ডিজিটেল ডেস্ক: অসমৰ উদ্যোগক্ষেত্ৰক লৈ দুটা অভিযোগ প্রধান। এটা হ'ল- অসমীয়া মানুহখিনি উৎসৱমুখী, সংস্কৃতিপ্রেমী, শ্রমবিমুখ, আৱেগিক স্বভাৱৰ- যাৰ বাবে সৰহভাগ অসমীয়া শিক্ষিত যুৱক-যুৱতীৰেই সপোন এটা চৰকাৰী চাকৰিৰহে। সেয়ে ইংৰাজে পাতি থৈ যোৱা চাহ আৰু তৈলখণ্ডৰ উদ্যোগকেইটাৰ বাহিৰে স্বাধীনতাৰ পৰৱৰ্তী সময়ত ৰাজ্যত ঔদ্যোগীকৰণ একপ্ৰকাৰ নহ'ল বুলি ক'লেও ভুল কোৱা নহয়। আনহাতে, আকৌ আনটো অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি আন্দোলন, সংঘর্ষ, সংঘাত আৰু ৰাজনৈতিক অস্থিৰতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৱস্থা এনে পৰ্যায়ত ৰাখিছে যে কোনো বৃহৎ গোষ্ঠীয়ে এই অঞ্চলত বৃহৎ বিনিয়োগেৰে উদ্যোগ প্রতিষ্ঠা কৰিবলৈ উৎসাহ অনুভৱ নকৰে। এই দুয়োটা অভিযোগৰে সপক্ষে যুক্তি আছে, এইবোৰ ভিত্তিহীন অভিযোগ নহয়। অৱশ্যে এনে সময়তে শেহতীয়াভাৱে কিন্তু এই দুয়োটা অভিযোগ শাম কটাৰো বাট মুকলি হৈছে। প্রথম অভিযোগৰ ক্ষেত্ৰত দেখা গৈছে বর্তমান সমগ্র ভাৰতবৰ্ষতে ঔদ্যোগীকৰণ ক্ষেত্ৰত ষ্টার্টআপে এক নতুন গতি প্রদান কৰিছে আৰু অসমো ইয়াৰ পৰা আঁতৰত থকা নাই।
শ্রমবিমুখ, আৱেগিক আদি নেতিবাচক পৰিচয়ৰ চোলা সোলোকাই নতুন প্ৰজন্মৰ এচাম কৰ্মঠ উদ্যমী যুৱক-যুৱতী আগবাঢ়ি আহিছে অসমৰ বেপাৰ-বাণিজ্য, উদ্যোগৰ জগতখনলৈ। তেওঁলোকৰ মূলধন 'আমি কিয় নোৱাৰিম' ধৰণৰ যোগাত্মক, ব্যতিক্রমী আৰু স্বাভিমানী কর্মোদ্যম। আকাশ গগৈৰ 'বাহুবলী', উপমন্যু বৰকটকীৰ 'উলাহ টী', মনোজ বসুমতাৰীৰ পিগমেন, কাব্যনীল আৰু ইন্দ্ৰনীলৰ 'আখৰ এ আই' আদি এনে অলেখ নতুন প্ৰজন্মৰ অসমীয়া উদ্যোগীৰ মাজৰ পৰা থাওকতে উনুকিয়াব পৰা কেইটামান নাম মাথোঁ। এই তালিকা বৰ চমু নহয় কিন্তু। জাতিটোক উৎসাহিত কৰিবলৈ, আন্দোলনৰ পথ এৰি কৰ্ম সংস্কৃতিৰ নতুন বাট দেখুৱাবলৈ এই তালিকা যথেষ্ট। আনটো অভিযোগৰ ক্ষেত্ৰত দেখা যায় প্রায় চাৰিটা দশকৰ পাছত অসমত এক শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ সৃষ্টি হৈছে। স্বাভাৱিকতেই এই সুস্থিৰতা আৰু শান্তিৰ পৰিৱেশ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হ'বৰ যোগ্য। উদ্যোগ ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত থকা দীর্ঘদিনীয়া হেঙাৰসমূহৰ অভিযোগৰ পৰা কিছু মুক্ত হৈ এক নতুন কর্মস্পৃহা আৰু বিনিয়োগ অনুকূল পৰিৱেশেৰে অসম সাজু হোৱাৰ সময়তে বিনিয়োগ আৰু ঔদ্যোগীকৰণৰ যোগেদি অসমৰ অৰ্থনীতিক আগুৱাই নিয়াৰ প্রয়াসেৰে অসম চৰকাৰে আয়োজন কৰিছে এডভাণ্টেজ আছাম ২.০। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলন উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসম চৰকাৰে দেশৰ উদ্যোগী বিনিয়োগকাৰীৰ উপৰি প্রত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষণ কৰিবলৈ ইতিমধ্যে জাপান, ছিংগাপুৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ কে আৰু ডুবাইত বিনিয়োগকাৰীক লক্ষ্য কৰি ব্যাপক প্ৰচাৰ চলাইছে। আম্বানি-আদানিসহ দেশৰ আগশাৰীৰ একাধিক উদ্যোগপতিয়ে এই সন্মিলনত অংশগ্রহণ কৰিব বুলি ইতিমধ্যে নিশ্চিতি দিছে। এই সন্মিলনত ইউৰোপিয়ান ইউনিয়ন, ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু নিউ ডেভেলপমেণ্ট বেংকো উপস্থিত থাকিব। অংশ ল'ব ৪০ খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে।
আনহাতে, ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত প্রায় ১৪,০০০ উদ্যোগী-ব্যৱসায়ীয়ে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে আৰু ইয়াৰ ৯২০০গৰাকীৰ পঞ্জীয়ন অনুমোদন কৰিছে উদ্যোগ-বাণিজ্য বিভাগে। গুজৰাটৰ পাছতেই অসমৰ এই বিনিয়োগ সন্মিলনত সর্বাধিক পঞ্জীয়ন হোৱাটো বিশেষ লক্ষণীয় দিশ। ন্যূনতম ৫ লাখ টকা বিনিয়োগ কৰা উদ্যোগীয়ে অংশ ল'ব পাৰিব এই সন্মিলনত। এই বৃহৎ সন্মিলনত বিশেষ গুৰুত্ব পাব পর্যটন, ছেমি কণ্ডাক্টৰ, ইলেকট্রনিক্স, প্ৰতিৰক্ষা, এয়াৰ স্পেচ আদি বিশেষ কেইটামান খণ্ডই। ৰাজ্যৰ ক্ষুদ্র উদ্যোগী আৰু লাখপতি বাইদেউসকল আমন্ত্রিত হোৱা এই সন্মিলনত মুখ্যতঃ অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহিত কৰা আৰু তেওঁলোকে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিষয়সমূহ চর্চা হ'ব আলোচনা-চক্ৰসমূহত। আশা কৰা হৈছে এই অভিলাসী বিনিয়োগ সন্মিলনৰ যোগেদি অসমৰ সৈতে জড়িত হ'ব দেশৰ বহুকেইটা আগশাৰীৰ প্ৰতিষ্ঠান। ইতিমধ্যে প্রকাশিত বাতৰি মতে, জাপানত অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব আৰু জাপানৰ সৈতে অসম চৰকাৰৰ এই সম্পৰ্কীয় এক বুজাবুজিৰ চুক্তি এই এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ মাজতে স্বাক্ষৰিত হ'ব। নিঃসন্দেহে এইখিনিলৈকে কথাখিনি খুব আশাপ্রদ আৰু যোগাত্মক। কৃষিপ্রধান ৰাজ্য হিচাপে পৰিচিত ৰাজ্য এখনে ঔদ্যোগীকৰণৰ বাটত বাট বুলিব খোজাটো সহজ কথা নহয়। প্রত্যাহ্বান বহুত। কিন্তু ইয়াৰ মাজতো উদ্যোগ ক্ষেত্ৰত নতুন প্ৰজন্মৰ ক্ৰমবর্ধমান আগ্ৰহ আৰু ৰাজ্যৰ শেহতীয়া সুস্থিৰ পৰিৱেশে সকলোকে কিছু আশাবাদী কৰি তুলিছে। অৱশ্যে অসমক লৈ বিদেশী ৰাষ্ট্ৰসমূহৰ মাজত যি ভুল ধাৰণা আছে, সেয়া আঁতৰ কৰিব পৰাটো এক বিশেষ প্রত্যাহ্বান। বহু দেশে এতিয়াও অসমৰ ক্ষেত্ৰত 'ট্রেভেল এডভাইজ'ৰী' জাৰি কৰি ৰাখিছে, এনেধৰণৰ বাধা আঁতৰ কৰিব পাৰিলেহে বিনিয়োগকাৰী আশ্বস্ত হ'ব বিনিয়োগৰ বাবে। এইবোৰ কথাকে ধৰি এই সন্মিলনৰ বিভিন্ন প্রত্যাহ্বান তথা 'ডিছ এডভাণ্টেজো' নিশ্চয় আছে। শংকা আছে 'বহু ৰম্ভে লঘু ক্রিয়া' হোৱাৰো। কিন্তু অসমৰ দৰে ৰাজ্যখনৰ বাবে এনে এখন বৃহৎ বিনিয়োগ সন্মিলন প্রয়োজনীয়- ঔদ্যোগীকৰণৰ বাটত এই সন্মিলন হ'ব পাৰে এক প্রধান চালিকা শক্তি, এক সঞ্জীৱনী সুধা। সেই দিশৰ পৰাই সকলোৰে প্ৰত্যাশা- সফল হওক এডভাণ্টেজ আছাম ২.০।