আজিৰ সম্পাদকীয়, বহু প্রত্যাশিত শান্তি চুক্তি

dainik janambhumi June 17, 2026

ডিজিটেল ডেস্ক : যুদ্ধ হ'ল আধিপত্য স্থাপন-দমন-আগ্রাসনৰ নামান্তৰ। ক্ষমতাশালী হৈ উঠা কোনো চক্রই আধিপত্য বিস্তাৰকেই ক্ষমতাৰ স্থিতাবস্থা অব্যাহত ৰখাৰ কৌশল ৰূপে প্রয়োগ কৰে। একালৰ বেলি ডুব নোযোৱা বিশাল সাম্ৰাজ্যৰ গৰাকী আছিল গ্রেট ব্রিটেইন। সাম্রাজ্য বিস্তাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল অস্ত্র-শস্ত্ৰ, যাৰ প্ৰয়োগ হৈছিল যুদ্ধত, আৰু বিশ্বৰ তুলনামূলকভাৱে দুৰ্বল ৰাজ্যসমূহ বলপূর্বক দখল কৰি তাত নিজৰ শাসন প্রতিষ্ঠা কৰিছিল। 

উপনিৱেশ দেশসমূহত পৰৱৰ্তী কালত প্ৰতিৰোধ শক্তি আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্রত হৈছিল। সাম্রাজ্যবাদী শক্তিসমূহ ক্ষমতা আৰু প্ৰভাৱ বিস্তাৰৰ প্রতিযোগিতাত পাৰস্পৰিক কলহত লিপ্ত হৈছিল। তাৰ পৰিণতি আছিল দুখনকৈ বিশ্বযুদ্ধ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছ সাম্রাজ্যবাদৰ পতন ঘটিছিল আৰু তাৰ ঠাই লৈছিল নৱোদিত আমেৰিকান সাম্রাজ্যবাদে। একে সময়তে ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত উত্থান ঘটা সমাজবাদী শিবিৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্প্ৰসাৰণবাদক প্রত্যাহ্বান জনাইছিল, যদিও পৰৱৰ্তী কালত ছোভিয়েট সমাজতান্ত্রিক যুক্তৰাষ্ট্ৰৰ পতন ঘটে। এইবাৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই বিনা প্রতিৰোধে নিজৰ অভিযান চলাই যাবলৈ ধৰে। মধ্যপ্রাচ্যৰ ইছলামিক দেশসমূহ প্রাকৃতিক সম্পদত বিশেষভাৱে চহকী। সেইবাবেই এই এলেকাত যিকোনো প্ৰকাৰে কর্তৃত্ব স্থাপন কৰাটো আমেৰিকাৰ বাবে বাণিজ্যিক আৰু ৰাজনৈতিক উভয় দিশৰ পৰাই জৰুৰী হৈ উঠিছিল।

ইৰান-ইৰাক-আফগানিস্তানৰ পৰা আৰম্ভ কৰি সমগ্র মধ্যপ্রাচ্যৰ লগতে তুৰস্ক আৰু আনফালে তুর্কমেনিস্তান, আজাৰবাইজান আদি অঞ্চলত প্রভুত্ব বিস্তাৰেৰে আমেৰিকাই প্রতিদ্বন্দ্বী বুলি ভবা ৰাছিয়া আৰু চীনৰ ওপৰতো চকু ৰাখিবলৈ আৰম্ভ কৰিলে। আমেৰিকাৰ দমন নীতিৰ বিৰুদ্ধে মধ্যপ্রাচ্যৰ দেশসমূহে গণতান্ত্রিকভাৱে প্ৰতিবাদ নকৰাত অঞ্চলটোত ইছলামিক উগ্রপন্থী সংগঠনৰ জন্ম হয় আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। এই কথাক আমেৰিকাই 'বিশ্ব সন্ত্রাসবাদ' আখ্যা দি ইউৰোপৰ নাটো দেশসমূহক লগত লৈ ইছলামিক মৌলবাদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। নামত যদিও ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ, আচলতে এই যুদ্ধসমূহৰ অন্তৰালৰ উদ্দেশ্য আছিল আমেৰিকাৰ বাণিজ্যিক প্রতিপক্ষসমূহক নিঃশেষ কৰি পেট্ৰ ডলাৰৰ সাম্রাজ্য অক্ষুণ্ণ ৰখা, ইৰাক-ছিৰিয়াকে ধৰি আমেৰিকাৰ কৰ্তৃত্ব মানি নোলোৱা দেশসমূহক 'ঠাণ্ডা' কৰা। তাকে কৰিবলৈ যাওঁতে এখন দেশ বাকী ৰৈ গ'ল। সেইখন হ'ল ইৰান। একালত আমেৰিকাৰ সমৰ্থক শ্বাহ ৰাজবংশৰ দ্বাৰা শাসিত ইৰানে সেই আমেৰিকাৰ দালাল স্বৰূপ শাসকক ইছলামিক বিপ্লৱেৰে ওফৰাই দি নিজৰ স্বাধীনতা আৰু সার্বভৌমত্ব অক্ষুণ্ণ ৰাখি বিশ্ব বাণিজ্যত প্ৰৱেশ কৰিলে। 

ইৰানৰ এই উত্থান আমেৰিকা আৰু নাটো দেশৰ বাবে বাণিজ্যিক প্রত্যাহ্বান হৈ উঠিব পাৰে বাবেই ইৰানৰ প্ৰতিটো খোজতে দোষ ধৰি, নানা ধৰণে অসুবিধাত পেলাই অৱশেষত এক প্ৰকাৰ বিশ্বৰ ৰাজনৈতিক বাণিজ্যিক ক্ষেত্ৰত ইৰানক দীর্ঘকালৰ বাবে এঘৰীয়া কৰি তুলিলে আমেৰিকাই। আমেৰিকাৰ এই অভিযানৰ সহযোগী আছিল বহুকেইখন নাটো দেশ, ইজৰাইল আৰু মধ্যপ্রাচ্যৰ আমেৰিকাৰ বহতীয়া দেশসমূহ। নানা প্ৰৰোচনা আৰু মিছা অপবাদেৰে ইৰানক বিশ্ব জনমতৰ ওচৰত হেয় প্রতিপন্ন কৰাৰ চক্রান্ত চলিল। কিন্তু এই দীর্ঘকালৰ দমন-নিপীড়নক ইৰানে ওফৰাই দিব পৰাকৈ তলে তলে শক্তি সঞ্চয় কৰিবলৈ ধৰিলে। প্রাচীন পাৰস্য সভ্যতাৰ উত্তৰাধিকাৰী আৰু মেধাৱী মানুহৰ দেশ ইৰানী জনতাৰ দেশপ্রেম আৰু কর্মনিষ্ঠা অতি উচ্চ স্তৰৰ। শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে ড'নাল্ড ট্রাম্প মার্কিন ৰাষ্ট্ৰপতি হৈ আমেৰিকাৰ বিৰুদ্ধে সামান্যভাবে প্রত্যাহ্বান কৰাসকলকো শেষ কৰি দিয়াৰ নীতি ল'লে। আনকি নাটো দেশসমূহৰ বহুতৰে ওপৰত নানা কৰ-কাটল আৰু চৰ্ত আৰোপ কৰিলে। ইয়াৰ পাছত ইজৰাইলক লগত লৈ ইৰানৰ লগত শান্তি আলোচনা চলাই থকা অৱস্থাত আক্রমণ কৰি ইৰানৰ ৰাষ্ট্ৰপতি আৰু কেইবাজনো সেনাপ্রধানক হত্যা কৰিলে। দীর্ঘদিনৰ গোপন প্রস্তুতি আৰু ৰাছিয়া-চীনৰ পৰা লাভকৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত ইৰানে এনে ভয়ংকৰ ধৰণে উভতি ধৰিলে- যিটো ট্রাম্প নাইবা বেঞ্জামিন নেটান্যাহুৰ কল্পনাৰো অগোচৰ আছিল। তিনি মাহতকৈও অধিক কাল যুদ্ধ কৰি আমেৰিকা সামৰিক-বাণিজ্যিক আৰু ৰাজনৈতিকভাৱে ক্ষতিগ্রস্ত হয়। ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে আমেৰিকাত প্ৰজা বিদ্রোহ হয়। আমেৰিকাৰ বাণিজ্যিক ঘাটি, শ্বেয়াৰ বজাৰৰ পতনে অভিলেখ সৃষ্টি কৰে। ইৰানৰ সামৰিক ক্ষমতা, মনোবল আৰু দৃঢ়তা কিন্তু একে ধৰণে থাকিল। অৱশেষত এখন চুক্তিৰ জৰিয়তে এই যুদ্ধ সমাপ্তিৰ বাবে প্রস্তুতি চলাবলৈ আমেৰিকা বাধ্য হ'ল। এয়া বিশ্ববাসীৰ বাবে এটা অতি ভাল খবৰ।

অহা ১৯ জুনত জেনেভাত স্বাক্ষৰিত হ'ব লগা এই চুক্তিৰ এটা চৰ্ত হ'ল যুদ্ধৰ ক্ষয়-ক্ষতি আৰু বহু বছৰ ধৰি জব্দ কৰি ৰখা ইৰানৰ সমগ্র ন্যায্যভাৱে পাব লগা ধন পৰিশোধ কৰা হ'ব। হৰমুজ প্রণালী সকলোৰে বাবে টোল বিহীন ৰূপে মুকলি থাকিল। আমেৰিকাৰ সেনা প্রত্যাহাৰ হ'ব। খাৰুৱা তেলৰ মুকলি সৰবৰাহে বিশ্ব বজাৰত তেলৰ মূল্য হ্রাস কৰাৰ সম্ভাৱনা। ইমানদিনে আমেৰিকাৰ একাধিপত্যৰ বাবে, আমেৰিকাই বলপূর্বক নিয়ন্ত্রণ নিজৰ হাতত ৰখা বাবে বিশ্ব বাণিজ্যত আন দেশসমূহ নানা অসুবিধাৰ সন্মুখীন হৈছিল। এই চুক্তি স্বাক্ষৰিত কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী ৰূপে পাকিস্তানেও এটা বিশেষ ভূমিকা ল'লে। এই চুক্তিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল আমেৰিকাৰ 'ছুপাৰ পাৱাৰ গিৰিৰ অন্ত পৰাটো। এই চুক্তি বিশ্বৰ শান্তিকামী মানুহৰ জয়ৰ প্ৰতীক হৈ উঠক।

Share This