আজিৰ সম্পাদকীয়,নৃশংসতা

Dainik Janambhumi November 20, 2024


 ডিজিটেল ডেস্কঃ  কিমান নৃশংস হ’লে এটা দুবছৰীয়া কণমানিক মূৰ-হাত কাটি নৈত উটুৱাই দিব পাৰে ঘাতকৰ দলে! কিমান নৃশংস হ’লে আশ্ৰয় শিবিৰৰ পৰা ধৰি নি মাক-আইতাকৰ লগতে জ্জ্ব মহীয়া সন্তানকো বধ কৰি ঘাতকৰ দলে পূৰণ কৰিব পাৰে নিৰ্মম জিঘাংসাৰ তৃপ্তি! তেনে নৃশংসতাই এতিয়া বিৰাজ কৰিছে ভাতৃঘাতী সংঘৰ্ষৰ দাবানলে ছাৰখাৰ কৰা মণিপুৰৰ প্ৰান্তে প্ৰান্তে৷ ঊনৈশ মাহৰ আগতে হঠাৎ ;লি উঠা হিংসাৰ জুইকুৰাই বহুতৰ জীৱন, বিশাল ঘৰ-সম্পত্তি নাশ কৰাৰ পাছতো ইয়াক নিৰ্বাপিত কৰিবলৈ সঠিক ৰাজনৈতিক-প্ৰশাসনিক তৎপৰতা গ্ৰহণ নকৰাৰ পৰিণতিত নতুনকৈ পুনৰ অবৰ্ণনীয় হিংসাই ছানি ধৰিছে বহু প্ৰতিভাধৰৰ জন্ম আৰু কৰ্মৰে মহিমামণ্ডিত আমাৰ প্ৰতিৱেশী ৰাজ্যখন৷ উল্লিখিত অতি মৰ্মন্তুদ ঘটনাকেইটা মাত্ৰ কেইদিনমান আগতে ঘটি গৈছে৷ অসমৰ সীমান্তৱৰ্তী জিৰিবামৰ এটা আশ্ৰয় শিবিৰৰ পৰা কুকি উগ্ৰপন্থীৰ দলে অপহৰণ কৰি নিয়া তিনিটি শিশু আৰু তিনিগৰাকী মহিলাৰ উৱলি যোৱা দেহ বৰাক নদীয়েদি আহি অসমৰ কাছাৰ জিলাত উদ্ধাৰ হোৱাৰ পাছত উগ্ৰপন্থীৰ নৃশংসতাৰ ৰূপ দেখা বা এই বিষয়ে শুনা প্ৰতিগৰাকী মানুহ হতবাক হৈ পৰিছে৷ কেৱল এক পক্ষৰ পৰা এই হিংসা হোৱা নাই৷ কুকি উগ্ৰপন্থীবিলাকে যেনেকৈ সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰ হত্যালীলা চলাই আছে, তেনেকৈ মেইটেই উগ্ৰপন্থীবিলাকেও অ-মেইটেই লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ জিৰিবাম জিলাৰে জাইৰ’ন নামৰ গাঁও এখনত সশস্ত্ৰ মেইটেই লোকে যোৱা ১০ নৱেম্বৰত মাৰ জনগোষ্ঠীয় তিনিটা সন্তানৰ মাতৃ ৩১ বছৰীয়া শিক্ষয়িত্ৰী এগৰাকীক ধৰ্ষণ কৰাৰ পাছত গুলীয়াই হত্যা কৰিছিল৷ তাৰ আগদিনা কুকি উগ্ৰপন্থীয়ে মেইটেই মহিলা এগৰাকীক প্ৰথমে গুলীয়াই আহত কৰি পাছত জীৱন্তে ;লাই মাৰিছিল৷ শ শ বছৰ ধৰি তাত মেইটেই, কুকি, নগাকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে সহাৱস্থান কৰি অহাৰ পাছত তাত হঠাৎ এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যাৰ বাবে ইটো জনগোষ্ঠীয়ে সিটোক নিঃশেষ কৰি দিয়াৰ প্ৰৱণতাৰে অবাৰিত আৰু অবিৰত হিংসাত নামি পৰিছে ! প্ৰথমতে অশান্ত অৱস্থাৰ সূত্ৰপাত ঘটিছিল মেইটেইসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মণিপুৰ উচ্ছ ন্যায়ালয়ে চৰকাৰক দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত৷ সেই বিষয়টো কিছুদিন পাছতে তল পৰিল৷ কিন্তু ৰাজ্যখনত হিংসাৰ দাবানল ;লিয়েই আছে৷ এতিয়া একাংশ মাধ্যমত চৰ্চা হৈছে যে মণিপুৰৰ ড্ৰাগ্‌ছ মাফিয়া চক্ৰই এই হিংসাৰ লেকামডাল ধৰি আছে৷ ৰাজ্যখনত অস্থিৰতা, অৰাজকতা বৰ্তাই ৰখাটো এই চক্ৰৰ উদ্দেশ্য৷ বছৰি ৬০ হেজাৰ কোটিৰ ড্ৰাগ্‌ছ ব্যৱসায়ৰ জাল বিয়পাই ৰখা এই চক্ৰটোৱে উগ্ৰপন্থী গোট কিছুমানক তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে৷ আচল সত্যটো কি সেইটো সাধাৰণ মানুহে বুজাৰ সাধ্য নাই, কিন্তু সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হৈছে– ৰাজ্যত ভয়ংকৰ হিংসাৰ দাবানল ;লোৱা এনে পৰিস্থিতিৰ আঁৰত যদি সঁচাকৈয়ে এনেকুৱা কোনোবা চক্ৰৰ হাত আছে সেই চক্ৰ কি নৰেন্দ্ৰ মোদীৰ চৰকাৰতকৈও ক্ষমতাশালী! ১৯ মাহ ধৰি এখন ক্ষুদ্ৰ ৰাজ্যত অবিৰত ;লি থকা হিংসাৰ জুই নুমুৱাবলৈ ‘শক্তিশালী’ চৰকাৰ, ‘ডাবল ইি?ন’ৰ চৰকাৰ ব্যৰ্থ হ’লে মানুহৰ মনত প্ৰশ্ন উদয় হ’বই৷ আন নেলাগে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ অভিভাৱক সংগঠনেও মণিপুৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰিবলৈ বাধ্য হৈছে৷ এক কথাত ক’বলৈ গ’লে মণিপুৰ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিংসাৰ সূচনাৰ সময়ৰে পৰা এতিয়ালৈকে দিল্লীত মণিপুৰৰ পৰিস্থিতিক লৈ বহুবাৰ ‘উচ্ছস্তৰীয়’ বৈঠক অনুষ্ঠিত কৰাৰ বাতৰি ওলাই আছে৷ কিন্তু এই বৈঠকবোৰেনো কি ৰণ-কৌশল লৈছে সেয়া বুজাৰ বা জনাৰ উপায় নাই৷ মণিপুৰত কিন্তু ইয়াৰ কোনো প্ৰভাৱ এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷ এনে পৰিস্থিতিত কংগ্ৰেছে গৃহ মন্ত্ৰীৰ পদত্যাগ দাবী কৰাটোক অস্বাভাৱিক বুলি ক’ব নোৱাৰি৷ ইফালে, মণিপুৰৰ হিংসাক লৈ প্ৰধানমন্ত্ৰীৰ মৌনতা সঁচাকৈয়ে ৰহস্যজনক৷ ‘মন কী বাত’ৰ জৰিয়তে দেশৰ প্ৰায়বোৰ বিষয়তে নিজৰ মতামত ব্যক্ত কৰা প্ৰধানমন্ত্ৰীগৰাকী মণিপুৰৰ ক্ষেত্ৰত মৌন হৈ থকাৰ আঁৰৰ ৰহস্য কি সেয়া কেৱল ৰাজনৈতিক দলবিলাকেহে জানিব বিচাৰিছে তেনে নহয়, দেশৰ জনতাও এই ক্ষেত্ৰত উৎকণ্ঠিত৷ তাতোকৈ ডাঙৰ কথা– মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰখনক কি যুক্তিত ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত কৰি ৰখা হৈছে, সেইটোও কোনেও বুজা নাই৷ হিংসা নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবেই সেই চৰকাৰখনৰ পৰা ইতিমধ্যে এন পি পিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিছেচ বিজেপিৰো ১৯গৰাকী মন্ত্ৰী-বিধায়কে চৰকাৰখনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ ওচৰত অসন্তুষ্টি ব্যক্ত কৰিছে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰি কেন্দ্ৰীয় চৰকাৰে কিয় তাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব নিজৰ হাতলৈ নিয়া নাই সেইটোও এটা সাঁথৰ৷ নৃশংস ঘাতকৰ হাতত ৰাজ্যখনৰ জনসাধাৰণৰ ভৱিষ্যৎ সঁপি দিব খোজে নেকি চৰকাৰে?

Share This