আজিৰ সম্পাদকীয়, মোলাই কাঠনিৰ জুই

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক: আমাক জীয়ন দি ৰখা গছবোৰ টুটি আহিছে। সেউজ অৰণ্যৰে ভৰা মনোমোহা প্রকৃতি এতিয়া ক্রমাৎ বিলোপ হ'বলৈ ধৰিছে। বছৰি হ্রাস পাই আহিছে বনাঞ্চলৰ পৰিসীমা। উন্নয়নৰ দোহাই দি চৌদিশে অৰণ্য ধ্বংস অভিযান অব্যাহত আছে। এজোপা গছ গজি উঠি বৃহৎ বৃক্ষৰ ৰূপ পোৱা আৰু এনে সহস্র গছেৰে এখন অৰণ্যই পৰিপূৰ্ণ ৰূপ ধাৰণ কৰোঁতে প্রয়োজন হোৱা হাজাৰ হাজাৰ বছৰৰ যি এক প্ৰক্ৰিয়া সেয়া যেন মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ কৰি পেলোৱা হৈছে। 

সেউজীয়াৰে পৰিপূৰ্ণ আমাৰ ৰাজ্যত ব্যাপক হাৰত বন ধ্বংস আৰু সেউজ আৱৰণ ধ্বংস কৰা হৈছে। বর্ধিত জনসংখ্যাৰ বাবে এতিয়া গ্রাম্য সমাজৰ মানুহৰ ঘৰৰ বাৰীবোৰো আগৰ দৰে নাই। কংক্রিটৰ দুনীয়াত এতিয়া সেউজীয়া বিচাৰি আমি দূৰ-দূৰণিলৈ যাব লগীয়া হৈছে। সেউজীয়া প্ৰকৃতিৰ মাজত অলপ সময় কটাবলৈ পোৱাটো আজি আমাৰ বাবে সৌভাগ্যৰ কথা। বিলাসৰ কথা। প্রকৃতিক আমি ভাল পাওঁ ঠিকেই, কিন্তু প্রকৃতিৰ হকে কিমানে কাম কৰোঁ বা প্রকৃতি সুৰক্ষাৰ বাবে কিমানে আগবাঢ়ি আহোঁ। মানুহক আশ্রয় দি ৰখা এনে গছ-গছনি, প্রকৃতিৰ প্ৰতি ভাবিবলৈ ৰজাঘৰীয়াৰো আহৰি নাই। সেই বাবেই মুহূর্ততে এখন বিশাল পাহাৰ খহাই পেলাবলৈ আমি অকণো সংকোচ নকৰোঁ। নদী এখনক আমি সৃষ্টি কৰা আৱৰ্জনাৰে কোনো দ্বিধাবোধ নোহোৱাকৈ হত্যা কৰি পেলাব পাৰোঁ। সেইবাবেই বিভিন্ন সময়ত গছ কটাৰ বিৰুদ্ধে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ মাধ্যমেৰে ৰজাঘৰীয়াক টোপনিৰ পৰা জগাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাবিলে আচৰিত হ'ব লগীয়া কথা। যি গছ আমি জীয়াই থকাৰ সঞ্জীৱনী, যি গছে মানুহক বোধৰ সন্ধান দিছে, তুচ্ছতাৰ বিপৰীতে বিশালতাৰ পাঠ দিছে সেই গছ নাকাটিবৰ বাবে এই ধৰাত মানুহে আন্দোলন কৰিব লগীয়া হৈছে। এই হাৰত অসমৰ বনাঞ্চল হ্রাস পাই থাকিলে ভৱিষ্যতে হয়তো বনাঞ্চল আমাৰ বাবে মাথোঁ এটা শব্দহে হৈ ৰ'ব।

অতি শেহতীয়াভাৱে অসমৰ গৌৰৱ, পদ্মশ্রী সম্মানেৰে বিভূষিত অৰণ্য মানৱ যাদৱ পায়েঙৰ অনুপ্ৰেৰণাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত সত্তৰগৰাকী যুৱক-যুৱতীক লগত লৈ তেওঁৰ কন্যা মুনমুনী পায়েঙে গঢ়ি তোলা 'মোলাই কাঠনি ২.০' নামৰ অৰণ্যখনত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত সহস্রাধিক বিভিন্ন প্ৰজাতিৰ গছ-গছনি জুইত জাহ গ'ল। 

সেউজ বিপ্লৱ সূচনা কৰাৰ লক্ষ্যৰে 'ছাষ্টেইনেবল গ্রীন ইনিচিয়েটিভ' শীর্ষক এটা পদক্ষেপ গ্রহণ কৰি এই অৰণ্যখনত সাত সহস্রাধিক বিভিন্ন প্ৰজাতিৰ গছ-গছনি ৰোপণ কৰা হৈছিল। মোলাই চাপৰিৰ সমীপৰ 'মোলাই কাঠনি ২.০'ত মুনমুনী পায়েঙৰ নেতৃত্বত অৰণ্য সৃষ্টিৰ এই মহান প্রয়াসক এদল দুষ্কৃতিকাৰীয়ে জলাই নিঃশেষ কৰিব বিচৰা কাৰ্য অতি গর্হিত আৰু মানৱ জাতিৰ বাবে লজ্জাজনক। যিগৰাকী যাদৱ পায়েঙৰ বাবে সমগ্র অসমক আজি বিশ্ববাসীয়ে অন্য এক দষ্টিৰে চায়, যিগৰাকী ব্যক্তিয়ে সমগ্র জীৱন কেৱল অৰণ্যৰ সৈতে একাকাৰ কৰিলে, যিগৰাকী ব্যক্তিৰ বাবে অসমলৈ আজি ভালেমান পর্যটক, বিজ্ঞানীৰ সোঁত বয়, তেনে এগৰাকী লোকক এচামে আদর্শ হিচাপে লৈ কাম কৰি আগবাঢ়িব বিচৰাৰ সময়তে এইধৰণৰ নেতিবাচক কাৰ্যৰ আঁৰৰ ব্যক্তিসকলক মানৱ জাতিৰ শত্রু বুলি ক'লে ভুল কোৱা নহ'ব। 

এই বনানীকৰণ প্ৰকল্প আৰম্ভ হৈছিল ২০২২ চনত। বৰলুইতৰ বুকুত কেইবাবছৰ পূৰ্বে সৃষ্টি হোৱা প্রায় ৭০০ হেক্টৰ ভূমিত অশেষ কষ্ট, সাহস আৰু ধৈৰ্যৰে গঢ়ি তোলা হৈছিল 'মোলাই কাঠনি ২.০'। কিন্তু এদল যুৱক-যুৱতীৰ এই সুন্দৰ প্ৰচেষ্টাক কলিতে মাৰি পেলাব বিচৰা হ'ল। ই অতিশয় ঘৃণনীয় আৰু নিন্দনীয় ঘটনা। এনেয়ে ঘন জংঘলেৰে ভৰা অসমৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বক্ষ উদং হৈ পৰিছে। অবৈধভাৱে গছ কটা, চোৰাং কাঠৰ সৰবৰাহৰ খবৰ নিতৌ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত-সম্প্ৰচাৰিত হৈ আহিছে। পৰিৱেশ সংৰক্ষণৰ 'ব্ৰেণ্ড এম্বেছেদৰ' স্বৰূপ হৈ পৰা যাদৱ পায়েঙৰ কন্যা মুনমুনীৰ অৰণ্যখনত অগ্নিসংযোগত জড়িত দুষ্কৃতিকাৰী যিয়েই নহওক কিয়, এই আক্রমণ কেৱল এদল প্রকৃতিপ্রেমী যুৱক-যুৱতীৰ প্ৰশংসনীয় কাৰ্যৰ ওপৰত চলোৱা আক্রমণে নহয়, ই প্রকৃতি সংৰক্ষণ আৰু জনস্বাৰ্থৰ আন্দোলনৰ ওপৰত কৰা প্ৰত্যক্ষ আক্রমণ। 

আনহাতে দুষ্কৃতিকাৰীসকলে মোলাই কাঠনিয়েই জ্বলোৱা নাই, জ্বলাইছে প্রকৃতি। প্রকৃতি জ্বলিলে এটা জাতিৰ ভৱিষ্যৎ যে জ্বলি ছাৰখাৰ হ'বলৈ বেছিদিন নাথাকিব সেই কথা উপলব্ধি কৰিব নোৱৰাটোৱেই আমাৰ বাবে দুৰ্ভাগ্যৰ কথা। অসমবাসীৰ ভৱিষ্যৎ জ্বলোৱা এই ঘটনা কোনো হঠাৎ ঘটা বা সাধাৰণ দুষ্কৃতিকাৰীৰ কাম নহয়, ইয়াৰ আঁৰত সুসংগঠিত বালি মাফিয়া আৰু বালি ছিণ্ডিকেটৰ পৰিকল্পিত ষড়যন্ত্ৰ থকাৰ সন্দেহ অত্যন্ত স্পষ্ট বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ আঁৰত যিয়েই জড়িত নহওক কিয়, এই ঘটনাই সমগ্র অসমবাসীক লজ্জানত কৰিছে। অসম চৰকাৰ আৰু প্রশাসনে এই ঘটনাত তৎকালীনভাৱে হস্তক্ষেপ কৰি অগ্নিসংযোগত জড়িত দুষ্কৃতিকাৰী, বালি ছিণ্ডিকেট আৰু তেওঁলোকক সুৰক্ষা দিয়া সকলো শক্তিৰ বিৰুদ্ধে কঠোৰ, দৃষ্টান্তমূলক আৰু নিৰপেক্ষ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ মৌনতাক অপৰাধৰ প্ৰতি মৌন সম্মতি হিচাপে গণ্য কৰা হ'ব।

Share This