ডিজিটেল ডেস্ক : সংযমহীন, দায়বদ্ধতাহীন এচাম নেতাই বিভিন্ন ৰাষ্ট্ৰ শাসন কৰিবলৈ সুবিধা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এইসকলৰ কথা আৰু কামে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ ভূমিকাৰ প্রতি সন্দেহৰ উদ্রেক ঘটোৱাই নহয় সমগ্র বিশ্বক এক সন্ত্রস্ত পৰিৱেশত বাস কৰিবলৈ বাধ্য কৰাইছে। গণতন্ত্ৰৰ বাবে বিখ্যাত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত দ্বিতীয়বাৰ বহাৰ পাছতে স্বৈৰাচাৰী সম্ৰাটৰ দৰে ড'নাল্ড ট্রাম্পে যিবোৰ কাম কৰিছে আৰু সিদ্ধান্ত ঘোষণা কৰিছে সেইবোৰে মূৰ তুলি জীয়াই থাকিব খোজা প্রতিখন ৰাষ্ট্ৰৰ বাবে কেনে ধৰণৰ সংকট নমাই আনিছে সেয়া এতিয়া প্রায় সকলোৰে জ্ঞাত; স্থানান্তৰত বহু আলোচনা হৈছে এই বিষয়বোৰৰ। আটাইতকৈ গুৰুতৰ কথা হৈছে- এই নেতাসকলে আজিকালি প্রায়ে বিনাশৰ ভাবুকি দি অন্য ৰাষ্ট্ৰবোৰক নিয়ন্ত্রণত ৰাখিব খোজে। যিসকলে বিশ্বৰ ঘটনা প্রৱাহৰ খবৰ ৰাখে তেওঁলোকে দেখিছে যে আমাৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তানত এতিয়া ৰাষ্ট্রপতি-প্রধানমন্ত্রীতকৈও গুৰুত্ব বৃদ্ধি পাইছে দেশখনৰ সেনাপ্রধান ফিল্ড মার্শাল আছিম মুনিৰৰ। এইজন সেনাপ্রধানক কিছুদিন পূর্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে হোৱাইট হাউছলৈ মাতি নি কাষত বহুৱাই নৈশ আহাৰ কৰাইছিল। আছিম মুনিৰক কাষত বহুৱাই লেৰেলা সাদৰ কৰাৰ অন্য উদ্দেশ্য একো নাই; একমাত্ৰ কাৰণ হ'ল ভাৰতৰ ওপৰত হেঁচাৰ সৃষ্টি কৰা। পহলগাম-কাণ্ডৰ পাছৰ পৰাই আছিম মুনিৰে ভাৰত-বিৰোধী বিভিন্ন প্ৰৰোচনামূলক মন্তব্যৰে দেশ দুখনৰ মাজৰ তিক্ততা অধিক বৃদ্ধি কৰাৰ চেষ্টা কৰি আহিছে।
শেহতীয়া ঘটনা প্ৰৱাহে প্ৰমাণ কৰিছে যে মুনিৰৰ ভাৰত-বিদ্বেষী মন্তব্যবিলাক আচলতে আমেৰিকাৰ শ্রুতলিপি। যোৱা দুমাহত মুনিৰে দুবাৰ আমেৰিকা ভ্ৰমণ কৰিছে। প্রথমবাৰ ট্রাম্পৰ বিশেষ আতিথ্যৰ বিষয়টোৰ ইতিমধ্যে ব্যাপক চর্চা হৈছেই, দ্বিতীয়বাৰো তেওঁক ৰঙা দলিচা পাৰি আদৰিছিল মার্কিন সেনাৰ বিষয়াসকলেই। এই দ্বিতীয় ভ্রমণকালত আমেৰিকাৰ মাটিৰ পৰা মুনিৰে যি দুটা মন্তব্য দিছে সেয়া ভাৰত বিদ্বেষীতো হয়েই বিশ্বৰ বাবেও এক ভাবুকি। পাক সেনা প্রধানজনে কৈছে যদি পাকিস্তান অস্তিত্বৰ সংকটৰ সন্মুখীন হয়, তেনেহ'লে দেশখনে পাৰমাণৱিক যুদ্ধৰ সূচনা কৰিব আৰু বিশ্বৰ অর্ধেক অংশক ইয়াৰ আওতাত সাঙুৰি পেলাব। অন্যহাতে, সিন্ধু জল চুক্তি বন্ধ কৰি দিয়াৰ বাবে ভাৰতক ভাবুকি দি মুনিৰে কৈছে যে ভাৰতে যদি সিন্ধু নৈত বান্ধ নির্মাণ কৰে তেনেহ'লে পাকিস্তানে দহটা মিছাইলেৰে এই বান্ধ ভাঙি পেলাব। হাতত কেইটামান পাৰমাণৱিক অস্ত্ৰ থকাৰ বাবেই দেশ এখনৰ সেনাপ্রধানে যদি এনেকৈ দায়িত্বজ্ঞানহীন মন্তব্য দিব পাৰে, তাৰ পৰাই গম পোৱা যায় ক্রমান্বয়ে বিশ্বখন কিমান স্পৰ্শকাতৰ হৈ গৈ আছে! পাকিস্তানৰ সেনাধ্যক্ষগৰাকীৰ ভাবুকি সাম্প্রতিক বিশ্বৰ পৰিস্থিতিৰ স্পৰ্শকাতৰতাৰ এটা সৰু উদাহৰণহে। বিশ্বৰ অতি প্ৰভাৱশালী বুলি পৰিচিত একাংশ ৰাষ্ট্ৰ নেতাৰ মানসিকতাই হৈ পৰিছে কথাই প্রতি পাৰমাণৱিক অস্ত্র প্রয়োগৰ ভাবুকি দিয়া। অলপতে ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে আমেৰিকাৰ আচৰণত অতিষ্ঠ হৈ পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ধমকি দিলে। নিশ্চিতভাৱে এনেকুৱা সংবেদনশীল বিষয়ত মন্তব্য দিওঁতে ৰাষ্ট্ৰৰ গুৰুত্বপূর্ণ দায়িত্বত থকা ব্যক্তিসকল সংযত হোৱা উচিত। ৰাছিয়াৰ নিৰাপত্তা উপদেষ্টাগৰাকীৰ মন্তব্য ধিক্কাৰযোগ্য, কিন্তু ৰাছিয়াৰ নিৰাপত্তা উপদেষ্টাগৰাকীৰ মন্তব্যৰ কেইমুহূৰ্তমানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সমান দন্তৰে ৰাছিয়াৰ কাষত পাৰৰ্মাণৱিক ছাবমেৰিন মোতায়েন কৰাৰ বাবে মার্কিন কর্তৃপক্ষক নির্দেশ দি দিলে। মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই তাৎক্ষণিক প্রতিক্ৰিয়াৰ অর্থ হ'ল- তুমি যদি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা, তেনেহ'লে আমিও লগে লগে একেই প্রত্যুত্তৰ দিম। বৰ্তমান বিশ্বখনৰ অৱস্থা এনেকুৱাই হৈ পৰিছে। ২০২২ বৰ্ষৰ জুলাই মাহত ইংলেণ্ডৰ তদানীন্তন প্রধানমন্ত্রী বৰিছ জনছনে ইউক্রেইনৰ যুদ্ধৰ সন্দৰ্ভত এটা সাক্ষাৎকাৰত কৈছিল যে তেতিয়ালৈকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে হেনো ৩৫বাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দিছে। গতিকে, ইউক্রেইনক সমর্থন কৰা ৰাষ্ট্ৰবিলাকেও এনেকুৱা প্রত্যাহ্বানৰ বাবে নিজক সাজু কৰি তোলা উচিত বুলি তেওঁ মন্তব্য কৰিছিল। বৰিছ জনছনে কৰা সেই মন্তব্যৰ পাছত যোৱা তিনি বছৰত পুটিন তথা ৰাছিয়াৰ অন্য ঊর্ধ্বতন শাসকীয় নেতাসকলে আৰু বহুবাৰ একেই সুৰত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি দিয়ে আছে।
উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপ্রধান কিম জং উনে কিমানবাৰ যে পাৰমাণৱিক অস্ত্র প্রয়োগৰ হুংকাৰ আমেৰিকাকে ধৰি তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰক দি আছে তাৰ লেখ-জোখ নাই। এনে ভাবুকি মানৱ জাতিৰ বাবে উদ্বেগজনক। কেৱল ভাবুকিতে বিষয়টো সীমাবদ্ধ থাকিলে চিন্তাৰ কাৰণ নাথাকে, কিন্তু বর্তমান আন্তঃৰাষ্ট্ৰীয় সম্পর্কবিলাকৰ চৰিত্ৰ সলনি হ'বলৈ ধৰিছে, বিভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘাত-সংঘর্ষও বৃদ্ধি পাই গৈ আছে। ৰাষ্ট্রনেতা একাংশৰ আচৰণে দীর্ঘদিনৰ বন্ধু ৰাষ্ট্ৰকো শত্ৰুৰ শাৰীলৈ নিছে। এনেধৰণৰ পৰিৱেশে অৱস্থাৰ স্পৰ্শকাতৰতা অধিক বৃদ্ধি কৰে। এনে অৱস্থাত সংযমহীন মন্তব্যবিলাকে কেতিয়াবা জ্বলা জুইত ঘিউ ঢলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নকৰিব বুলি ক'ব পৰা নাযায়। পাৰমাণৱিক অস্ত্র হৈছে পৌৰাণিক যুগৰ ব্ৰহ্মাস্ত্ৰৰ দৰে। এবাৰ টোণৰ পৰা ওলালে ইয়াক আৰু নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। কোনোবা মদগৰ্বী ৰাষ্ট্রনেতাৰ উদ্ধতালি আৰু চিন্তাৰ বিভ্রাটৰ বাবে এবাৰ যদি এই অস্ত্ৰৰ প্রয়োগ আৰম্ভ হয় তেনেহ'লে ইয়াৰ পৰিণাম কি হ'ব পাৰে সেয়া সহজেই অনুমেয়। ফ্রেংকেষ্টাইন সদৃশ পাৰমাণৱিক অস্ত্ৰবোৰক নিয়ন্ত্ৰণত ৰখাত ৰাষ্ট্ৰনেতাসকল প্রয়োজনাধিক সতর্ক হৈ নাথাকিলে, কেনেবাকৈ ই নিয়ন্ত্ৰণৰ বাহিৰ হৈ গ'লে বিশ্ব ধ্বংস অনিবার্য। তাৰেই যেন এক ইংগিত একাংশ নেতাৰ মন্তব্যবোৰে দি আছে।