নেপালত জুই

dainik janambhumi September 10, 2025

ডিজিটেল ডেস্কঃ  'জেনেৰেশ্যন জেড' প্রজন্মটোৱে অসন্তুষ্ট হ'লে কি ৰূপ ধাৰণ কৰিব পাৰে সেই ভয়ংকৰ দৃশ্য সম্প্রতি দেখা পোৱা গৈছে আমাৰ চুবুৰীয়া ৰাজ্য নেপালত। নেপালত সম্প্রতি চৌদিশে অৰাজকতা। 'জেনেৰেশ্যন জেড'ৰ ভয়ংকৰ প্ৰতিবাদৰ বাবে তাৰ প্রধানমন্ত্রী কে পি শর্মা অলি আৰু বহুকেইজন মন্ত্রীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। একেই কাৰণতে সোমবাৰে নিশা দেশখনৰ গৃহ মন্ত্রীজনেও পদত্যাগ কৰে।

প্ৰাক্তন প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেওবা, দেশখনৰ বিত্ত মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীগৰাকী এই 'জেনেৰেশ্যন জেড' প্রতিবাদকাৰীৰ হাতত প্রহৃতও হৈছে। প্রধানমন্ত্রী শর্মা অলি, প্রাক্তন প্রধানমন্ত্রী প্রচণ্ড ওৰফে পুষ্পকমল দাহালৰ ঘৰ প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে। ইমানেই নহয়, প্রতিবাদকাৰীসকলে প্রাক্তন প্রধানমন্ত্রী ঝলন্ত খানালৰ বাসভৱনতো জুই লগাই দিয়ে। সেই সময়ত ঘৰৰ ভিতৰত থকা খানালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰ গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ চিকিৎসাধীন হ'বলগীয়া হয়। দেশখনৰ সংসদ ভৱনতো প্রতিবাদকাৰীসকলে চলায় তাণ্ডৱলীলা আৰু জ্বলাই দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ো। দেশখনৰ আটাইতকৈ ক্ষমতাৱান ব্যক্তিসকলৰ হোৱা এনে অৱস্থাৰ পৰাই অনুমান কৰিব পাৰি দেশখনৰ 'জেনেৰেশ্যন জেড'ৰ প্রতিবাদে কি ৰূপ ধাৰণ কৰিছে। এতিয়া স্বাভাৱিকতে প্রশ্ন উঠিব এই 'জেনেৰেশ্যন জেড'নো কি আৰু কিয় হৈছে এই উগ্র প্রতিবাদ? 'জেনেৰেশ্যন জেড' হৈছে বৰ্তমানৰ কিশোৰ আৰু যুৱ প্ৰজন্মটো, যিসকলৰ জন্ম ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত হৈছে। অর্থাৎ ১৩ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত প্ৰজন্মটোৱেই নেপালত সৃষ্টি কৰিছে অভূতপূৰ্ব আৰু অভাৱনীয় ভয়াৱহ পৰিস্থিতিৰ। নেপালৰ যোগাযোগ মন্ত্ৰীগৰাকীয়ে হঠাৎ যোৱা সপ্তাহত দেশখনত সকলো সামাজিক মাধ্যম বন্ধ কৰি দি এক আদেশ জাৰি কৰি দিয়াক লৈয়ে ক্ষুব্ধ হৈ পৰা এই প্ৰজন্মৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে। এওঁলোক চৰকাৰৰ মুৰব্বীসকলৰ দুর্নীতিক লৈও ক্ষুব্ধ হৈ আছিল। নেপালৰ চৰকাৰৰ দায়িত্বত থকাসকলে, অৰ্থাৎ 

চৰকাৰৰ মুৰব্বীসকলে এই প্রজন্মটোৰ মনস্তত্ত্বক অনুধাৱন কৰাত ব্যৰ্থ হৈ বলপূর্বকভাৱে এই প্রতিবাদ দমন কৰিবলৈ যোৱাৰ পৰিণতিতে সম্প্রতি দেশখনত অৰাজক অৱস্থাৰ সৃষ্টি হৈছে। 'জেনেৰেশ্যন জেড'ৰ প্ৰতিবাদকাৰীসকল এতিয়া এনে অৱস্থাত আছে যে তেওঁলোকে ইয়াতকৈও ভয়ংকৰ কাণ্ড সংঘটিত কৰি দিব পাৰে। কাৰণ প্ৰতিবাদকাৰীসকলক বুজোৱাৰ পৰিৱৰ্তে দমন কৰিবলৈ গৈ চৰকাৰে গুলী চলাই দিলে, যাৰ ফলত ২২জনতকৈও অধিক প্রতিবাদকাৰীৰ মৃত্যু হ'ল, চাৰি শতাধিক আহত হ'ল। আহত বহুতৰ অৱস্থা সংকটজনক। তাৰ পাছতো এই তৰুণ প্ৰজন্মৰ প্ৰতিবাদকাৰীসকলে ভয় কৰা নাই। গতিকে, দেশখনৰ এই অৱস্থাই অৱশেষত কি ৰূপ ধাৰণ কৰে ক'ব পৰা নাযায়। নেপালত যি কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হ'ল, সেয়া কেৱল নেপালৰ বাবেই নহয় সমগ্র বিশ্ববাসীৰ বাবে এটা ভাবিবলগীয়া কথা। এই 'জেনেৰেশ্যন জেড'ক 'ডিজিটেল নেটিভ' বুলি কোৱা হয়। অর্থাৎ এওঁলোক তথ্য-প্রযুক্তিৰ আহিলা, যেনে- কম্পিউটাৰ, স্মাৰ্টফ'ন, ইণ্টাৰনেট আদিৰ মাজত ডাঙৰ-দীঘল হৈছে। এওঁলোকৰ সম্পূৰ্ণ মনোজগতখন এইবোৰেৰেই আচ্ছন্ন হৈ আছে। এইবোৰৰ পৰা আঁতৰত থকাৰ কথাটো এই প্রজন্মই ভাবিবই নোৱাৰে। সেয়েহে, নেপালত সামাজিক মাধ্যম চৰকাৰে নিষিদ্ধ কৰি দিয়াৰ লগে লগে এই প্রজন্মটো হিতাহিত জ্ঞানশূন্য হৈ পৰিল। 'জেনেৰেশ্যন জেড'ৰ চিন্তা-চৰ্চাক আগৰ প্ৰজন্মবোৰৰ লগত তুলনা কৰি এই প্রজন্মটোক অনুশাসনৰ বান্ধোনত আবদ্ধ কৰিব বিচৰাটোও যে বিপজ্জনক সেই বাৰ্তা নেপালৰ পৰিস্থিতিয়ে বিশ্বৰ সকলোকে দিছে। এই প্রজন্মটো ম'বাইলৰ লগত একাত্ম হৈ পৰিছে। এওঁলোকক ম'বাইলৰ অপকাৰিতাবিলাকৰ পৰা ৰক্ষা কৰিবলৈ জবৰদস্তি কৰিবলৈ গ'লে হিতে বিপৰীত হোৱাৰ আশংকা থাকিব যে পাৰে সেই বার্তাও নেপালে দিলে। নিজৰ নিজৰ সন্তানৰ ক্ষেত্ৰতো এই উদাহৰণ প্ৰযোজ্য। নিজৰ সন্তানক গাৰ জোৰেৰে নহয়, মৰমেৰে সিহঁতে সহ্য কৰিব পৰাকৈ কথাবোৰ বুজাব পাৰিব লাগিব। নেপালৰ পৰিস্থিতিটোৱে আৰু এটা ভয়ানক বার্তা বিশ্বলৈ দিছে। ইয়াৰ আগতে বাংলাদেশত যুৱ প্রজন্ম ৰাজপথলৈ ওলাই অহাৰ পৰিণতিত শ্বেখ হাছিনা চৰকাৰৰ পতন হ'ল। এইবাৰ নেপালৰ যুৱ প্ৰজন্মই তাৰ চৰকাৰ উৎখাত কৰিলে। এতিয়া বিশ্ব সতর্ক হৈ থাকিব লাগিব যুৱ প্ৰজন্মৰ তৃতীয়টো অভ্যুত্থান ক'ত বা হয়! ক্ষমতাৰ দম্ভত বিভোৰ হৈ থকাসকলে সৰু সৰু কিছুমান অসন্তুষ্টি, ক্ষোভত গুৰুত্ব নিদিয়ে।

পুলিচ-মিলিটেৰী লগাই ঠাণ্ডা কৰি দিয়াৰহে মানসিকতা দেখা যায় বিশ্বৰ প্ৰায়বোৰ শাসকৰ ক্ষেত্ৰত। কিন্তু ফিৰিঙতিৰ পৰাই যে খাণ্ডৱ দাহৰ দৰে পৰিস্থিতি য'তে ত'তে হৈ যাব পাৰে তাৰ উদাহৰণ বাংলাদেশৰ পিছত নেপালত দেখা গ'ল। সেই কাৰণে শাসকসকল সতর্ক হৈ থকা উচিত। নেপালৰ পৰিস্থিতি কোনে কেনেকৈ নিয়ন্ত্রণলৈ আনে তালৈ সকলোৱে কৌতূহলেৰে বাট চাইছে।

Share This