আজিৰ সম্পাদকীয়, বৰষুণৰ অপেক্ষা

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক: 'ধূলিৰ ওৰণি ঠেলি ভাহি আহে, ভাহি আহে... এজাক সপোন যেন বৰষুণ।'

বতাহত এতিয়া ধূলিৰ তাণ্ডৱ। নাকে-মুখে সোপা মাৰি দৈনন্দিন কৰ্মলৈ যোৱা পথচাৰী-বাটৰুৱাৰ পৰা ঘৰৰ ভিতৰত সোমাই থকাজনৰ বাবেও মুকলি বায়ুত উশাহ ল'ব নোৱৰা এটা অৱস্থা। বিষাক্ত বতাহত উকমুকাই থকা জনতাৰ বাবে এতিয়া অপেক্ষা মাথোঁ এজাক বৰষুণৰ। পাছে সপোন যেন বৰষুণ জাক অহাৰ কোনো উম-ঘামেই নাই আকাশত। অসমৰ দৰে ৰাজ্যত বসন্তৰ প্ৰাক্‌কমূহূৰ্তত যি সময়ত পছোৱা বলে, বৰদৈচিলাই মাকৰ ঘৰলৈ যাবলৈ সাজু হয়, সেই সময়ত ৰাজ্যত এটোপালো বৰষুণ নাই, নাই সেই চিৰাচৰিত পছোৱা বতাহৰ তাণ্ডৱো।

উল্লেখযোগ্য যে ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বংগোপসাগৰৰ ওপৰেৰে অহা মৌচুমী বতাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰচুৰ বৰষুণ অহাত সহায় কৰে। অসমত বৰষুণ পর্যাপ্ত হোৱাৰ বাবেই দেশৰ আন বহু ৰাজ্যতকৈ অসমৰ জলবায়ু আৰ্দ্ৰ আৰু সেমেকা। আনকি কৃষিৰ ক্ষেত্ৰতো বৰষুণৰ ওপৰতে মূলতঃ নিৰ্ভৰশীল অসমৰ কৃষক। প্রাকৃতিকভাৱেই পর্যাপ্ত বৰষুণ কৃষকৰ আশীর্বাদস্বৰূপ হৈ অহাৰ বিপৰীতে জলবায়ুগত কাৰকৰ ফলত বানাক্ৰান্ত হোৱা অসমৰ কৃষকৰ বাবে অত্যধিক বৰষুণ অভিশাপ স্বৰূপো হোৱা দেখা গৈছে। এক অৰ্থত অসমৰ চহা অসমীয়াই বান আৰু বৰষুণৰ লগত প্রাকৃতিকভাৱে সহাবস্থান কৰি আহিছে। হয়তো সেইবাবেই বৰষুণকো ভিন্ন নামেৰে নামকৰণ কৰি আহিছে অসমীয়াই। 

সাহিত্য, গীত, লোকসংস্কৃতি ক'ত নাই বৰষুণকেন্দ্ৰিক সৃষ্টি। কি গ্রীষ্ম, কি শৰৎ- সকলোতে বৰষুণৰ ন ন ৰূপ। চহা অসমীয়াই হয়তো সেইবাবেই বৰষুণক মাতে নানা নামেৰে। কলহৰ কাণে ঢলা বৰষুণ, ধাৰাসাৰ বৰষুণ, পিঠাগুড়ি চলা বৰষুণ, কিন্‌কিনীয়া বৰষুণ, দদপীয়া বৰষুণ, দোপোলপিটা বৰষুণ, চিচিপীয়া বৰষুণ, ৰিমঝিম বৰষুণ, বেঙে মৃতা বৰষুণ, ধূলা উৰুওৱা বৰষুণ আৰু যে কত কি! কি উজনি, কি নামনি, ঠাইভেদে বৰষুণৰ অনেক নাম। 

বৰষুণ অসমীয়াৰ চহা জনজীৱনত সংপৃক্ত হৈ থকা এটা শব্দ। বাৰিষা মানেই বৰষুণ আৰু বানৰ লগতে শালিধানৰ খেতিৰ ভৰপক সময়। দোপালপিটা বৰষুণ মূৰৰ ওপৰত লৈও পথাৰত কৃষকে নাঙলেৰে মাটি চহায়, ৰোৱনীয়ে একাঁঠু পানীত নামি ভূঁই ৰোৱে। অসমত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বৰষুণৰ পৰিমাণ কম হয় আৰু মে'-জুন-জুলাই মাহত পর্যাপ্ত হাৰত বৰষুণ হয়। কিন্তু ব্যাপক জলবায়ু পৰিৱৰ্তনে অসমত প্রাকৃতিক ভাৰসাম্যৰ ছবিখন খেলি-মেলি কৰি দিছে। 

স্বাভাৱিকতে ই জৈৱ-বৈচিত্র্যত চহকী অসমৰ জনজীৱনলৈ ভয়াৱহ ইংগিত দেখুৱাইছে। তথ্য অনুসৰি অসমত সাধাৰণতে বছৰি ২,৮১৮ মিলিমিটাৰ বৰষুণ হয় জুনৰ পৰা ছেপ্টেম্বৰ মাহত, অৰ্থাৎ ভৰ বাৰিষাৰ সময়ত, যিটো ব্যাপক বুলিও ক'ব পাৰি। কিন্তু এই ভৰ বাৰিষাৰ বৰষুণৰ পৰিমাণো শেহতীয়াকৈ যথেষ্ট নিম্নগামী হৈছে। তথ্য অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবত কিছু বছৰৰ পৰা জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হ'বলৈ ধৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ তথ্যৰ পৰা জানিব পৰা মতে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্রায় ২৫ শতাংশলৈ হ্রাস পাইছে।

উত্তৰ-পূৰ্বাঞ্চলত এটা দশকত ভূ-পৃষ্ঠৰ উষ্ণতা ১১ ডিগ্রী হাৰত বৃদ্ধি পাইছে। অসমৰ প্ৰায় ১৫খন জিলাত ২০০৫ আৰু ২০০৬ চনত ব্যাপক খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে ২০০৬ চনত বৰষুণৰ মাত্রা প্রায় ৪০ শতাংশ হ্রাস পাইছিল। কিন্তু শেহতীয়া তথ্য অনুসৰি অসমত ৭০ শতাংশলৈকে অস্বাভাৱিক হাৰত বৰষুণ হ্রাস পাইছে। যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা এই পর্যন্ত বৰষুণৰ পৰিমাণ ভয়াবহভাবে হ্রাস পাইছে। যদিও শীতকালীন সময় বাবেই বতৰৰ এনে ৰূপ হ'ব পাৰে বুলি ভবা হৈছে, কিন্তু বসন্তৰ আগমনৰ এই সময়ত এটোপালো বৰষুণে ধৰা সিক্ত নকৰাটো প্ৰকৃতিৰ ভাৰসাম্যতাৰ লগতে জৈৱ-বৈচিত্র্যৰ বাবেই শুভ লক্ষণ নহয়। 

উজনি অসমৰ কিছু ঠাইত বতৰে কিছু সেমেকা ৰূপ ধৰিছিল আৰু দুই-এঠাইত এটোপ-দুটোপ বৰষুণ পৰিছিল যদিও যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই ৰাজ্যখনৰ ৰাজধানী মহানগৰী গুৱাহাটীত বৰষুণহীনতাই পৰিৱেশ দূষিত কৰি পেলাইছে। আজিৰ তাৰিখত মহানগৰীৰ উশাহৰ অক্সিজেনো বিষাক্ত হৈ পৰিছে। এক অৰ্থত নতুন দিল্লীৰ বায়ু প্ৰদূষণৰ দৰেই হ'বলৈ ধৰা গুৱাহাটীৰ AQI এতিয়া ১৮৩, যি অস্বাস্থ্যকৰ বুলি ঘোষিত হৈছে। এফালে বিদায়ী ফাগুনৰ ধূলিয়ৰি বতাহৰ তাণ্ডৱ, আনফালে অস্বাভাৱিকভাৱে বাঢ়ি অহা গাড়ী-মটৰ, কল-কাৰখানাৰ ধোঁৱা আৰু অবিৰতভাৱে চলি থকা নিৰ্মাণকাৰ্যৰ ধোঁৱা, আৱৰ্জনাই মাটি আৰু বায়ু দুয়োটাকে বিষাক্ত কৰি তুলিছে। তাৰ ওপৰতে চৰকাৰী অদূৰদৰ্শিতাৰ প্রকোপত জধে-মধে নলা-নর্দমা পৰিষ্কাৰৰ নামত বাহিৰ কৰা আৱৰ্জনা ঠাইতে শুকাই বতাহত মিহলি হৈ উশাহৰ অক্সিজনত বিহ মিহলি কৰিছে। মাস্কবিহীনভাৱে বাহিৰলৈ ওলাবলৈকে শংকিত হৈছে সাধাৰণ জনতা। 

মার্চ মাহৰ এইকেইটা দিনতে গ্রীষ্ম নৌ আহোঁতেই গৰমৰ অনুভৱ বাৰুকৈয়ে দিছে মহানগৰবাসীক। পার্শ্বক্রিয়া স্বৰূপে বতৰৰ স্বাভাৱিক বেমাৰৰ উপৰি উশাহৰ সমস্যা আৰু ছালৰ সমস্যাত ভুগিছে সৰু-বৰ সকলো লোক। ক্রমাগত হাৰত নিম্নগামী হোৱা বৰষুণৰ পৰিমাণ আৰু বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতে গভীৰ আলোচ্যৰ বিষয় এই সময়ত। ইয়াৰ বাবে চৰকাৰী কঠোৰতাৰ উপৰি মানুহৰ স্বভাৱৰ পৰিৱৰ্তন অনস্বীকার্য। কিন্তু বৰ্তমান পৰিস্থিতিত ধূলিয়ৰি বতাহজাক উৰুৱাই উশাহৰ অক্সিজেনখিনিক সামান্য পৰিষ্কাৰ কৰিবলৈকে এজাক বৰষুণৰ প্ৰয়োজন তীব্ৰ হৈ পৰিছে।

Share This