আজি পহিলা ব'হাগ, ২০২৬ ৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন

Nikimoni April 15, 2026

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ বুকুলৈ বসন্ত নামি অহাৰ লগে লগে আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিছে চেনেহৰ ৰঙালী বিহু। আজি পহিলা ব'হাগ, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। ৰাজ্যজুৰি উছাহ-উদ্দীপনাৰে পালন কৰা হৈছে অসমীয়া নৱবৰ্ষ তথা হেঁপাহৰ ৰঙালী বিহু।

 

আজি বিহুৰ দ্বিতীয় দিন অৰ্থাৎ 'মানুহ বিহু'। পুৱাই ঘৰৰ জ্যেষ্ঠসকলক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰা আৰু নতুন কাপোৰ পিন্ধি নৱবৰ্ষক আদৰাৰ পৰম্পৰা ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে। গাঁৱৰ পৰা চহৰলৈ সকলোতে এতিয়া বিহুৱান দিয়া-লোৱাৰ এক উষ্ম পৰিৱেশ।

 

গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ চৌকিডিঙীলৈকে, প্ৰতিখন বিহু সন্মিলনৰ মঞ্চ এতিয়া ঢোল-পেঁপাৰ শব্দৰে মুখৰিত। পৰম্পৰাগত খেল-ধেমালিৰে বহু ঠাইত কণী যুঁজ, ৰছী টনা আদি খেলৰ আয়োজন কৰা হৈছে।

 

ৰঙালী বিহুৰ উছাহৰ মাজতো ৰাজ্যবাসীয়ে মনত পেলাইছে প্ৰিয় শিল্পী জুবিন গাৰ্গক। জুবিন আৰু বিহু আথবা বিহু মঞ্চত জুবিন অসমীয়াৰ এক আবেগ নিহিত হৈ আছে। জুবিনৰ অবিহনে অসমবাসীয়ে পালন কৰিছে প্ৰথমটো ৰঙালী বিহু। সেয়ে কিছু ম্লান পৰি ৰৈছে বিহুৰ উছাহ ।

 

পিছে বিহুৰ এই দিনকেইটা তিল পিঠা, ঘিলা পিঠা আৰু চিৰা-দৈৰ চাহিদা তুংগত। মহানগৰীৰ বজাৰসমূহতো থলুৱা সামগ্ৰীৰ বিক্ৰীয়ে অভিলেখ গঢ়িছে। যদিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে একাংশ গ্ৰাহকৰ কপালত চিন্তাৰ ভাঁজ পৰিছে, তথাপিও বিহুৰ আনন্দৰ ওচৰত সকলো ম্লান পৰিছে।

Share This