ডিজিটেল ডেস্কঃ মাওবাদীমুক্ত ভাৰত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন। মাওবাদীৰ বিৰুদ্ধে এইখন চৰকাৰৰ স্থিতি স্পষ্ট। কেবল মাওবাদীয়েই নহয়, দেশত দশক দশক জুৰি অব্যাহত থকা বিভিন্ন বিষয়ৰ বিভিন্ন মতৰ উগ্রপন্থী কার্যকলাপ সমূলঞ্চে নির্মূল কৰিবলৈ এইখন চৰকাৰে সু-সংগঠিত দমন অভিযান আৰু শান্তি আলোচনা তথা শান্তি চুক্তি স্বাক্ষৰ এই দুয়োটা পথ সমান্তৰালভাৱে আগবঢ়াই নিছে। সম্প্রতি ছট্টিশগড়ৰ অতি দুর্গম, পাহাৰেৰে ঘেৰি ৰখা এলেকাত কমিউনিষ্ট পার্টি অব ইণ্ডিয়া (মাওবাদী)ৰ বিৰুদ্ধে দেশৰ ইতিহাসৰ সৰ্ববৃহৎ যি অভিযান চলি আছে সেয়া চৰকাৰখনৰ উল্লিখিত ঘোষণাৰে এটা অংশ।
এই প্রসংগত এটা কথা উল্লেখ কৰা উচিত হ'ব যে সুদীর্ঘ দিন ধৰি ছট্টিশগড় মাওবাদীৰ সুৰক্ষিত দুৰ্গ হিচাপে চিহ্নিত হৈ আহিছিল। কংগ্রেছ-বিজেপি এই দুয়োটা দলৰে ইতিপূর্বে কেইবাখনো চৰকাৰে তাত শাসন চলালেও মাওবাদীৰ দুৰ্গটোৰ বিশেষ ক্ষতি কৰিব পৰা নাছিল, কিন্তু ২০২৩ চনৰ ডিচেম্বৰ মাহত বিষ্ণুদের ছাই মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যখনৰ পৰিৱেশ অকল্পনীয়ভাৱে সলনি হৈ পৰা পৰিলক্ষিত হৈছে। ছাইৰ চৰকাৰৰ আমোলতে তাত মাওবাদী বিৰোধী অভিযান কিদৰে তুমুল গতিত চলি আছে সেই কথা সংবাদ মাধ্যমত প্রকাশ পাইছেই। যোৱা বছৰটোত ৰাজ্যখনত ২১৯জন মাওবাদীৰ সংঘৰ্ষত মৃত্যু হৈছে। ছট্টিশগড় গঠনৰ পাছত মাওবাদী নিহতৰ এই সংখ্যাই হৈছে ইতিহাসৰ সৰ্বাধিক। এই বছৰ মাওবাদী বিৰোধী অভিযান অধিক প্রবল কৰি তোলা হৈছে।
যোৱা বুধবাৰে ৰাজ্যখনৰ নাৰায়ণপুৰ অঞ্চলত সমন্বিত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চি পি আই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নাম্বালা কেশৱৰাও ওৰফে বাসৱৰাজু আৰু তেওঁৰ ৩০জন সহযোগী কেডাৰ নিহত হয়। ইও বিশেষভাবে উল্লেখযোগ্য এইবাবেই যে মাওবাদীৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত এতিয়ালৈকে চলোৱা অভিযানত ইমান ডাঙৰ নেতা নিহত হোৱা নাছিল। মাওবাদীৰ বহুকেইটা অতি নৃশংস অভিযান চলিছিল এইজন বাসৱৰাজুৰ নেতৃত্বত। ১৫ বছৰৰ আগতে ২০১০ চনত ৭৬জন চি আৰ পি এফৰ জোৱানক বাসৱৰাজুৰ নেতৃত্বত মাওবাদীয়ে হত্যা কৰিছিল। ২০১৩ চনৰ ২৫ এপ্ৰিলৰ দিনা ৰাজ্যখনৰ ছুকমা জিলাৰ ঝিৰাম ঘাটিত এই বাসৱৰাজুৰে নেতৃত্বত চলা অন্য এক লোমহর্ষক আক্রমণত এজন প্রাক্তন মন্ত্ৰী, ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি ২৭জন কংগ্ৰেছীয়ে প্রাণ হেৰুৱাইছিল। মাওবাদীৰ এনেধৰণৰ হত্যাযজ্ঞৰ বহু নৃশংস অধ্যায় আছে। সেই মাওবাদীক ২০২৬-ৰ মাৰ্চ মাহৰ ভিতৰত নির্মূল কৰা হ'ব বুলি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে আৰু বৰ্তমান ছট্টিশগড়ত সেই লক্ষ্যৰেই চলি আছে ইতিহাসৰ সৰ্ববৃহৎ অভিযান, য'ত নিয়োজিত হৈছে কেইবা হেজাৰ নিৰাপত্তা বাহিনীৰ জোৱান, ব্যৱহাৰ কৰা হৈছে ড্ৰ'ন, হেলিকপ্তাৰৰ উপৰি অত্যাধুনিক অস্ত্র-শস্ত্র। ১৯৬৭ চনত পশ্চিম বংগৰ নক্সালবাড়ীৰ পৰা সূচনা হোৱা এই নক্সালবাদী-মাওবাদী সশস্ত্র সংগ্রামটোৰ ইতিহাস যেনেকৈ দীঘলীয়া তেনেকৈ ৰোমাঞ্চকৰো। দুখ লগা কথাটো হ'ল এই ছটা দশকৰ বাওঁপন্থী সশস্ত্ৰ সংগ্ৰামৰ সময়ছোৱাত মাওবাদীসকলে গণযুদ্ধৰ নামত তেজৰ নৈ বোৱালে, বহুতৰ প্ৰাণ ল'লে; সমান্তৰালকৈ এই সংগ্রামখনত জড়িত হৈ পৰা হাজাৰ হাজাৰ সম্ভাৱনাপূর্ণ যুৱক-যুৱতীৰো মৃত্যু হ'ল অবাবতে, এটা আদর্শক খামুচি ধৰি থকাৰ বাবে। প্রতিষ্ঠাপক চাৰু মজুমজাৰ, কান সান্যালকে ছবি সত্তৰৰ দশকৰ আদৰ্শৰ প্ৰতি নিষ্ঠাৱান, উচ্চ শিক্ষিত নক্সালবাদীসকলৰ কথা বাদেই, এতিয়া যিসকলে এই সংগ্রাম চলাই আছে তেওঁলোকৰো বহুতেই উচ্চ শিক্ষিত। আনকি কেম্ব্রিজ বিশ্ববিদ্যালয়ত নামভর্তি কৰি আধাতে শিক্ষা এৰি সংগঠনত ভর্তি হোৱা নেতাও আছে এওঁলোকৰ মাজত। বুধবাৰে নিহত হোৱা বাসৱৰাজু আছিল ৱাৰেংগল ৰিজিঅ'নেল ইঞ্জিনিয়েৰিং কলেজৰ স্নাতক। চি পি আই (মাওবাদী)ৰ বৰ্তমান সর্বোচ্চ নেতা গণপতি বিজ্ঞানৰ স্নাতক তথা বি এড ডিগ্রীধাৰী। তেওঁলোকৰ ৰবি শৰ্মা নামৰ নেতাজন কৃষি বিজ্ঞানৰ স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্রীধাৰী। সব্যসাচী পাণ্ডা গণিতৰ স্নাতক। বৰ্তমানৰ চৰকাৰে দমন আৰু ক্ষমাদানৰ পথ সমান্তৰালভাৱে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ ছট্টিশগড়ত আঠ শতাধিক মাওবাদীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিক আঁকোৱালি ল'লে যদিও বাকীসকলে এতিয়াও যুঁজি আছে। সেইসকলক নির্মূলৰ লক্ষ্য লৈয়ে সম্প্রতি ছট্টিশগড়তৰ চলি আছে বৃহত্তম অভিযান। পূর্বতে অন্ধ্র প্রদেশত মাওবাদীৰ আটাইতকৈ শক্তিশালী ঘাটি আছিল যদিও তাৰ অৱস্থান দুর্বল হৈ অহা বাবে ছট্টিশগড় হৈ পৰে এই বাওঁপন্থী সংগ্ৰামীসকলৰ মূল ঘাটি। মহাৰাষ্ট্র-ওড়িশা-তেলেংগানাৰ সীমান্তৱৰ্তী, আধুনিক যোগাযোগ ব্যৱস্থাই ভালকৈ স্পর্শ নকৰা ছট্টিশগড়ৰ বাস্তাৰ, নাৰায়ণপুৰ, দান্তেৱাড়া, বীজাপুৰ জিলাৰ অতি দুর্গম অঞ্চলবোৰেই মাওবাদীৰ মুক্তাঞ্চল হিচাপে চিহ্নিত। এই অঞ্চলসমূহৰ সাধাৰণ মানুহৰ অতি দুখ লগা অর্থনৈতিক অৱস্থাৰ সুযোগ লৈ মাওবাদীসকলে তেওঁলোকৰ মাজত সোমাই পৰি ইয়াক নিজৰ দুৰ্গলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিল। এতিয়া সেই দুৰ্গতেই চৰকাৰে হানিব খুজিছে মোক্ষম আঘাত। এই অভিযান সফল কৰিবলৈ চৰকাৰ সক্ষম হ'লে দেশৰ সাত দশকজোৰা মাওবাদী সংগ্রামৰো সমাপ্তি ঘটিব।