ডিজিটেল ডেস্ক : যদিও অত্যাধুনিক প্রযুক্তিৰ সহায়ত বিমানৰ কাৰিকৰী দক্ষতা পূৰ্বৰ তুলনাত বহু উন্নত কৰা হৈছে; বিমান যাত্ৰাক নিৰাপদ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে, ছিগনেলিং ব্যৱস্থা প্রত্যয়জনকভাৱে নিখুঁত কৰা হৈছে তথাপি বিমান দুর্ঘটনা নোহোৱাকৈ থকা নাই। মানুহক হতভম্ব কৰি তুলিব পৰা বিভিন্ন বিমান দুর্ঘটনা ঘটি আছে। তেনে পৰিপ্ৰেক্ষিতত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানখন দুর্ঘটনাগ্রস্ত হৈ দুই শতাধিক যাত্রী আৰু বিমানকর্মী নিহত হ'ব লগীয়া ঘটনাটো অভাৱনীয় বুলি ক'ব পৰা নাযায়। কিন্তু ইংলেণ্ডগামী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ দুর্ঘটনাৰ ধৰণটোৱেহে সংশ্লিষ্ট সকলোৰে মনত প্ৰশ্নৰ উদয় ঘটাইছে কি কাৰণে হ'ল দুর্ঘটনাটো! এয়াৰ ইণ্ডিয়া কর্তৃপক্ষই প্ৰকাশ কৰিছে যে নিৰাপত্তাৰ দিশৰ পৰা বিমানখনত কোনো খুঁত নাছিল। তেনে অৱস্থাত বিমান বন্দৰৰ ৰানৱেৰ পৰা সুকলমে যাত্ৰা আৰম্ভ কৰা বিমানখন ৬২৫ ফুট উচ্চতালৈ উঠাৰ পাছত হঠাৎ তলমুৱা হৈ নামি আহিল কিয়? বিমানখনৰ উৰণৰ সময়ৰ যিবোৰ 'ফুটেজ' পোৱা গৈছে তাৰ আধাৰত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে * যে বিমানখন অস্বাভাৱিকভাৱে নিম্ন উচ্চতাত কিছু সময় উৰি আছিল আৰু ওপৰলৈ উঠাত যেন বিমানখনে কিবা সমস্যা পাইছিল।
তদুপৰি, হেনো বিমানখনে উৰণ আৰম্ভ কৰাৰ পাছতে ককপিট আৰু এয়াৰ ট্রেফিক কন্ট্রলৰ যোগাযোগ নোহোৱা হৈ পৰিছিল। অৱশ্যে, বিমানখনে কি অসুবিধা পাইছিল বা কি কাৰণে হঠাৎ তললৈ নামি আহিব লগা হ'ল এই সমগ্র বিষয়টো পৰৱৰ্তী সময়ত তদন্তত উন্মোচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ এই দুর্ঘটনাত সৌভাগ্যক্রমে প্ৰাণৰক্ষা পৰা যাত্রী আছে, তেওঁলোকে পাছত দুৰ্ঘটনাৰ মুহূর্তত বিমানখনৰ ভিতৰৰ অৱস্থা সম্পর্কে নিশ্চয় ব্যক্ত কৰিব। তদুপৰি, বিমানত যাত্ৰাৰ প্ৰতি মুহূৰ্তৰ তথ্য সংৰক্ষণ কৰি ৰখাৰো ব্যৱস্থা আছে। যি নহওক, ১৯৩৮ চনৰ পৰা আজিলৈকে দেশত ৩৬টা বিমান দুর্ঘটনা ঘটিলেও যোৱা ১৫ বছৰত বৃহৎ দুর্ঘটনা হোৱা নাছিল। ২০১০ চনৰ ২২ মে'ত মাংগালোৰ বিমান বন্দৰৰ ৰানৱে'ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান এখন হোৱা দুৰ্ঘটনাত ১৫৮ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। এই উদাহৰণে ভাৰতীয় বিমান প্ৰাধিকৰণ তথা বিমান যাত্ৰাৰ সৈতে জড়িত দেশীয় প্রতিষ্ঠানবিলাকে বিমান যাত্ৰাক তুলনামূলকভাৱে নিৰাপদ কৰি ৰাখিবলৈ সক্ষম হোৱাটোকে প্রতিপন্ন কৰে। ১৫ বছৰৰ মূৰত আহমেদাবাদত হোৱা ভয়াৱহ দুর্ঘটনাটোৱে কেন্দ্ৰীয় চৰকাৰ তথা বিমান প্রতিষ্ঠানসমূহক নিৰাপত্তাৰ দিশত থকা অৱশিষ্ট খুটি-নাটিবোৰ বিশ্লেষণ কৰি বিমান যাত্ৰাক সম্পূৰ্ণ নিৰাপদ কৰি তোলাত নিশ্চয় সষ্টম কৰিব। বিশ্বৰ প্রান্তে প্রান্তে ঘটি থকা কিছুমান ঘটনাই বিমান যাত্ৰাৰ নিৰাপত্তাক লৈ সদায়ে সন্দিহান কৰি আহিছে।
২০১৪ চনৰ ৮ মাৰ্চত মালয়েছিয়া এয়াৰ লাইনছৰ বিমান এখন ২২৭গৰাকী যাত্রী আৰু ১২গৰাকী বিমানকর্মীক লৈ কুৱালালামপুৰৰ পৰা বেইজিঙলৈ গৈ থাকোঁতে মাজ আকাশতে অন্তর্ধান হৈ পৰে। পাছত ভাৰত মহাসাগৰৰ বুকুত পশ্চিমে অষ্ট্ৰেলিয়াৰ পৰা মধ্য এছিয়ালৈকে এবছৰ ধৰি সন্ধান চলিল যদিও সাগৰত ওপঙি থকা বিমানখনৰ কিছু অৱশেষক বাদ দি বিধ্বস্ত বিমানখনৰ অস্তিত্ব ক'তো উদ্ধাৰ কৰিবলৈ সন্ধানকাৰী দল সক্ষম নহ'ল। মাজ আকাশৰ পরা বিমান সন্ধানহীন হোৱাৰ এক ৰহস্যময় ঘটনা ৰূপে ইতিহাসত থাকি গ'ল সেই অধ্যায়। আমেৰিকাৰ দৰে দেশত বিমান- হেলিকপ্টাৰ দুৰ্ঘটনা প্রায়ে ঘটি থাকে। বেছিভাগ ঘটনাই সংঘটিত হয় বেপৰোৱা মনোবৃত্তিৰ বাবে। ২০২৪ আৰু ২০২৫ বর্ষত এটা সপ্তাহতে ৪টাকৈ বিমান দুর্ঘটনা বিশ্বৰ বিভিন্ন স্থানত সংঘটিত হোৱা আৰু ভালে সংখ্যক যাত্রীয়ে প্রাণ হেৰুৱাব লগা হোৱা ঘটনাৰ বাবে বিমান যাত্ৰাৰ নিৰাপত্তাৰ প্ৰশ্নটোৱে সমগ্র বিশ্বকে চিন্তান্বিত কৰা পৰিলক্ষিত হৈছিল।
ইয়াৰে ২০২৪ বর্ষত ৩টা ঘটনা একেদিনাই সংঘটিত হৈছিল। এই দুর্ঘটনাসমূহৰ পাছত ২০২৪ চনৰ অক্টোবৰ মাহত প্রকাশ পৌৱা ইণ্টাৰনেশ্যনেল এয়াৰ ট্রেন্সপ'ৰ্ট এছ'চিয়েশ্যন (আই এ টি এ)ৰ এখন প্ৰতিবেদনত কোৱা হয় যে বিমানৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে বিমান যাত্ৰা পৰিচালনাৰ ব্যৱস্থাটো জটিল হৈ অহা সত্ত্বেও ৪.৪ বিলিয়নতকৈও অধিক যাত্ৰীয়ে ২০২৩ বৰ্ষত নিৰাপদে বিমান যাত্রা কৰিবলৈ সক্ষম হয়। হ'লেও ২০১৮ চনৰ পৰা সংঘটিত হোৱা বিমান দুর্ঘটনাবোৰৰ ৪৮ শতাংশ দুর্ঘটনাৰহে চূড়ান্ত প্রতিবেদন প্রকাশ পাইছে। এইটো এক উদ্বেগৰ বিষয়। বিমান যাত্ৰাৰ নিৰাপত্তা ৰক্ষা কৰিবলৈ হ'লে বিমান প্রতিষ্ঠানসমূহে বিশ্ব মান ৰক্ষাত গুৰুত্ব দিব লাগিব আৰু অবিৰত আধুনিকীকৰণৰ ধাৰা অব্যাহত ৰাখিব লাগিব। উল্লেখযোগ্য যে ২০২২ বর্ষত প্রতি ১ নিযুত বিমান উৰণৰ বিপৰীতে ২.০৫ শতাংশ দুর্ঘটনা ঘটাৰ বিপৰীতে ২০২৩ বর্ষত ঘটে ১.৮৭ শতাংশ দুর্ঘটনা। ২০২৪ বৰ্ষত এই হাৰ ১.১৩-লৈ হ্রাস পায়।