আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?

Nikimoni Kachari April 18, 2026

ডিজিটেল ডেস্ক: আজি নাঙল বিহু। বহাগ বিহুৰ আজি পঞ্চমটো দিন। এই দিনটোক নাঙল বিহু হিচাপে পালন কৰা হয়।  লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিগৰাকী চহা কৃষকে পালন কৰিছে নাঙল বিহু।  গ্ৰামাঞ্চলৰ কৃষকসকলে এই নাঙল বিহু অতি উলহ-মালহেৰে পালন কৰে। প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ নাঙল বিহুৰো বিশেষ গুৰুত্ব আছে। 

বিশেষকৈ কৃষকসকলে এই বিহু পালন কৰা দেখা যায়। বিহুৰ পাছত খেতি কৰিবলৈ খেতিত ব্যৱহৃত সকলো সামগ্ৰী যেনে নাঙল, যুৱলি, মৈ আদি সঁ‌জুলিসমূহ  আজিৰ দিনটোত চাকি-ধূপ দি সেৱা জনাই সকলোৰে মংগল কামনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কৃষকসকলে পৰম্পৰা ৰক্ষা কৰি এই বিহু পালন কৰিছে। জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল আৰু এই দিনটোতেই অসমীয়া সমাজৰ কৃষক ৰাইজে নাঙল বিহু হিচাপে পালন কৰে।

আধুনিকতাৰ ধামখুমীয়াৰ মাজত ট্ৰেক্টৰৰ বহুল ব্যৱহাৰ বাঢ়িছে যদিও বহু কৃষকৰ মাজত নাঙলৰ প্ৰাসংগিকতা আজিও আছে । নাঙলেৰেই গৰুৰ দ্বাৰা তেওঁলোকে মাটি চহায় । যিহেতু বিহুৰ পিছতে খেতিত ব্যস্ত হ'ব লাগিব, সেয়ে তেওঁলোকে মূল সম্পদ নাঙলখন আজি ধুই-পখালি সাজু কৰি তুলিছে ।

নাঙল বিহু পালন কৰি কৃষিৰ বাবে সাজু হয় চহা কৃষকসকল। যিহেতু নাঙলেই আছিল অতীজৰে পৰা কৃষিৰ মূল সঁজুলি, সেয়ে পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰে চহা কৃষকসকলে ।

আধুনিকতাৰ কৱলত অসমীয়া সমাজ জীৱনৰ পৰা নাঙলেৰে মাটি চহাই খেতি কৰা যি ব্যৱস্থা আছিল ই ক্ৰমান্বয়ে হেৰাই গৈছে। তেনেস্থলত নিজৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে একাংশ চহা কৃষকে । 

গুৰুত্ব হ্ৰাস পালেও নাঙলৰ বিহু অসমীয়াৰ মাজৰ পৰা আজিও হেৰাই যোৱা নাই। যদিওৱা বৰ্তমান সময়ত নাঙলৰ ব্যৱহাৰ কমিছে আৰু নাঙলৰ ঠাইত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰা হয় তথাপি আজিৰ দিনতো গাঁৱে-ভূঁঞে নাঙল বিহুৰ পৰম্পৰা অটুট থকা দেখিবলৈ পোৱা যায়। 

নিজৰ নাঙলখনেৰে চহা কৃষক সমাজে বছৰটোৰ বাবে ভঁৰালৰ ধান উপাৰ্জন কৰে। গতিকে দেখিবলৈ পোৱা যায় যে গৰুবিহুৰ দিনাৰে পৰা প্ৰতিটো বিহুৰে কৃষিৰ সৈতে আছে এক নিবিড় সম্পৰ্ক।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This