ডিজিটেল ডেস্কঃ স্বাস্থ্যই পৰম ধন। সুস্বাস্থ্য অবিহনে অপাৰ ধন-সম্পদৰেও জীৱন নুকুলায়। এয়া চিৰন্তন সত্য। এফালে জীৱনশৈলীৰ উন্নীতকৰণেৰে মানুহে যি হাৰত স্বাস্থ্যৰ যতন ল'বলৈ আৰম্ভ কৰিছে, আনফালে বদ অভ্যাস অথবা আৰামপ্রিয়তাই মানুহক ক্রমশঃ বিভিন্ন ৰোগেৰে ৰুগীয়াও কৰি তুলিছে। ইয়াৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে ভুল চিকিৎসা আৰু ভেজাল ঔষধৰ বেহা।
শেহতীয়াকৈ চিকিৎসকৰ বিধানমতে খোৱা কাহৰ দৰবেই এতিয়া কাল হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে। কফ ছিৰাপ খাই মধ্য প্রদেশ, ৰাজস্থানত শিশুৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত পোহৰলৈ আহিছে কফ ছিৰাপৰ নামত স্বাস্থ্য খণ্ডত চলি থকা ভয়ংকৰ জালিয়াতিৰ তথ্য। মধ্য প্রদেশ আৰু ৰাজস্থানত অলপতে কফ ছিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত এই পর্যন্ত ২৩টা শিশুৰ মৃত্যু হোৱাৰ ঘটনাই সম্প্রতি উদঙাই দিছে দেশৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপটো। শিশুকেইটাৰ দুটামানক 'কলড্রিফ' নামৰ দৰবটো কাহৰ ছিৰাপ হিচাপে প্রদান কৰা চিকিৎসক ডাঃ প্রবীণ ছোনীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ছিৰাপটো মুকলি কৰা তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ শ্ৰীছান ফাৰ্মাচিউটিকেল কোম্পানীৰ বিৰুদ্ধেও মধ্য প্রদেশ চৰকাৰে গোচৰ তৰিছে।
উল্লেখযোগ্য যে 'কলড্রিফ' নামৰ ছিৰাপটো বিক্ৰীৰ ক্ষেত্ৰত মধ্য প্রদেশ চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল। প্ৰামাণিক তথ্যৰ ভিত্তিত পোহৰলৈ আহিছিল যে এই দৰবৰ নমুনাত ৪৮.৬ ডাইথাইলিন গ্লাইকল নামৰ বিষাক্ত পদাৰ্থৰ অস্তিত্ব পোৱা গৈছে। চেন্নাইৰ ড্ৰাগ্ টেষ্টিং লেবৰেটৰীত চৰকাৰী ঔষধ বিশ্লেষকে ইয়াক 'মানক মানৰ নহয়' বুলি ঘোষণা কৰিছে। এই স্পৰ্শকাতৰ বিষয়টোৰ চি বি আই তদন্ত বিচাৰি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আৱেদনো দাখিল কৰা হৈছে। 'কলড্রিফ' ছিৰাপৰ বাবে মধ্য প্রদেশৰ চিন্দৱাৰাত শিশুৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ পাছত সমগ্র মধ্য প্রদেশতে এই ছিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। আনকি ছিৰাপ নির্মাতা কোম্পানীটোৰ অন্যান্য সামগ্রী বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মধ্য প্রদেশৰ বাহিৰেও ৰাজস্থানতো কলড্রিফ আৰু নেক্সট্র'-ডি এছ ঔষধ সেৱন কৰি শিশুৰ মৃত্যু হৈছে। শিশুৰ মৃত্যুৰ ঘটনাৰ পাছত মধ্য প্রদেশৰ লগতে ৰাজস্থান, তামিলনাডু, কেৰালাকে ধৰি ৭খন ৰাজ্যত এই কফ ছিৰাপ নিষিদ্ধ কৰা হৈছে।
উল্লেখযোগ্য যে মধ্য প্রদেশ আৰু ৰাজস্থানত যি ফর্মুলাৰ কফ ছিৰাপ সেৱন কৰি শিশুৰ মৃত্যু হৈছিল সেই ফর্মুলা শিশুক দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দুবছৰ পূর্বেই নিষেধাজ্ঞা আৰোপ কৰিছিল। ঔষধৰ মানক নিয়ন্ত্রণ সংস্থা 'চেন্ট্রেল ড্রাগ ষ্টেণ্ডার্ড কন্ট্র'ল অর্গেনাইজেশ্যন' (চি ডি এছ চি অ')-ই ২০২৩ চনৰ ১৮ ডিচেম্বৰত ক্ল'ৰফেনিৰামাইন মেলিয়েট আৰু ফিনাইলেফ্রিন এছ চি এল ফর্মূলাৰ দৰব চাৰি বছৰ তলৰ শিশুক দিয়াৰ ক্ষেত্ৰত সকলো ৰাজ্যতে নিষেধাজ্ঞা জাৰি কৰিছিল। বিশেষজ্ঞৰ তথ্য অনুসৰি এই 'ফিক্স কম্বিনেশ্যন'ৰ পৰা লাভতকৈ ক্ষতিহে বেছি। কিন্তু নিষেধাজ্ঞাৰ পাছতো এই ফর্মূলাৰ ছিৰাপ ফার্মা কোম্পানীসমূহে কোনো সতর্কবাণী প্রকাশ নকৰাকৈ বজাৰত মুকলি কৰি দি আহিছিল। আনহাতে, এই ছিৰাপত ব্যৱহৃত ডাইথাইলিন গ্লাইকল আৰু ইথালিন গ্লাইকল নামৰ বিষাক্ত পদার্থবিধ চিয়াহী, ৰং তথা অন্যান্য উদ্যোগিক কেতবোৰ সামগ্ৰী নিৰ্মাণতহে ব্যৱহৃত হয়। এই পদার্থ দেহত প্ৰৱেশ কৰিলে বৃক্ক, যকৃত তথা সিৰাজনিত জটিল ৰোগ হোৱাই নহয় ই শিশুৰ দেহত প্ৰৱেশ কৰি মাৰাত্মক হৈ পৰে। ভাৰতত নির্মিত এনে ফর্মূলাজনিত কফ ছিৰাপ সেৱনৰ ফলত ২০২২ চনত আফ্ৰিকাৰ গাম্বিয়াত ৭০টাকৈ শিশুৰ কৰুণ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ উপৰি সেই সময়তে 'বিশ্ব স্বাস্থ্য সংস্থা'ই এই বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই উক্ত বিষাক্ত পদার্থ ব্যৱহৃত কফ ছিৰাপৰ ফর্মূলা সেৱনৰ বাবেই ২০২২ চনৰ পৰা গোটেই বিশ্বতে তিনি শতাধিক শিশুৰ মৃত্যু হোৱাৰ বিষয়টোত গভীৰভাৱে চিন্তিত হৈ বাৰে বাৰে সতর্কবাণী দিয়াই নহয়, কফ ছিৰাপৰ ক্ষেত্ৰত দুতৰপীয়া পৰীক্ষাৰ ব্যৱস্থাও কৰিছিল। সেই অনুসৰি এই ফর্মূলাৰ কফ ছিৰাফ বজাৰত উপলব্ধই হ'ব নালাগিছিল যদিও আশ্চর্যজনকভাৱে বজাৰত বিক্ৰী হৈ থকা এই দৰব একাংশ চিকিৎসকেও অতি দায়িত্বজ্ঞানহীনতাৰে ৰোগীক বিধানস্বৰূপে প্রদান কৰি আহিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ৰ নাকৰ তলেৰেই ফাৰ্মা কোম্পানীসমূহে এইসমূহ ফর্মূলা তৈয়াৰ কৰি বজাৰত যি মৃত্যুদূত হিচাপে মুকলি কৰি দি আহিছে ইয়াত এক ভয়ংকৰ ষড়যন্ত্ৰৰ গোন্ধ পোৱা যায়। গাম্বিয়াৰ ঘটনাৰ পাছত দেশত ৫৩০৮টা ফার্মা কোম্পানীৰ ভিতৰত ৩৮৩৮টা কোম্পানীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ বাধ্যতামূলক প্রমাণ-পত্ৰৰ নিৰ্ধাৰিত প্ৰক্ৰিয়া পূৰণ কৰিছিল যদিও ১৪৭০টা কোম্পানীয়ে এই প্রমাণ-পত্ৰৰ বাবে কোনো আৱেদনেই নকৰিলে। তেনে প্রেক্ষাপটত এই জাল কোম্পানীসমূহে তৈয়াৰ কৰি বজাৰত মুকলি কৰা দৰবে মানুহৰ স্বাস্থ্যক লৈ কিদৰে হেতালি খেলি আহিছে সেয়া জলজল-পটপট হৈ পৰিছে। আনকি এই সমগ্র ঘটনাত ফার্মা কোম্পানীসমূহৰ লগতে একাংশ চিকিৎসক, চিকিৎসা বিষয়া তথা চৰকাৰী বিষয়াৰ এক বৃহৎ চক্র জড়িত থকাৰ সম্ভাৱনীয়তা প্রকাশ পাইছে। কিয়নো নিচাযুক্ত সামগ্রী হিচাপেও কফ ছিৰাপ ব্যৱহাৰ হয় আৰু বিভিন্ন সময়ত এনে অবৈধ কফ ছিৰাপ তদন্তকাৰী সংস্থাই চোৰাং বেপাৰীৰ পৰা জব্দ কৰি আহিছে। সংশ্লিষ্ট ঘটনাৰ তদন্ত আৰম্ভ হৈছে যদিও ই কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব। চিকিৎসা সেৱা খণ্ডৰ প্ৰতিয়েই সাধাৰণ জনতাৰ মনত ভীতি সৃষ্টি কৰা এনে ঘটনাই সমাজত কি বিৰূপ প্ৰভাৱ পেলাব সেয়া পিছৰ কথা, কিন্তু জীৱনৰ লগত হেতালি খেলা এই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰ্যালয় অত্যন্ত কঠোৰ হোৱাৰ উপৰি সাধাৰণ জনতাও এই ক্ষেত্ৰত সতর্ক হোৱাটো অতি বাঞ্ছনীয়।