গাজাত শান্তিৰ সন্ধান

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্ক : নিৰীহ মানুহৰ তেজেৰে ফাকু খেলা দুবছৰীয়া ইজৰাইল-হামাছৰ যুদ্ধখনৰ অৱসানৰ ইংগিত বহন কৰি যুদ্ধৰত পক্ষ দুটা এখন শান্তি চুক্তিৰ দিশে অগ্ৰসৰ হৈছে। নির্দিষ্ট কিছুমান চৰ্তৰ ভিত্তিত ইতিমধ্যে দুয়ো পক্ষ যুদ্ধ-বিৰতিৰ বুজাবুজিত আবদ্ধ হৈছে। সেই চৰ্ত অনুসৰিয়ে সোমবাৰে হামাছে ২০গৰাকী ইজৰাইলী যুদ্ধবন্দীক মুক্তি দি ৰে'ডক্ৰছৰ হাতত গতাই দিয়ে আৰু ৰে'ডক্ৰছে তেওঁলোকক ইজৰাইলী সেনা বাহিনীৰ হাতত অর্পণ কৰে। ইয়াৰ বিপৰীতে ইজৰাইলে মুক্তি দিয়ে ১৫৭ গৰাকী পেলেষ্টাইনী। হামাছে ইতিপূর্বে ২০জন জীৱন্ত পণবন্দীৰ তালিকা প্রকাশ কৰিছিল আৰু সেইমতেই তেওঁলোকক মুক্তি দিয়া হয়। এই ২০গৰাকী বন্দীৰ বিনিময়ত হামাছে প্রায় দুহেজাৰ বন্দীৰ মুক্তি বিচাৰিছে। মৃত ২৮গৰাকী পণবন্দীক শীঘ্ৰে ইজৰাইলক হস্তান্তৰ কৰা হ'ব। ইজৰাইলৰ টেলিভিছনত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে পণবন্দীৰ আত্মীয়সকল আনন্দত আত্মহাৰা হৈ পৰাৰ দৃশ্য টেলিভিছনৰ পৰ্দাত দেখা পোৱা গৈছে। ইয়েই বুজাই দিয়ে যে কেৱল পেলেষ্টাইনীসকলেই নহয়, ইজৰাইলীসকলেও কেনেকৈ এই যুদ্ধখনৰ অৱসান বিচাৰি আছে। ইতিমধ্যে প্রকাশ পাইছেই যে এই যুদ্ধখনৰ অৱসানৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বিশেষ উদ্যোগ লৈছে। ইজৰাইলী জনতাই ট্রাম্পক ধন্যবাদ জনাই টেল আভিভৰ উপকূলত প'ষ্টাৰ আঁৰাও পৰিলক্ষিত হৈছে। ট্রাম্পৰ এই ভূমিকাৰ বাবেই ইজিপ্তে মার্কিন ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ইজৰাইলে মার্কিন ৰাষ্ট্ৰপতিগৰাকীক দিছে শান্তি বঁটা। 

২০২৩ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা যুদ্ধখনে কেনেকৈ গাজাক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছিল সেই ইতিহাস সকলোৰে মনত আছে। এই সময়ছোৱাত আক্ষৰিক অৰ্থতে গাজা এক ধ্বংসস্তূপত পৰিণত হয় আৰু তাৰ পৰা ২.৩ নিযুত মানুহ নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ বাধ্য হয়। এই যুদ্ধখনত ৭০ হাজাৰৰো অধিক লোকে প্রাণ হেৰুৱায়, যাৰ ৬৮,১৭২গৰাকী পেলেষ্টাইনী আৰু ১,৯৮৩গৰাকী ইজৰাইলী। এইসকল বেছিভাগেই নিৰীহ। নিহত পেলেষ্টাইনীসকলৰ ৮০ শতাংশ সাধাৰণ নাগৰিক। যুদ্ধখনত ২১৭গৰাকী সাংবাদিক, ১২০গৰাকী শিক্ষাবিদ, ২২৪গৰাকী মানৱীয় সাহায্য প্রদানত জড়িত ব্যক্তিয়ে প্রাণ হেৰুৱাব লগা হয়। আৱাসিক অঞ্চলত চলোৱা ধ্বংসলীলাৰ পৰিণতিত যিসকল পেলেষ্টাইনীয়ে প্রাণ হেৰুৱালে তাৰ ৭০ শতাংশই মহিলা আৰু শিশু। এই পৰিসংখ্যাৰ পৰাই অনুমান কৰিব পাৰি যিসকলে যুদ্ধৰ নির্দেশ দিছিল বা যিসকলে অস্ত্র-শস্ত্র লৈ যুদ্ধ কৰিছিল তেওঁলোকৰ ক্ষতিতকৈ কেইবাগুণ বেছি ক্ষতি হ'ল সাধাৰণ মানুহৰ, যিবোৰ মানুহে যুদ্ধ নিবিচাৰে, ৰাজনীতিৰ সৈতেও নাই বিশেষ সম্পর্ক। মানৱতাক গভীৰ সংকটত নিমজ্জিত কৰা এই যুদ্ধখন বন্ধ কৰিবলৈ বিশ্ব সম্প্রদায়ে প্রবল আহ্বান জনাই আছিল যদিও ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুরে 'নির্ণায়ক বিজয়' সাব্যস্ত নোহোৱা পর্যন্ত যুদ্ধ চলি থাকিব বুলি কৰা ঘোষণাই যুদ্ধখনৰ সমাপ্তিক অনিশ্চিত কৰি তুলিছিল। কিন্তু মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিভিন্ন প্ৰকাৰৰ হেঁচাত অৱশেষত নেটান্যাহুৱে যুদ্ধ-বিৰতিত সন্মতি দিবলৈ বাধ্য হয়। যুদ্ধ-বিৰতি চুক্তি অনুসৰি ইজৰাইলে গাজাৰ ৫৩% অঞ্চলৰ পৰা সৈন্য প্রত্যাহাৰ কৰিব আৰু সেই মতে আজিৰ পৰাই গাজাৰ পৰা ইজৰাইলী সৈন্যৰ অপসাৰণ আৰম্ভ হৈছে। সমগ্র প্রক্রিয়াটো বিশ্ববাসীৰ ইচ্ছা সাপেক্ষেই আগবাঢ়িছে যদিও সকলো প্ৰশ্নৰ উত্তৰ এতিয়াও ওলোৱা নাই। ইজৰাইল-পেলেষ্টাইনীৰ সংঘাত আজিৰ ঘটনা নহয়, কুৰি শতিকাৰ পৰা চলি অহা এই সংঘাতে মধ্য প্রাচ্যৰ পৰিৱেশ সময়ে সময়ে অশান্ত কৰি আহিছে। সংঘাত যেনেকৈ পুৰণি দুয়ো পক্ষৰ মাজত বুজাবুজিৰ প্রচেষ্টাও পুৰণি। কিন্তু এই সংঘাতক উপজীব্য হিচাপে লৈ মুনাফা আদায় কৰিবলৈ এটা চাম মাজে মাজে তৎপৰ হৈ থাকে। বহু পেলেষ্টাইনীয়ে যেনেকৈ ইজৰাইলৰ সৈতে নতুন সংঘাত কামনা নকৰে, তেনেকৈ বহু ইজৰালীয়েও নিবিচাৰে পেলেষ্টাইনীৰ সৈতে ৰক্তক্ষয়ী সংঘাত অব্যাহত ৰখাটো। কিন্তু এইবাৰ 'হামাছ' নামৰ সন্ত্রাসবাদী সংগঠনটোৱে প্রথম ইজৰাইল সীমান্ত অতিক্রম কৰি নিৰীহ ইহুদিক হত্যা কৰি এইবাৰৰ যুদ্ধখন সূচনা কৰি ইয়াক নিৰীহ লোকৰ হত্যাযজ্ঞলৈ পর্যবসিত কৰাৰ পথ মুকলি কৰি দিলে। 

এতিয়া প্রশ্ন হৈছে আমেৰিকাৰ উদ্যোগত দুয়োপৰ মধ্যস্থতা হৈ যুদ্ধ-বিৰতি চুক্তি হৈছে ঠিকেই, কিন্তু অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠাৰ ইচ্ছা দুয়োটা পক্ষৰ আছে নে নাই? লগতে এইটোও গুৰুত্বপূর্ণ কথা যে এতিয়া গাজাষ্ট্ৰীপৰ ৫৩% এলেকাত নিজৰ কর্তৃত্ব বাহাল ৰাখিবলৈ সিদ্ধান্ত লোৱা ইজৰাইলে সেই ভূ-খণ্ডৰ অৱশিষ্ট অংশত পুনৰ হামাছৰ দৰে সন্ত্রাসবাদী সংগঠনৰ উপস্থিতি কিমান দিনলৈ সহ্য কৰি থাকিব? গতিকে, ক'ব পাৰি যে বৰ্তমানৰ যুদ্ধ-বিৰতিক লৈ চৌদিশে উল্লাস পৰিলক্ষিত হ'লেও এয়াই স্থায়ী সমাধান বুলি গণ্য কৰিব পৰা এতিয়াও হোৱা নাই। পৰিৱৰ্তিত সময়ে দিয়া বার্তাক অনুধাৱন কৰি সংশ্লিষ্ট পক্ষসমূহে নিজৰ নিজৰ জিঘাংসু মানসিকতা সলনি কৰিব লাগিব, ধর্মীয় তথা ঐতিহাসিক সংঘাতক উপজীব্য হিচাপে লৈ ৰাজনীতি কৰাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব। তেতিয়াহে অঞ্চলটোত স্থায়ী শান্তি সম্ভৱ হৈ উঠিব পাৰে।

Share This