MENU

ট্ৰাম্প কাৰ্ড

Dainik janambhumi January 25, 2025

ডিজিটেল ডেস্ক :যোৱা চাৰি বছৰৰ আগতে যেতিয়া ড'নাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনত দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল আৰু নিৰ্বাচনৰ ফলাফল মানি ল'বলৈ অমান্তি হৈছিল- তেতিয়া সমগ্র বিশ্বতে ট্রাম্পক নিন্দা কৰা হৈছিল। ট্রাম্পৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত গোচৰ তৰা হৈছিল। চাৰি বছৰৰ পাছত ছবিখন সম্পূর্ণ সলনি হৈ পৰিল। বহুতে আশা কৰাৰ বিপৰীতে ট্রাম্পে এইবাৰ স্পষ্টকৈ জয়লাভ সাব্যস্ত কৰে। ট্রাম্পৰ পুনৰাগমন নিশ্চিত হৈ পৰাৰ লগে লগে বিশ্ব ৰাজনীতিত পুনৰ এবাৰ মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্বৰ এটা পক্ষই এই আগমনক আদৰণি জনাইছে।

আন বহু শিবিৰৰ বাবে ট্রাম্পৰ পুনৰ আগমন উদ্বেগ আৰু দুঃচিন্তাৰ কাৰণ হৈ পৰিছে। ৰাষ্ট্ৰপতি পদ পুনৰ দখলৰ পাছত ট্রাম্পে যেনেধৰণৰ বক্তব্য আগবঢ়াইছে তাৰ ফলত আনকি ভাৰত-মার্কিন সম্পর্কতো বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ড'নাল্ড ট্রাম্পৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ বুলি একালত বৰকৈ চর্চা হৈছিল। আমেৰিকালৈ গৈ এবাৰ এটা বিশেষ অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে 'ইছকি বাৰ ফিৰ ট্রাম্প চৰকাৰ' বুলি মন্তব্য কৰি সমালোচনাৰো সম্মুখীন হ'ব লগা হৈছিল। সেইবাৰ নিৰ্বাচনত কিন্তু ট্রাম্প হাৰিছিল। তদুপৰি মোদীৰ দ্বিতীয় কার্যকালত ভাৰত ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি ট্রাম্পৰ সন্মানার্থে গুজৰাটৰ আহমেদাবাদৰ এখন ষ্টেডিয়ামত আয়োজন কৰা হৈছিল 'নমস্তে ট্রাম্প' নামৰ এটা অতি ব্যয়বহুল আৰু জাকজমকীয়া অনুষ্ঠান।

অহা-যোৱা পথৰ দাঁতিৰ বস্তি অঞ্চল ওখ দেৱাল নিৰ্মাণ কৰি ঢাকি দিয়া হৈছিল। ইমানখিনি সন্মান ইয়াৰ আগতে ভাৰতবৰ্ষই আন কোনো মার্কিন ৰাষ্ট্ৰপতিৰ ভ্ৰমণত পৰিলক্ষিত হোৱা নাছিল। কিন্তু এতিয়া সেই দিন নাই। যোৱা সময়ছোৱাত ভাৰত-মার্কিন সম্পর্কত নতুনকৈ কিছু তিক্ততাৰ সৃষ্টি হৈছে। নৰেন্দ্ৰ মোদীৰ উদ্যোগপতি বন্ধু গৌতম আদানিৰ কেতবোৰ বিতর্কিত- অবাঞ্ছিত কাৰ্যক লৈ বিশ্বৰ বজাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছেই, আমেৰিকাৰ আদালতত গোচৰ পৰ্যন্ত ৰুজু হৈছে। অভিযোগ-তদন্তৰ বাবে আয়োগ গঠন হৈছে। আদানিৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ জাননী জাৰি হোৱাৰ প্ৰসংগও ইতিমধ্যে প্রকাশ পাইছে। বহুতেই আশা কৰিছিল নৰেন্দ্ৰ মোদীৰ 'বন্ধু' ৰূপে খ্যাত ট্রাম্পৰ দ্বিতীয় কাৰ্যকালৰ বাবে হ'ব লগা শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কিন্তু দেখা গ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীক বিশেষ গুৰুত্ব দিয়া নহ'ল, নিমন্ত্ৰণ কৰাও নহ'ল। আনুষ্ঠানিকতা আৰু সৌজন্যতাৰ স্বাৰ্থত ভাৰতৰ বৈদেশিক মন্ত্ৰীজন উপস্থিত থাকিল।

 আনহাতে, আন এজন ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি শপত গ্রহণ অনুষ্ঠানলৈ নিমন্ত্রিত হ'ল। তেওঁ দামী টিকট কিনি প্রেক্ষাগৃহত আসনো ল'লেগৈ। ইয়াৰ পাছত কি হয়গৈ এতিয়াই কোৱা টান। ট্রাম্পে আমেৰিকাৰ জন্মসূত্রে নাগৰিকত্ব লাভৰ ব্যৱস্থাও লোপ কৰিব খুজিছে। অহা ফেব্ৰুৱাৰী মাহৰ এটা নির্দিষ্ট তাৰিখৰ ভিতৰত জন্ম লভা শিশুৱে এই সুবিধা পাব। তাৰ পাছত আৰু এই ব্যৱস্থা বন্ধ হৈ যাব। তদুপৰি ভাৰতকে ধৰি আন দেশৰ পৰা ন দেশৰ পৰা বিভিন্ন বৃত্তিগত আৰু অধ্যয়ন আদিৰ তাগিদাত আমেৰিকালৈ যাব লগাসকলৰ বাবেও এতিয়াৰ পৰা আমেৰিকাৰ প্ৰচলিত আইন কঠোৰ হ'ব।পুনৰ সকলো ক্ষেত্ৰতে আমেৰিকাৰ স্বাৰ্থ প্ৰথম হ'ব। আমেৰিকালৈ সোণালী যুগ কঢ়িয়াই অনাৰ সংকল্পক অগ্রাধিকাৰ দিয়া ড'নাল্ড ট্রাম্প সকলো ক্ষেত্রতে আগ্রাসী হ'ব, এই কথা ঠিক।

আচলতে ড'নাল্ড ট্রাম্প এজন নতুন ধৰণৰ বৰ্ণবাদী। শ্বেতকায়সকলৰ প্ৰাধান্য আৰু স্বাৰ্থক গুৰুত্ব দিয়া ৰক্ষণশীল চিন্তাধাৰাৰ এজন প্রধান পৃষ্ঠপোষক ট্রাম্প। তেওঁৰ উচ্চাত্মিকাবোধ তীব্র। অনা-আমেৰিকান আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰতি তেওঁৰ বিদ্বেষো গোপনো হৈ থকা নাই। এনে আন বহু কাৰকে আহি থকা সময়ছোৱাতে বিশ্ব ৰাজনীতিত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব। ট্রাম্পে ইতিমধ্যে নাটো গোষ্ঠীভুক্ত ৰাষ্ট্ৰসমূহক সকীয়নি দিছে। গ্রীনলেণ্ড দখল কৰাৰ ভাবুকি দিছে। নাটো গোষ্ঠীৰ অন্তৰ্ভুক্ত ৩২খন ৰাষ্ট্ৰই এই ক্ষেত্রত ভৱিষ্যৎ কাৰ্যপন্থা নিৰূপণ কৰিবলৈ গৈ অধিক বাদানুবাদত লিপ্ত হৈছে। নাটোত উপদলীয় সংঘাত বৃদ্ধিৰ সম্ভাৱনাও বৃদ্ধি পাইছে। হয়তো কিছুদিনৰ ভিতৰতে নাটো বনাম আমেৰিকা- এক ধৰণৰ নতুন এটা সংঘাত-সংকটৰ অধ্যায় আৰম্ভ হ'ব।

বিশ্ব বাণিজ্যৰ ক্ষেত্ৰতো আমেৰিকাৰ প্ৰভাৱ পুনৰ বৃদ্ধি পোৱাৰ সৰ্বাত্মক চেষ্টা চলাব ট্রাম্পে। চীন-ভাৰত আদি বহু দেশেই ইয়াৰ ফলত ক্ষতিগ্রস্ত হ'ব। বর্তমান বিশ্ব বজাৰত একধৰণৰ মন্দাৱস্থা চলি আছে। ট্রাম্পৰ আগমনৰ পাছত এই মন্দা অৱস্থাই নতুন ৰূপ পৰিগ্ৰহণ কৰাৰ আশংকা থাকিব। আমেৰিকা ফাষ্ট নীতি অনুসৰি বিশ্ব বাণিজ্যত আমেৰিকাৰ প্রতিষ্ঠাক প্রত্যাহ্বান জনোৱাসকলো দেশকো ট্রাম্পে বেয়া চকুৰে যে চাব সেই কথা নিশ্চিত। তদুপৰি এইবাৰ সামৰিক ক্ষেত্ৰ আৰু বিশ্ব শান্তিৰ ক্ষেত্ৰতো সমীকৰণ সলনি হ'ব। ইতিমধ্যে ইজৰাইল আৰু গাজা-পেলেষ্টাইন বিষয়টো সাময়িকভারে শাম কাটিছে। ৰাছিয়া-ইউক্রেইন বিষয়ৰ সামৰণি পৰিবলৈ এতিয়াও বহু বাকী। ভাৰতৰ ক্ষেত্ৰত এটা দুঃচিন্তাৰ কাৰণ হ'ব পাৰে পাকিস্তান আৰু বাংলাদেশৰ লগত আমেৰিকাৰ সম্পৰ্কৰ নতুন বিন্যাস। একালত নমস্কাৰ কৰা ট্রাম্পে এতিয়া ভাৰতক তিৰস্কাৰ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰত-মার্কিন সম্পৰ্কৰ নতুন প্রত্যাহ্বানসমূহ স্পষ্ট হ'বলৈ আৰু কিছু দিন হয়তো লাগিব।

Share This