ৰাজনীতি

dainik janambhumi April 02, 2026

ডিজিটেল ডেস্ক : মানুহ হিচাপে আমি প্রত্যেকেই কোনোবা নহয় কোনোবাখিনিত প্রত্যক্ষ বা পৰোক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত। ৰাজতন্ত্র শেষ হোৱা এখন দেশত গণতন্ত্ৰৰ গুৰুত্ব যিদৰে অপৰিসীম, সেইদৰে গণতন্ত্ৰত ৰাজনৈতিক দলো অপৰিহাৰ্য। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্র অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অর্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র। ই সর্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। পিছে এয়া বিশেষজ্ঞৰ কিতাবী সংজ্ঞাহে এতিয়া। বাস্তৱত ৰাজনৈতিক দল মানেই যেন বিশেষ ইছ্যু তৈয়াৰ কৰি তাৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰা, যি ইছ্যুৰ সৈতে সৰ্বসাধাৰণৰ দূৰ-দূৰলৈ কোনো সম্পর্ক নাই। কি শাসক, কি বিৰোধী সকলো ৰাজনৈতিক দলৰ ৰাজনৈতিক এজেণ্ডা এতিয়া কেৱল বিতর্ক। জনতাৰ কণ্ঠ শুনিবলৈ না কাৰোবাৰ সময় আছে, না ইচ্ছা।

'আঁচনি'ক কেন্দ্ৰ কৰিয়েই ঘূৰিছে ৰাজনীতিৰ চকৰি। ব্যস্ত ৰাজনীতিক, হিতাধিকাৰী। অৰুণোদয় আঁচনিৰ বাৰশ টকাৰ সাহায্য, লাখটকীয়া বাইদেউ ইত্যাদিৰ নামত গাঁৱে-ভূঞে চলা উছৱমুখৰ আয়োজনেৰে জনতাৰ মৌলিক প্রয়োজনক লৈ দীর্ঘদিন ধৰি ৰাজনীতি চলি আহিছে। সন্মুখত নির্বাচন। এনে হেন সময়ত নাচ-বাগ স্বাভাৱিকতেই তুংগত উঠিছে। এফালে মধ্যপ্রাচ্যৰ যুদ্ধৰ পার্শ্বক্রিয়াই বিশ্বতেই অস্থিৰতাৰ সৃষ্টি কৰিছে। পিছ পৰি ৰোৱা নাই ভাৰতো। মন্দাৱস্থাৰ দিশে গতি কৰিছে গোলকীয় অর্থনীতি। ইন্ধনৰ সংকটৰ গইনা লৈয়েই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশ চুইছে। কিন্তু নিৰ্বাচনৰ নামত দিন-ৰাতি এক কৰা ৰাজনৈতিক দল, নেতা-কর্মীৰ এইবোৰ সংকটৰ কথা শুনিবলৈ বা ক'বলৈ আহৰি নাই। পেট্ৰল-ডিজেলৰ সংকটৰ সম্ভাৱনাই দেশজুৰি আতংক সৃষ্টি কৰাৰ সময়তো নিৰ্বাচনৰ নামত দলীয় বাইক, গাড়ীৰ বৃহৎ মিছিলেৰে নিৰ্বাচনী প্রচাৰ চলিছে। হেলিকপ্টাৰ উৰুৱাই ষ্টাৰ কেম্পেইনাৰে শদিয়াৰ পৰা ধুবুৰীলৈ অবিৰতভাৱে নিৰ্বাচনী প্রচাৰ চলাইছে। ইন্ধনৰ মহাসংকটৰ শংকাত যি সময়ত 'এনার্জী লকডাউন' হ'ব পাৰে বুলি অহুকাণে-পহুকাণে খবৰ ওলাইছে (যদিও চৰকাৰে এই খবৰ নস্যাৎ কৰিছে) সাধাৰণ জনতাই যি সময়ত পেট্রল ডিপ'ত তেল ভৰাবলৈ যুঁজ-বাগৰ কৰিব লগীয়া পৰিস্থিতি হৈছে (ঠাইভেদে) সেই সময়ত নির্বাচনী প্ৰচাৰৰ নামত ৰাজনৈতিক নেতাৰ বাইক ৰেলী, হেলিকপ্টাৰৰ উৰণে ৰাজনীতিৰ বক্ৰ স্বৰূপটো উদঙাই দিয়ে। ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে শেহতীয়াকৈ অসমৰ এক নির্বাচনী সভাত মুকলিকৈ কৈছে- 'নিৰ্বাচনৰ পাছতেই ভয়াৱহ মূল্য বৃদ্ধি হ'ব।' নির্বাচনটোক কেন্দ্ৰ কৰি যেন কিছুমান কথা, কিছুমান সমস্যা গাপ দি ৰখাৰ চেষ্টা কৰা হৈছে আৰু ভোটদান সম্পন্ন হোৱাৰ পাছতেই এনে সমস্যাবোৰৰ যে বিস্ফোৰণ ঘটিব সেয়া হেমন্ত ছোৰেনে এটা মন্তব্যৰে ইংগিত দিয়া বুলিলেও বঢ়াই কোৱা নহ'ব। খৰালিৰ সময়ছোৱাত, যি সময়ত খাৰিফ শস্যৰে উভৈনদী হয় অসম, সেই সময়ত অসমৰ চহৰ-নগৰ আনকি গ্রামাঞ্চলতো শস্য, শাক-পাচলিৰ আকাশলংঘী দামে জনতাৰ মূৰত ৰামটাঙোন শোধাই অহাটো চিন্তা কৰিব লগীয়া কথা। গ্রামাঞ্চলত কৃষকে ধানৰ উচিত মূল্য নাপাই খেতি কৰিবলৈ এৰিছে। বজাৰত চাউলৰ মূল্য ন্যূনতম ৫৫ টকা হৈছেগৈ। কৃষকে উচিত মূল্যৰ অভাৱত খেতি নকৰা হৈছে। খেতি কৰা ফচলৰো উচিত মূল্য নাপাই মধ্যভোগীক পানীৰ দৰত বিক্ৰী কৰিছে কৃষকে। তাৰ পাছতো ৰাজ্যত অৰুণোদয়, নিযুত মইনা, লাখটকীয়া বাইদেউ, মাইক্র' ফাইনেন্সৰ টোপ দি উদ্বাস্তু জনতাক আঙুলিৰ ঠাৰত নচুৱাই থকা হৈছে। শ্রমহীন জাতি এটালৈ পর্যবসিত হোৱা মানুহখিনিৰ মাজত কোনোকালে নোহোৱা-নোপজা কিছুমান প্রসংগ জাপি দি ব্যস্ত ৰখা হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহেও বিৰোধৰ নামত শাসকীয় দলটোৱে জাপি দিয়া উক্ত শব্দবোৰকেই বাৰম্বাৰ আওৰাই একেই পাতল ৰাজনীতিয়েই কৰি আহিছে। শাসকীয় দলটোৰ ৰণ-কৌশলত একপ্ৰকাৰ বিপর্যস্ত বিৰোধীয়ে ইছ্যু বিচাৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। মধ্যপ্রাচ্যৰ যুদ্ধৰ এই সময়তো ৰাজ্যত ইন্ধনৰ সংকটক লৈ জনতাৰ মাজত সৃষ্টি হোৱা আতংকৰ ওৰ পেলাবলৈ শাসক-বিৰোধী কোনেও যত্নপৰ হোৱা নাই। ইফালে ইন্ধন সংকটৰ অচিলাৰে হোৱা হঠাৎ মূল্যবৃদ্ধি আৰু নাটনিক লৈও শাসক-বিৰোধী কাৰোৱেই প্রতিক্রিয়া নাই।

ৰাজনীতিৰ এই পাকচক্রত সাধাৰণ জনতাই নিজৰ মৌলিক প্রয়োজননো কি তাকো পাহৰি ৰাজনৈতিক দলসমূহে উদ্দেশ্যপ্রণোদিতভাৱে জাপি দিয়া বিতৰ্কত উবুৰি খাই পৰাটো ৰাজনীতিৰেই এটা অংশ যদিও ই সমাজখন ক্রমশঃ গেলি অহাৰো অন্যতম উদাহৰণ। সর্বশেষত এটা কথা সঠিক, এখন গণতান্ত্রিক দেশৰ প্ৰতিজন ব্যক্তি ইতিবাচক বা নেতিবাচক যেনেকৈ নহ'লেও ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে এনেকৈয়ে। সমাজ বিজ্ঞানীয়ে আগবঢ়াই যোৱা সংজ্ঞাৰ দৰে বৰ্তমান গণতন্ত্ৰৰ পৰিপূৰক ৰাজনৈতিক দলসমূহে পিছে সাধাৰণ জনতাক প্রশাসনৰ কাষ চপায় নানে, বৰঞ্চ অস্থিৰ বা অবাঞ্ছিত ৰাজনৈতিক পৰিৱেশ সৃষ্টিৰে জনতাক ক্রমশঃ বিচ্ছিন্নহে কৰি তোলে। ৰাজনৈতিক দলসমূহৰ শেহতীয়া ৰাজনীতিয়ে তাকেই প্রতিপন্ন কৰে। সাধাৰণ জনতাই এই কথা সঠিক সময়ত অনুধাৱন কৰি সঠিক স্থানত নিজৰ মতাধিকাৰ সাব্যস্ত কৰিলেহে সাম্প্রতিক ৰাজনীতিৰ সংস্কাৰ সাধনৰ আশা কৰিব পাৰি।

Share This