'ৰৈ ৰৈ বিনালে' কেৱল বেকর্ড ভঙা-গঢ়াৰ চিনেমা নহয়

dainik janambhumi November 03, 2025

ডিজিটেল ডেস্কঃ অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে' যোৱা ৩১ অক্টোবৰত মুক্তি লাভ কৰিছে। ইতিমধ্যে বিভিন্ন প্রসংগত প্রকাশ হৈছে এইখন ছবি জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল। অত্যন্ত আশাবাদী আছিল তেওঁ এইখন ছবিক লৈ। এই ছবিক ভেটি কৰিয়েই যেন তেওঁ অসমীয়া চিনেমাৰ ভবিষ্যৎ দেখিছিল।

 কোৱা বাহুল্য জুবিন গার্গে শেহতীয়া সময়ছোৱাত গানৰ পৰিৱৰ্তে চিনেমাত অধিক মনোনিৱেশ কৰা যেন ধাৰণা হয়। শৈশৱৰ পৰা চিনেমাৰ মোহত বন্দী জুবিনে যেন তেওঁৰ সপোন, সৃষ্টি, সমাজ আৰু মানুহক চাব খুজিছিল চিনেমাৰ মাজেৰেই- সেয়ে হয়তো তেওঁৰ বক্তব্য প্রকাশৰ প্ৰধান গণমাধ্যমৰূপে বাছি লৈছিল চিনেমাকেই। গানৰ পৰা চিনেমালৈ যেন আৰম্ভ হৈছিল এক নতুন যাত্রা। এনে প্রেক্ষাপটতে হয়তো তেওঁ অধিক আগ্রহী আৰু ৰোমাঞ্চিত আছিল 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিক লৈ। কিন্তু জাতিৰ দুৰ্ভাগ্য এই চিনেমাৰ মুক্তি জুবিন গার্গে চাই যাবলৈ নাপালে। হ'লেও অসমীয়া মানুহেও ছবিখনৰ প্ৰতি অভূতপূর্ব আগ্রহ প্রকাশেৰে বুজাই দিছে জুবিন গাৰ্গক কি পৰ্যায়ৰ মৰম-ভালপোৱাৰে তেওঁলোকে বুকুত লৈ ফুৰিছে। কাৰণ এইখন কেৱল এখন চিনেমা নহয়, এইখন এটা আৱেগ, ক'বলৈ গ'লে শেষ জীয়া আৱেগ- কাৰণ ইয়াৰ পাছত আৰু জুবিন গাৰ্গ নাই। 

শেষবাৰৰ বাবে দেখিব প্রিয় পুৰুষজনক জীৱন্ত ৰূপত। একাধিক শ্ব'ৰ সংখ্যাতো বাদেই পুৱতি নিশা চিনেমা চাবলৈ যোৱাৰ বিৰল ঘটনা সংঘটিত হ'ল 'ৰৈ ৰৈ বিনালে'ক লৈয়েই। আচলতে অসমীয়া মানুহৰ বাবে এয়া চিনেমা চাবলৈ ছবিগৃহলৈ যোৱাৰ অভিজ্ঞতা নহয়, এয়া ভগৱানক চাবলৈ প্রার্থনা গৃহলৈ যোৱা পৰ্যায়ৰ অভিজ্ঞতা, সেয়ে সময় ইয়াত গৌণ, উদ্দেশ্যহে মুখ্য।

খ্যাতি, যশস্যা আৰু নায়কীয় মর্যাদা তেওঁ গায়ক, সংগীতজ্ঞ ৰূপেই লাভ কৰিছিল, সেয়ে চিনেমাৰ পৃথিৱীখনলৈ তেওঁ গ্লেমাৰৰ মোহত আহিছিল বুলি সাধাৰণীকৰণ কৰি এক মন্তব্য দিব নোৱাৰি। বৰঞ্চ তেওঁৰ বিভিন্ন বক্তব্য আৰু আচৰণত এই কথাহে প্রকাশ হয় চিনেমা জগতত তেওঁ খোজ দিছিল এক বিশেষ দায়বদ্ধতাখে, অসমীয়া চিনেমা উদ্যোগক স্বাৱলম্বী আৰু শক্তিশালী কৰাৰ স্বাৰ্থৰেহে। যি সময়ত অসমীয়া চিনেমা উদ্যোগৰ গতি অস্তমিত, যি সময়ত অসমীয়া চিনেমাত ১ কোটি টকাৰ বিনিয়োগ কৰাটো এক বিৰাট দুঃসাহস সেই সময়ত প্রায় দুই কোটি টকা ব্যয় কৰি 'মিছন চাইনা'ৰে অসমীয়া দর্শকক ছবিঘৰলৈ অনাই নহয়, অসমীয়া চিনেমা উদ্যোগক তেওঁ নতুন প্রাণ দিলে, দিলে সাহস। এই সাহসতে বলিয়ান হৈ পৰৱৰ্তী সময়ত কেইবাখনো বিগ বাজেট অসমীয়া ছবিয়ে মুক্তি লভিলে, দর্শকো ছবিঘৰলৈ আহিল। জুবিন গার্গে সপোন দেখিছিল অসমৰ সৰ্বত্রে অসমীয়া চিনেমাৰ প্ৰদৰ্শনৰ, অসমীয়া ছবিৰ প্রকোপত বলিউডৰ চিনেমাই অসমত থৰ-কাছুটি হেৰুওৱাৰ। এদিন অস্বাভাবিক, অসম্ভৱ যেন লগা সপোন কিন্তু প্রায় সম্ভৱ কৰি তুলিলে 'ৰৈ ৰৈ বিনালে'য়ে- মাথোঁ জুবিনৰ অবর্তমানত। হিলদল ভাঙি দর্শক ওলাই আহিছে এখন অসমীয়া ছবি চাবলৈ- জুবিনৰতো এয়াই সপোন আছিল! অসমীয়া চিনেমাৰ বৈপ্লবিক বিৱৰ্তনৰ সপোন দেখা শিল্পীজনে অসমীয়া চিনেমাক তুলি ধৰিলে সুউচ্চ শিখৰত- স্বপ্নদ্রষ্টা নহয়নে তেওঁ?

এতিয়া অনেক জুবিন অনুৰাগীৰ মাজত এই চর্চাও বেছ সৰৱ যে 'ৰৈ ৰৈ বিনালে'য়ে ভাঙিব অসমীয়া চিনেমাৰ সকলো ৰেকৰ্ড। কোনোবাই বাৰু এখোজ আগুৱাই গৈ মন্তব্য কৰিলে এইখন ছবিয়ে বলিউডৰ ছবিৰো বক্স অফিচৰ ৰেকৰ্ড ভংগ কৰিব। সর্বাধিক সময় ছবিগৃহত চলিব এই চিনেমা।

 নিঃসন্দেহে এইবোৰ কথা ভাল লগা কথা, জুবিন নামৰ সত্তাটোক অসমীয়া মানুহে কিমান ভাল পায় সেয়া তাৰ প্রতিফলন। কিন্তু ভাব হয় ৰেকৰ্ড ভঙা-গঢ়াৰ লগত ব্যস্ত থাকিলে প্রকৃত উদ্দেশ্য সিদ্ধি নহ'ব, জুবিনৰ সপোনেও নাপাব সাকাৰ ৰূপ। এই কথাত এতিয়া আৰু কাৰো দ্বিমত থাকিব নোৱাৰে যে 'ৰৈ ৰৈ বিনালে' অসমীয়া চিনেমাৰ ইতিহাসৰ এক মাইলৰ খুঁটি। মাইলৰ খুঁটি- অর্থাৎ দীঘলীয়া যাত্ৰাটোৰ এক নির্ণায়ক স্তম্ভহে, ইয়াত কিন্তু যাত্ৰাটোৰ শেষ হোৱা নাই। জুবিনেও কোনো কাৰণতে ইয়াতেই অসমীয়া চিনেমাৰ সৰ্বোচ্চ প্রাপ্তি বুলি নিশ্চয় ভবা নাছিল। ৰেকৰ্ডৰ মায়াজালত সোমাই মূল কথা পাহৰিলে নহ'ব। অসমীয়া ছবি উদ্যোগটোক আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে। এনে ক্ষেত্রত অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ এই ধাৰা অব্যাহত ৰাখিব পৰাটো এতিয়া অসমীয়া চিনেমাৰ সৈতে জড়িত প্রতিজনৰ এক নৈতিক দায়িত্ব। সেয়ে এতিয়া জুবিনৰ অবৰ্তমানত অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িতসকলৰ দায়িত্ব আৰু বাঢ়িল। 

জুবিন গার্গে তেওঁৰ সমস্ত উজাৰি অসমীয়া চিনেমাৰ যি উত্তৰণমুখী গতিপথ নির্মাণ কৰিছিল সেই পথত অসমীয়া চলচ্চিত্রক আগুৱাই নিয়াৰ দায়িত্ব অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িতসকলৰ, জুবিনৰ অনুৰাগীৰ আৰু সর্বোপৰি অসমৰ ৰাইজৰ। জুবিনক ভালপাওঁ বুলি কোৱা প্রতিজনেই এতিয়া অসমীয়া চলচ্চিত্ৰৰ উত্তৰণৰ প্ৰসংগত নিজৰ দায়বদ্ধতা প্রকাশ কৰিব লাগিব, তেহে সার্থক হ'ব জুবিনৰ 'ৰৈ ৰৈ বিনালে'ৰ সপোন।

এই কথাও ঠিক যে জুবিন গাৰ্গৰ অবৰ্তমানত এতিয়া প্রতিজন জুবিন অনুৰাগীৰ হৃদয়ত বিষাদৰ অনেক সুৰেই বৈ বৈ বিনায়। কিন্তু তাৰ পাছতো জুবিনৰ সপোন সাকাৰ কৰাৰ দায়িত্ব আমাৰ। বুকুত বিষাদ, চকুত চকুপানী লৈয়ো চলিব লাগিব সৃষ্টিৰ অশ্বমেধ ঘোঁৰা।

Share This