আজি ২৬ আগষ্ট, ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব!

Jyoti Borah August 26, 2023

২৬ আগষ্ট,শনিবাৰ
মেষঃ কাৰোবাৰ গাত লগা কথাত মন বেয়া লাগি থাকিব। কোনো ৰহস্যময় কথাৰ উহ বিচাৰি নুফুৰাই ভাল। কৰ্মত যোগ্যতা প্রকাশ। ধর্মীয় কৰ্মত ৰাপ থাকিব। শুভ কাৰক গ্ৰহ মংগল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। 

বৃষঃ  শৰীৰ প্ৰায় ভালেই। দাম্পত্য জীৱন শুভাশুভ মিশ্রিত। মনোবল থাকিব। মনৰ জোৰতে বহু কাম হৈ উঠিব। মাটি-বাৰী বা কোনো সম্পদৰ দুশ্চিন্তা থাকিব । শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা।

মিথুনঃ শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং ৰঙা। কর্মক্ষেত্ৰত সহায়-সহযোগ পাব। বিদ্যা-বুদ্ধিতো ভালেই। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা, প্ৰেম- প্রীতিত শুভ। সাহিত্য-সমাজ আদিত লাগি থকাই ভাল ফল পাব ৷

 কৰ্কটঃ  শৰীৰ প্ৰায় ভালেই। ভ্রমণ হ'ব পাৰে। পবিত্র স্থান দর্শন হ'ব। শৰীৰ সম্পৰ্কে সতর্ক থাকক। সংগ দোষ এৰাই চলক। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। 

সিংহঃ শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন। বিদ্যাত বাধা নাপাব। আর্থিক উন্নতিৰ মৃদু যোগ। অবাঞ্ছিত খৰচ। দাম্পত্যত মধ্যম। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং কফি। 
 কন্যাঃ  আর্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হ'ব। আর্থিকত ভবা মতে সচ্ছলতা দেখা নাপাব। পাৰিবাৰিক জীৱনত খুঁত-খাত দেখায়। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং ৰঙা। 
 তুলাঃ কৰ্মত দক্ষতা প্রকাশ । কল্পনা বিলাস বাঢ়িব। ক্ষেত্র বিশেষে মান-মর্যাদা পালেও সেইদৰে সমালোচিতও হ'ব। ভাই-ভনীৰ লগত ভালেই। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ ৰং নীলা। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক'লা । 

বৃশ্চিকঃ  যোগাযোগত শুভ। শাৰীৰিক  দিশত আমনি কম। আর্থিক উন্নতিৰ যোগ। ব্যৱসায় প্ৰসাৰৰ কথাত আগবাঢ়িব পাৰে। খৰচৰ মাত্ৰা বাঢ়িব। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। 

ধনুঃ শৰীৰ প্ৰায় ভালেই। আয় চাই । ব্যয় কৰা টান হ'ব। ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব। পতি বা পত্নী ভাগ্যই উন্নতিত সহায় কৰিব। ক্ষেত্র বিশেষে পাণ্ডিত্য প্রতিভা বিকাশ পাব। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ । শুভ সংখ্যা ২, ৩। শুভ ৰং মাখন। 

মকৰঃ মন উন্নত। ভ্ৰমণ হ'ব পাৰে। সৎ বন্ধু লাভ। কর্ম তৎপৰতা। সামাজিক সংযোগ পাই সুখ পাব। বিদ্যা-বুদ্ধিত ধর্ম, সাহিত্য-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বগা। 

কুম্ভঃ শৰীৰ আনদিনাতকৈ উন্নত। বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ লগত সদ্ভাৱ-সম্প্রীতি বৃদ্ধি পাব। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ বৃদ্ধি পাব । শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। 

মীনঃ কৰ্মোন্নতিৰ যোগ। কাপোৰ, হোটেল, পণ্য দ্রব্য, ফাৰ্মাচি আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। আপোনাৰ ৰাশিৰ ভাগ্যস্থানলৈ সকলো গ্ৰহৰ দৃষ্টি পৰিছে। শুভকাৰক উভয়চৰী যোগ, বুধাদিত্য আদি যোগ হোৱাত, অশুভ কাৰক শনিৰ সাৰে সাত আৰু মাংগলিক যোগ থকা সত্ত্বেও শৰীৰ-মন কিছু ফৰকাল। শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা ৷ 

Share This