আজি আই পি এলৰ ফাইনেল

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্ক : ইণ্ডিয়ান প্রিমিয়াৰ লীগে এইবাৰ নতুন চেম্পিয়ন লাভ কৰিব। আজি ঐশ্বর্যশালী প্রতিযোগিতাখনৰ ফাইনেলত চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ মুখামুখি হ'ব বয়েল চেলেঞ্জাৰ্ছ। চি বি) আৰু পঞ্জাব কিংছ। দুয়োটা দলেই প্ৰথমবাৰলৈ খিতাপ দখলৰ লক্ষ্যৰে নামিব। তাৰ আগেয়ে কোৱালিফায়াৰ ৱানত পঞ্জাব কিংছক ৮ উইকেটত হৰুৱাই আৰ চি বিয়ে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু পঞ্জাব কিংছে দুর্দান্ত প্রত্যাৱৰ্তন ঘটাই দেওবাৰৰ কোৱালিফায়াৰ-২৩ পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত হৰুৱাই মঙলবাৰৰ ফাইনেললৈ অগ্ৰসৰ হয়। 

পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দমনীয় প্রদর্শন দাঙি ধৰি ১৪খন খেলৰ পৰা ১৯ পইন্টকৈ গোটাই লীগৰ খেল সামৰিছিল। পঞ্জাব কিংছে ইয়াকে ধৰি দুবাৰ ফাইনেলত প্ৰৱেশৰ কৃতিত্ব আর্জে। আৰ চি বিয়ে আনহাতে, চতুৰ্থবাৰলৈ আই পি এলত ফাইনেল খেলিব। পঞ্জাব কিংছে ইয়াৰ আগেয়ে ২০১৪ চনত খিতাপৰ যুঁজত অৱতীৰ্ণ হৈছিল। আৰ চি বিয়ে ইয়াৰ আগেয়ে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেল খেলিছিল। 

শেহতীয়া ফর্মলৈ চাই মঙলবাৰৰ ফাইনেলত আৰ চি বিয়ে ফেভাৰিট হিচাপে নামিব।কোৱালিফায়াৰ-১ৰ লগতে এইবাৰৰ ছিজনত তিনিখন খেলৰ দুখনতে পঞ্জাবক পৰাজিত কৰিছিল আৰ চি বিয়ে। বেংগালুৰুৰ দুই অ'পেনাৰ ফিল ছল্ট আৰু বিৰাট কোহলী দুৰন্ত ফৰ্মত থকাৰ বিপৰীতে পেচাৰছয় জুছ হেজলউড আৰু ভুৱনেশ্বৰ কুমাৰে পাৱাৰ-প্লে'ত নতুন বলৰ জৰিয়তে প্রতিপক্ষৰ বেটিং অৰ্ডাৰ ভাঙি পেলাইছিল। ইফালে শ্রেয়াষ আয়াৰে পঞ্জাবৰ হৈ ফাইনেলত আন এক মেচ জয়ী ইনিংছ উপহাৰ দিব পাৰিবনে তাকে লৈ সকলোৰে দৃষ্টি নিবন্ধ থাকিব।

Share This