আজি জুবিন গাৰ্গৰ ওপজা দিন

dainik janambhumi November 18, 2026

ডিজিটেল ডেস্ক : বুকুৰ ভিতৰত কুৰুকি কুৰুকি সোমাই যোৱা এসাগৰ শোকৰ বোজা লৈয়ে আজি অনুৰাগীসকলে উদযাপন কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। এক ৰহস্যজনক পৰিস্থিতিৰ মাজেৰে সমগ্ৰ অসমখনকে শোকৰ সাগৰত পেলাই জুবিন নেদেখা জগতলৈ গুচি যোৱাৰ পাছত এইটো তেওঁৰ দ্বিতীয়টো জন্মদিন।

ইতিমধ্যেই অনুৰাগীসকলৰ মাজত প্ৰাণৰ শিল্পীজনৰ জন্মদিনক লৈ ব্যাপক উছাহৰ সৃষ্টি হৈছে আৰু ৰাজ্যজুৰি উদযাপিত হৈছে জুবিনৰ জন্মদিনটো। ইতিমধ্যেই জুবিনৰ প্ৰতি উৎসর্গিত নতুন অসমীয়া চিনেমা '১৮ নৱেম্বৰ' আজি ৰাজ্যৰ সকলো চিত্ৰগৃহত মুক্তি পাব। জুবিনৰ জন্মদিনতে জুবিনৰ প্ৰতি উৎসর্গিত এই চিনেমাখনে মুক্তি পাব। কিন্তু বর্তমান মুম্বাইত চিকিৎসাধীন জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অনুপস্থিতিয়ে অনুৰাগীসকলক দুঃখিত কৰিছে।

Share This