ডিজিটেল ডেস্ক: মঙলবাৰে আবেলি ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিল। ষষ্ঠদশ অসম বিধানসভা গঠন কৰাৰ বাবে কাইলৈ হ'বলগীয়া নির্বাচনৰ বাবে অবতীর্ণ হোৱা ৭২২গৰাকী প্রার্থীয়ে যাৰ যেনেকুৱা সাধ্য সেই অনুসৰি প্ৰচাৰ চলাই আনুষ্ঠানিক প্ৰচাৰৰ যোৱা দিনকেইটাত ৰাজ্যৰ পৰিৱেশ মুখৰ কৰি ৰাখিছিল। সেই পৰিৱেশৰ মঙলবাৰৰ আবেলিৰ লগে লগে সামৰণি পৰি ৰাজ্যখন আক্ষৰিক অর্থতে নিমাওমাও হৈ পৰিল। ইয়াৰ পাছত মঙলবাৰ আৰু বুধবাৰৰ নিশা দুটাত চলিব গোপন প্ৰচাৰ, যাক কোৱা হয় 'শেষ নিশাৰ খেল'!
অর্থবল থকা কেতবোৰ প্রার্থীয়ে এই দুটা নিশাতে নিজৰ প্ৰয়োজনীয় ভোটখিনি গজগজীয়া কৰাৰ চেষ্টা চলাব। কাক কি দিলে নিশ্চিত হ'ব বিজয় তাৰ লেনদেন এই দুটা নিশাতে হ'ব। এয়া বহুতেই দেখি অহা, সকলোৱে শুনি অহা 'সত্য'। বহুত দিনৰ চিঞৰ-বাখৰ, যুঁজ-বাগৰ, গালি-গালাজৰ 'নির্বাচনী প্রচাৰ' সমাপ্ত হোৱাৰ পাছত স্বাভাৱিকভাৱেই নির্বাচনী পৰিৱেশৰ পৰ্যালোচনা হয়। সমষ্টিবিলাকৰ কোনটোত কোন জিকিব, কোন হাৰিব, কাৰ কাৰ মাজত প্রতিদ্বন্দ্বিতা হ'ব- এই কথাবোৰ জানিবলৈ কৌতূহলী হৈ থকাসকলে বিভিন্ন উৎসৰ পৰা 'আচল ছবিখন' পাবলৈ চেষ্টা কৰে। এইবাৰো তেনেকুৱা হৈছে। প্রথম অৱস্থাত নিৰ্বাচনৰ পৃষ্ঠভূমি তেনেই সহজ যেন ধাৰণা হৈছিল। কিন্তু নিৰ্বাচনৰ আনুষ্ঠানিক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছত আৰু প্ৰচাৰৰ পাৰ হৈ যোৱা সময়ছোৱাত দৃশ্যমান হোৱা ঘটনা-প্ৰৱাহৰ ক্ৰিয়া-প্রতিক্ৰিয়াবোৰ বিশ্লেষণ কৰাৰ পাছত এতিয়া ৰাজ্যবাসীয়ে যে ধূসৰ ছবি এখনহে দেখা পাইছে সেয়া বিভিন্নজনৰ লগত আলোচনা কৰিলেই গম পোৱা যায়।
পাঁচখন ৰাজ্যৰ নির্বাচনক লৈ ইতিপূর্বে কেইবাটাও 'অপিনিয়ন প'ল' প্রকাশ পাইছে। সোমবাৰেও 'এ বি পি নিউজ-চাণক্য ষ্টেটেজী' আৰু 'মেট্রিজ'এ এটা 'অপিনিয়ন প'ল' প্রকাশ কৰিছে। 'মেট্রিজ'ৰ সমীক্ষাটোৰ মতে, অসমত বিজেপি মিত্রজোঁটে ৯২-১০০খন আসন লাভ কৰি এইবাৰ সৰ্বকালৰ অভিলেখ ৰচনা কৰিব পাৰে। 'এ বি পি নিউজ-চাণক্য ষ্টেটেজী'ৰ মতে বিজেপি মিত্রজোঁটে পাব ৮৩-৯৩খন আসন। যদি এয়াই হয় তেনেহ'লে প্রব্রজিত মূলৰ মুছলমানৰ সংখ্যাধিক্য থকা সমষ্টিকেইটাক বাদ দি বাকী সকলো সমষ্টিতে বিজেপি মিত্রজোঁটৰ প্রার্থীয়েই জয়লাভ কৰিব লাগে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো তেনে এটা পৰিসংখ্যাই অসমবাসীৰ আগত প্ৰকাশ কৰি আহিছে। কিন্তু নিজা-নিজা উৎসৰ তথ্যৰ পৰা সমষ্টিসমূহৰ পৰিৱেশ বিশ্লেষণ কৰা ভালেমান কৌতূহলী লোকে ইমান সহজ ছবি দেখা নাই। অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰধান বসতিস্থল হৈছে উজনি অসম। ইয়াত প্রব্রজিত মূলৰ মুছলমানৰ বসতি একেবাৰে ক্ষীণ। এই উজনি অসমৰে এনে কেইটামান সমষ্টিৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈছে য'ত বিজেপি মিত্রজোঁট আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত তীব্র প্রতিদ্বন্দ্বিতাৰ ছবি এখন ৰাইজৰ দৃষ্টিগোচৰ হৈছে।
যোৰহাট, টীয়ক, শিৱসাগৰ, খোৱাঙৰ দৰে উজনি অসমৰ সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰেই জয়ৰ সম্ভাৱনা বেছি বুলি বহুতৰ ধাৰণা। আনকি গোলাঘাট, দুলীয়াজান, তিনিচুকীয়াৰ দৰে সমষ্টিতো শাসকীয় মিত্ৰজোঁটৰ বিজয় সহজ নহ'ব পাৰে বুলি সমষ্টিকেইটাৰ পৰিৱেশৰ ওপৰত দৃষ্টি ৰখা একাংশ লোকে কয়। তেনেদৰে গুৱাহাটী মহানগৰ জিলাৰ দিছপুৰ আৰু মধ্য গুৱাহাটী সমষ্টি দুটাৰ যুঁজখনো জটিল হৈ পৰা বুলি বহুতৰে ধাৰণা। কাৰ্বি আংলঙৰ সমষ্টি কেইটামানতো শাসক বিৰোধীৰ যুঁজখন প্রবল হোৱাৰ নিশ্চিত সম্ভাৱনা আছে। সমষ্টি-কেন্দ্রিক এনেবোৰ বিষয়ৰ চৰ্চা চলি থকাৰ মাজতে অন্য এটা বিষয়ো নিৰ্বাচনৰ প্ৰতি কৌতূহল থকাসকলে লক্ষ্য কৰিছে, সেয়া হ'ল এইবাৰ ৰাজ্যৰ চাহ বাগিচাৰ ভোটাৰৰ প্ৰভাৱ থকা ২১টা সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমর্থিত প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে।
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু তেওঁৰ সহযোগীসকলে আসমত দীঘলীয়া দিন বাহৰ পাতি থাকি তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে। আপাত দৃষ্টিত চাহ বাগিচাৰ শ্রমিক ভোটাৰসকল বিজেপিৰ সমৰ্থক বুলি সকলোৱে জানে। তেনে অৱস্থাত অসমৰ চাহ বাগিচা অঞ্চলত হেমন্ত ছোৰেনৰ তৎপৰতাৰ বাবে যদি চাহ বাহিচাৰ শ্ৰমিকৰ ভোটৰ বিভাজন হয়, সেইটোও বিজেপি মিত্রজোঁটৰ বাবে হ'ব ডাঙৰ সংকট। সর্বোপৰি এইবাৰৰ নিৰ্বাচনত বিভিন্ন কাৰণত বুজন অংশৰ ভোটাৰে নীৰৱতা অৱলম্বন কৰি আছে। ইয়াৰ পৰা এটা কথা ধাৰণা কৰা কঠিন নহয় যে নির্বাচনটোত এক 'অন্তঃস্রোতে' ক্ৰিয়া কৰিব পাৰে। ইয়াৰ পৰা কাৰ হানি হয়, কোন লাভৱান হয় ক'ব পৰা নাযায়।
নিঃসন্দেহে এটা কথা ক'ব পাৰি যে অভূতপূর্ব উন্নয়নমূলক কাম কাজ, বিশাল সংখ্যক হিতাধিকাৰীক বিভিন্ন আঁচনিৰ ধন বিতৰণ, বিশাল নিযুক্তি, 'নিযুত মইনা', 'নিযুত বাবু', 'উদ্যমিতা', 'আত্মনিৰ্ভৰ অসম', আদিৰ দৰে আঁচনিৰ পৰা উপকৃত হৈছে লাখ লাখ লোক। এইবিলাকৰ বাবে বিজেপি মিত্রজোঁট এটা সুবিধাজনক অৱস্থাত থকাটো অনস্বীকার্য। তথাপি নির্বাচনটো একপক্ষীয় নহ'ব বুলি বহুতৰ ধাৰণা। কিছুমান সমষ্টিৰ বৰ্তমানৰ পৰিৱেশলৈ লক্ষ্য ৰখাসকলৰ বদ্ধমূল ধাৰণা- যুঁজ এখন হ'ব!