ডিজিটেল ডেস্ক : সৰু-সুৰা কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ যোৱা পাঁচটা মাহত ১৬২গৰাকী অসমীয়া যুৱক-যুৱতীয়ে অকাল মৃত্যুক সাবটি ল'ব লগীয়া হৈছে। এয়া এলা-পেচা তথ্য নহয়, খোদ অসমৰ মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে এই উদ্বেগজনক তথ্য। সততে কর্মসংস্থাপনৰ কথা কোৱা, নিযুক্তিৰ জয়ঢোল কোবোৱা শাসকীয় চৰকাৰখনৰ আমোলত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ এনে অসহায় স্বীকাৰোক্তিয়ে ৰাজ্যখনৰ কৰ্মবিপ্লৱৰ ফোঁপোলা স্বৰূপটোকেই উদঙাই দিয়ে বুলিলেও ভুল কোৱা নহ'ব। উল্লেখযোগ্য যে ২০১৪ চনৰ লোক সভাৰ নির্বাচনত অসমত প্ৰচাৰৰ মূল প্রতিশ্রুতি আছিল বাংলাদেশী বিতাৰণৰ সমান্তৰালকৈ শূন্য নিবনুৱাৰ অসম। কিন্তু বিগত তেৰ বছৰে এই প্রতিশ্রুতিও সম্পূৰ্ণকৈ পূৰণ কৰিব নোৱৰা শাসকীয় চৰকাৰখনে এইবাৰ পুনৰ একেই শ্ল'গানেৰে বিধানসভাৰ নিৰ্বাচনলৈ আগবাঢ়িছে। ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰীয়া শাসনকালত বৃহৎ নিযুক্তি প্রক্রিয়া কেইবাটাও সম্পন্ন কৰিছে যদিও আর্থিকভাৱে বিধ্বস্ত আৰু আঁচনিকেন্দ্রিক জনসাধাৰণৰ মাজত কৰ্মবিপ্লৱৰ কোনো লক্ষ্যই পূৰণ কৰিবলৈ সক্ষম হোৱা নাই।
আনকি হিতাধিকাৰী আঁচনিৰ বিনামূলীয়া সুবিধাত অভ্যস্ত জনসাধাৰণৰ যুৱ চামৰ অধিকাংশই খেতি-খোলা, পথাৰ এৰি চৰকাৰৰ আঁচনিলৈ মুখ মেলি থকাৰ বিপৰীতে শিক্ষাকেন্দ্রিক বিড়ম্বনাত আক্রান্ত দৰিদ্ৰ শ্ৰেণীৰ হাজাৰ হাজাৰ যুৱক-যুৱতী কর্মসংস্থাপন বিচাৰি ঢাপলি মেলিছে বহিঃৰাজ্যলৈ। ছিকিউৰিটি গার্ড, কোম্পানীৰ বনুৱা ইত্যাদি কামৰ বাবে তেনেই নিম্ন পাৰিশ্রমিকৰ বিনিময়ত কেৰালা, বেংগালুৰু, চেন্নাই, দিল্লী, হাৰিয়ানা, গোৱা ইত্যাদিলৈ ঢাপলি মেলা যুবক-যুৱতীয়ে অতি কষ্টকৰ পৰিৱেশত ভাতমুঠি মোকলোৱাৰ বাবে কৰি থকা সংগ্ৰামৰ কথা সততে পোহৰলৈ আহে। আনকি এনে সংগ্ৰামৰ মাজতেই অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হোৱা বহু কৰুণ ঘটনাই প্রায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। সৌ সিদিনা বেংগালুৰুত হাঁহৰ গঁৰালৰ দৰে এটি কোঠাত সন্দেহজনক পৰিস্থিতিত কোকাকোলা কোম্পানীত কৰ্মৰত চাৰিজনকৈ মিচিং যুৱকৰ অকাল মৃত্যুৱে পুনৰ ৰাজ্যখনত কর্মসংস্থাপনৰ ছবিখন উন্মোচন কৰে। যদিও এই অকাল মৃত্যুৰ প্ৰাৰম্ভিক কাৰণ অক্সিজেনৰ অভাৱ বুলিয়েই কোরা হৈছে, কিন্তু সামগ্রিকভাৱে এনে যুৱ সম্পদক অকালতে হেৰুওৱাৰ কাৰণ ৰাজ্যখনৰ আৰ্থিক অচলাবস্থা আৰু উন্নয়নৰ ফোঁপোলা স্বৰূপহে। কেৱল বেংগালুৰুৱে নহয়, আগতেও বহিঃৰাজ্যত অনুৰূপ ঘটনা ঘটিছে। গোৱাত কিছুদিন পূর্বে তিনিজন যুৱক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে। স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰা তথ্য অনুসৰি, বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা গড়ে ৫০ গৰাকী যুৱক-যুৱতীৰ ৰহস্যজনক অকাল মৃত্যু হৈছে, যি অতি চিন্তনীয়। উল্লেখযোগ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা অসম চৰকাৰে বহিঃৰাজ্যত অধ্যয়ন বা কৰ্মৰ সন্ধানত গৈ অকাল মৃত্যুক সাবটি ল'ব লগা হোৱা যুৱক-যুৱতীসকলৰ দেহ চৰকাৰী খৰচত ওভতাই অনাৰ বাবে 'শ্রদ্ধাঞ্জলি' শীর্ষক এক আঁচনি কাৰ্যকৰী কৰিছিল।
সেই অনুসৰি ছেপ্টেম্বৰত এই আঁচনিৰ অধীনত ২২জন, অক্টোবৰত ৩০জন, নৱেম্বৰত ২৮জন, ডিচেম্বৰত ৩৭জন, জানুৱাৰীত ৪১জন আৰু ফেব্ৰুৱাৰী মাহৰ এইকেইটা দিনত চাৰিজনক ওভতাই অনা হৈছে। এই তথ্য প্রকাশ কৰি মুখ্যমন্ত্রী নিজেই হতবাক হৈ পৰাই নহয়, ৰাজ্যত বৃহৎ উদ্যোগপতিৰ উদ্যোগ স্থাপনেৰে কৰ্মসংস্থাপন সৃষ্টিৰ পোষকতা কৰে। আপাতঅৰ্থত মুখ্যমন্ত্ৰীৰ এই আঁচনি আৰু চিন্তা শলাগিবলীয়া যদিও ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে বৃহৎ উদ্যোগপতিৰ উদ্যোগ নহয়, বৰঞ্চ বিনামূলীয়া বিতৰণ ব্যৱস্থাৰ সীমাবদ্ধতা আৰু উপযুক্ত শিক্ষা ব্যৱস্থাৰেহে শক্তিশালী কর্ম-সংস্কৃতি গঢ়ি তুলিব পৰা যাব আৰু বহিঃৰাজ্যলৈ প্ৰব্ৰজন ৰোধ কৰিব পৰা যাব। এনেয়েও 'ব্রেইন ড্রেইন' হৈ ৰাজ্যৰ উচ্চ শিক্ষিতই বিদেশলৈ ঢাপলি মেলিয়েই আছে। সেয়া চৰকাৰে ৰোধ কৰিব পৰা নাই। লোকসেৱা আয়োগৰ অধীনত ব্যাপক হাৰত নিযুক্তি সম্পন্ন কৰা হৈছে যদিও প্রশাসন ব্যৱস্থাটোৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি ইয়াৰে উচ্চ শিক্ষিত অনেক বিষয়াৰ দুর্নীতিৰ কাহিনী সকলোৰে চকুৰ সন্মুখত। নিবনুৱা সমস্যা সমাধানৰ বাবে মৎস্য পালন, পশুপালন, কৃষি খণ্ডলৈ বিভিন্ন আঁচনিৰ কোটি কোটি টকা বর্তমান আহি আছে যদিও সেই আঁচনিৰ ধন উপযুক্তজনৰ হাতত নপৰাত তথা আমাৰ যুৱ চামটোৰ বহুতৰ আগ্ৰহৰ অভাৱত নিবনুৱাৰ সমস্যাই গ্রামাঞ্চলত ভয়াৱহ ৰূপ লৈছে। অসমৰ শিক্ষা ব্যৱস্থাত প্রায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱো নিৱনুৱা বৃদ্ধিৰ অন্যতম কাৰণ। বৃত্তিমুখী শিক্ষাৰ অভাৱৰ বাবে তথা স্ব-নিয়োজনৰ পাঠ্যক্ৰমত গুৰুত্ব নিদিয়াৰ বাবে লাখ লাখ কর্মসংস্থাপহীন শিক্ষিত যুৱক-যুৱতীয়ে সৰু-সুৰা কাম বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। নিযুক্তিৰ মেলা পাতি আনুষ্ঠানিকভাবে নিযুক্তি-পত্ৰ বিতৰণ কৰা জাকজমক চৰকাৰী অনুষ্ঠানসমূহৰ বিপৰীতে একোটা পৰিয়াল চলাবলৈ সামান্য উপাৰ্জনৰ বাবে বাহিৰৰ ৰাজ্যলৈ গৈ গাধৰ দৰে খাটিব লগা হোৱা যুৱ সম্পদৰ অপচয় চৰকাৰখনৰ লগতে অসমীয়া জনতাৰ বাবেও শংকা তথা লাজৰ বিষয়। কিন্তু এই পৰিস্থিতিৰ যে শীঘ্ৰে সলনি নহয়, সেয়াও সর্বজনবিদিত। কিয়নো হিতাধিকাৰী আঁচনিৰ জয়জয়কাৰৰ মাজত এতিয়া গাঁৱে-ভূঞে অৰুণোদয়ৰ ৩.০-ৰ ব্যস্ততা। মিঠাতেল, চাউল, দাইল, চেনিৰ পৰা লাখটকীয়া বাইদেউ, ফ্রী স্কুটী, বাবু আঁচনিৰ দৰে শব্দৰ মোহত বন্দী সাধাৰণ ৰাইজৰ বাবে কৰ্মবিপ্লৱ সুদূৰপৰাহত। ঝুমুইৰ বিনন্দিনী, বিহু, বাগুৰুম্বাৰ তালত বিশ্ব ৰেকৰ্ড গঢ়িব খোজা শাসকপক্ষৰ ইটোৰ পাছত সিটোকৈ
হিতাধিকাৰী আঁচনিৰ ভৰ অসহনীয় হ'বলৈ হয়তো বেছি দিন নালাগিব। সাধাৰণ জনতাই সেয়া বুজাৰহে কথা এতিয়া।