ডিজিটেল ডেস্কঃ Nothingness! Nihilism! অস্তিত্ববাদ অথবা শূন্যবাদ। মহান দার্শনিক ফ্ৰেডৰিক নিৎসে অথবা গৌতম বুদ্ধ দুয়োৰে মতবাদত শূন্যতাৰ সদৰ্থক আৰু নঞর্থক দুয়োটা দিশেই ধৰা দিয়ে। নিৎসেৰ Nothingness যদি মৃত্যুৰ দৰে অস্তিত্বহীন এক শূন্যতা তেন্তে বুদ্ধৰ শূন্যবাদতো জীৱনৰ চিৰন্তন অর্থহীনতাকেই বুজোৱা হয়। কিন্তু পার্থিৱ জীৱনত কিছুমান দর্শন নিৰ্মম সত্য বুলি জনাৰ পাছতো যেন মানুহ সন্তুষ্ট নহয়। নিষ্ঠুৰ সত্যৰ সৈতে মুখামুখি হৈয়ো মানুহে বিচৰণ কৰে এক অপার্থিৱ মেটাফৰত।
শেহতীয়াকৈ অসমপ্রাণ জুবিন গাৰ্গৰ শেষ বিদায়ৰ পাছত সমগ্র অসমত এনে এক পৰিৱেশেই বিৰাজ কৰিছে। জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হৈ যোৱাৰ ২৭টা দিন উকলি যোৱাৰ পাছতো জুবিন গাৰ্গৰ অস্তিত্বক বিচাৰি হাবাথুৰি খাইছে অনুৰাগীয়ে। আশ্চর্যজনক সত্য এয়ে যে জুবিন গাৰ্গৰ শেষ ঠিকনাতো অকলশৰীয়া হ'ব লগা হোৱা নাই গানৰ ভগৱান। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাস্থিত সমাধি এতিয়া প্রার্থনাস্থলীলৈ পৰিৱৰ্তন হৈছে। জুবিন গাৰ্গৰ শেষ শয়নৰ সেই স্থানত প্রতিনিয়ত চলিছে ধূপ-দ্বীপ, নাম-কীর্তনেৰে সেৱা-অর্চনা। দিনে-নিশাই সেই স্থানত শোকাহত অনুৰাগীয়ে শ্রদ্ধাঞ্জলি যাচিছে, দুহাত যোৰ কৰি সেৱা কৰিছে। টুকিছে চকুলো। যেন চিৰন্তন দুখৰ সাগৰত ডুব যোৱা মানুহবোৰে এখন্তেক সেই স্থানত ৰৈ বুকুৰ গভীৰতম কোণেৰে উপলব্ধি কৰিব বিচাৰিছে সেই মহান সত্তাৰ অকায়িক উপস্থিতি। 'ঈশ্বৰৰ মৃত্যু হ'ল' বুলি কোৱা দার্শনিক নিৎসেৰ দৰ্শনৰ একান্ত অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেন ফিনিক্সৰ দৰে জী উঠিছে এজন ভগৱান। পুণ্যতীর্থলৈ পৰিণত হোৱা জুবিন গাৰ্গৰ সমাধিস্থলীত ৰৈ এতিয়া প্রতিজন মানুহে এই কথা অনুভৱ কৰিছে। সাক্ষী হৈছে এক অভূতপূর্ব প্রেম-অনুৰাগৰ। এই প্রেম, এই অনুৰাগ, এই সাগৰসম ভালপোৱাৰ আৱেগৰ নাম কেৱল 'জুবিন গাৰ্গ'। আমি মহাত্মা গান্ধীৰ শেষ শয়নস্থলী 'ৰাজঘাট' দেখিছোঁ। গান্ধীৰ শেষ বাক্য 'হে ৰাম' শব্দক ৰাজঘাটত অংকন কৰি চিৰস্মৰণীয় কৰা দেখিছোঁ। মহাত্মা গান্ধীক সেৱা জনাবলৈ দিল্লীৰ যমুনাৰ পাৰৰ ৰাজঘাটলৈ মানুহ যোৱা দেখি আহিছোঁ। দেখিছোঁ যমুনাৰ পাৰৰ জৱাহৰলাল নেহৰুৰ সমাধিস্থল 'শান্তিবন', ৰবীন্দ্ৰনাথ ঠাকুৰৰ কলকাতাৰ নিমতলাৰ সমাধিস্থল অথবা জালুকবাৰীৰ সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত অনুৰাগীৰ শ্ৰদ্ধা নিৱেদন। কিন্তু কাৰো সৈতে তুলনা কৰিব নোখোজাকৈয়ো এটা কথা স্বীকাৰ কৰিবই লাগিব যে জুবিন গাৰ্গৰ ক্ষেত্ৰত যেন সকলো কথাই বেলেগ। জীৱিত অৱস্থাত জুবিন গাৰ্গ অনুৰাগী আৰু বিতর্ক দুয়োটাৰ মাজত সমানেই চর্চিত আছিল যদিও সমান্তৰালকৈ জুবিন আছিল প্ৰকৃতিৰ সৈতে এক আচৰিত আত্মিক সংযোগ বহন কৰা, তীক্ষ্ণধী অথচ মানুহৰ মাজৰ এজন অতি সৰল শিশুমনা মানুহ। যাৰ বাবেই জুবিন গাৰ্গ নামৰ মানুহজন শিল্পীৰো ঊর্ধ্বত এক অনন্য সত্তা আছিল। হয়তো সেইবাবেই জুবিন গাৰ্গৰ শেষ ঠিকনাতো এতিয়া মানুহৰ অভূতপূর্ব ভিৰ। সেউজীয়া ভালপোৱা মৰমৰ শিল্পীজনৰ হাতীমুৰাস্থিত সমাধিত দিনে-নিশাই হাজাৰ হাজাৰ অনুৰাগীৰ সোঁত বৈছে। উজনি-নামনিৰ পৰা যাত্ৰা কৰি অহা অজস্ৰ মানুহে সমাধিস্থলিত অশ্রু অঞ্জলিৰ সৈতে যাচিছে জুবিনৰ প্ৰিয় বস্তুৰ টোপোলা। ফুল-গামোচাৰে উপচাই পেলোৱা সমাধিত চকুলো তিয়াই কোনোবাই যদি জুবিনৰ প্ৰিয় 'কাউবয় হেট' অর্পণ কৰিছে, কোনোবাই জুবিন গাৰ্গৰ ফটোৰ সৈতে আগবঢ়াই দিছে জুবিনে খেলি ভালপোৱা ফুটবল। কোনোবাই যদি জুবিনৰ প্ৰিয় বাদ্য গীটাৰ এখন যাচিছে, কোনোবাই যাচিছে জুবিনৰ প্ৰিয় ব্ৰেচলেট, ৰঙা ৰুমাল, কাণফুলি অথবা অতি প্রিয় নাহৰৰ কুমলীয়া পাত। অসমৰ মৰমৰ সন্তানটোক বিদায় দিও শেষ বিদায় দিব নোখোজা অসমবাসীয়ে উচুপি উচুপি সমাধিৰ সমুখত গাইছে 'মায়াবিনী', 'কাৰ পৰশ...'। উজনি-নামনি, হিন্দু- মুছলমান, শংকৰী, বামুণ ইত্যাদি কোনো ভেদাভেদ নোহোৱাকৈ জুবিনৰ প্ৰাণৰ অসমখনৰ পৰিচয় দি সমাধিত অহর্নিশে চলিছে প্রার্থনা। যুৱক-যুৱতী কিম্বা মহিলাৰ দলে এগছি চাকি জ্বলাবলৈ গৈ নিজ হাতে পৰিষ্কাৰ কৰিছে সমাধি। সোণাপুৰৰ ৰাজপথত তীব্র যান-জঁটৰ পাছতো সমাধিস্থলত নাই অহেতুক হাই-উৰুমি, অনিয়ম। হাতীমূৰাৰ সমাধিৰ নিকটতেই জুবিন গাৰ্গে এঘাৰবছৰ পূৰ্বে জিৰণি লোৱা সেই স্মাৰক শিলছটাও এতিয়া বন্দিত হৈছে। গানৰ ঈশ্বৰে জিৰণি লৈ এই স্থান যেন চিহ্নিত কৰি গৈছিল এদিন নিজেই নিজৰ ঠিকনা হিচাপে। ইয়াৰ মাজতো জুবিন গাৰ্গৰ অনাকাংক্ষিত আৰু সন্দেহজনক মৃত্যুৰ কাৰণ আৰু ন্যায় বিচাৰি তোলপাৰ লাগিছে ৰাজ্য। মায়াবিনী গীতৰ সমান্তৰালকৈ সমাধিস্থলতো সবল দাবী উঠিছে ন্যায়ৰ।
মানুহৰ মাজত বাস কৰিও শূন্যবাদৰ জটিল দৰ্শনত বিশ্বাসী জুবিন গাৰ্গ নামৰ সত্তাটো আছিল প্রচণ্ড বিদ্রোহী আৰু অস্থিৰ। হয়তো সেইবাবেই বহু কথা আন্ধাৰতেই এৰি গুচি যোৱা জুবিন গাৰ্গৰ মৃত্যুও হৈ পৰিছে ৰহস্য। এনে এক সত্তাৰ বাবে অসমবাসীয়ে কান্দি কান্দি ন্যায় বিচাৰিব লগা হোৱাটো আচলতে অসমীয়াৰ বাবেই দুর্ভাগ্যজনক।
বুদ্ধই কোৱাৰ দৰে আন্ধাৰৰ সিপাৰে আছে স্বাধীনতাৰ অনন্ত পৃথিৱী, য'ত মৃত্যু অন্ত নহয় বৰঞ্চ এক সুন্দৰ আৰম্ভণি। সোণাপুৰৰ পুণ্যতীর্থ সমাধিত অশ্রু অঞ্জলি যাচি প্রতিজন অসমীয়াই আজি কামনা কৰিছে এক সুন্দৰ আৰম্ভণি হওক। জুবিন গার্গে ন্যায় পাওক। জুবিন গাৰ্গৰ প্ৰাণৰ অসমখন এনেদৰেই এক হৈ ৰওক। জুবিন গাৰ্গ অমৰ হওক।