ডিজিটেল ডেস্ক: 'স্বৰাজোত্তৰ অসমত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান যিমানবোৰ অনুষ্ঠিত হ'ল, তাৰ ভিতৰত সম্ভৱতঃ মঙলবাৰে অনুষ্ঠিত ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বাৰৰ শপতগ্ৰহণ অনুষ্ঠানটোৱেই আটাইতকৈ বিশাল আৰু জাকজমকতাপূর্ণ।
অসম আন্দোলনৰ সমাপ্তিৰ পাছত ১৯৮৫ চনৰ ২৪ ডিচেম্বৰ তাৰিখে নেহৰু ষ্টেডিয়ামত ছাত্র নেতা প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ চৰকাৰে শপতগ্ৰহণ কৰা অনুষ্ঠানটোও বিশাল আছিল আৰু তাতো সম্ভৱতঃ লক্ষাধিক লোকে অংশগ্রহণ কৰিছিল; কিন্তু সেই অনুষ্ঠানৰ তুলনাত মঙলবাৰে (১২ মে' ২০২৬) অনুষ্ঠিত অনুষ্ঠানটো জনসমাগমৰ দিশৰ পৰাই নহয়, অনুষ্ঠানস্থলীৰ সাজ-সজ্জা, বিশিষ্ট ব্যক্তিৰ অংশগ্রহণকে ধৰি সকলো দিশৰ পৰা আছিল অতি আকর্ষণীয় আৰু জাকজমকতাপূর্ণ। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ সুবিশাল খেলপথাৰখনত নির্মিত তিনিটা বিশাল বিশাল মণ্ডপত ঠাহ খাই পৰে বিজেপি মিত্রজোঁটৰ নেতা-কর্মী আৰু সমর্থক।
মঞ্চত উপবিষ্ট হৈ থাকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা ৩৮ গৰাকী মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্রীলৈকে দেশ তথা বিভিন্ন ৰাজ্যৰ শাসনৰ গুৰিধৰোঁতা নেতাসকল। উপস্থিত থাকে সর্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজুকে ধৰি ভালেসংখ্যক কেন্দ্রীয় মন্ত্রী। তদুপৰি আছিল দেশৰ কৰ্প'ৰেট জগতৰ তাৰকা আৰু আমেৰিকাৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰ। একে আষাৰে ক'ব পাৰি যে ইমান তাৰকা, মহাতাৰকাৰ সমাৱেশ আগতে ৰাজ্যৰ কোনোখন চৰকাৰৰে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল।
অৱশ্যে এটা কথা ঠিক যে বিজেপিয়ে বা বিজেপি নেতৃত্বাধীন এন ডি এই চৰকাৰ গঠন কৰা ৰাজ্যৰ শপতগ্রহণত এয়া চিনাকি দৃশ্য। নিজৰ চৰকাৰৰ শপতগ্রহণক এনেদৰে চমকপ্রদ কৰি তোলাটো তেওঁলোকৰ সংস্কৃতিৰ নিচিনা হৈ পৰিছে। হ'লেও দেশৰ অংগভুক্ত হৈও কিছু বছৰৰ আগলৈকে উপেক্ষিত-অৱহেলিত হৈ থকা আমাৰ ৰাজ্যত এনে পৰিৱেশ কল্পনাতীত আছিল। সর্বোচ্চ দেশ নেতাসকল, ঔদ্যোগিক গোষ্ঠীৰ বিশিষ্ট নেতাসকলৰ অসমৰ প্ৰতি বোধহয় কোনো কৌতূহলো নাছিল। খনিজ আৰু চাহ সম্পদৰ খাতিৰত থকা সম্পৰ্কৰ বাদে এই ৰাজ্যৰ সৈতে আত্মীয়তা গঢ়াৰ তেওঁলোকৰ বিশেষ প্রয়োজন নহৈছিল।
যোৱা এটা দশকত ছবিখন সলনি হৈ গৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দিয়া বিশেষ গুৰুত্বৰ বাবে অসম তথা উঃ-পূবৰ প্ৰতি দেশৰ অন্য অংশৰ নেতাৰ মনোভাবো সলনি হৈছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু ৰূপান্তৰকামী চিন্তা-কর্মই অসমৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিছে। পাৰদৰ্শী ৰাজনীতিক ৰূপে আজি ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম সমগ্র দেশতে চর্চিত। ক'বলৈ গ'লে মঙলবাৰৰ শপতগ্ৰহণ অনুষ্ঠানটোৰ উল্লিখিত দৃশ্যপট অসমৰ এই বর্ধিত গুৰুত্বৰে প্ৰতিফলন। গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ শক্তিশালী নেতৃত্বৰ বিষয়ে আমি শুনিছোঁ। কংগ্ৰেছৰ তদানীন্তন ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজনৈতিক ক্ষেত্ৰত কিংবদন্তি-সদৃশ সেই ৰাষ্ট্ৰ নেতাসকলৰ সন্মুখত মূৰ তুলি কথা ক'ব পৰাৰ সাহস আছিল সেই দুগৰাকী চিৰনমস্য অসম সন্তানৰ। পৰৱৰ্তী সময়ত দেৱকান্ত বৰুৱা বা ফকৰুদ্দিন আলী আহমেদৰ দৰে নেতাসকলে কংগ্ৰেছ দল আৰু চৰকাৰত গুৰুত্বপূর্ণ পদ পালেও বা দেশৰ সাংবিধানিক মুৰব্বী হ'বলৈ সক্ষম হ'লেও তেওঁলোকে অসমৰ ৰাজনৈতিক গুৰুত্ব বৃদ্ধি কৰিব পৰা নাছিল। বৰঞ্চ কিছুমান বিশেষ বিশেষ অধ্যায়ত তেওঁলোকক লৈ বিৰূপ চৰ্চাহে হয়। ইয়াৰ বিপৰীতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিচক্ষণতাৰ বাবে কেৱল তেৱেঁ নহয়, অসমেও ৰাষ্ট্ৰীয় স্তৰত গুৰুত্ব পাবলৈ লৈছে।
দীর্ঘকাল অর্থনৈতিকভাৱে উপেক্ষিত হৈ থকা অসমত আজি বৃহৎ বৃহৎ ঔদ্যোগিক খণ্ডৰ বিনিয়োগৰ পৰিৱেশ ৰচনা হৈছে। বিকাশৰ দিশৰ পৰা সেয়েহে আজিৰ শপতগ্রহণ অনুষ্ঠানটোৰ গুৰুত্ব অপৰিসীম বুলি ক'ব লাগিব। দেশৰ সৰ্বোচ্চ নেতৃত্বৰ সন্মুখত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাই আজি নিজক যিটো স্তৰলৈ তুলি লৈ যাবলৈ সক্ষম হৈছে, সেই শক্তি ৰাজ্যৰ বাবে অতি মূল্যৱান। ইয়াৰ যথোচিত ব্যৱহাৰেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় নতুন উদ্যমেৰে ৰাজ্যখনক প্ৰগতিৰ দিশেৰে অধিক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰিব। ৰাজ্যখনত ইতিমধ্যে চকুত লগা উন্নয়ন হৈছে ঠিকেই, কিন্তু সমান্তৰালভাৱে সমস্যা আৰু দুৰ্বলতাও আছে বহুত।
ৰাজ্যৰ উন্নয়নৰ ভেটিটো অধিক মজবুত কৰিবলৈ হ'লে কৃষি, শিক্ষা আৰু স্বাস্থ্য খণ্ডকেইটাৰ প্ৰতি অধিক মনোনিৱেশ কৰিব লাগিব। এইবাৰ চৰকাৰে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিব বুলি লক্ষ্য স্থিৰ কৰিছে। কিন্তু ভূমি বেদখলমুক্ত কৰিলেই নহ'ব, খিলঞ্জীয়াৰ হাতত থকা ভূমিখিনিৰ ব্যৱহাৰ তথা ইয়াৰ জৰিয়তে জাতীয় অর্থনীতিৰ ভেটি শক্তিশালী কৰাৰ প্ৰতিও নতুন চৰকাৰে গুৰুত্ব দিব লাগিব। সমান্তৰালভাৱে মানুহৰ মাজত বিদ্বেষৰ বীজবিলাক আঁতৰাই সৌহার্দ্যমূলক সম্পৰ্ক গঢ়াৰ দিশতো চৰকাৰখনে এক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰা উচিত। ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্যবাসীয়েও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি যথোচিত সহযোগিতা আগবঢ়াব লাগিব।