ডিজিটেল ডেস্ক : ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনক (এছ আই আৰ) লৈ অভিযোগ উত্থাপন হৈছে আৰু অভিযোগৰ লগে লগে প্রতিবাদ, বিক্ষোভ হৈছে। তথাপি বৈধ ভোটাৰৰ নাম কর্তন হোৱা বুলি আৰু 'ভোট চুৰি' হোৱা বুলি অভিযোগ তুলি বিৰোধী ৰাজনৈতিক দল আৰু চি জে পিৰ দৰে সংগঠনে অভিযোগ আনিছে, সেইটোও উদ্বেগজনক বিষয়। এছ আই আৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা দেশবাসীয়ে বিচাৰে।
এছ আই আৰৰ অনিয়মৰ বিষয়ে বিৰোধীয়ে কৰা অভিযোগ বা জ্ঞানেশ কুমাৰৰ ভূমিকাৰ বিষয়ে কৰা অভিযোগ এতিয়া কেৱল অভিযোগ হৈ থকা নাই। ই লাহে লাহে অবিৰত প্রতিবাদ, ধৰ্ণাৰ কাৰণ হৈ পৰিছে। বিৰোধী ৰাজনৈতিক দলবোৰৰ সৈতে এনে প্রতিবাদত কেইবাটাও ছাত্র সংগঠনকে ধৰি নৱ উদিত ককৰ'চ জনতা পার্টিও (চি জে পি) ৰাজপথত নামি পৰিছে। কংগ্ৰেছৰ সৈতে সম্পৰ্ক মধুৰ নোহোৱা সত্ত্বেও, কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া মৰ্চাই এছ আই আৰৰ বিৰুদ্ধে তথা জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১ নৱেম্বৰত নতুন দিল্লীৰ ৰামলীলা ময়দানত আয়োজন কৰা বিশাল সমাবেশলৈ, শেহতীয়াকৈ চি জে পিয়ে সমর্থন আগবঢ়াইছে। উল্লেখযোগ্য যে বিৰোধী ইণ্ডিয়া মৰ্চাই এছ আই আৰৰ সন্দৰ্ভত আৰম্ভণিৰ পৰা সন্দেহ প্রকাশ কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰ তথা নির্বাচন আয়োগে এছ আই আৰৰ সপক্ষে নিজৰ যুক্তি দি দৃঢ় হৈ আছে।
প্রথম যেতিয়া এছ আই আৰ আৰম্ভ কৰাৰ যো-জা চলোৱা হৈছিল, তেতিয়া নির্বাচন আয়োগে কৈছিল যে এছ আই আৰৰ অন্যতম উদ্দেশ্য হ'ল 'বিদেশী অনুপ্ৰৱেশকাৰী'ৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা। কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিয়েও অনুপ্ৰৱেশকাৰীৰ (বিশেষকৈ বাংলাদেশী) নাম কর্তন হ'ব বুলিয়েই এছ আই আৰৰ সমৰ্থন কৰিছিল। বিজেপিয়ে এই বুলি প্রতিষ্ঠা কৰিবলৈ বিচাৰিছিল যে এছ আই আৰ হৈছে 'ডিটেক্ট, ডিলিট এন্ড ডিপ'র্ট' (ধৰা পেলোৱা, কর্তন কৰা আৰু বিতাৰণ কৰা) নীতিৰ এটা অংশ। ২০২৫ চনৰ ২৫ জুনত বিহাৰত এছ আই আৰ আৰম্ভ হৈছিল। ২০০২-২০০৪ চনৰ পাছত ভাৰতত এই এছ আই আৰ হৈছিল। এছ আই আৰৰ আগত বিহাৰত মুঠ ভোটাৰ আছিল ৭.৮৯ কোটি আৰু এছ আই আৰৰ পাছত ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ৭.৪২ লাখ। বিহাৰত মুঠ ৪৭ লাখ ভোটাৰৰ নাম কৰ্তন হৈছিল আৰু বিৰোধী দলবোৰে এই লৈ প্রতিক্রিয়া প্রকাশ কৰিছিল, সন্দেহ প্রকাশ কৰিছিল। কিন্তু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শাহ ইমানসংখ্যক ভোটাৰৰ নাম কৰ্তনক লৈ চিন্তিত নাছিল। বৰঞ্চ বিহাৰৰ এছ আই আৰৰ পাছতে ২০২৫ চনৰ ৯/১০ অক্টোবৰত 'দৈনিক জাগৰণ'ৰ প্রাক্তন মুখ্য সম্পাদক নৰেন্দ্ৰ মোহন স্মাৰক 'অনুপ্ৰৱেশ, জনগাঁথনিৰ পৰিৱৰ্তন আৰু গণতন্ত্র' শীর্ষক বক্তৃতাত শ্বাহে কৈছিল, 'বিজেপিয়ে ১৯৫০ চনৰ পৰা 'ডিটেক্ট, ডিলিট এণ্ড ডিপ'র্ট' ফর্মূলা গ্রহণ কৰিছে। আমি অনুপ্ৰৱেশকাৰীক ধৰা পেলাম, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম আৰু তেওঁলোকক এই দেশৰ পৰা বিতাৰণ কৰিম।'
এছ আই আৰৰ অনিয়মৰ অভিযোগ আৰু ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাত সন্দেহ প্রকাশৰ মাজতে শেহতীয়াকৈ এছ আই আৰ আৰু অনুপ্ৰৱেশকাৰী চিনাক্ত সন্দর্ভত প্রশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে বৃহস্পতিবাৰে সামাজিক মাধ্যম এক্সত এই প্রসংগ উত্থাপন কৰে। তেওঁ কয়, 'গৃহ মন্ত্রীয়ে কৈছিল যে এছ আই আৰৰ থ্রী ডি উদ্দেশ্য আছে- অনুপ্ৰৱেশকাৰীক ডিটেক্ট, ডিলিট আৰু ডিপ'ৰ্ট কৰা, ভোটাৰ তালিকাক 'বিশুদ্ধ' কৰা। প্রশ্ন হ'ব- এছ আই আৰে আচলতে কি সফলতা লাভ কৰিলে? কৰ্ণাটক, ঝাৰখণ্ড, মেঘালয়, কেৰালা, গোৱা আৰু মিজোৰামত বিভিন্ন দেশৰ মাত্র ১,৬০০ বিদেশী ধৰা পেলোৱা হ'ল আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ল। '১৬০০ বিদেশীক ধৰা পেলাবলৈ এই ৬খন ৰাজ্যৰ প্ৰায় ১০ কোটি লোকৰ মাজত এছ আই আৰ কৰা হ'ল।' তেওঁ লগতে কয় যে আন ২০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে সেই বিষয়ে তথ্য দিয়া নাই, কাৰণ নির্বাচন আয়োগে তেনে তথ্য সংগ্ৰহৰ বাবে নির্দেশ দিয়া নাছিল।
জয়ৰাম ৰমেশে সামাজিক মাধ্যমত দাঙি ধৰা এই বক্তব্যৰ উৎস হৈছে 'হিন্দুস্তান টাইম'ৰ এখন প্রতিবেদন। শেহতীয়াকৈ প্রকাশিত হিমাংশী দহিয়াৰ '১,৬০০ ফৰেইনাৰ্ছ ইন ৬ ষ্টেটছ, ৰিভিল এছ আই আৰ' শীর্ষক প্রতিবেদনৰ আলমত ৰমেশে এই বক্তব্য দাঙি ধৰিছে। প্রতিবেদনখনৰ মতে, এছ আই আৰত কৰ্ণাটকত যি ৯৯ লাখতকৈ অধিক ভোটাৰৰ নাম কর্তন কৰা হৈছে, তাৰ ভিতৰত মাত্র ৭১৬জনকহে বিদেশী বুলি চিনাক্ত কৰা হৈছে। এই ৭১৬জনৰ ভিতৰত ৫৪৫জন হৈছে নেপালী সম্প্ৰদায়ৰ। ৪৩.৬ লাখ ভোটাৰৰ নাম কৰ্তন হোৱা ঝাৰখণ্ডত চিনাক্ত কৰা হৈছে তিনিজন বিদেশীক। এই আটাইকেইজনেই হৈছে আফগানিস্তানৰ। মেঘালয়ত ভাৰতীয় মূলৰ মহিলাক বিয়া পতা দুজন নেপালী চিনাক্ত কৰা হৈছে। উক্ত দুজনৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ৮.৯৭ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা কেৰালাত, বিদেশী নাগৰিকত্ব থকা, অথচ এতিয়া ভাৰতৰ ভোটাৰ তালিকাত নাম থকা প্রায় ৫০০ লোকক চিনাক্ত কৰা হৈছে। ১.২৭ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা গোৱাত বিদেশী পাছপ'র্ট থকা সন্দেহযুক্ত ৪১৮জনক ধৰা পেলোৱা হৈছে। মিজোৰামত ৩৯,০০০ জনৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে। অৱশ্যে ইয়াত কোনো বিদেশী চিনাক্ত হোৱা নাই।
কিন্তু, আনুষ্ঠানিকভাৱে নির্বাচন আয়োগে বা চৰকাৰে এতিয়ালৈকে ঘোষণা কৰা নাই, এছ আই আৰত কিমান অনুপ্ৰৱেশকাৰী ধৰা পৰিল, কিমানৰ নাম কৰ্তন কৰা হ'ল আৰু কিমানৰ বিতাৰণৰ প্ৰচেষ্টা আৰম্ভ হ'ল। এই তথ্য এই কাৰণেই গুৰুত্বপূৰ্ণ, কাৰণ নির্বাচন আয়োগ আৰু চৰকাৰে সেই সময়ত দাবী কৰিছিল যে এছ আই আৰৰ অন্যতম উদ্দেশ্য অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা। অৱশ্যে, এটা কথা ঠিক যে এছ আই আৰত বহুসংখ্যক মৃত আৰু কায়িক অস্তিত্ব নথকা ভোটাৰৰ নাম কৰ্তন হোৱা বুলিও নির্বাচন আয়োগৰ তৰফৰ পৰা কৈ অহা হৈছে।