ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মান ঊর্ধ্বগামী কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্নধৰণৰ ব্যৱস্থা হাতত লোৱাৰ পাছতো সৰহসংখ্যক বিদ্যালয়ে আশানুরূপ ফল দেখুৱাব পৰা নাই। এই বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে চৰকাৰে আন্তঃগাঁথনি উন্নয়নকে ধৰি শিক্ষকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আন বিষয়সমূহতো গুৰুত্ব দিছে। 'টেট'ৰ জৰিয়তে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ ফলত মেধাসম্পন্ন যুৱক-যুৱতী শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ পৰিছে। শিক্ষাৰ সামগ্রিক মান উন্নত কৰাৰ বাবে বছৰি গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে। সাধাৰণতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহতকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বেতনৰ লগতে সা-সুবিধাও বহুত। কিন্তু ইয়াৰ পাছতো ৰাজ্যৰ চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েহে যথেষ্ট উন্নত ফল প্রদৰ্শন কৰি আগুৱাই যাবলৈ সক্ষম হৈছে। চৰকাৰে গুণগত শিক্ষাৰ লগতে বিদ্যালয়সমূহ শতকৰা এশ শতাংশ উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে 'শিক্ষা সেতু'ৰ দৰে এপৰ জৰিয়তে নিৰীক্ষণ চলাই থকাৰ সময়তে বহু বিদ্যালয়ত বর্তমান সময়তো শিক্ষার্থীৰ উপস্থিতি অতি পুতৌজনক। কিছুদিন পূৰ্বে ৰাজ্যখনৰ এখন জিলাৰ বহু বিদ্যালয়ত শিক্ষার্থীৰ শূন্য উপস্থিতিৰ বাতৰিয়ে শিক্ষা খণ্ডৰ পুতৌজনক ছবি উদঙাই দিছিল। জিলাখন আছিল বৰপেটা। বৰপেটাৰ বজালী ব্লক, বৰপেটা ব্লক, ভৱানীপুৰ ব্লক, চেঙা ব্লক, মণ্ডিয়া ব্লক আৰু ৰূপসী ব্লকৰ ৫২খন বিদ্যালয়ৰ মুৰব্বীলৈ শিক্ষা বিষয়াই কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিবলগীয়া হয়।
শেহতীয়াভাৱে প্ৰকাশ পোৱা নিটি আয়োগৰ প্ৰতিবেদনৰ তথ্য অনুসৰি আমাৰ ৰাজ্যখনৰ ৩.৮ শতাংশ শিক্ষার্থীয়ে প্রাথমিক বিদ্যালয় পর্যায়তেই আধাতেই বিদ্যালয় এৰিবলগীয়া হৈছে। এই তালিকাৰ শীৰ্ষত আছে মিজোৰাম (১০.৮ শতাংশ), দ্বিতীয় স্থানত অৰুণাচল প্রদেশ (৪.৮ শতাংশ), তৃতীয় স্থানত আছে মেঘালয় (৪.২ শতাংশ)। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ ০.৩ শতাংশৰ বিপৰীতে অসমৰ স্থান হৈছে চতুর্থ। মাধ্যমিক বিদ্যালয় পর্যায়তো উদ্বেগজনকভাবে বিদ্যালয় এৰিছে ছাত্র-ছাত্রীয়ে। ৰাষ্ট্রীয় গড় হাৰ ৩.৫ শতাংশৰ বিপৰীতে অসমৰ হাৰ হৈছে ৫ শতাংশ। এনে এক সময়তে ৰাজ্যৰ কিছুসংখ্যক চৰকাৰী খণ্ডৰ বিদ্যালয়ে কিন্তু ব্যতিক্রমী ধৰণে নিজৰ সুন্দৰ প্রদর্শন অব্যাহত ৰাখি আশাৰ বতৰা কঢ়িয়াই আনিছে। এইক্ষেত্ৰত শিৱসাগৰৰ কেইখনমান বিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰিবই লাগিব। শিৱসাগৰৰ ১নং টাউন প্রাথমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা শিশুভৱন প্রাথমিক বিদ্যালয় দুখনে শিক্ষাৰ ক্ষেত্ৰত এক নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। যাৰ বাবে আজিৰ তাৰিখত বিদ্যালয় দুখনত চাৰি-পাঁচ শতাধিক ছাত্র-ছাত্রীয়ে অধয়ন কৰে, যিটো সঁচাকৈয়ে এক গৌৰৱ কৰিবলগীয়া কথা। একেদৰে ডিমৌ টাউন প্রাথমিক বিদ্যালয়েও শিক্ষাৰ ক্ষেত্ৰত এক নিদর্শন দেখুৱাই অহাৰ ফলত বিদ্যালয়খনত আজিৰ তাৰিখতো নামভৰ্তিৰ বাবে মাজনিশাৰ পৰা অভিভাৱকে শাৰী পাতিবলগীয়া হয়। মাতৃভাষা মাধ্যমৰ বিদ্যালয় তথা চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি অহাটোকে এই উদাহৰণকেইটাই প্রমাণ কৰে। যি সময়ত ৰাজ্যখনত কাঠফুলাৰ দৰে ইখনৰ পাছত সিখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছে, অভিভাৱকসকলে নামী-দামী স্কুলত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে উথপথপ লগাইছে, তেনে সময়তে এইসমূহ বিদ্যালয় আশাৰ কিৰণ হৈ থিয় দিছে। শেহতীয়াভাৱে এনে বিদ্যালয়ৰ তালিকাত আন এক নাম সংযোজন হৈছে। এই বিদ্যালয়খন হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্রাম শিক্ষাখণ্ডৰ অন্তৰ্গত ৮০৯ পশ্চিম লেংটিছিঙা প্রাথমিক বিদ্যালয়। বিদ্যালয়খনত বিগত তিনিটা বছৰত ক্রমান্বয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ২০২৪-২৫ শিক্ষা বৰ্ষত ৮২গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে চলিত বর্ষ অর্থাৎ ২০২৬-২৭ শৈক্ষিক বৰ্ষত শিক্ষার্থীৰ সংখ্যা হৈছেগৈ ২৩৪গৰাকী। পর্যাপ্ত স্থান আৰু শ্ৰেণীকোঠাৰ অভাৱৰ বাবেই নামভর্তি বন্ধ কৰিবলগীয়া হৈছে প্রধান শিক্ষকে। ই নিঃসন্দেহে এক আশাৰ বতৰা। যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ অজুহাত দেখুৱাই প্ৰতিবছৰে বহুসংখ্যক চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ লগতে বহু বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিছে তেনে সময়তে এই বিদ্যালয়সমূহৰ এনে বাতৰিয়ে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি অহাটোকে প্রতিফলিত কৰে। শিক্ষাৰ্থীৰ ভবিষ্যৎ জীৱনৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই প্রাথমিক বিদ্যালয়সমূহৰ শিক্ষাৰ মান ঊর্ধ্বমুখী হোৱাৰ আঁৰৰ কাৰকসমূহ ফঁহিয়াই চাই, চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৰাজ্যখনৰ আন আন বিদ্যালয়সমূহতো সেই কৌশল প্রয়োগ কৰিলে, নিশ্চয়কৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ মান লেখত ল'বলগীয়া হ'ব। ইয়াৰ উপৰি চৰকাৰে আন এটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰে।
চৰকাৰী মন্ত্রী-বিধায়ক, বিষয়া-কৰ্মচাৰীৰৰ লগতে চৰকাৰী শিক্ষকসকলৰ সন্তানক এই বিদ্যালয়ত নামভৰ্তিৰ বাবে এক পদক্ষেপ গ্রহণ কৰিলে নিশ্চয়কৈ এই বিদ্যায়লসমূহ পূৰ্বৰ দৰে উজলি উঠিব। বছৰি কোটি কোটি টকা ব্যয় কৰিও যদিহে ছাত্র-ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে এনে বিদ্যালয়সমূহ উপযোগী হৈ নুঠে, তেনেহ'লে ইমান ধন অপচয় কৰাৰ অৰ্থই বা কি? লগতে ইয়াক সাধাৰণ জনতাৰ আস্থাভাজন কৰিবলৈ হ'লে, কেৱল দাৰিদ্র্য সীমাৰেখাৰ তলৰ নাইবা নিম্ন মধ্যবিত্ত শ্রেণীটোক টার্গেট কৰিলেই নহ'ব। চৰকাৰী বিষয়া-কর্মচাৰীয়েও নিজৰ সন্তানক এনে বিদ্যালয়ত নামভর্তি কৰি এক নিদর্শন দাঙি ধৰিব পাৰিব লাগিব। তেহে হ'ব ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ জয়জয় ময়ময় অৱস্থা।