আজি ১ অক্টোবৰ,আপোনাৰ দিনটো ৰাশিফল চাই আৰম্ভ কৰক...

Jyoti Borah October 01, 2023

দেওবাৰ, ১ অক্টোবৰ, ১৩ আহিন
মেষঃ ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ আছে আৰু ভাগ্যাধিপতি, আপোনাৰ ৰাশিতে থকাত ভাগ্যোদয়ৰ সুযোগ মিলিব৷ সমজুৱা কামত জড়িত থাকি ভাল পাব৷ দাম্পত্য জীৱন সুখৰেই৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বগা৷ 
বৃষঃ আজি আপোনাৰ লক্ষ্মী স্থাপনৰ তিনিটা গ্ৰহ থকাৰ উপৰি আৰু আজি শুভদায়ক ক্ষেত্ৰত সিংহাসনী যোগ হোৱাত দিনটো সুখ-শান্তিৰে ভাল ধৰণেই পাৰ হ’ব৷ পৰিকল্পিত কামবিলাক আগুৱাই নিয়াত বাধা নাপাব৷ ভ্ৰমণৰ যো-জা৷ বন্ধু প্ৰীতি বাঢ়িব৷শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বেঙুনীয়া৷ 
মিথুনঃ প্ৰাপ্যাদিত শুভ৷ ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব৷ পত্নীৰ ভাগ্যই উন্নতিত সহায় কৰিব৷ শত্ৰুৰ গৃহলৈ সকলো গ্ৰহৰ কম-বেছি পৰিমাণে দৃষ্টি পৰাত গোপন শত্ৰুৰ প্ৰভাৱ কমিব৷ প্ৰেমত শুভ৷শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং সেউজীয়া৷ 
কৰ্কটঃ কৰ্মত উৎসাহ-উদ্দীপনা৷ লক্ষ্মী স্থান শুভ হৈ থকাত, আৰ্থিক দিশত বেয়া নহ’ব৷ কৰ্মস্থানত গুৰু-চন্দ্ৰ যোগ হোৱাত কৰ্মৰ মাজেদি খ্যাতি লভিব৷ আপোনাৰ অনন্য ব্যক্তিত্বই মানুহক শীঘ্ৰে মোহিব কৰিব, শত্ৰুও মিত্ৰৰ দৰে হ’ব৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ 
সিংহঃ ৰাশিলৈ গুৰুৰ সু-দৃষ্টি পৰিছে৷ মন প্ৰফুল্লিত থাকিব৷ বন্ধুবৰ্গৰ আগমন হ’ব৷ স্বাধীনভাৱে কোনো কৰ্মত মনোনিৱেশ কৰিলে, ভাল ফল পাব৷ কাৰোবাৰ পৰা সু-পৰামৰ্শ পাব৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১,৯৷ শুভ ৰং সেউজীয়া৷ 
কন্যাঃ ৰাশিৰ ফালৰ পৰা শুভদায়ক ক্ষেত্ৰ সিংহাসনী যোগ হোৱাত দিনটো সুখ-শান্তিৰে পাৰ হ’ব৷ শৰীৰ ভালেই৷ বিয়া-বাৰুৰ যোগাযোগত শুভ৷ কথোপকথন বা বক্তৃতা দিয়াত পাৰদৰ্শিতা৷শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫,৭৷ শুভ ৰং সেউজীয়া৷ 
তুলাঃ  ৰাশিৰ কেন্দ্ৰত শুভ কাৰক জীৱ চন্দ্ৰ যোগ হৈছে আৰু লগতে ক্ষেত্ৰ সিংহাসনী যোগ হোৱাত, ঘৰুৱা জীৱন সুখ-স্বাচ্ছন্দ্যময় পাব৷ ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ ৰবি, শুভ ভাবত নাই যদি, নতুন চিন্তাই আমনি দিব৷শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷
বৃশ্চিকঃ সকলোৰে লগত মিলি জুলি থাকি দিনটো ভাল ধৰণেই পাৰ হ’ব৷ কোনো শুভ কৰ্মৰ জো-যা হ’ব পাৰে৷ প্ৰেম-প্ৰীতিত শুভ৷শুভ কাৰক গ্ৰহ  মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯ শুভ ৰং মুগা৷ 
ধনুঃ সন্তানৰ পৰা সুখী৷ আৰ্থিক উন্নতিৰ যোগ৷ ৰাজনীতিত জনপ্ৰিয়তা বাঢ়িব৷ সা-সম্পত্তি বেচা কিনাৰ লেন-দেনত শুভ৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ 
মকৰঃ শুভদায়ক ক্ষেত্ৰত সিংহাসনী যোগ, জীৱ চন্দ্ৰ যোগ আদি থকাত অশুভ শনিৰ সাৰে সাতৰ প্ৰভাৱ কিছু কমিব৷ প্ৰেমত গাম্ভীৰ্যতা৷ ৰাজনীতিত শুভ৷ অপ্ৰত্যাশাতিভাৱে কোনো শুভ সংযোগ লাভ৷শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং কফি৷ 
কুম্ভঃ শৰীৰ প্ৰায় ভালেই৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ কৰ্মত সহায়-সাৰথি পাব৷ অলপ চেষ্টা কৰিলেই বিদ্যাত সুফল পাব৷শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং কফি৷ 
মীনঃ  স্বাস্থ্য ভালেই যাব৷ পুৰণা ৰোগগ্ৰস্তয়ো কিছু উন্নত পাব৷ খৰচ হ’লেও তাৰ পৰিপূৰক হিচাপে কিছু আমদানিও হ’ব৷ মাংগলিক কৰ্মৰ আয়োজন হ’ব পাৰে৷শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং সোণালী।

Share This