ডিজিটেল ডেস্ক: অস্বাভাবিকভাবে বৃদ্ধি পাইছে কিছুমান দেশৰ জনসংখ্যা। প্রকৃতিয়ে হেৰুৱাই পেলাবলৈ লৈছে ইয়াৰ বহন ক্ষমতা। দ্রুতগতিত জনসংখ্যা বৃদ্ধিয়ে সমস্ত জীৱকুলৰ মাজত বিৰূপ প্রভাৱ পেলাইছে। বিশ্বৰ একাংশ দেশত জনসংখ্যাৰ অনিয়ন্ত্রিত বৃদ্ধি হৈছে আৰু ইয়াৰ বিপৰীতে আন একাংশ দেশত জনসংখ্যাৰ দ্রুত হ্রাস পাইছে। দ্রুতহাৰত জনসংখ্যা বৃদ্ধিৰ ফলত ভয়ংকৰ সংকটৰ সন্মুখীন হ'বলৈ গৈ আছে মানৱ জাতি। খাদ্যৰ নাটনি, জলবায়ু পৰিৱৰ্তনকে ধৰি নানা সমস্যাৰে আজি ভাৰাক্ৰান্ত বিশ্ববাসী। এসাঁজ খাদ্যৰ বাবে হামৰাও কাঢ়িবলগীয়া হৈছে এচাম লোকে।
সম্প্রতি সমগ্র বিশ্বতে প্রায় ৬৯ কোটি এনে দৰিদ্ৰ লোক আছে, যিসকলৰ দৈনিক গড় উপাৰ্জন ১.৯০ আমেৰিকান ডলাৰতকৈও কম। ভাৰতত প্রায় ২৬.৯ কোটি দৰিদ্ৰ লোক আছে। পূৰ্বে ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা প্রায় ৩৬ কোটি আছিল যদিও সম্প্রতি এনে লোকৰ সংখ্যা ২৬.৯ কোটিলৈ হ্রাস পাইছে। সর্বাধিকসংখ্যক দৰিদ্ৰ লোক থকা দেশৰ তালিকাত ভাৰতৰ স্থান অন্য দেশৰ তুলনাত যথেষ্ট উন্নত যদিও ভাৰতত যিমানসংখ্যক দৰিদ্ৰ লোক আছে, সেয়া বিশ্বৰ বহুকেইখন দেশৰ মুঠ জনসংখ্যাৰ সমান।
বিগত সময়ছোৱাত চৰকাৰে দৰিদ্ৰ লোকৰ উন্নয়ন, বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও এতিয়াও কিন্তু দেশৰ বৃহৎসংখ্যক লোকে উন্নত জীৱন যাপনৰ কথা চিন্তা কৰিব নোৱাৰে। চৰকাৰী সা-সুবিধা লাভ কৰাৰ পৰা এইসকল লোক আজিও বঞ্চিত হৈ আছে। দৰিদ্ৰ আৰু গ্রামাঞ্চলৰ লোকসকলৰ বাবে চৰকাৰে পৃথক আঁচনি ল'ব নোৱাৰিলে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহ'ব। বিশ্বৰ জনসংখ্যা বৃদ্ধিত চহকী পশ্চিমীয়া দেশবোৰৰ অৰিহণা কম। জাপান, দক্ষিণ কোৰিয়াৰ দৰে এছিয়াৰ উন্নত দেশবোৰতো জনসংখ্যা বৃদ্ধি হোৱা নাই। বিশ্বৰ জনসংখ্যা বৃদ্ধিত আফ্রিকা আৰু এছিয়াৰ দেশবোৰৰ অৰিহণা বেছি।
বর্তমান ভাৰত আৰু চীন- এই দুই দেশৰ মুঠ জনসংখ্যা ২৮৪ কোটি হৈছেগৈ। বছৰৰ পিছত বছৰ ধৰি এই বৃহৎসংখ্যক লোকে একেদৰেই জীৱন ধাৰণ কৰি আহিছে। বর্তমান বিশ্বৰ জনসংখ্যা ৮২০ কোটি। যোৱা অর্ধ শতিকাত বিশ্বৰ জনসংখ্যা দ্রুতগতিৰে বৃদ্ধি পোৱাৰ ফলত জনসংখ্যা ইমান হ'লগৈ। অথচ ৫০ বছৰৰ পূৰ্বে ১৯৭০ চনত বিশ্বৰ জনসংখ্যা ৩৬০ কোটি আছিল। অর্থাৎ যোৱা অর্ধ শতিকাত ৪০০ কোটিৰো অধিক জনসংখ্যা বৃদ্ধি পালে। ভাৰতত, বিশেষকৈ গ্রামাঞ্চলত আজিও জনসংখ্যা বৃদ্ধি পাই আছে। ভাৰতত জন্মৰ হাৰ বা উৰ্বৰতাৰ হাৰ (Fertility rate) হ্রাস পাইছে যদিও প্রধানকৈ নগৰ-মহানগৰবিলাকতহে উৰ্বৰতাৰ হাৰ সৰ্বাধিক হ্রাস পাইছে। গ্রামাঞ্চলত উৰ্বৰতাৰ হাৰ এতিয়াও বেছি। ভাৰতৰ গ্রামাঞ্চলত উৰ্বৰতাৰ হাৰ ২.১ আৰু ইয়াৰ বিপৰীতে নগৰাঞ্চলত ভাৰতৰ উৰ্বৰতাৰ হাৰ ১.৯ বুলি প্রকাশ পাইছে। কিন্তু ভাৰতৰ উৰ্বৰতাৰ ৰাষ্ট্ৰীয় হাৰ ১.৯ বুলি শেহতীয়া প্রতিবেদনত প্রকাশ পাইছে। ভাৰতৰ বৰ্তমানৰ উৰ্বৰতাৰ হাৰ পূৰ্বতকৈ হ্রাস পাইছে যদিও ইতিমধ্যে ১৪৬ কোটিলৈ বৃদ্ধি পোৱা দেশৰ জনসংখ্যা বিভিন্ন সমস্যাৰ কাৰণ হ'ব পাৰে। ভাৰতে গ্রামাঞ্চলত জন্ম নিয়ন্ত্রণ আঁচনিত গুৰুত্ব দিব লাগিব, যিহেতু গ্রামাঞ্চলৰ বাবেই দেশৰ জনসংখ্যা এইদৰে বৃদ্ধি পাইছে। গ্রামাঞ্চলৰ বাসিন্দাসকল আর্থিকভাবে অনগ্ৰসৰ নাই বা দৰিদ্ৰ। তেওঁলোকৰ মাজত শিক্ষা আৰু সজাগতাও কম। নিৰক্ষৰতাৰ হাৰ গ্রামাঞ্চলতেই অধিক। এইবোৰ কাৰণতে গ্রামাঞ্চলত জন্মৰ হাৰ বেছি, যাৰ ফলত ভাৰতৰ জনসংখ্যা বৃদ্ধি পাইছে। অৱশ্যে উৰ্বৰতাৰ ৰাষ্ট্ৰীয় হাৰ হ্রাস পোৱালৈ চাই জনসংখ্যাও হ্রাস পোৱাৰ আশা নুই কৰিব নোৱাৰি।
ভাৰতৰ বিপৰীতে বিশ্বৰ দ্বিতীয় সর্ববৃহৎ জনবহুল ৰাষ্ট্ৰ চীনৰ জনসংখ্যা বৃদ্ধি হ্রাস পাইছে আৰু চীনৰ উৰ্বৰতাৰ হাৰ এতিয়া ১.৭১। ২০২৪ চনতকৈ ই সামান্য বৃদ্ধি পাইছে। জনসংখ্যাৰ বিস্ফোৰণ অথবা জনসংখ্যাৰ নিয়ন্ত্রণহীন বৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি ১৯৮০ চনতেই চীন দেশে কঠোৰ পৰিয়াল পৰিকল্পনা নীতি ঘোষণা কৰিছিল। চীনৰ চৰকাৰে মাত্র এটা সন্তান নীতি বলবৎ কৰিছিল। কিন্তু এটা সন্তান নীতি কঠোৰভাৱে বলবৎ কৰাৰ ফলত চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উদ্বেগজনকভাৱে হ্রাস পাবলৈ ধৰে। ফলত ২০১৬ চনত চীনৰ চৰকাৰে এটা সন্তান নীতি প্রত্যাহাৰ কৰি দুটা সন্তান নীতি গ্রহণ কৰে যদিও আশা কৰা মতে চীনত জনসংখ্যা বৃদ্ধি নাপালে। সেয়ে চীনৰ চৰকাৰ অধিক চিন্তিত হৈ পৰে আৰু অৱশেষত তিনি সন্তান নীতি ঘোষণা কৰিবলৈ বাধ্য হৈছে।