পাকিস্তান-আমেৰিকা সম্পৰ্ক

dainik janambhumi June 21, 2025

ডিজিটেল ডেস্ক : পহলগামত পৰ্যটকৰ ওপৰত হোৱা গুলীবর্ষণ আৰু নিৰীহ পৰ্যটকৰ হত্যাৰ ঘটনাই হৃদয়ে হৃদয়ে তোলা বেদনাৰ জোকাৰণি এতিয়াও মাৰ যোৱা নাই। তাৰ আগতে হোৱা পুলৱামা আক্রমণ আৰু তেনে আন বহু কুটাঘাতমূলক কাৰ্যৰে পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে ভাৰতক অস্থিৰ-অশান্ত কৰি তোলাৰ বহু ভয়াৱহ ঘটনাৰ স্মৃতিও সজীৱ হৈ আছে। পহলগামৰ ঘটনাৰ পাছত তাৰ উপযুক্ত সামৰিক প্ৰত্যুত্তৰ দিবলৈ ভাৰত বাধ্য হৈছিল। পাকিস্তানৰ ওপৰত আক্রমণ চলোৱা হৈছিল। তিনিদিনতকৈও অধিক কাল ভাৰত- পাকিস্তানৰ যুদ্ধ চলিল। এই যুদ্ধত ভাৰতীয় পক্ষ যেতিয়াই এটা সন্তোষজনক অৱস্থাত উপনীত হৈছিল- ঠিক তেনে সময়তে ১০ মে'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ঘোষণা কৰিলে যে ভাৰত আৰু পাকিস্তানে ট্রাম্পৰ মধ্যস্থতাত এটা বুজাবুজিত উপনীত হৈছে আৰু যুদ্ধ-বিৰতি ঘোষণা কৰা হৈছে। যদিহে ভাৰত-পাকিস্তানৰ মাজত কোনো বুজাবুজিত উপনীত হৈ যুদ্ধ-বিৰতি ঘোষণা হৈছিল, তেন্তে সেই ঘোষণা হ'ব লাগিছিল ভাৰত-পাকিস্তানৰ যৌথ বিবৃতি যোগে নাইবা দুই দেশৰ চৰকাৰৰ তৰফৰ পৰা। ট্রাম্পৰ ঘোষণাৰ ঠিক পাছ মুহূর্ততে ভাৰত-পাক যুদ্ধকালীন তৎপৰতা হ্রাস পোৱা কাণ্ডই ট্রাম্পৰ ঘোষণাৰ সত্যতা প্রতিপন্ন কৰে। 

'আমেৰিকাই দুয়ো দেশক যুদ্ধত অৱতীৰ্ণ হৈ ক্ষতিগ্রস্ত হোৱাৰ পৰা ৰক্ষা কৰিলে। হঠাৎ আমেৰিকা ভাৰত-পাকিস্তানৰ পৰিত্ৰাণকর্তা হৈ উঠিল। আমেৰিকাৰ কথা মতে যুদ্ধ-বিৰতি হৈছে'- ট্রাম্পৰ এই ঘোষণাক ভাৰত চৰকাৰৰ তৰফৰ পৰা সেই সময়ত প্রত্যাহবান জনোৱা নহ'ল। পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ শোচনীয় আর্থিক অৱস্থাৰ জোৰা মাৰিবলৈ বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ ফালৰ পৰাও পাকিস্তানক বৃহৎ পৰিমাণৰ ঋণ দিয়াৰ ব্যৱস্থা হ'ল। পাকিস্তানৰ ঋণ প্রাপ্তিতো আমেৰিকাৰ ভূমিকা আছে। অর্থাৎ ভাৰতৰ তুলনাত যে আমেৰিকা পাকিস্তানৰ প্ৰতিহে অধিক দুর্বল আৰু দায়বদ্ধ সেই কথা লাহে লাহে স্পষ্ট হৈ উঠিল। এই কথা ভাৰতৰ বাবে অস্বস্তিদায়ক, সেই কথা কোৱাৰ প্ৰয়োজন নাই। কাৰণ ভাৰতত, চলি থকা সন্ত্রাসবাদীৰ আক্ৰমণৰ নেপথ্যত পাকিস্তানৰ ভূমিকা স্পষ্ট। ইমানখিনি নিৰীহ লোকৰ ৰক্তপাতৰ পাছতো পাকিস্তান বিচলিত হোৱা নাছিল। শেহতীয়াকৈ আমেৰিকাই পাকিস্তানৰ প্ৰতি স্পষ্টকৈয়ে পক্ষপাতদুষ্ট আচৰণ কৰিছে। এয়া ভাৰতৰ বাবে উদ্বেগৰ কাৰণ। অলপতে কানাডাত অনুষ্ঠিত হোৱা জি-ছেভেন শীর্ষ বৈঠকত যোগদান কৰিবলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অভিজ্ঞতা বৰ সুখকৰ নহ'ল। তাৰ পিছতে মোদীৰ বন্ধু বুলি অভিহিত ড'নাল্ড ট্রাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে পাকিস্তানৰ সেনাধ্যক্ষ ফিল্ড মাছেল আছিম মুনীৰক হোৱাইট হাউছত আতিথ্য দি ভাৰতলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে। জি-ছেভেন সম্মিলন আধাতে এৰি উভতি আহি তেওঁ হোৱাইট হাউছত আছিম মুনীৰৰ লগত একেলগে আহাৰ গ্ৰহণ কৰিলে। ভাৰতৰ সন্ত্রাসবাদী কাৰ্যকলাপৰ অন্তৰালত পাকিস্তানে গ্ৰহণ কৰা ভূমিকাৰ সন্দৰ্ভত পাকিস্তানক সামান্যতমো সতর্কবাণী শুনোৱা নহ'ল। বৰঞ্চ ভাৰতৰ ওপৰতহে নতুনকৈ নানা কৰ-কাটল জাপি দিয়া হ'ল। ৰাষ্ট্ৰপতি ট্রাম্পে হোৱাইট হাউছত কৰা আপ্যায়নত স্বাভাৱিকতেই আছিম মুনীৰ গদ গদ হৈছে। আনকি ড'নাল্ড ট্রাম্পক শান্তিৰ নোবেল বঁটা দিবলৈও আহবান জনাইছে।

এই কথা কোনো ভাৰতীয়ই পাহৰা নাই যে আছিম মুনীৰে পহলগাম আক্ৰমণৰ সময়ত ভাৰতৰ প্ৰতি বহু তাচ্ছিল্যসূচক মন্তব্য কৰিছিল। পহলগামৰ হত্যালীলাৰ তেওঁ আছিল প্রধান পৃষ্ঠপোষক। তেনে এজন লোকক ভোজলৈ আমন্ত্ৰিত কৰি সন্মান জনোৱা এখন দেশ আৰু তাৰ ৰাষ্ট্ৰপতিৰ পৰা ভাৰত-পাক দ্বিপাক্ষিক বিষয়ত ভাৰতে কিবা ইতিবাচক ভূমিকা আশা কৰিব পাৰেনে? আমেৰিকাৰ এনে ভূমিকাৰ ক্ষেত্ৰত ভাৰতে তাৰ প্ৰতি থকা বিৰোধ বা অসন্তুষ্টি প্ৰকাশ কৰিব পাৰিব লাগিছিল। অন্যথা বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতৰ এয়া এটা দুর্বলতা বুলিহে প্রতিপন্ন হ'ব। প্রায় চল্লিশ দিনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ট্রাম্পক ফ'নযোগে কৰা আলোচনাত প্রকাশ কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ- বিৰতি মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ কথামতে হোৱা নাই। এই কথা বলিষ্ঠভাবে বহু আগতেই প্রধানমন্ত্রীয়ে প্রকাশ কৰিব পাৰিব লাগিছিল। কাৰণ আমাৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱাকৈয়ে ড'নাল্ড ট্রাম্পক ভাৰত বন্ধু ঘোষণা কৰি থৈছে। যিটো নিৰ্বাচনত ট্রাম্প হাৰিছিল, সেই নিৰ্বাচনৰ আগে আগে হোৱা এটা অনুষ্ঠানত আমেৰিকা ভ্ৰমণলৈ যোৱা আমাৰ প্ৰধানমন্ত্ৰীয়ে 'অব কি বাৰ ট্রাম্প চৰকাৰ' বুলি কৈ ট্রাম্পৰ প্ৰতি সমর্থন ঘোষণা কৰি আহিছিল। তেনেক্ষেত্ৰত আমেৰিকাৰ শেহতীয়া ভাৰত-বিৰোধী স্থিতি ভাৰতৰ বৈদেশিক নীতিৰ ব্যৰ্থতা বুলিহে পৰিগণিত হ'ব। অৱশ্যে ইজৰাইল-ইৰানৰ যুদ্ধত পাকিস্তানে যাতে ইৰানৰ পক্ষ নলয়, তাৰ প্ৰতিৰোধক ৰূপেও মার্কিন ৰাষ্ট্ৰপতিয়ে মুনীৰক সন্তুষ্ট কৰিব খুজিছে। যিয়েই নহওক, মার্কিন যুক্তৰাষ্ট্ৰৰ পৰা পোৱা সাহায্য আৰু পৃষ্ঠপোষকতাই যে পাকিস্তানক আসৈ দিব এই কথা ঠিক। তাৰ মূল্য হয়তো পুনৰ ভাৰতে দিব লাগিব, সন্ত্রাসবাদীৰ কোনো কূটাঘাতমূলক কাৰ্যৰ পৰিণতিৰ। ভাৰত পুনৰ সতৰ্ক হ'বৰ হ'ল।

Share This