে দুর্লভ 'স্বাভিমান' শব্দটোৱে ছাত্ৰ সন্থা আৰু তেওঁলোকৰ নেতাৰ সৌজন্যত অসমত প্ৰসাৰতা লাভ কৰিছিল, আৰু অসমীয়াভাষীৰ শব্দৰ ভঁৰালত এটা নতুন শব্দৰ সংযোজন ঘটিছিল। এই শব্দটো হিন্দী ভাষাৰ। এসময়ত 'স্বাভিমান' নামৰ এখন ধাৰাবাহিকো দূৰদৰ্শনত প্ৰচাৰ হৈছিল। ছাত্ৰ সন্থাৰ নেতৃত্বৰ ছবছৰীয়া আন্দোলনতে 'অসম বন্ধ', 'নিষ্প্রদীপ দিৱস' আদি শব্দবোৰে বিস্তৃতি লাভ কৰিলে। আটাইতকৈ বেছি আপোন আৰু জনপ্রিয় হৈ পৰিল 'জয় আই অসম'।

কোনো এটা আদর্শ প্ৰচাৰৰ সময়তো তেনেদৰে কিছু শব্দৰ আগমন ঘটে।কেতিয়াবা পুৰণি শব্দৰো অৰ্থান্তৰ ঘটে। এই ক্ষেত্ৰত ৰাইজে থাওকতে উদাহৰণ ল'ব পাৰে সাম্যবাদী দৰ্শনৰ কথাকে। এই দৰ্শনৰ কথা অসমত প্ৰচাৰ হোৱাৰ পাছত অসমীয়াভাষীৰ শব্দৰ ভঁৰালত 'বুৰ্জোৱা', 'পেটি বুৰ্জোৱা', 'কমৰেড', 'লাল চালাম' আদি শব্দৰ সংযোজন ঘটিল। তদুপৰি 'দলিত', 'পীড়িত', 'নিপীড়িত' আদি শব্দত যোগ হ'ল নতুন অর্থ।

ভাৰতীয় জনতা পার্টি অর্থাৎ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰাৰ পাছত, তথা দলটোৰ সৈতে আদর্শগত সম্পর্ক থকা সংগঠনসমূহৰ কাম-কাজ অসমত বৃদ্ধি পোৱাৰ পাছত, অসমতো তেনে কিছু শব্দ, শব্দৰাজি আমি শুনিবলৈ পাইছোঁ। আগতে আধাৰশিলা স্থাপন কৰিলে পূজা বা নামভাগ বা গায়ন-বায়নৰ কথাই মুখ্য-প্ৰচাৰৰ সুবিধা পোৱা নাছিল। আধাৰশিলা উন্মোচনহে মুখ্য আছিল। কিন্তু আজিকালি আধাৰশিলাৰ সমানে প্ৰচাৰ হয় 'ভূমি পূজন'ৰ কথাও। অর্থাৎ এই শব্দ দুটা আগতে 'নীৰৱ' হৈ আছিল যদিও এতিয়া ই বিস্তৃতি লাভ কৰিলে। তেনেদৰেই আৰ এছ এছৰ প্ৰসাৰ-প্ৰচাৰৰ লগে লগে অসমত প্ৰৱেশ কৰিলে আৰু কিছু শব্দ, যিবোৰ অসমীয়া অভিধানত আগতে নাছিল। তেনেকুৱা এটা শব্দ হৈছে মুৰব্বী বা মুখিয়াল বুজাবলৈ 'প্রমুখ'। প্রতিষ্ঠা দিৱসৰ সলনি কিছুৱে ব্যৱহাৰ কৰিলে 'স্থাপনা দিৱস'। বিশেষভাৱে বা অন্যভাবে সক্ষমজনক বুজাবলৈ ব্যৱহাৰ হ'ল 'দিব্যাংগ'।

শব্দৰ এনে ব্যৱহাৰ কিছু ক্ষেত্ৰত গ্ৰহণীয়, কিছু ক্ষেত্রত বর্জনীয়। আনহাতে, যদি সমার্থক শব্দ পূর্বতে নিজৰ ভাষাত আছে, তেতিয়া নতুন শব্দ ইমানলৈকেহে গ্রহণ কৰিব লাগে, যাতে সেই সীমা পাৰ কৰিলে ই আগ্রাসনৰ ৰূপ লৈ পুৰণি শব্দক নিষ্কর্মা কৰি নেপেলায়।

বিজেপি অসমত শাসনলৈ অহাৰ পাছত তেনেদৰে প্ৰসাৰতা লাভ কৰা এটা শ্ল'গান হ'ল 'ভাৰত মাতা কী জয়'। ইয়াৰ আগতে ৰাষ্ট্ৰীয় শ্ল'গান ৰূপে অসমত 'জয় হিন্দ'ৰ প্রাধান্য আছিল। স্বাধীনতাৰ পাছত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত সজোৰে উচ্চাৰিত দেশপ্ৰেমৰ এই শ্ল'গান পাচে কংগ্ৰেছৰ নহয়। চেম্পাকৰমণ পিল্লায়ে সৃষ্টি কৰা এই শ্ল'গান নেতাজী সুভাষ চন্দ্র বসুৱে ব্যৱহাৰ কৰিছিল আজাদ হিন্দ ফৌজত। অর্থাৎ এই শ্ল'গানটোত দেশপ্ৰেমৰ সৈতে জড়িত আছে নেতাজী আৰু আজাদ হিন্দ ফৌজৰ ইতিহাস তথা সোঁৱৰণ।

এয়া শৰতৰ বতৰ। উৎসৱৰ বতৰ। শুকুৰবাৰে দেৱীক পাতত উঠোৱাৰ আগতেই, মহালয়াৰ পৰা দুর্গোৎসৱৰ বতৰ আৰম্ভ হৈছিল। এই শাৰদীয় বতৰত 'পূজা', 'দুর্গা', 'বেলুন', 'পিষ্টল', 'খেলনা', 'কাপোৰ', 'কঁহুৱা', 'শেৱালি' আদি শব্দবোৰ বিয়পি আছে। সমসাময়িকভাবে বিয়পি আছে 'পঁইতাচোৰা', 'প্রতিবাদ', 'ভোট চুৰি', 'ৰাষ্ট্ৰ-বিৰোধী', 'নৈৰাজ্যবাদী', 'অন্ধভক্ত' আদি শব্দবোৰো। এই আগৰ শাৰীত লিখা শব্দবোৰৰ কেইবাটাও শব্দ নতুনকৈ সৃষ্ট। এই শব্দবোৰৰ সৈতে জড়িত হৈ আছে ৰাজনৈতিক আদর্শ, ৰাজনৈতিক চতুৰালি তথা ৰাজনৈতিক আক্রমণ আদি। এইবোৰ শব্দৰ কোনোটোৰ সৈতে আছে ক্ষোভ, কোনোটোৰ সৈতে ভেঙুচালি, কোনোটোৰ সৈতে আছে নিজৰ আদৰ্শৰ সৈতে নিমিলাজনক কৰা আক্ৰমণ। এই শব্দবোৰে সিহঁতৰ নিজস্ব অৰ্থৰ পৰিসীমাৰ পৰা সম্প্ৰসাৰিত হৈ সৃষ্টি কৰিছে নতুন অর্থ। শব্দৰ মহিমা অপাৰ।

Share This