ডিজিটেল ডেস্ক: সাম্প্রতিক সমাজ বিজ্ঞানত উত্তৰ আধুনিকতাবাদ বা post modernism এক বহুল চর্চিত বিষয়। উত্তৰ আধুনিকতাবাদী দর্শনৰ প্রভাৱ আন বিষয়ৰ লগতে সাংস্কৃতিক দিশতো ব্যাপকভাৱে পৰিছে। কি সংগীত, কি চিনেমা, কি চিত্রকলা অথবা কি সাহিত্য- ক'ত পৰা নাই উত্তৰ আধুনিকতাৰ ছাঁ। পৰীক্ষামূলক পর্যায় অতিক্রমী এতিয়া উত্তৰ আধুনিকতাবাদক আঁকোৱালি লোৱা সভ্যতা অধ্যয়ন প্রক্রিয়াত চলিছে নিত্যনতুন সম্পৰীক্ষা।
গোলকীয়কৰণৰ যুগত পাশ্চাত্যৰ উত্তৰ আধুনিকতাবাদৰ আন্দোলন এতিয়া ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশতো আৰম্ভ হৈছে। বৃহৎ পুঁজিপতিয়ে অর্থনীতি নিয়ন্ত্ৰণ কৰা আমাৰ দেশত শেহতীয়াকৈ পাশ্চাত্যৰ এই উত্তৰ আধুনিক চিন্তাৰ আমদানি বাধ্যতামূলক হৈছে অর্থনীতিৰ ভেটি সবলীকৰণৰ পদক্ষেপ হিচাপে। এয়া সময়ৰ আহ্বান। ইয়াক উলাই কৰিবও নোৱাৰি। ইতিমধ্যে 'গ্ল'বেল কনচাৰ্ট'ৰ মাধ্যমেৰে পৰ্যটন উদ্যোগৰ ভেটি দৃঢ় কৰাৰ সিদ্ধান্ত লোৱা ভাৰত চৰকাৰে দেশত আৰম্ভ কৰিছে 'কনচাৰ্ট পর্যটন'। এই ক্ষেত্ৰখনত ভাৰত তেনেই নতুন হ'লেও ইতিমধ্যে এই উদ্যোগৰ মাধ্যমেৰেই ভাৰতত আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছে। বিগত বর্ষসমূহত ডুৱা লিপা, এড চিৰিণ, ক'ল্ড প্লে', ব্রায়ান আডামছ, ট্রাভিচ স্কট, জেছন ডেকলু এন্ড দ্য স্ক্রিপ্ট, একন, পেচেঞ্জাৰ ইত্যাদি ভিন্ন ধাৰাৰ বিশ্ববিশ্রুত শিল্পী তথা বেণ্ডক লৈ অনুষ্ঠান অনুষ্ঠিত কৰিছে। ভিন্ন দেশৰ পৰা কনচাৰ্টৰ বাবে অহা পৰ্যটকৰ বাবে স্বাভাৱিকতে এই অনুষ্ঠানসমূহ সফল হৈছে তথা দেশৰ অর্থনীতিত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰা বুলি চৰকাৰী পক্ষয়ো দাবী কৰি আহিছে।
উত্তৰ-পূবত মেঘালয়, নগালেণ্ডৰ দৰে ৰাজ্যই ইতিমধ্যে হর্নবিল, চেৰী ব্ল'ছম ফেষ্টিভেলত এনে কনচার্ট আয়োজন কৰি কনচাৰ্ট পর্যটনক প্ৰথমৰ পৰাই গুৰুত্ব দি আহিছে। শেহতীয়াকৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে কনচাৰ্ট পৰ্যটনৰ মাধ্যমত আমেৰিকান শিল্পী ৰেপাৰ প'ষ্ট মেলনৰ ব্যয়বহুল কনচার্ট অনুষ্ঠিত হৈ যায়। কিন্তু বিগত সময়ত দেশৰ ভিন্ন স্থানত, আনকি খোদ চুবুৰীয়া ৰাজ্য শ্বিলঙত অতি সফলতাৰে আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ পাছত শেহতীয়াকৈ অসমত প'ষ্ট মেলনৰ অনুষ্ঠানক লৈ আশ্চর্যজনকভাৱে সৃষ্টি হৈছে বিতৰ্কৰ। এনেধৰণৰ বিষয়ত মতদ্বৈধতা থাকিব পাৰে, কিন্তু ইয়াক কেন্দ্ৰ কৰি হোৱা বিতৰ্কত শালীনতা থকা উচিত। প'ষ্ট মেলন অহাৰ আগৰ পৰা অনুষ্ঠান শেষ কৰি যোৱালৈকে অহৰহ চলি থকা এই বিতর্কই এনে বিষাক্ত পর্যায় পাইছেগৈ যে শিল্পীজনৰ ওপৰত ব্যক্তিগতভাৱে ডিজিটেল আক্রমণ চলিছে। জেনেৰেশ্যন জেদ অর্থাৎ জেন জিসকলৰ একপ্ৰকাৰ 'ক্রেজ' এই প'ষ্ট মেলন নামৰ ৰেপাৰজনৰ শিল্পসত্তাক নুই কৰাৰ ধৃষ্টতা কোনোৱেই কৰাটো আচলতে উচিত নহয়। দুবাৰকৈ গ্ৰেমী বঁটাৰ নমিনেশ্যনসহ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ত্ৰিশ বছৰীয়া ৰেপাৰ প'ষ্ট মেলনৰ বিদ্ৰোহী, প্রচণ্ড খেয়ালী স্বভাৱটোৰ বাবে ইতিমধ্যে ভিন্ন সময়ত চর্চিত-বিতর্কিত হৈ আহিলেও অসমত পিছে তেওঁক লৈ হোৱা বিতৰ্কৰ মান তেনেই টুলুঙা। শাৰীৰিক গঠন, বেশ-ভূষা তথা বহেমিয়াম স্বভাৱক লৈ শিল্পীজনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাসকলৰ সমান্তৰালকৈ পিছে এই কনচাৰ্টৰ বিৰোধিতাৰে অসমৰ ৰাজনীতিও যে গৰম হৈ আছে সেয়াহে মন কৰিবলগীয়া কথা।
এটা কথা সত্য যে মাত্র ৮২ দিন অতিক্ৰম কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ কেঁচা ঘা টুকুৰা নৌশুকাওঁতেই এনেদৰে এজন বিদেশী শিল্পীক লৈ চৰকাৰী উথপথপ স্বাভাৱিকতে জুবিনপ্রেমী অসমীয়াৰ বাবে এটা ভাবিব নোৱৰা কথা। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক কাৰণ আৰু ন্যায়ৰ দাবীত অটল জনতাই গোচৰৰ চার্জশ্বীট দাখিলৰ দিনটোক লৈ অধীৰ অপেক্ষাত ছটফটাই আছে। এই স্পৰ্শকাতৰ সময়ছোৱাত এই অনুষ্ঠান অনুষ্ঠিত কৰি চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক পর্দা আঁৰিবলৈ চেষ্টা কৰা বুলি তীব্র অভিযোগ উঠিছে। পিছে কাৰিকৰী কাৰণসমূহ নজনা সাধাৰণ জনতাৰ বিপৰীতে জনা-শুনা বিজ্ঞ এচামেও এবছৰ পূৰ্বেই নিৰ্ধাৰিত এই অনুষ্ঠান বাতিল কৰাটো সম্ভৱ নহয় বুলি জানিও কেৱল বিৰোধৰ নামতেই এই বিষয়টোত বিতৰ্ক কৰি, আন শিল্পীক জুবিন গাৰ্গৰ সৈতে বাৰে বাৰে তুলনা কৰি জুবিন নামৰ সত্তাটোক অপমান কৰি আহিছে। কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমকো অপমানিত কৰে এনে বিতর্কই।
বিশ্বায়নৰ যুগত কনচাৰ্ট পৰ্যটনৰ এনে পদক্ষেপ আদৰণীয় যদিও আচলতে অসমত আধুনিকতাৰ সেই পর্যায়ে এতিয়াও স্পৰ্শ কৰা নাই, যাৰ বাবে ব্যয়বহুল পুঁজিপতি আধিপত্যৰ এনে অনুষ্ঠান অসমবাসীয়ে অন্তঃকৰণেৰে আদৰি লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে, সুৰাৰ অবাধ মুকলি ব্যৱহাৰেৰে বেপৰোৱা ধৰণ-কৰণৰ এনে অনুষ্ঠান পাশ্চাত্যৰ সংস্কৃতিৰ দেশসমূহত সহজ কথা যদিও অসমৰ বাবে ইয়াক সৰলতাৰে গ্ৰহণ কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই। ক্ষিপ্ৰতাৰে ইয়াক গ্রহণ কৰিবলৈ গ'লে ই হিতে বিপৰীত হোৱাৰহে আশংকা বেছি। যিটো আচলতে শুভলক্ষণ বুলিও ক'ব পাৰি। ভৱিষ্যদ্রষ্টা (!) বুলি ভবা চৰকাৰেও এই দিশটো উলাই কৰিব নালাগে। আনহাতে, অসমৰ সৌম্য, মার্জিত সংস্কৃতিৰ কাঠামো ইমানো ঠুনুকা নহয় যে এনে এটা অনুষ্ঠান কোনোবাই চাবলৈ গ'ল বুলিয়েই ই পলকতে ধ্বংস হৈ যাব। দৰাচলতে সামাজিক মাধ্যমত এই প্রসংগক লৈ বিগত কেইটামান দিন ধৰি চলি অহা ব্যাপক মুখচুপতি আৰু বিষাক্ত বিতর্কই অসমৰ মূল সমস্যাসমূহকহে ধোঁৱাচাঙত উঠাই থৈছে। সাধাৰণ জনতাৰ মূৰত ভৰাই দিয়া এনে বিতর্কই নিৰ্বাচনৰ প্ৰাক্ক্ষণত চৰকাৰ তথা বিৰোধীৰ ৰাজনীতিকহে যে লাভৱান কৰিছে সেয়া ধুৰুপ।