আজি জন্মাষ্টমী, ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব !

Jyoti Borah September 06, 2023

৬ ছেপ্টেম্বৰ ২০২৩, বুধবাৰ
মেষঃ  আপোনাৰ ৰাশিৰ কেন্দ্ৰত দুই গুৰু বৃহস্পতি আৰু শুক্ৰ থকাত প্ৰায় কৰ্মতে সুফল পাব। ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব। সন্মান পাব। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া 

বৃষঃ আপোনাৰ ৰাশিত আজি চন্দ্ৰ আছে, কেন্দ্ৰত চাৰিটা গ্ৰহ, শুভকাৰক উভয়চৰী যোগ থকাৰ উপৰি দায়া স্থানলৈ সকলো গ্ৰহৰ দৃষ্টি পৰাত সকলোৰে লগত মিলিজুলি সুখ-শান্তিৰে দিনটো পাৰ হ'ব। ধর্মীয় বিশ্বাস দৃঢ় হ'ব। মন উন্নত। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ।শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। 

মিথুনঃ ভ্ৰমণ কৰিব লগা হ'লে সতৰ্ক হৈ ফুৰিব। দাম্পত্য জীৱন উন্নত। সন্তানৰ কৃতিত্বই সুখী কৰিব। অপ্রত্যাশিতভাৱে কোনো শুভ সংযোগ লাভ । শুভ কাৰক গ্রহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং গুলপীয়া। 

কৰ্কটঃ ব্যস্ততাপূর্ণ দিন। কোনো কথাত মনত উদ্বেগ-উদ্বিগ্নতা থাকিব। প্রেম-প্রীতিত মধ্যম। আর্থিকতা ভালেই। ধর্মত মতি। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। 

সিংহঃ ৰাজহুৱা কামৰ মাজেদি সুখ্যাতি লাভ। কর্মত সততা আৰু নিষ্ঠা থাকিব। ব্যৱসায়- বাণিজ্যত শুভ। স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা।   

কন্যাঃ বন্ধু-বান্ধৱৰ অভাৱ নহ'ব। কথা-বাৰ্তাত সাৱধান হ'ব, কথাত পিছল খাই অপ্রস্তুত হ'ব পাৰে। সামাজিক কামৰ মাজেদি সমাদৃত হ'ব। শুভ কাৰক গ্ৰহ বুধ, শনি। শুভ সংখ্যা ৫, ৭ । শুভ ৰং সেউজীয়া। 

তুলাঃ আপোনাৰ ৰাশিলৈ গুৰুৰ পূৰ্ণ দৃষ্টি পৰিছে। প্ৰাপ্য ঘৰত শুভদায়ক উভয়চৰী আৰু বুধাদিত্য যোগ হৈছে। প্রায় ক্ষেত্ৰতে সুফল পাব। পিছে ৰাশিৰ ফালৰ পৰা অশুভ মাংগলিক যোগ হোৱাত, ঘৰুৱা জীৱনত খুঁত-খাত থাকিব। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বেঙুনীয়া। 

বৃশ্চিকঃ পাৰিবাৰিক জীৱন আনদিনাতকৈ উন্নত। প্রেম-প্রীতিত শুভ। বন্ধু-বান্ধৱৰ বুজায় আৰু সকলোৰে লগত থাকি দিনটো ভাল ধৰণেই পাৰ হ'ব। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সেউজীয়া। 

ধনুঃ ধর্মীয় কৰ্মত ৰাপ বাঢ়িব। শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল। কোনো কথাত কাৰো লগত যাতে ভুল বুজাবুজি হৈ পাছত অনুতপ্ত হ'ব লগা নহয়, লক্ষ্য ৰাখক। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। 


মকৰঃ পাৰিবাৰিক জীৱনত কিছু নতুন সমস্যাই দেখা দিব পাৰে। পিছবেলাৰ পৰা শৰীৰ ক্ৰমে উন্নত পাব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। ধৰ্মীয় কৰ্মত ধাউতি বাঢ়িব। শুভ কাৰক গ্ৰহ মণ্ডল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বেঙুনীয়া। 

কুম্ভঃ  কোনো সিদ্ধান্ত লওঁতে নিজৰ বিচাৰ-বিবেচনাক প্রাধান্য দিয়ক। ব্যবসায়ত শুভ। ধর্মীয় পৰম্পৰা ৰক্ষা কৰি ভাল পাব। শনি শুভ ভাবত নাই যদি স্বাস্থ্যৰ প্ৰতিও চকু ৰাখক । শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা।

মীনঃ কৰ্মত উৎসাহ। থাকিব। সামাজিক মান-মর্যাদা, প্রতিপত্তি অক্ষুণ্ণ থাকিব। কলা- সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। 

Share This