আজিৰ সম্পাদকীয়, নীট, এন টি এ ইত্যাদি

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক: সম্প্রতি ভাৰতত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা তথা অতি চর্চা হৈ থকা অন্যতম বিষয় হৈছে ২০২৬ চনৰ চিকিৎসা বিজ্ঞান বিষয়ৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা। এই বছৰৰ ৩ মে'ত অনুষ্ঠিত হৈছিল নীট-ইউ জি পৰীক্ষা। কিন্তু প্রশ্নকাকত ফাদিল হোৱা বাবে উক্ত পৰীক্ষা বাতিল কৰা হয়। এই পৰীক্ষা বাতিলৰ বাবে প্রায় ২৩ লাখ ছাত্র-ছাত্রীয়ে ভুগিব লগীয়া হয়। 

পুনৰ ২১ জুনত উক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কর্তৃপক্ষই প্রস্তুতি চলাইছে। ইয়াৰ মাজতে চলি আছে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চি বি আই) তদন্ত, যুৱ-ছাত্ৰৰ প্রতিবাদ আৰু উচ্চতম ন্যায়ালয়ত এই লৈ শুনানি। কেন্দ্ৰীয় চৰকাৰে ১২ মে'ত উক্ত পৰীক্ষা বাতিল কৰে আৰু তদন্তৰ ভাৰ চি বি আইক দিয়ে। চি বি আয়ে ইতিমধ্যে ১৫জন মান লোকক গ্ৰেপ্তাৰ কৰিছে। চি বি আইৰ তদন্তত প্রকাশ পাইছে যে গোপন প্রশ্ন ভাণ্ডাৰত (কুৱেশ্যন বেংক) পৰীক্ষাৰ আগতে সিন্ধি খন্দা হ'ল। 

অৰ্থাৎ, পৰীক্ষাৰ আগতেই অভিযুক্ত ভিতৰৰ লোকে উক্ত ভাণ্ডাৰৰ প্ৰশ্ন সংকলন কৰি হাতে লিখা 'গেছ পেপাৰ' তৈয়াৰ কৰি বিতৰণ কৰিছিল। এই 'গেছ পেপাৰ'বোৰ নীটৰ পৰীক্ষাৰ প্ৰকৃত প্রশ্নকাকতবোৰৰ সৈতে মিলি গৈছিল। এই প্রশ্নকাকত ফাদিলৰ বাবে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে সন্দেহ কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেশ্যনেল টেষ্টিং এজেঞ্চি (এন টি এ)-য়ে নিয়োগ কৰা বিষয় বিশেষজ্ঞ, ক'চিঙৰ মধ্যস্থতাকাৰী আদিক। চি বি আয়ে দিল্লী, জয়পুৰ, গুৰগ্রাম, নাছিক, পুনে, লাটুৰ আদিৰ পৰা উক্ত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, এসপ্তাহমানৰ ভিতৰত চি বি আয়ে নীট-ইউ জি ২০২৬-ৰ প্ৰশ্নকাকত ফাদিল গোচৰত প্ৰথমখন অভিযোগনামা দাখিল কৰিবলৈ প্রস্তুতি চলাই আছে। চি বি আয়ে দাখিল কৰিবলগীয়া প্ৰথমখন অভিযোগনামাত এন টি এৰ প্ৰশ্নকাকত প্রস্তুত সমিতিত থকা তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী পি ভি কুলকাণী (ৰসায়ন বিজ্ঞান), মনীষা মান্ধেৰে (উদ্ভিদ বিজ্ঞান আৰু প্রাণীবিজ্ঞান) তথা মনীষা হৱালদাৰ (পদার্থ বিজ্ঞান)ৰ নাম আছে। তদন্তকাৰীৰ অভিযোগ মতে, ৩ মে'ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই উক্ত তিনিগৰাকী শিক্ষক-শিক্ষয়িত্রীয়ে তেওঁলোকৰ বিষয়ৰ প্ৰশ্নবোৰ পাইছিল আৰু বৃহৎ পৰিমাণৰ ফীজৰ বিনিময়ত কৰা ক'চিঙৰ সময়ত ছাত্র-ছাত্রীক সেইবোৰ দিছিল।

ইফালে বহুচর্চিত অনলাইন আন্দোলন কক্ৰ'চ জনতা পাৰ্টিৰ (চি জেপি) প্রতিষ্ঠাপক অভিজিৎ দীপ্‌কেয়ে নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলক লৈ আৰম্ভ কৰিছে চি জে পিৰ প্ৰথমটো প্রধান অভিযান। এই অভিযানৰ অধীনত নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ পদত্যাগ দাবী কৰি অনলাইন আবেদন কৰা হৈছে। নীটৰ এই প্ৰশ্নকাকত ফাদিলক ২৩ লাখ শিক্ষাৰ্থীৰ আশা-আকাংক্ষা চূড়মাৰ কৰা 'ব্যৱস্থাৰ বিফলতা' আখ্যা দি দীপ্‌কেয়ে বিভিন্ন মঞ্চত এই অভিযান চলাইছে। কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ১০ লাখ আৱেদনৰ লক্ষ্য লোৱা এই অভিযানত ইতিমধ্যে ৫ লাখ ৭৯ হাজাৰতকৈ অধিক আৱেদন গোট খাইছে। ইফালে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি। 

সোমবাৰে উচ্চতম ন্যায়ালয়ে অল ইণ্ডিয়া মেডিকেল এছ'চিয়েশ্যনে (এফ এ আই এম এ) আৰু ইউনাইটেড ডক্টৰ্ছ ফ্রন্টে দাখিল কৰা দুখন আৱেদনৰ শুনানি গ্রহণ কৰে। ইয়াৰে এখন আৱেদনত এন টি এৰ সলনি অন্য এক সংস্থাক দায়িত্ব দিবলৈ অথবা এন টি এৰ আমূল পৰিৱৰ্তন ঘটাবলৈ অনুৰোধ কৰা হৈছে। আনখনত সাংবিধানিক আৰু সংসদীয় জবাবদিহিতা নিশ্চিত কৰিবলৈ এন টি এক পঞ্জীয়নভুক্ত সমিতিৰ (ছ'চাইটি) পৰা বিধিবদ্ধ সংস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয় আৰু এন টি এলৈ জাননীও প্ৰেৰণ কৰে। কিন্তু ন্যায়ালয়ে শুনানি গ্রহণ কৰি কৰা মন্তব্য অতি গুৰুত্বপূৰ্ণ। ন্যায়ালয়ে কয় যে পৰীক্ষা অনুষ্ঠিত কৰা এন টি এ-এ ২০২৪ চনত পৰীক্ষাৰ প্ৰশ্নকাকত (স্থানীয়ভাৱে) ফাদিল হোৱা ঘটনাৰ দুবছৰৰ পাছতো কোনো শিকনি নল'লে। 

উল্লেখযোগ্য যে ২০২৪ চনতো নীট পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হৈছিল, কিন্তু স্থানীয়ভাৱে হোৱা বাবে সেইবাৰ ন্যায়ালয়ে পৰীক্ষা বাতিল নকৰিলে। কিন্তু পৰীক্ষা প্ৰক্ৰিয়াৰ সংস্কাৰৰ বাবে তথা ইয়াক ত্রুটীশূন্য কৰিবলৈ ইছৰ'ৰ অধ্যক্ষ কে আৰ ৰাধাকৃষ্ণণৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিল। কিন্তু দুবছৰৰ পাছতো এন টি এ-এ অনুষ্ঠিত কৰা পৰীক্ষাৰ অৱস্থা আৰু শিক্ষার্থীৰ আশা-আকাংক্ষাৰ বিপদাশংকা একেই থাকিল।

Share This