আজি  বুধবাৰ, আপোনাৰ  দিনটো কেনেদৰে যাব ৰাশিফল চাই জানো আহক!

Jyoti Borah September 27, 2023

বুধবাৰ, ২৭ ছেপ্টেম্বৰ, ৯ আহিন
মেষঃ     স্বাস্থ্য প্ৰায় ভালেই৷ পাৰিবাৰিক জীৱন সুখৰেই৷ বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা৷ ব্যৱসায়ত জড়িতজনে ব্যৱসায় প্ৰসাৰৰ চিন্তা কৰিব৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং মাখন৷ 
বৃষঃ     আজি শুভদায়ক ষট্‌ শূন্য যোগ, উভয়চৰী যোগ, ৰবি বুধৰ ক্ষেত্ৰ বিনিময় যোগ আদি থকাত প্ৰায় কৰ্মতে আজিৰ দিনটো আন দিনাতকৈ উন্নত পাব৷ সৎ বন্ধু লাভ৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বগা৷ 
মিথুনঃ আপোনাৰ ৰাশিৰ পৰা ভাগ্য স্থানত ভাগ্যাধিপতি, প্ৰাপ্যস্থানত বৃহস্পতি, শত্ৰু স্থানলৈ সকলো গ্ৰহৰ দৃষ্টি থকাত কৰ্মোন্নতি আৰু ঘৰুৱা জীৱন সুখৰ পাব৷ বিয়া-বাৰুৰ যোগ৷ বিদ্যাৰ্থীৰ বিদ্যাত প্ৰতিভা বিকাশ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং ৰূপালী৷ 
কৰ্কটঃ শাৰীৰিক তথা মানসিকভাৱে কিছু আমনি পাব৷ কাৰোবাৰ লগত তৰ্কত লিপ্ত হৈ মনোমানিল্য হ’ব পাৰে৷ বিদ্যা- বুদ্ধিত ভালেই৷ আপোনাক লৈ মাতৃৰ মনত উদ্বিগ্নতা৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সেউজীয়া৷ 
সিংহঃ কোনো মাংগলিক কৰ্মৰ জো-যা হ’ব পাৰে৷ শৰীৰ প্ৰায় ভালেই৷ নিৰিবিলি পৰিৱেশ ভাল পাব৷ বিদ্যাত শুভ৷ ব্যৱসায়ত বেয়া নহয়৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং কমলা৷ 
কন্যাঃ স্বাস্থ্য প্ৰায় ভালেই৷ কৰ্মক্ষেত্ৰত সহায়-সহযোগ পাব৷ কৃষি জাত বা খনিজাত দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷ ফুৰা-চকাত সাৱধান হোৱা ভাল৷ শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং গুলপীয়া৷ 
তুলাঃ বুদ্ধিজীৱীৰ খ্যাতি লাভ৷ হোটেল, পণ্য দ্ৰব্য, ফাৰ্মাচী, কাপোৰ আদিৰ ব্যৱসায়ত উন্নতি৷ অপ্ৰত্যাশিতভাৱে কোনো শুভ সংযোগ লাভ৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং কমলা৷ 
বৃশ্চিকঃ     আপোনাৰ ৰাশিলৈ সকলো গ্ৰহৰ কম-বেছি পৰিমাণে দৃষ্টি পৰিছে, অত্যন্ত শুভদায়ক ষট শূন্য যোগ হোৱাৰ উপৰি মংগলদায়ক উভয়চৰী আৰু বুধ-ৰবিৰ ক্ষেত্ৰ বিনিময় আদি শুভ যোগ হোৱাত, আন দিনাতকৈ প্ৰায় কৰ্মতে উন্নত ফল পাব৷ কিন্তু অস্থিৰ চিন্তাক লাই নিদিব৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং অপৰাজিতা নীলা৷ 
ধনুঃ     আপোনাৰ ৰাশিলৈ গুৰুৰ সু দৃষ্টি পৰিছে, কৰ্মক্ষেত্ৰত গ্ৰহৰ সু প্ৰভাৱ থকাত কৰ্মত উৎসাহ-উদ্বীপনা থকাৰ উপৰি সকলোৰে লগত মিলা প্ৰীতিৰে থাকি দিনটো ভাল ধৰণেই পাৰ হ’ব৷  শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷ 
মকৰঃ শৰীৰ আন দিনাতকৈ উন্নত৷ কামত ব্যস্ততা আৰু দায়িত্ব বাঢ়িব৷ কামত সফলতাৰ আশা দেখিব৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং বেঙুনীয়া৷ 
কুম্ভঃ     সকলোৰে লগত সদ্ভাৱ-সম্প্ৰীতি বৃদ্ধি পাব৷ ৰাজনীতিত জড়িতসকলে, যেনেকুৱা পৰিস্থিতিতে পৰক, বিচক্ষণ বুদ্ধিৰে জয়ী হৈ আহিব পাৰিব৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ  ৰং হালধীয়া৷ 
মীনঃ      শিক্ষক শ্ৰেণী, চিকিৎসক, আইনজীৱী আদি বৃত্তিধাৰীৰ বাবে উন্নত দিন৷ অবাঞ্ছিত খৰচে চিন্তাত পেলাব৷ তদুপৰি আজি অশুভ মাংগিলক যোগ আৰু অশুভ স্থানত শনিৰ সাৰে সাত হোৱাত, বিভিন্ন সমস্যাৰ মাজেদিহে দিনটো আগুৱাব৷শুভ কাৰক গ্ৰহ  বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ২, ৩, ৬৷ শুভ ৰং বগা৷
 

Share This