পাইৰেচী

dainik janambhumi November 13, 2025

ডিজিটেল ডেস্ক : বেজি চোৰো চোৰ, হাতী চোৰো চোৰ। মুঠতে যিকোনো চুৰিকাৰ্যই অপৰাধ। কিন্তু অৱহেলা বা অজ্ঞানতা যিয়েই নহওক কিয়, আন সামগ্ৰীৰ তুলনাত সাহিত্য, শিল্প, সংগীত ইত্যাদিৰ মৌলিক সৃষ্টিৰ চুৰিকাৰ্য সংঘটিত কৰাটো যে গুৰুতৰ অপৰাধ সেই কথা এতিয়াও যেন সহজে বোধগম্য হোৱা নাই সাধাৰণ জনতাৰ। কপিৰাইট আইনৰ আন্তঃৰাষ্ট্ৰীয় ন্যায্যতা থকাৰ পাছতো সাহিত্য, শিল্পকলা, সংগীত আনকি চিনেমাৰ সঘন চুৰিকাৰ্য, নকলৰ ঘটনাই সততে বিতৰ্কৰ সৃষ্টি কৰি অহাটোৱে এই সত্যকেই বহন কৰে। শেহতীয়াকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম চিনেমা (যাক জুবিনৰ অন্তিম সৃষ্টি বুলি ক'ব পাৰি) 'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচীৰ প্ৰসংগই অসমত পুনৰ কপিৰাইট আইন ভংগৰ গুৰুতৰ অপৰাধৰ কথা সোঁৱৰাই দিয়াৰ লগতে অসমীয়া ছবি উদ্যোগটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এনে অপৰাধীক চৰকাৰ, প্রশাসনে নাকী লগাব নোৱৰা সত্যটোকো উদঙাই দিয়ে।

উল্লেখযোগ্য যে কপিৰাইট এটা আইনী সংজ্ঞা, য'ত নিজৰ মৌলিক সৃষ্টিৰ যিকোনো প্ৰচাৰ, প্ৰদৰ্শন, সংৰক্ষণ অথবা বিতৰণৰ ক্ষেত্ৰত কেৱল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে, যাক কপিৰাইট স্বত্ব বুলি কোৱা হয়। কপিৰাইট স্বত্ব একে সময়তে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ অৰ্থাৎ intelectual property right-ৰ অন্তর্ভুক্ত। এই স্বত্বৰ অধীনত স্ৰষ্টাৰ জীৱনকাল বা তাৰ পাছতো দেশৰ আইন ব্যবস্থা অনুসৰি নিৰ্ধাৰিত সময় কাল থাকে, যিখিনি সময়লৈকে উক্ত সৃষ্টিৰ সমগ্র স্বত্ব বা অধিকাৰ স্ৰষ্টাৰ হাতত থাকিব। সঘন প্রচলিত শব্দ 'পাইৰেচী' বুলিলে কপিৰাইট ভংগ বা চৌর্যবৃত্তিক বুজোৱা হয়, যাৰ অৰ্থই হৈছে স্ৰষ্টাৰ মৌলিক সৃষ্টিক লৈ চৌর্যকাণ্ড সংঘটিত হৈছে।

পাইৰেচী এক শাস্তিযোগ্য গুৰুতৰ অপৰাধ আৰু ইয়াৰ লগত জড়িত অপৰাধীয়ে আইনী ব্যৱস্থাৰ সন্মুখীন হোৱাৰ লগতে কঠোৰ শাস্তিৰো সন্মুখীন হ'ব লগা হয়। কিন্তু পাইৰেচীয়ে কেৱল শিল্পীৰেই ক্ষতি কৰে তেনে নহয়, ই শিল্পক্ষেত্রখনকো ব্যাপক ৰূপত ক্ষতিগ্রস্ত কৰে। এইক্ষেত্ৰত অসমীয়া চলচ্চিত্র উদ্যোগটোৱেই ইয়াৰ জ্বলন্ত উদাহৰণ। আশীৰ দশকৰ প্ৰথমার্ধত কিছু অসমীয়া ছবি চিত্রগৃহত ভালকৈ চলিছিল যদিও আশী-নব্বৈৰ দশকত অসমীয়া চলচ্চিত্র উদ্যোগলৈ একপ্রকাৰ নৱজীৱন আহিছিল। যৌৱনে আমনি কৰে, তুমি মোৰ মাথো মোৰ, হিয়া দিয়া নিয়া ইত্যাদি বাণিজ্যিক চিনেমাৰ সফলতাই অসমীয়া চলচ্চিত্র উদ্যোগটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল। বহুকেইখন সফল বাণিজ্যিক চিনেমাই সেই সময়ত আলোড়ন সৃষ্টি কৰি চিত্রগৃহলৈ দৰ্শকৰ সোঁত বোৱাইছিল। কিন্তু সেই সোণালী যুগ বেছি দিন নিটিকিল মূলতঃ এই পাইৰেচীৰ বাবেই। ভিচিডিৰ যুগ আৰম্ভ হোৱা সেই সময়ছোৱাত সহজলভ্য হৈ পৰিছিল চি ডি প্লেয়াৰ। তাৰ সুযোগ গ্রহণ কৰি দুষ্ট চক্ৰই মুক্তিৰ পাছতেই বজাৰত মুকলি কৰি দিছিল অসমীয়া চিনেমাৰ পাইৰেটেড ভিডিঅ'। হলত চুৰিকৈ কৰা ৰেকর্ডিঙৰ ভিডিঅ' চাবলৈ ইমান উপযোগী নোহোৱাৰ পাছতো সহজলভ্য হোৱাৰ সুবাদত মানুহে চিনেমা হললৈ গৈ চোৱাৰ সলনি এইবোৰেই নিচেই কম টকাত কিনি আনি ঘৰত চি ডি প্লেয়াৰত উপভোগ কৰিছিল। আশ্চর্যজনকভাৱে মুক্তিৰ পূৰ্বেও কিছু চিনেমাৰ পাইৰেটেড ভিডিঅ' বজাৰত সুলভ হৈ পৰিছিল, যিবোৰৰ দৃশ্য-শ্রাব্য গুণো উন্নত আছিল। স্বাভাৱিকতে ইয়াৰ আঁৰত এক বৃহৎ চক্র জড়িত হৈ থকাৰ কথা এনে ঘটনাই তেতিয়াই প্রমাণ কৰিছিল। কিন্তু এই সামগ্রিক-কাণ্ডৰ ফলত দৰ্শকৰ অভাৱত স্থানীয় চিনেমা হলবোৰ মৃত্যুমুখত পৰিছিল। বন্ধ হৈ গৈছিল ঐতিহাসিক বহু চলচ্চিত্র গৃহ। অসমীয়া চলচ্চিত্র উদ্যোগটোকেই ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এই পাইৰেচীৰ বিৰুদ্ধে সেই সময়ত চলচ্চিত্র জগতৰ লগত জড়িত কলা-কুশলী ব্যাপক ৰূপত সৰৱ হৈ উঠিছিল আৰু প্রশাসনেও কিছু কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল। কিন্তু এই ব্যৱস্থাই যে পর্যাপ্ত নাছিল, সেয়া আজিৰ তাৰিখত দেখা অসমীয়া চলচ্চিত্র উদ্যোগটোৰ দুখ লগা অৱস্থাই পুনৰ প্ৰতিপন্ন কৰিছে। শেহতীয়াকৈ কেইবাখনো অসমীয়া চলচ্চিত্রই চিনেমা হললৈ দর্শক আনিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পাছত কভিড কালত মৰহি যোৱা অসমীয়া ছবি উদ্যোগটোক কিছু সকাহ দি ডক্তৰ বেজবৰুৱা-২, ৰঘুপতি, বিদুৰভাই, স্বৰ্গৰথ, ৰুদ্ৰ আদি ব্যাৱসায়িক চিনেমা জনপ্রিয় হোৱাৰ লগতে চলচ্চিত্র গৃহসমূহ ঠন ধৰি উঠাৰো এটা ইংগিত দিছিল। বিশেষকৈ আলফাৰ হিন্দী চিনেমা বন্ধৰ ফটোৱা জাৰিৰ ফলত একেবাৰে বন্ধ হৈ যোৱা চলচ্চিত্র গৃহবোৰৰ বিপৰীতে সম্প্রতি মাল্টিপ্লেক্সবোৰেই অসমীয়া চিনেমাৰ ব্যাৱসায়িক যাত্ৰাটো আগবঢ়াই নিছিল কোনোমতে। অতি শেহতীয়াকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ সৃষ্টিলৈ শ্রদ্ধাঞ্জলি হিচাপেই 'ৰৈ ৰৈ বিনালে' ছবিখন চাবলৈ একপ্ৰকাৰ আন্দোলন আৰম্ভ হয়। পুৱা চাৰি বজাত শ্ব' আৰম্ভ কৰাৰ ৰেকৰ্ড কৰা চিনেমাখনৰ কোনো কোনো হলত ১১-১২টা পর্যন্ত শ্ব' হয় একমাত্ৰ দৰ্শকৰ অভূতপূর্ব উৎসাহৰ বাবে। কেইবাটাও মৰি যোৱা হলৰ পুনৰ জীৱন হয়। অসমীয়া ছবি উদ্যোগৰ বাবে 'ৰৈ ৰৈ বিনালে' এক বিপ্লৱ হ'ব বুলি আশা কৰা হৈছিল যদিও পাইৰেচীৰ কবলত মাথোঁ দুসপ্তাহ সম্পূর্ণ নৌহওঁতেই এই স্বপ্ন ভংগ হোৱাৰ দিশে আগবাঢ়িছে। ছবিখনৰ নির্মাতা, কলা-কুশলীয়ে অভিযোগৰ উপৰি অভিযোগ দিছে, প্রার্থনা জনাইছে, গোচৰ দিছে। তাৰ পাছতো ইউটিউবত সমগ্র চিনেমাখনেই উপলব্ধ হৈ যোৱাটোৱে আচলতে কপিৰাইট আইনৰ গুৰুতৰ অৱমাননাৰে এটা শক্তিশালী অপৰাধী চক্র সক্রিয় হৈ থকাৰ কথাই প্ৰমাণ কৰে, যিটো চক্রক হয়তো খোদ মুখ্যমন্ত্ৰীয়ে পাইৰেচীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিম বুলি হুংকাৰ দিয়াৰ পাছতো কোনোৱেই নাকী লগাবলৈ সক্ষম হোৱা নাই। এয়া কেৱল কাৰোবাৰ ব্যক্তিগত ক্ষতি নহয়, অসমীয়া সাংস্কৃতিক উদ্যোগটোৰেই বৃহৎ ক্ষতি।

Share This