ডিজিটেল ডেস্ক : স্বাধীন ভাৰতে সংবিধান গ্ৰহণ কৰাৰ পাছত ১৯৫২ চনৰ পৰা বহুত নির্বাচন অনুষ্ঠিত হৈছে। লোক সভা গঠন কৰাৰ বাবে দেশৰ সাধাৰণ নির্বাচন আৰু ৰাজ্যসমূহৰ বিধানসভা গঠনৰ বাবে বিধানসভাৰ নিৰ্বাচন। ১৯৫২ চনত দেশত ৩৬ কোটি মানুহ আছিল। চৰম দাৰিদ্ৰ্যৰ মাজত জীৱন যাপন কৰিছিল অধিকাংশ দেশবাসীয়ে। তেতিয়া দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকৰ হাৰ আছিল ৪৫%ৰ পৰা ৬০%ৰ ভিতৰত। অর্থাৎ দেশৰ আধাতকৈও বেছি মানুহ দৰিদ্ৰ আছিল। এতিয়া দেশৰ জনসংখ্যা প্রায় ১৫০ কোটি। এতিয়া প্রাপ্ত পৰিসংখ্যা অনুসৰি দেশৰ সৰ্বাধিক ২.৫% লোকহে অত্যধিক দৰিদ্ৰতা (Extreme Proverty)ৰ সীমাৰেখাৰ তলৰ। অর্থাৎ এতিয়া দেশত খাবলৈ নাপাই মৰা মানুহৰ সংখ্যা কম।
বৰঞ্চ বেছি খাই মৰা মানুহৰ সংখ্যাহে বেছি। স্বৰাজোত্তৰ এই ৮টা দশকত একালৰ এই দৰিদ্ৰ দেশখনে বিকাশৰ যিটো স্তৰত আহি উপনীত হৈছেহি তাক বৈপ্লবিক বুলি ক'লেও অত্যুক্তি কৰা হয়তো নহ'ব। সেই ১৯৫২ চনৰ পৰা দেশবাসীয়ে ভোট দি আহিছে। সেই ভোটেৰে গঢ়া দেশৰ চৰকাৰ, ৰাজ্য চৰকাৰসমূহৰ নেতৃত্বতে যে এই ক্রমবর্ধমান উন্নয়নৰ পথেৰে দেশ আগুৱাই গৈছে তাক অস্বীকাৰ কৰা নাযায়। তাৰ মাজতো জনতাৰ অসন্তুষ্টি আছে; সময়ে সময়ে এই পুঞ্জীভূত অসন্তুষ্টিবোৰে চৰকাৰ বিৰোধী সংগ্রামৰো ৰূপ লৈছে। কেতিয়াবা ক্ষুব্ধ যুৱ প্ৰজন্মই হাতত অস্ত্র তুলি লৈও দেশৰ ৰূপান্তৰ বিচৰা সংগ্ৰামত নামি হৃদয়ৰ ক্ষোভ বন্দুকৰ নলীৰে উজাৰিছে। এনেকুৱা প্রতিবাদ-সংগ্রামে কেতিয়াবা ৰাজনৈতিক ৰূপ লৈ প্রতিষ্ঠিত চৰকাৰক ওফৰাই নতুন চৰকাৰ গঠনৰো পৃষ্ঠভূমি নিৰ্মাণ কৰিছে। ইয়াৰ মাজতো ৮ দশক ধৰি সময়ান্তৰত হৈ থকা নির্বাচনবোৰ দেশবাসীয়ে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্তকৰণৰ উৎসৱৰ ৰূপত উদযাপন কৰি সামগ্রিকভাৱে দেশৰ গণতন্ত্ৰৰ সৌন্দৰ্যক বিশ্বৰ সন্মুখত উদ্ভাসিত কৰি আহিছে। দেশৰ অধিকাংশ ভোটদাতাই নিজৰ ভোটদানৰ অধিকাৰক নাগৰিকত্বৰ মৌলিক দায়িত্ব ৰূপে গণ্য কৰি ভোটদান কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেৱল গণতন্ত্ৰৰ সৌন্দৰ্যই যে উদ্ভাসিত হৈছে তেনে নহয়, সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ, জাতি জনগোষ্ঠীৰ বৈচিত্র্যৰো সংসদীয় মঞ্চবোৰত প্রতিনিধিত্ব হৈ আহিছে। এই ধৰণেৰে প্ৰবাহৰ এক অংশ হৈ আজি অসমবাসীয়ে ষষ্ঠদশ অসম বিধানসভা গঠনৰ বাবে ভোটদান কৰিব।
বিগত পাঁচটা বছৰত শাসকীয় পক্ষৰ কাম-কাজ, আচৰণ, উল্লেখযোগ্য ঘটনা-পৰিঘটনা, প্রতিশ্রুতিৰ ৰূপায়ণ, জনতা চৰকাৰৰ সংযোগৰ পৰিসৰ, মৌলিক বিষয়বস্তুসমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ভূমিকা আদি বিষয়বোৰৰ যেনেকৈ ভোটদানৰ সময়ত বিচাৰ হ'ব, তেনেকৈ চৰকাৰ-বিৰোধী পক্ষসমূহৰ ভূমিকা, শক্তি-সামর্থ্য, সম্ভাৱনা আদি দিশো ভোটাৰৰ পৰ্যবেক্ষণলৈ আহিব। নির্বাচনী প্ৰচাৰৰ সময়ছোৱাত দৃশ্যমান হোৱা ছবিখনৰ মতে, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে যোৱা ১০টা বছৰৰ শাসনৰ সময়ত উন্নয়নৰ চমকপ্রদ ৰূপটো জনসাধাৰণৰ সন্মুখত তুলি ধৰাৰ সমান্তৰালকৈ বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে আপোচহীন শক্তিশালী স্থিতি গ্ৰহণৰ প্ৰতিশ্রুতি জনসাধাৰণক দিছে। প্ৰধানমন্ত্ৰীৰ পৰা দলটোৰ ৰাষ্ট্ৰীয় নেতা, কেন্দ্রীয় মন্ত্রীলৈকে সকলোৰে নিৰ্বাচনী কাৰণত এই বিষয় দুটাই মূলতঃ গুৰুত্ব পোৱা দেখা গৈছে। ইয়াৰ বিপৰীতে সম্মিলিত বিৰোধী পক্ষই অসমবাসীক দিছে 'নতুন বৰ অসম' নিৰ্মাণৰ প্ৰতিশ্ৰুতি। এই নতুন বৰ অসম নিৰ্মাণৰ বিস্তাৰিত ব্যাখ্যা বিৰোধী পক্ষৰ নেতাসকলে নির্বাচনী ঘোষণা-পত্র বা নির্বাচনী ভাষণত দিয়া নাই যদিও ধাৰণা কৰা মতে বিজেপিৰ মিঞা মুছলমান-বিৰোধী ৰাজনীতিয়ে যি বিদ্বেষৰ পৰিৱেশ এটা ৰচনা কৰিছে আৰু শাসকীয় পক্ষৰ মুৰব্বীসকলৰ একাংশৰ কিছুমান প্ৰৰোচনামূলক বক্তব্যই সমাজত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে তাৰ বিপৰীতে প্রমূল্যবোধসম্পন্ন, ঐক্যবদ্ধ সমাজ গঢ়াৰ প্রতিশ্রুতি হয়তো বিৰোধী শক্তিয়ে ৰাজ্যবাসীক দিবলৈ চেষ্টা কৰিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, জুবিন গাৰ্গক ন্যায় প্রদান, দুর্নীতি- ভ্রষ্টাচাৰ আদি বিষয়ক বিৰোধী পক্ষই নির্বাচনী প্ৰচাৰৰ বিষয় ইছ্যু ৰূপে লৈ শাসনৰ পৰিৱৰ্তনৰ আহ্বান ৰাজ্যবাসীক দিছে। ভোটাৰসকলে শাসকীয় আৰু বিৰোধী এই দুয়োটা পক্ষৰ উল্লিখিত দিশসমূহৰ বিচাৰ-বিশ্লেষণ কৰিয়ে নিজৰ মূল্যৱান অধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্রলৈ যাব। এইবাৰৰ নিৰ্বাচনৰ লক্ষণীয় দিশটো হ'ল কিছুমান মানুহৰ ক্ষোভৰ অন্তঃস্রোত এটাহে দেখা-নেদেখাকৈ বৈ আছে যদিও সাংঘাতিক ধৰণৰ প্ৰতিষ্ঠান-বিৰোধী ঢৌ দৃশ্যমান হোৱা নাই। তাৰ বিপৰীতে আগশাৰীৰ নেতাৰ ধাৰবাহিক পদত্যাগ, ধর্মীয় সংখ্যাগুৰু আৰু ধর্মীয় সংখ্যালঘু দুয়ো সম্প্রদায়ৰ বিৰোধী জনপ্রতিনিধি আৰু আগশাৰীৰ নেতাৰ বিজেপি মিত্রজোঁটত যোগদান, নির্বাচন ঘোষণাৰ সময়লৈকে থকা মতানৈক্য, সংঘাত আদি বিষয় বিৰোধী শিবিৰৰ প্ৰতি এক বিশ্বাসহীনতাৰ পৰিৱেশহে নির্মাণ কৰিছিল। যি নহওক, এইবোৰৰ মাজতে বৰ্তমানৰ শাসনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব নে পৰিৱৰ্তন আনিব- সেই প্রশ্নটো সন্মুখত লৈ আজি ৰাজ্যবাসী যাব ভোট কেন্দ্রলৈ। সমস্যা-পৰিস্থিতি-সম্ভাৱনাৰ বিশ্লেষণ নিশ্চয় থাকিব, তাৰ সমান্তৰালকৈ গণতন্ত্রক উদ্ভাসিত কৰি ৰাখিবলৈ 'আমি ভোট দিম' শ্ল'গানেৰে প্ৰতিগৰাকী ভোটাৰ ভোট কেন্দ্ৰলৈ যোৱা উচিত। ভোটদান বেছি হ'লে গণতন্ত্ৰৰ গুৰুত্ব থাকিব, জনতাৰ ওচৰত দায়বদ্ধ হৈ থাকিবলৈ জনপ্রতিনিধি বাধ্য হ'ব।