ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ গংগাপুৰত অলপতে প্রেমজনিত কাৰণৰ অচিলাতেই এজন যুৱকে এগৰাকী যুৱতীক নির্মম আক্রমণেৰে হত্যাৰ চেষ্টা চলোৱাৰ উপৰি এই কার্যত বাধা দিবলৈ অহা যুৱতীগৰাকীৰ ভাতৃক অতি নৃশংসভাৱে হত্যা কৰিলে। পার্শ্বক্রিয়া ইমানেই ভয়ংকৰ হ'ল যে হত্যাকাৰী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ'ল হত্যাকাৰীজন। অৱধাৰিতভাৱে জনতাৰ ক্ষোভ-দমনৰ লক্ষ্যৰেই আৰক্ষীৰ এই কঠোৰ পদক্ষেপ বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰ পূর্বেও এনে বহু ঘটনা ঘটিছে। উত্তেজিত জনতাক ক্ষান্ত কৰাৰ লক্ষ্যৰে পৰিস্থিতিৰ প্রয়োজনীয়তা অনুসৰি আৰক্ষীয়ে এনকাউণ্টাৰৰ দৰে ব্যৱস্থা হাতত ল'ব লগা হৈছে যদিও শিক্ষিত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে Extra Judicial Killing বা আইনবহির্ভূত হত্যা গ্রহণযোগ্য নহয়। গণতান্ত্রিক দেশ এখনত Extra Judicial Killing কাৰো কাম্য নহয়। কিন্তু এটা কথা সত্য যে অপৰাধীৰ শাস্তি প্রদানত আইনৰ চূড়ান্ত ব্যর্থতা আৰু অতি শামুকীয়া বিচাৰ ব্যৱস্থাই আৰক্ষী আৰু সাধাৰণ মানুহক এনে হত্যাৰ প্রতি সমর্থন জনাবলৈ বাধ্য কৰি তুলিছে। এখন গণতান্ত্রিক দেশৰ বাবে ই দুর্ভাগ্যজনক কথা। আইন-আদালতৰ প্ৰতি ক্রমাগত হাৰত বৃদ্ধি পোৱা আস্থাহীনতা বা ভৰসাহীনতাই মানুহক তৎকালীন শাস্তিৰ প্ৰতি এনেদৰে আকৃষ্ট কৰিছে যে মানুহে বহু সময়ত নিজেই হাতত আইন তুলি লোৱাৰ দিশে আগবাঢ়িছে। তেনে প্রেক্ষাপটত চৰকাৰে এনকাউন্টাৰক প্রত্যক্ষ বা পৰোক্ষভাৱেও উৎসাহিত কৰাটো কিমানদূৰ গ্ৰহণযোগ্য, সেয়া চিন্তাৰ বিষয়। এনে এনকাউণ্টাৰত কোনো অনুভবী মানুহেই উৎফুল্লিত নহয়। সমগ্র বিষয়টো আর্থ-সামাজিক দিশেৰে পৰ্যালোচনা কৰাটো নিতান্তই জৰুৰী হৈ পৰিছে।
উল্লেখযোগ্য যে সমাজ কি বুলি ক'লেই প্রথমে মনলৈ আহে নৈতিক মূল্যবোধ আৰু সম আদৰ্শৰ মানুহৰ সংঘবদ্ধ সমষ্টি। নীতি-আদৰ্শৰে সু-সংঘবদ্ধভাবে সমাজ এখন পৰিচালিত হ'লে সেই সমাজ গর্বিত হয়, সেই সমাজৰ বাসিন্দা সু-নাগৰিক আৰু শান্তিপূর্ণ হয়। কিন্তু যেতিয়া এই নীতি-আদর্শ, শিক্ষা, সংস্কাৰ ইত্যাদিত কেৰোণ লাগিবলৈ আৰম্ভ কৰে, তেতিয়া সমাজ এখনো স্খলিত হ'বলৈ আৰম্ভ কৰে। স্খলিত সমাজ (Degraded Society) বুলিলে মানুহৰ নৈতিক মূল্যবোধ, মানৱীয়তা আৰু আদৰ্শৰ অৱক্ষয় ঘটা সামাজিক অবস্থাকেই সূচায়। নৈতিক স্খলন আৰু সামাজিক অৱক্ষয়ৰ বাবেই যে প্রতিদিনে নলবাৰীৰ গংগাপুৰ বা মাজুলীত হত্যা, ধৰ্ষণ-কাণ্ডৰ হৈ অহা ন্যায়-অন্যায়ৰ বোধহীনতা, অপৰাধ আৰু বিশৃংখলতাই সমাজ এখনক বিভেদকামী আৰু স্খলিত কৰি তোলে। শেহতীয়া ঘটনাক্রম আৰু সামাজিক মাধ্যম প্ৰমুখ্যে সৰ্বত্ৰ জ্বলা ঘৃণাৰ জুই এনে স্খলিত সমাজ এখনৰেই প্রতিক্রিয়া, য'ত ধর্ম একোটাক লৈ চৰিত্ৰ বিচাৰ কৰা হয়, য'ত আইনতকৈ আগত ৰাজহুৱা শাস্তিৰ দাবীৰে চৰকাৰক হেঁচা দিয়া হয়, য'ত মৃত্যুৰ দুৱাৰৰ্ডলিত ৰৈ থকা এগৰাকী ভুক্তভোগীক কেৱল ছোৱালী হোৱাৰ অজুহাততেই চৰিত্ৰহনন কৰা হয়। ভিন্ন মতামতধাৰী হ'লেও এই আটাইবোৰ এখন সমাজৰেই প্রতিভূ। কথাখিনিৰ অৱতাৰণা কৰাৰ কাৰণ দৰে ঘটনা ঘটিবলৈ লৈছে, সেয়া নিষ্ঠুৰ সত্য। মূল্যবোধৰ অৱক্ষয়, লাহে লাহে শেষ শেহতীয়াকৈ গংগাপুৰৰ ঘটনাক লৈ উত্তাল হৈ থকা সামাজিক পৰিস্থিতি। উল্লেখযোগ্য যে এগৰাকী সোতৰ বছৰীয়া যুৱতীয়ে প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই ৰ'জ আলী নামৰ সদ্যযুৱকজনে ফুটগধূলিতে ৰাজপথত হানি-খুঁচি মাৰিবলৈ চেষ্টা কৰাৰ লগতে ছোৱালীজনীৰ ভাতৃ সোতৰ বছৰীয়া মাধুৰ্য বৰ্মন নামৰ নিৰীহ যুৱকজনক অতি নৃশংসভাবে হত্যা কৰে। ঘটনাৰ পাছত হত্যাকাৰীক শাস্তি দিয়াৰ দাবী তীব্ৰতৰ হৈ উঠাৰ সমান্তৰালকৈ চর্চা হয় লাভ জেহাদ আৰু হত্যাকাৰীৰ ধৰ্মৰ। আনকি বিশেষ সম্প্ৰদায়ৰ হোৱা হেতুকে সমূহ সম্প্রদায়টোকেই আঁজুৰি যি হাৰত ঘৃণাৰ জুই বিয়পোৱা হয়, সেই জুইত ইতিমধ্যে সম্প্রদায়টোৰ অধিকাংশই লজ্জানত হ'ব লগা হৈছে। বিশেষ সম্প্রদায়টোৰ অপৰাধী মানসিকতা বৃদ্ধিক লৈ ঘৃণা আৰু চৰ্চা সমান্তৰালভাৱে চলি থকাৰ মাজতে উক্ত সম্প্ৰদায়ৰ বহু প্রগতিশীলে এই অপৰাধী মানসিকতাক মূলতঃ অত্যধিক ৰক্ষণশীলতাই কঢ়িয়াই অনা স্থূল চিন্তা বুলি অভিযোগ তুলি মুকলিকৈ ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে সম্প্রদায়টোৰ এনে মানসিকতাৰ অতি শীঘ্ৰে সংস্কাৰৰ প্রয়োজনীয়তাক মুকলিকৈ স্বীকাৰ কৰিছে।
ধর্মীয় মৌলবীৰ শিক্ষাক অগ্রাধিকাৰ দিয়াৰ বিৰুদ্ধে থিয় হোৱা এনে প্রগতিশীলতা স্বাভাৱিকতে এখন স্খলিত সমাজ সংস্কাৰৰ বাবে এক দৃঢ় পদক্ষেপ। এনে ক্ষেত্রত কথাই প্রতি বিশেষ সম্প্রদায়কেন্দ্ৰিক বিতৰ্কৰে চৰ্চাত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো যুক্তিসংগতভাবে বিবেচনা কৰিব লাগে। উল্লেখযোগ্য যে গংগাপুৰৰ এই ঘটনাৰ লগতে কিছুবছৰ পূৰ্বে ধেমাজিত সংঘটিত হোৱা এটা ঘটনাও সম্প্রতি চৰ্চালৈ আহিছে, য'ত ৰিংকু শৰ্মা নামৰ এজন যুৱকে প্রেমজনিত কাৰণৰ অচিলা লৈ ৰাজপথতেই নন্দিতা শইকীয়া নামৰ এগৰাকী কলেজীয়া যুৱতীক ঘপিয়াই হত্যা কৰিছিল। দুয়োটা ঘটনাৰ চৰ্চাৰে এতিয়া একাংশই উক্ত ৰিংকু শর্মাক কিয় এনকাউণ্টাৰ কৰা নহ'ল বুলি প্রশ্ন তুলিছে। আনকি উচ্চ বৰ্ণৰ আৰু বিশেষ সম্প্ৰদায়ৰ মাজত Selective Justice কৰা হৈছে নেকি বুলিও এটা পক্ষই অভিযোগ তুলি সমগ্র বিষয়টো ৰাজনীতিকৰণ কৰাৰ চেষ্টা চলোৱা দেখা গৈছে। আচলতে পক্ষপাতমূলক ন্যায় বা Selective Justice কোনো ক্ষেত্রতেই গ্রহণযোগ্য নহয়। আনকি এনকাউণ্টাৰকো এইক্ষেত্রত ন্যায় বুলি ক'ব নোৱাৰি। চৰকাৰেও এনকাউণ্টাৰৰ দৰে শাস্তিক উৎসাহিত কৰি জনতাক অধিক আগ্রাসী কৰাৰ সলনি ন্যায় ব্যৱস্থাটোৰ সংস্কাৰ আৰু ক্ষিপ্ৰকৰণতহে অধিক শক্তি ব্যয় কৰা উচিত, অন্যথা ন্যায় লাভৰ নামত এনে আগ্রাসী উৎসাহে ভৱিষ্যতৰ সমাজখনক ভাঙি পেলোৱাই নহয়, চৰকাৰৰ বাবেও ই বুমেৰাং হৈ পৰাটো নিশ্চিত।